অসমত সংগঠিত আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগত ছয়জনক গ্ৰেপ্তাৰ; পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগসূত্ৰৰ সন্দেহ আৰক্ষীৰ

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলক এছটিএফৰ জোৱানৰ সৈতে
গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলক এছটিএফৰ জোৱানৰ সৈতে
গুৱাহাটী

আনৰ নামত থকা বেংক একাউণ্টৰ জৰিয়তে প্ৰৱঞ্চনাৰ ধন লেনদেন কৰা এক সংগঠিত চক্ৰ চলোৱাৰ অভিযোগত এগৰাকী মহিলাসহ ছয়জনক গ্ৰেপ্তাৰ কৰা হৈছে। চক্ৰটোৰ সৈতে পাকিস্তানী চোৰাংচোৱা কাৰ্যকৰ্তাৰ যোগসূত্ৰ থকাৰ সন্দেহ কৰা হৈছে বুলি সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে। প্ৰৱঞ্চনাৰ ধন গ্ৰহণ আৰু স্থানান্তৰৰ বাবে ব্যৱহাৰ কৰা এনে একাউণ্টক ‘মিউল বেংক একাউণ্ট’ বুলি কোৱা হয়।

কেন্দ্ৰীয় সংস্থাসমূহৰ পৰা লাভ কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (এছটিএফ) অভিযান আৰম্ভ কৰি ২৮ অক্টোবৰৰ পৰা গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা এই ছয় অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

শোণিতপুৰ জিলা আৰক্ষীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত এছটিএফে গোচৰটো ৰুজু কৰে।

অসম আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, প্ৰাথমিক অনুসন্ধানত চক্ৰটোৱে ভুক্তভোগীসকলৰ পৰা কেইবাকোটি টকা প্ৰৱঞ্চনাৰে সৰকোৱাৰ অভিযোগৰ তথ্য পোহৰলৈ আহিছে। চক্ৰটোৰ মূল পৰিকল্পনাকাৰীয়ে অসমৰ বাহিৰৰ পৰা আন সদস্যসকলৰ কাম-কাজৰ সমন্বয় আৰু নিয়ন্ত্ৰণ কৰি থকা বুলি সন্দেহ কৰা হৈছে।

বিবৃতিটোত কোৱা হয়, “প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত মাৰ্জিনা বেগমৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) এটা একাউণ্টত ২০২৬ চনৰ ২২ জুনৰ পৰা ৫ আগষ্টৰ ভিতৰত মাত্ৰ ৪৭ দিনতে কেইবালাখ টকা জমা হৈছিল। প্ৰতিবাৰ ধন জমা হোৱাৰ প্ৰায় লগে লগেই সেই ধন উলিয়াই লোৱা হৈছিল। ইয়াৰ পৰা আৰ্থিক লেনদেনৰ এক সন্দেহজনক ধৰণ পৰিলক্ষিত হৈছে।”
বিবৃতিটো অনুসৰি, পৰৱৰ্তী তদন্তত গুৱাহাটীৰ বাসিন্দা মফিজুল হক (২২) আৰু হিমাংশু দাস (১৯) উক্ত একাউণ্টৰ সৈতে জড়িত সন্দেহজনক লেনদেনত সম্পৃক্ত থকাৰ অভিযোগৰ তথ্য পোহৰলৈ আহে। এই লেনদেনৰ সৈতে পাকিস্তানৰ এজন চোৰাংচোৱা কাৰ্যকৰ্তাৰ যোগসূত্ৰ থকাৰো সন্দেহ কৰা হৈছে।

এছটিএফে ২৮ অক্টোবৰত অভিযান চলাই বেগমসহ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা মোবাইল ফোন আৰু অপৰাধত জড়িত থকাৰ ইংগিতবাহী নথি-পত্ৰ উদ্ধাৰ কৰা হয় বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

“জেৰাৰ সময়ত মফিজুল হক আৰু হিমাংশু দাসে চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো ব্যক্তিৰ নাম প্ৰকাশ কৰে,” বিবৃতিটোত কোৱা হয়।

এই তথ্যৰ ভিত্তিত অভিযান চলাই এছটিএফে আৰু তিনিজনক গ্ৰেপ্তাৰ কৰে। ৰকিব হুছেইনক (৩৪) ২৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ইফতাৰ হুছেইন (২৫) আৰু আৰমান আজিজ হকক (২০) ৩০ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হয়।

বিবৃতিটোত কোৱা হৈছে, “এই গোচৰৰ সৈতে জড়িত মুঠ ছয়জন অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। এছটিএফে চলোৱা অভিযানসমূহত তালাচীৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ আৰক্ষীয়েও সহায় কৰে।”

অভিযানকালত মোবাইল ফোন, লেপটপ, বৈদ্যুতিক সঁজুলি, বেংকৰ পাছবুক, এটিএম কাৰ্ড আৰু কেইবাখনো নথি-পত্ৰ জব্দ কৰা হয় বুলি আৰক্ষীয়ে জনায়।

বিবৃতিটোত লগতে কোৱা হয়, “এতিয়ালৈকে চলোৱা তদন্তই ইংগিত দিছে যে সংগঠিত আৰ্থিক প্ৰৱঞ্চনা চক্ৰটোৱে প্ৰায় দুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত কাম-কাজ চলাই থকাৰ অভিযোগ আছে। প্ৰৱঞ্চনামূলক আৰ্থিক লেনদেনৰ বাবে চক্ৰটোৱে একাধিক মিউল বেংক একাউণ্ট ব্যৱহাৰ কৰি আহিছে।”

চক্ৰটোৰ বাকী সদস্যসকলক গ্ৰেপ্তাৰ কৰা, প্ৰৱঞ্চনাৰে সংগৃহীত ধনৰ লেনদেনৰ গতিপথ অনুসৰণ কৰা, অতিৰিক্ত মিউল বেংক একাউণ্ট চিনাক্ত কৰা আৰু সংগঠিত আৰ্থিক প্ৰৱঞ্চনাৰ এই নেটৱৰ্ক উৎখাত কৰাৰ বাবে তদন্ত অব্যাহত আছে।



শেহতীয়া খবৰ