সাংবাদিক নিধি ৰাজদানৰ সৈতে বিবাহপাশত আবদ্ধ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

Story by  atv | Posted by  Munni Begum • 1 h ago
সাংবাদিক নিধি ৰাজদানৰ সৈতে বিবাহপাশত আবদ্ধ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা
সাংবাদিক নিধি ৰাজদানৰ সৈতে বিবাহপাশত আবদ্ধ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা
 
জম্মু
 
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সাংবাদিক নিধি ৰাজদানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা ঘোষণা কৰিছে। শনিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ এই খবৰ ৰাজহুৱা কৰিছে। 
 
ইনষ্টাগ্ৰামত নিধি ৰাজদানৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি ওমৰ আব্দুল্লাই লিখিছে, "কালি আৰম্ভ হ’ল এক নতুন যাত্ৰা।" পোষ্টটো তেওঁ নিধি ৰাজদানকো টেগ কৰিছে। 
 
আনহাতে, সাংবাদিক নিধি ৰাজদানেও সামাজিক মাধ্যম ‘এক্স’ত এক পোষ্টৰ জৰিয়তে বিবাহৰ খবৰ নিশ্চিত কৰিছে। ওমৰ আব্দুল্লাক টেগ কৰি তেওঁ লিখিছে, "It’s done, bro" অৰ্থাৎ “হৈ গ’ল, ভাই।”
 
বিবাহৰ এদিন পাছতে সামাজিক মাধ্যমত এই সুখবৰ প্ৰকাশ কৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগে লগে তেওঁৰ ব্যক্তিগত জীৱনত এক নতুন অধ্যায়ৰ সূচনা হৈছে।
 
উল্লেখযোগ্য যে, প্ৰায় তিনিমাহ পূৰ্বে উচ্চতম ন্যায়ালয়ে ওমৰ আব্দুল্লা আৰু তেওঁৰ পূৰ্বৰ পত্নী পায়েল আব্দুল্লাৰ বিবাহ বিচ্ছেদত সন্মতি জনাইছিল। 
 
২০২৬ চনৰ ৩১ জুলাইত উচ্চতম ন্যায়ালয়ে দুয়োপক্ষৰ পাৰস্পৰিক সন্মতিৰ ভিত্তিত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সময়ত ওমৰ আৰু পায়েলে আদালতক জনাইছিল যে, তেওঁলোকে পাৰস্পৰিক আলোচনাৰ জৰিয়তে বৈবাহিক সম্পৰ্কৰ অন্ত পেলোৱাৰ লগতে সকলো বাকী থকা বিবাদ নিষ্পত্তি কৰিবলৈ সন্মত হৈছে। ইয়াৰ উপৰি দুয়োপক্ষই পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰা গোচৰসমূহো প্ৰত্যাহাৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল।
 
ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে বিবাহ বিচ্ছেদৰ আবেদন নাকচ কৰাৰ পাছত ওমৰ আব্দুল্লাই সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। শুনানিৰ সময়ত দুয়োপক্ষই ভাৰতীয় সংবিধানৰ ১৪২নং অনুচ্ছেদৰ অধীনত পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদৰ বাবে যৌথ আবেদন দাখিল কৰিছিল।
 
দুয়োপক্ষৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে তেওঁলোকৰ মাজত থকা সকলো মতানৈক্য মীমাংসা কৰিবলৈ সন্মত হোৱা বুলি আদালতক অৱগত কৰিছিল।
 
উল্লেখ্য যে, ১৯৯৪ চনত ওমৰ আব্দুল্লা আৰু পায়েল আব্দুল্লাৰ বিবাহ সম্পন্ন হৈছিল। দিল্লীৰ দ্য ওবেৰয় হোটেলত কৰ্মৰত অৱস্থাত দুয়োৰে প্ৰথম চিনাকি হৈছিল। তেওঁলোকৰ দুজন পুত্ৰ আছে। তেওঁলোকৰ নাম জাহিৰ আৰু জমিৰ।
 
অৱশ্যে দীৰ্ঘদিন ধৰি দুয়োৰে বৈবাহিক সম্পৰ্কত দূৰত্বৰ সৃষ্টি হৈছিল। ২০০৯ চনৰ পৰাই ওমৰ আৰু পায়েল পৃথকে বসবাস কৰি আহিছিল। পৰৱৰ্তী সময়ত ২০১১ চনত ওমৰ আব্দুল্লাই তেওঁলোকৰ পৃথক হোৱাৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল।
 
উচ্চতম ন্যায়ালয়েও পূৰ্বৰ শুনানিত দুয়োগৰাকীয়ে বহু বছৰ ধৰি পৃথকে বসবাস কৰি অহাৰ কথা উল্লেখ কৰিছিল। প্ৰথম বিবাহৰ আনুষ্ঠানিক বিচ্ছেদৰ প্ৰায় তিনিমাহ পাছত সাংবাদিক নিধি ৰাজদানৰ সৈতে নতুনকৈ সংসাৰ আৰম্ভ কৰাৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে ওমৰ আব্দুল্লাই।


শেহতীয়া খবৰ