জুবিন গাৰ্গৰ মৃত্যু গোচৰঃ জামিন সম্পৰ্কীয় শুনানি ৩০ নৱেম্বৰলৈ পিছুৱালে উচ্চতম ন্যায়ালয়ে

Story by  atv | Posted by  Munni Begum • 4 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
গুৱাহাটী  
 
অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত জামিন সম্পৰ্কীয় শুনানি অহা ৩০ নৱেম্বৰত গ্ৰহণ কৰিব দেশৰ উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে, অৰ্থাৎ ৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া শুনানি পিছুৱাই দিয়াৰ পাছতে পৰৱৰ্তী শুনানিৰ বাবে ৩০ নৱেম্বৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে।
 
এই শুনানিত গোচৰটোৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সম্পৰ্কীয় বিষয়সমূহ বিবেচনা কৰা হ’ব। ইয়াৰ লগতে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন সম্পৰ্কীয় গোচৰৰো একেদিনাই শুনানি গ্ৰহণ কৰা হ’ব।
 
উল্লেখযোগ্য যে, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে। অৱশ্যে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। যোৱা ১৮ অক্টোবৰত চিআইডিৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা বিশেষ তদন্তকাৰী দলৰ (SIT) মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই উচ্চ ন্যায়ালয়ৰ জামিনৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ সিদ্ধান্ত নিশ্চিত কৰিছিল। 
 
উল্লেখ্য যে, প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষীৰ নিলম্বিত উপ-আৰক্ষী অধীক্ষক (DSP) সন্দীপন গাৰ্গক এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত বিশেষ তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰিছিল। আনহাতে, গোচৰটোৰ আন এগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্তইও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল।
 
উত্তৰ-পূব ভাৰত মহোৎসৱৰ আয়োজক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাও এই গোচৰৰ অন্যতম অভিযুক্ত। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে চলি থকা বিচাৰ প্ৰক্ৰিয়া যথাযথভাৱে আৰু ক্ষিপ্ৰতাৰে আগবঢ়াই নিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছিল। বৰ্তমান গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া এখন ফাষ্ট ট্ৰেক বা দ্ৰুত বিচাৰ আদালতত চলি আছে। যোৱা ১৮ অক্টোবৰত মুন্না প্ৰসাদ গুপ্তাই সদৰী কৰা অনুসৰি, সেই সময়লৈকে গোচৰটোৰ মুঠ ১৩৪ গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পন্ন হৈছিল।
 
উল্লেখযোগ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যুক সাবটি লৈছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। উত্তৰ-পূব ভাৰত মহোৎসৱত অংশগ্ৰহণৰ উদ্দেশ্যে ছিংগাপুৰলৈ যোৱা শিল্পীগৰাকীৰ সাগৰত সাঁতুৰি থকা অৱস্থাত মৃত্যু হৈছিল। মৃত্যুৰ পিছদিনাই তেওঁ মহোৎসৱখনত সংগীত পৰিৱেশন কৰাৰ কথা আছিল।
 
জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অসমতে গভীৰ শোকৰ ছাঁ পেলোৱাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ আঁৰৰ পৰিস্থিতি উদ্ঘাটনৰ দাবীত ৰাজ্যজুৰি সৰৱ হৈ উঠিছিল বিভিন্ন দল-সংগঠন তথা অগণন অনুৰাগী। ইয়াৰ পৰিপ্ৰেক্ষিততে অসম চৰকাৰে ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ বাবে এখন বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছিল।
 
বৰ্তমান গোচৰটোৰ ন্যায়িক প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে অহা ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’বলগীয়া জামিন সম্পৰ্কীয় শুনানিয়ে বিশেষ গুৰুত্ব লাভ কৰিছে।