গুৱাহাটীৰ হোটেলত গুলীচালনাৰ তদন্তৰ বাবে SIT গঠন; অভিযুক্তই পৰিকল্পিতভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ শোকসন্তপ্ত পৰিয়ালৰ

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
ভুক্তভোগী পৰিয়ালৰ সদস্য আৰু (সোঁফালে) ঘনকান্ত গগৈ
ভুক্তভোগী পৰিয়ালৰ সদস্য আৰু (সোঁফালে) ঘনকান্ত গগৈ
গুৱাহাটী

গুৱাহাটীৰ এখন হোটেলত এদিন পূৰ্বে পাঁচজনৰ প্ৰাণ লোৱা গুলীচালনাৰ ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে মঙলবাৰে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে। ইফালে, শোকসন্তপ্ত পৰিয়ালটোৱে এই আক্ৰমণ পৰিকল্পিত আছিল বুলি অভিযোগ কৰি অভিযুক্তৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।

এক আনুষ্ঠানিক বিবৃতি অনুসৰি, গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে ছয়জনীয়া বিশেষ তদন্তকাৰী দলটোৰ নেতৃত্ব দিব।

দলটোৰ আন সদস্যসকল হ’ল আৰক্ষী উপায়ুক্ত (মধ্য) শম্ভৱী মিশ্ৰ, আৰক্ষী উপায়ুক্ত (অপৰাধ) দেৱজিৎ নাথ, অতিৰিক্ত আৰক্ষী উপায়ুক্ত (মধ্য) ভিকু আচুমি, পল্টন বজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা পৰিদৰ্শক কুলেশজ্যোতি ভূঞা আৰু একেখন থানাৰ উপ-পৰিদৰ্শক অবিনাশ দাস।

আৰক্ষীৰ বিবৃতিটোত কোৱা হৈছে যে “ঘটনাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি” আৰু পুংখানুপুংখ, বৈজ্ঞানিক তথা দ্ৰুত তদন্ত নিশ্চিত কৰিবলৈ বিশেষ তদন্তকাৰী দলটো গঠন কৰা হৈছে।

সম্পত্তিৰ মালিকপক্ষ আৰু লীজত লোৱা ব্যক্তিৰ মাজৰ বিবাদক কেন্দ্ৰ কৰি সোমবাৰে নিশা বৰা ছাৰ্ভিচ অঞ্চলৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাত একেটা পৰিয়ালৰ চাৰিজনসহ মুঠ পাঁচজন নিহত হয়। আন এজন আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, হোটেলখন লীজত লোৱা ঘনকান্ত গগৈক (৩৪) ঘটনাৰ কিছু সময়ৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয়। অপৰাধত ব্যৱহাৰ কৰা বুলি অভিযোগ উঠা এটা অনুজ্ঞাপত্ৰ থকা পিষ্টলো তেওঁৰ পৰা জব্দ কৰা হয়।

নিহতসকলক ভূদেৱ ভৰালী, তেওঁৰ ভগ্নী হেলেনা, হেলেনাৰ পুত্ৰ দেৱৰ্ষি কাশ্যপ আৰু বোৱাৰী ৰিনিকা কাশ্যপ তথা পৰিয়ালটোৰ কৰ্মচাৰী নাৰায়ণ দাস বুলি চিনাক্ত কৰা হৈছে। ভৰালী পৰিয়ালৰ গাড়ীচালক সত্যেন্দ্ৰ পাঠকো গুলীচালনাত আহত হয়।

ভূদেৱ ভৰালী, নাৰায়ণ দাস আৰু পাঠক সোমবাৰে দিনৰ ভাগতে বৰপেটাৰ পৰা আহিছিল। আনহাতে, আন নিহতসকল গুৱাহাটীৰ বাসিন্দা আছিল।

নিহত ভূদেৱ আৰু হেলেনাৰ জ্যেষ্ঠ ভ্ৰাতৃ দিলীপ ভৰালীয়ে কয় যে বকেয়া ধন পৰিশোধ আৰু লীজ নবীকৰণৰ বিষয়ে আলোচনা কৰিবলৈ গগৈয়ে হোটেলখনৰ মালিক পৰিয়ালটোৰ সৈতে এখন বৈঠক আহ্বান কৰিছিল।

ভৰালীয়ে জনোৱা মতে, গগৈয়ে এবছৰতকৈও অধিক সময় পূৰ্বে হোটেলখন লীজত লৈছিল। কিন্তু কেইবামাহৰ ধন পৰিশোধ কৰিবলৈ বাকী আছিল আৰু লীজ চুক্তিখনো নবীকৰণৰ সময় হৈছিল।

ভৰালীয়ে দাবী কৰে, “গগৈয়ে আমাক সকলোকে বৈঠকলৈ মাতিছিল। ভূদেৱে বৈঠকত অংশ লৈছিল, কিন্তু মই স্থানীয় এখন পূজা সমিতিৰ কামত ব্যস্ত থকাৰ বাবে যাব নোৱাৰিলোঁ। গগৈয়ে আক্ৰমণৰ পৰিকল্পনা কৰিছিল যেন লাগে। তেওঁৰ এটাও গুলী লক্ষ্যভ্ৰষ্ট হোৱা নাছিল।”

