গুৱাহাটী
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। মঙলবাৰে (৩ নৱেম্বৰ) আয়োগে ২০২৬ বৰ্ষৰ পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰে। ঘোষণা অনুসৰি, অহা ৩০ নৱেম্বৰত পৰিষদৰ মুঠ ৩২টা সমষ্টিত একেলগে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
নিৰ্বাচনী সময়সূচী অনুসৰি, প্ৰাৰ্থীসকলে ১০ নৱেম্বৰলৈকে মনোনয়ন-পত্ৰ দাখিল কৰিব পাৰিব। ১২ নৱেম্বৰত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। আনহাতে, ১৬ নৱেম্বৰলৈকে প্ৰাৰ্থীসকলে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকাও প্ৰকাশ কৰা হ’ব।
এইবাৰৰ নিৰ্বাচনত মুঠ ১,৬৩,৯৬৬ গৰাকী ভোটাৰে ভোটদানৰ সুযোগ লাভ কৰিব। ইয়াৰে ৭৯,২৯৫ গৰাকী পুৰুষ ভোটাৰ, ৮৪,৬৬৭ গৰাকী মহিলা ভোটাৰ আৰু অন্যান্য শ্ৰেণীৰ ৪ গৰাকী ভোটাৰ আছে। পৰিষদৰ ৩২টা সমষ্টিত সুকলমে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে মুঠ ৩৩৭টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে।
ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধিসূচনা অনুসৰি, ৩ নৱেম্বৰৰ পৰাই আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰাৰ্থীসকলে চৰকাৰী বন্ধৰ দিনৰ বাহিৰে অন্যান্য কৰ্মদিনত পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ মনোনয়ন-পত্ৰ দাখিল কৰিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১০ নৱেম্বৰ।
অহা ৩০ নৱেম্বৰত পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কোনো কাৰণত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হ’লে ১ ডিচেম্বৰত একে সময়তে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।
ইফালে, ৩ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব আৰু গণনা সম্পূৰ্ণ নোহোৱালৈকে এই প্ৰক্ৰিয়া চলি থাকিব। নিৰ্বাচন আয়োগে ৫ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই নিৰ্বাচনত প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী ব্যয়ৰ সৰ্বোচ্চ সীমা ২ লাখ টকা নিৰ্ধাৰণ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে।
উল্লেখযোগ্য যে, অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ জৰিয়তে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে নতুন প্ৰতিনিধিসকল নিৰ্বাচিত হ’ব। পৰিষদৰ আটাইকেইটা ৩২টা সমষ্টিতে একেদিনাই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।