গুৱাহাটী
মানসিক চাপ আৰু পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ বাবে কঠিন সময়ৰ মাজেৰে পাৰ হোৱা গৰিমা শইকীয়া গাৰ্গক সুস্থ কৰি পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ বাবে পৰ্যাপ্ত মানসিক জিৰণি, নিয়মীয়া টোপনি আৰু পুষ্টিকৰ খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে চিকিৎসক ডাঃ হিতেশ বৰুৱাই।
হিয়াৰ আমঠু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক উন্নত চিকিৎসা আৰু বিশেষজ্ঞৰ পৰামৰ্শদানৰ বাবে মুম্বাইলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শাৰীৰিকভাৱে বৰ্তমান তেওঁ বিপদমুক্ত যদিও মানসিক চাপ আৰু টোপনিৰ সমস্যাত ভুগি থকাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাই।
এটা সংবাদমেলত এই সন্দৰ্ভত বক্তব্য আগবঢ়াই ডাঃ বৰুৱাই কয় যে, গৰিমাই মোক কান্দি কান্দি কৈছিল যে, “মই জীয়াই নাথাকিম।” এই কথাই মোক গভীৰভাৱে চিন্তিত কৰি তুলিছিল। তেওঁক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি অহাৰ ফলত গৰিমাই মানসিকভাৱে যথেষ্ট চাপৰ সন্মুখীন হৈছে।
মুম্বাইত প্ৰায় ১৫ৰ পৰা ২০ দিন ধৰি তেওঁৰ চিকিৎসা আৰু পৰামৰ্শদান চলিব পাৰে বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে। অৱশ্যে মুম্বাইৰ কোনখন চিকিৎসা প্ৰতিষ্ঠানত তেওঁক ভৰ্তি কৰোৱা হ’ব, সেই বিষয়ে এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। পৰিয়ালৰ সদস্য আৰু চিকিৎসকসকলৰ মাজত অধিক আলোচনাৰ পাছত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।
ডাঃ বৰুৱাই কয় যে, এনে পৰিস্থিতিত গৰিমাক মানসিকভাৱে শক্তিশালী কৰি তোলাৰ লগতে জীয়াই থকাৰ বাবে এক সুস্থ আৰু ইতিবাচক পৰিৱেশ প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়। তেওঁক যোৱা শনিবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ৰ ডায়েটিচিয়ানৰ পৰামৰ্শ অনুসৰি তেওঁক খাদ্য প্ৰদান কৰা হৈছে। যদিও মাজে সময়ে খাদ্য গ্ৰহণৰ প্ৰতি তেওঁ যথেষ্ট অনীহা প্ৰকাশ কৰে, তথাপি পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা বুজাই তেওঁক নিয়মীয়াকৈ খুৱাবলৈ চেষ্টা কৰা হৈছে। চিকিৎসকসকলেও এই ক্ষেত্ৰত কাউন্সেলিং কৰি আহিছে। বৰ্তমান তেওঁ আগতকৈ ভালদৰে খাদ্য গ্ৰহণ কৰিছে।
আনহাতে, বৰ্তমান পৰিয়ালটোৱে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি ডাঃ বৰুৱাই কয় যে, এনে সময়ত গৰিমাক লৈ বিভিন্ন সামাজিক আলোচনা, বিভিন্ন অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ পৰিৱৰ্তে তেওঁৰ মানসিক অৱস্থাক বুজি পোৱাটো অধিক জৰুৰী। মানসিক অশান্তি আৰু চাপৰ মাজেৰে পাৰ হোৱা এগৰাকী ব্যক্তিৰ বাবে সকলো সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সম্ভৱ নহ'বও পাৰে।
তেওঁৰ মতে, এনে পৰিস্থিতিত গৰিমাৰ মানসিক ভাৰসাম্য অটুট ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ মাজত প্ৰয়োজনীয় ভাৰসাম্য ঘূৰাই আনিব পাৰিলেহে তেওঁক সুস্থ কৰি স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা সফল হ'ব। তেওঁ লগতে গৰিমাৰ প্ৰতি সহানুভূতিশীল আৰু সংবেদনশীল দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনায়।
সংবাদমেলত ডাঃ হিতেশ বৰুৱাই অসমবাসীৰ প্ৰতিও এক আৱেগভৰা আহ্বান জনায়। তেওঁ কয় যে, জুবিন গাৰ্গৰ স্মৃতি আৰু তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিবলৈ গৰিমা শইকীয়া গাৰ্গৰ সুস্বাস্থ্য আৰু মানসিক শান্তিৰ প্ৰতি সকলোৱে গুৰুত্ব দিয়া উচিত। গৰিমাই নিজৰ ভৱিষ্যৎ জীৱনক লৈ যি পৰিকল্পনা কৰিছে, সেইবোৰত কোনেও অযথা হস্তক্ষেপ নকৰি তেওঁক নিজৰ সিদ্ধান্ত অনুসৰি আগবাঢ়ি যোৱাৰ সুযোগ দিব লাগে।
উল্লেখযোগ্য যে, শনিবাৰে অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ সময়তে গৰিমা শইকীয়া গাৰ্গ হঠাৎ অসুস্থ হৈ পৰিছিল। ইয়াৰ পাছতে তেওঁক ততাতৈয়াকৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছৰে পৰা চিকিৎসকৰ তত্ত্বাৱধানত তেওঁৰ স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰখা হৈছে।