তেওঁ লগতে কয়, “আমি সাধাৰণ ব্যৱসায়ী। আমি কোনো ধৰণৰ হিংসাক সমৰ্থন নকৰোঁ। ভৱিষ্যতে যাতে কোনেও এনে অপৰাধ কৰিবলৈ সাহস নকৰে, তাৰ বাবে অভিযুক্তক কঠোৰতম শাস্তি দিয়াটো নিশ্চিত কৰিবলৈ মই চৰকাৰক আহ্বান জনাইছোঁ।”

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) মৰণোত্তৰ পৰীক্ষাৰ পাছত নিহতসকলৰ পৰিয়ালে মৃতদেহসমূহ চমজি লয়। মঙলবাৰে সন্ধিয়া পাঁচোটা মৃতদেহ শেষকৃত্যৰ বাবে বৰপেটালৈ লৈ যোৱা হয়।

দেৱৰ্ষি আৰু ৰিনিকাৰ দুই সন্তানক পৰিয়ালৰ সদস্যসকলে গুৱাহাটীৰ ঘৰৰ পৰা বৰপেটাৰ পৈতৃক ঘৰলৈ লৈ যায়। ঘটনাৰ পাছত ৰিনিকাৰ পৰিয়ালৰ লোকো মণিপুৰৰ পৰা আহি উপস্থিত হয়।

গুলীবিদ্ধ ছয়জনৰ ভিতৰত একমাত্ৰ জীৱিত ব্যক্তি পাঠক জিএমচিএইচত চিকিৎসাধীন হৈ আছে। জিএমচিএইচৰ অধীক্ষক দেৱজিৎ চৌধুৰীয়ে কয় যে গুলীটো পাঠকৰ সোঁহাতৰ মাজেৰে পাৰ হৈ গৈছিল যদিও কোনো গুৰুত্বপূৰ্ণ স্নায়ুৰ ক্ষতি হোৱা নাই।

চৌধুৰীয়ে কয়, “তেওঁৰ অৱস্থা সুস্থিৰ। তেওঁৰ আৰু কিছু পৰীক্ষাৰ প্ৰয়োজন হ’ব আৰু তেওঁ আৰু কেইদিনমান চিকিৎসালয়ত থাকিব লাগিব।”

ঘটনাৰ সবিশেষ প্ৰকাশ কৰি আৰক্ষীৰ বিবৃতিটোত কোৱা হৈছে যে সোমবাৰে নিশা প্ৰায় ৯ বজাত হোটেলখনত কেইবাটাও গুলীচালনা হোৱাৰ খবৰ পল্টন বজাৰ থানাই লাভ কৰিছিল।

বিবৃতিটোৰ মতে, আৰক্ষীৰ দল ঘটনাস্থলীলৈ ততাতৈয়াকৈ গৈ হোটেলৰ অভ্যৰ্থনা কক্ষত চাৰিজনক মৃত অৱস্থাত আৰু হোটেললৈ যোৱা পথত দুজনক আহত অৱস্থাত উদ্ধাৰ কৰে। আহত দুজনক জিএমচিএইচলৈ নিয়া হয় যদিও তাৰে এজনৰ  মৃত্যু হয়।

অভিযুক্ত গগৈৰ ঘৰ ডিব্ৰুগড়ত আৰু তেওঁ বৰ্তমান গুৱাহাটীৰ সাউকুছিত বাস কৰি আছিল। বিবৃতিটোত লগতে কোৱা হৈছে, “প্ৰাৰম্ভিক তদন্তত ইংগিত পোৱা গৈছে যে হোটেল বিলাস ইনৰ লীজ আৰু পৰিচালনাক কেন্দ্ৰ কৰি হোৱা বিবাদৰ পৰিণতিতে এই ঘটনা সংঘটিত হয়।”

আৰক্ষীয়ে জনোৱা মতে, ভৰালী পৰিয়ালে ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত অভিযুক্তৰ সৈতে প্ৰায় ১.৮ লাখ টকা মাহিলি ভাড়াত পাঁচবছৰীয়া লীজ চুক্তি কৰিছিল। অভিযুক্তই হোটেলখন নতুনকৈ সজাই তোলাৰ পাছত চৌহদৰ ব্যৱহাৰ আৰু কিছুমান সা-সুবিধাৰ ব্যৱস্থাক লৈ মতবিৰোধৰ সৃষ্টি হয়।

এই সমস্যাসমূহ সমাধানৰ বাবে সোমবাৰে হোটেলখনত এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই বাক্‌বিতণ্ডাই মাৰপিটৰ ৰূপ লয় আৰু তাৰ পাছত গগৈয়ে ছয়জন লোকৰ ওপৰত গুলীচালনা কৰে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

আৰক্ষীৰ বিবৃতিটোত লগতে কোৱা হৈছে, “.৩২ কেলিবাৰৰ কেইবাটাও কাৰ্টিজৰ খোলা আৰু সজীৱ কাৰ্টিজ উদ্ধাৰ কৰি জব্দ কৰা হৈছে। অভিযুক্তক জেৰা কৰি থকা হৈছে।”



শেহতীয়া খবৰ