গুৱাহাটীৰ বিলাস ইন হোটেলৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী SITৰ তিনি সদস্যক বদলি; মুঠ সাত আৰক্ষী বিষয়াৰ ৰদবদল

Story by  atv | Posted by  Munni Begum • 50 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
গুৱাহাটীৰ এখন হোটেলত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ পাছত গঠন কৰা বিশেষ তদন্তকাৰী দলৰ (SIT) ছয়গৰাকী সদস্যৰ ভিতৰত তিনিগৰাকী আৰক্ষী বিষয়াক বদলি কৰিছে অসম চৰকাৰে। শনিবাৰে এই বদলিৰ নিৰ্দেশ জাৰি কৰা হয়। ইয়াৰ লগতে ঘটনাটো সংঘটিত হোৱা গুৱাহাটী মধ্য আৰক্ষী জিলাত কৰ্মৰত আন এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াকো বদলি কৰা হৈছে। 
 
গৃহ বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি, ৰাজ্যৰ মুঠ সাতগৰাকী আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নতুন স্থানত নিযুক্তি দিয়া হৈছে। বদলি কৰা বিষয়াসকলৰ ভিতৰত আছে গুৱাহাটী মধ্য আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত (DCP) শাম্ভৱী মিশ্ৰ আৰু অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত বিকু এল আচুমি।
 
শাম্ভৱী মিশ্ৰক কাছাৰ জিলাৰ কাঠালস্থিত ষষ্ঠ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, বিকু এল আচুমিক বৰপেটাৰ হাউলিস্থিত ২৮সংখ্যক অসম আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।
 
গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে স্বাক্ষৰ কৰা অধিসূচনা অনুসৰি, শাম্ভৱী মিশ্ৰৰ স্থানত লাচিত বৰফুকন আৰক্ষী একাডেমীৰ অধ্যক্ষ মৃণাল ডেকাক নিযুক্তি দিয়া হৈছে। একেদৰে বিকু এল আচুমিৰ স্থানত লক্ষীপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই দায়িত্ব গ্ৰহণ কৰিব।
 
ইয়াৰ উপৰি ষষ্ঠ অসম আৰক্ষী বেটেলিয়নৰ বৰ্তমানৰ অধিনায়ক প্ৰদীপ শইকীয়াক আৰক্ষী মুখ্য কাৰ্যালয়ৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) হিচাপে বদলি কৰা হৈছে।
 
বিশেষ তদন্তকাৰী দলৰ আন এগৰাকী সদস্য তথা পল্টনবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক কুলেশজ্যোতি ভূঞাকো বদলি কৰা হৈছে। তেওঁক অসম আৰক্ষীৰ সীমান্ত শাখালৈ স্থানান্তৰ কৰা হৈছে। অৱশ্যে তেওঁৰ স্থানত কোনে দায়িত্ব গ্ৰহণ কৰিব, সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই।
 
আনহাতে, গুৱাহাটী মধ্য আৰক্ষী জিলাৰ পাণবজাৰৰ সহকাৰী আৰক্ষী আয়ুক্ত পাৰ্থ প্ৰতিম দুৱৰীক শিৱসাগৰৰ লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বেটেলিয়নলৈ বদলি কৰা হৈছে। তেওঁৰ স্থানত মন্দাকাটাৰ প্ৰথম কমাণ্ডো বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক ঋষভ ফুকনক নিযুক্তি দিয়া হৈছে।
 
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ জি এছ ৰোডৰ বৰা ছাৰ্ভিচ অঞ্চলত অৱস্থিত বিলাস ইন হোটেলত সংঘটিত হৈছিল এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। হোটেলখনৰ পৰিচালনাক কেন্দ্ৰ কৰি মালিকপক্ষ আৰু লীজত লোৱা ব্যক্তিজনৰ মাজত সৃষ্টি হোৱা বিবাদৰ পৰিণতিত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছিল। 
 
