অসমত স্থাপন হব আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
সোমবাৰে গুৱাহাটীত আয়োজন কৰা ‘উত্তৰ-পূব পৰ্যটন আৰু আতিথ্য দক্ষতা সন্মিলন ২০২৬’ৰ এক দৃশ্য
সোমবাৰে গুৱাহাটীত আয়োজন কৰা ‘উত্তৰ-পূব পৰ্যটন আৰু আতিথ্য দক্ষতা সন্মিলন ২০২৬’ৰ এক দৃশ্য
 
গুৱাহাটী 
 
অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰণালয়ে সোমবাৰে গুৱাহাটীত আয়োজন কৰা ‘উত্তৰ-পূব পৰ্যটন আৰু আতিথ্য দক্ষতা সন্মিলন ২০২৬’ত এই অংশীদাৰিত্ব ঘোষণা কৰা হয়৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৱে এই এক বিবৃতিত এই তথ্য সদৰী কৰে৷
 
বিবৃতিত উল্লেখ কৰা অনুসৰি, ৰাজ্যত ‘আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ’ স্থাপনৰ বাবে কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰণালয় আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হয়৷ এই প্ৰস্তাৱিত কেন্দ্ৰটোৰ লক্ষ্য হৈছে ৰাজ্যৰ যুৱক-যুৱতীসকলক উদ্যোগ-সংলগ্ন প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ আৰু বিদেশত উন্নত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি ৰাজ্যখনৰ দক্ষতা বিকাশৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা।
 
দক্ষতা বিকাশ আৰু উদ্যোগৰ অংশগ্ৰহণক আগুৱাই নিয়াৰ বাবে কৌশলগত অংশীদাৰিত্বৰ অংশ হিচাপে পিএম-এছইটিইউ আঁচনিৰ অধীনত ক্ৰমে নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) আৰু অইল ইণ্ডিয়া লিমিটেড (অইল)ৰ সহযোগত দুটা আই টি আই ক্লাষ্টাৰ অৰ্থাৎ যোৰহাট আৰু তিনিচুকীয়াৰ বাবে লেটাৰ অৱ ইনটেণ্ট (এল অ’ আই) স্বাক্ষৰ কৰা হৈছিল। ইয়াৰ দ্বাৰা উদ্যোগৰ অংশগ্ৰহণ শক্তিশালী কৰা আৰু অঞ্চলটোৰ বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিৱেশ তন্ত্ৰৰ উদ্যোগ নেতৃত্বাধীন ৰূপান্তৰক লাভান্বিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰা হৈছে।
 
সভাত ভাষণ দি দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ) জয়ন্ত চৌধাৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ দক্ষতা বিকাশৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় নিয়োগৰ পথ সৃষ্টিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে৷ সন্মিলনত পৰ্যটন আৰু আতিথ্য খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰি উত্তৰ-পূবৰ যুৱক-যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় কৰ্মৰ সুযোগ বৃদ্ধি আৰু বিশ্বব্যাপী কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ৷
 
অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ভাষণ প্ৰসংগত অসমৰ যুৱক-যুৱতীসকলক উদ্যোগ-প্ৰাসংগিক দক্ষতাৰে সজ্জিত কৰাৰ লগতে ভাৰতৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ সুযোগৰ পথ সৃষ্টি কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।
 
তেওঁ কয়, "পৰ্যটন আৰু আতিথ্যৰ দৰে খণ্ডত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলত অপৰিসীম সম্ভাৱনা আছে। আমাৰ অগ্ৰাধিকাৰ হৈছে অঞ্চলটোৰ যুৱক-যুৱতীসকলে যাতে উদীয়মান বিশ্ব অৰ্থনীতিত অংশগ্ৰহণৰ বাবে সঠিক দক্ষতা, অভিজ্ঞতা, আৰু সুযোগ লাভ কৰে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু উদ্যোগৰ মাজত উন্নত সমন্বয়ৰ জৰিয়তে আমি এক শক্তিশালী দক্ষতা বিকাশৰ পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিব পাৰো, যিয়ে আমাৰ যুৱক-যুৱতীসকলৰ আকাংক্ষাক অৰ্থপূৰ্ণ নিয়োগ আৰু উদ্যোগীকৰণৰ সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰে।"


শেহতীয়া খবৰ