গুৱাহাটী
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বাল্য বিবাহৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰা কঠোৰ স্থিতি এতিয়াও অব্যাহত আছে। সমাজৰ পৰা এই ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে জিলা আৰক্ষীয়ে চলোৱা ধাৰাবাহিক আৰু তীব্ৰতৰ অভিযানৰ ফলশ্ৰুতিত বৰ্তমানলৈকে জিলাখনত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি পাইছে।
প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীয়ে কালি দিনজুৰি চলোৱা শেহতীয়া অভিযানত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা নতুনকৈ ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৫ জন লোকক সুখচৰ আৰক্ষী থানা এলেকাৰ পৰা, ৩ জনক কালাপানী আৰক্ষী চকী এলেকাৰ পৰা আৰু আন এজনক খাৰুৱাবান্ধা আৰক্ষী চকীৰ অধীনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখযোগ্য যে, আৰক্ষীয়ে ইয়াৰ পূৰ্বে সোমবাৰে নিশা জিলাখনৰ ৫টাকৈ আৰক্ষী থানা আৰু চকী এলেকাত একেলগে এক বিশাল অভিযান চলাইছিল। সেই নিশাৰ অভিযানত আৰক্ষীয়ে ৪১ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছতো অভিযানকাৰী দলে ক্ষান্ত নাথাকি কালি দিনৰ ভাগতো নিজৰ কাৰ্যপন্থা অব্যাহত ৰাখে, যাৰ ফলস্বৰূপে অতিৰিক্ত এই ৯ জন লোক আৰক্ষীৰ জালত পৰে।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াও ক্ষিপ্ৰতাৰে আগবঢ়াই নিছে। মঙলবাৰে গ্ৰেপ্তাৰ হোৱা প্ৰথমটো গোটৰ ৪১ জন লোকক সন্ধিয়া প্ৰায় ৭ বজাত হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হয়। পৰৱৰ্তী সময়ত, আদালতৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত নিশাৰ ভাগতেই তেওঁলোকক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে, শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা বাকী ৯ জন লোকক আজি আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষী প্ৰশাসনে জানিবলৈ দিছে।