ঘটনাটোৰ তদন্তৰ বাবে গুৱাহাটী আৰক্ষীয়ে যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ নেতৃত্বত ছয়জনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰিছিল। এই দলটোত আছিল অপৰাধ শাখাৰ উপ-আৰক্ষী আয়ুক্ত দেৱজিৎ নাথ, শাম্ভৱী মিশ্ৰ, বিকু এল আচুমি, কুলেশজ্যোতি ভূঞা আৰু পল্টনবজাৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক অবিনাশ দাস। 
 
ইফালে, নিহতসকলৰ পৰিয়ালে এই গুলীচালনাৰ ঘটনা পূৰ্বপৰিকল্পিত আছিল বুলি অভিযোগ উত্থাপন কৰি দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে।
 
ঘটনাটোত মৃত্যু হোৱা লোককেইজন হৈছে ভূদেৱ ভৰালী (৬৫), তেওঁৰ ভগ্নী হেলেনা (৫৮), হেলেনাৰ পুত্ৰ দেবৰ্ষি কাশ্যপ (৩৯), বোৱাৰী ৰিণিকা কাশ্যপ (৩০) আৰু পৰিয়ালটোৰ কৰ্মচাৰী নাৰায়ণ দাস (৪৮)। আনহাতে, পৰিয়ালটোৰ গাড়ীচালক সত্যেন্দ্ৰ পাঠক (৪৩) গুলীচালনাত আহত হয়। 
 
ঘটনাৰ মূল অভিযুক্ত তথা হোটেলখন লীজত লোৱা ৩৪ বছৰীয়া ঘনকান্ত গগৈক ঘটনাৰ কিছুসময়ৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে গুলীচালনাত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা অনুজ্ঞাপত্ৰ থকা এটা .৩২ ব’ৰৰ পিষ্টলো উদ্ধাৰ কৰে। মঙলবাৰে নিশা গুৱাহাটীৰ এখন স্থানীয় আদালতে অভিযুক্ত ঘনকান্ত গগৈক সাতদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। অহা ৩ নৱেম্বৰত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱাৰ কথা আছে। 
 
ইয়াৰ মাজতে শনিবাৰে অভিযুক্ত ঘনকান্ত গগৈৰ পত্নীয়ে ধেমাজি জিলাত আৰক্ষীৰ সন্মুখত হাজিৰ হয়। যদিও তেওঁৰ বিৰুদ্ধে কোনো লুকআউট জাননী জাৰি কৰা হোৱা নাছিল, তথাপি ঘটনাটোৰ তদন্তৰ স্বাৰ্থত সোধা-পোছা কৰিবলৈ গুৱাহাটী আৰক্ষীয়ে তেওঁক বিচাৰি আছিল।
 
আৰক্ষীৰ ভাষ্য অনুসৰি, ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত ভৰালী পৰিয়াল আৰু ঘনকান্ত গগৈৰ মাজত পাঁচ বছৰৰ বাবে হোটেলখন লীজত দিয়াৰ চুক্তি সম্পন্ন হৈছিল। এই চুক্তি অনুসৰি মাহিলি ভাড়া আছিল প্ৰায় ১ লাখ ৮০ হাজাৰ টকা। পৰৱৰ্তী সময়ত ঘনকান্ত গগৈয়ে হোটেলখনৰ সংস্কাৰ কৰাৰ পাছত সম্পত্তিৰ ব্যৱহাৰ আৰু কেতবোৰ সা-সুবিধাক লৈ দুয়োপক্ষৰ মাজত মতানৈক্যৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।
 
এই বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে সোমবাৰে হোটেলখনত এখন বৈঠকৰ আয়োজন কৰা হৈছিল। কিন্তু বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু পৰিস্থিতি হতাহতিৰ পৰ্যায়লৈ যায়। আৰক্ষীৰ মতে, ইয়াৰ পাছতেই ঘনকান্ত গগৈয়ে ছয়জন লোকক লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। 
 
এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ সময়তে বিশেষ তদন্তকাৰী দলৰ তিনিগৰাকী সদস্যসহ মুঠ সাতগৰাকী আৰক্ষী বিষয়াৰ বদলিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশ্যে এই বদলিৰ সৈতে গুলীচালনাৰ তদন্তৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক আছে নে নাই, সেই সন্দৰ্ভত চৰকাৰীভাৱে স্পষ্ট কৰা হোৱা নাই।


শেহতীয়া খবৰ