ডিব্ৰুগড়
ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাত নিহতৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। ঘটনাটোত গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা শৈলেন গগৈ নামৰ আন এজন শ্ৰমিকৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
যোৱা ৬ নৱেম্বৰত সংঘটিত এই ভয়ংকৰ ঘটনাত কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছিল। ইয়াৰ পূৰ্বে আহতসকলৰ মাজৰ তিনিজনে প্ৰাণ হেৰুৱাইছিল। তেওঁলোকৰ ভিতৰত আছিল টেঙাখাতৰ বাসিন্দা ৰূপম গোহাঁই। শনিবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছিল।
বিস্ফোৰণৰ পিছতে গুৰুতৰভাৱে আহত ৰূপম গোহাঁইক প্ৰথমে দুলীয়াজানস্থিত অইল ইণ্ডিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়। অৱশেষত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৰূপম গোহাঁয়ে।
আনহাতে, এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত আছে স্পেক্ট্ৰন ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ অভিযন্তা তাপস জ্যোতি গগৈ। বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা অভিযন্তাগৰাকীৰো ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল।
ইফালে, এই ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই। কৰ্তব্য পালনত গাফিলতি কৰাৰ অভিযোগত তিনিজন বিষয়া আৰু এজন কৰ্মচাৰীসহ মুঠ চাৰিজনক নিলম্বন কৰা হৈছে।
অইল ইণ্ডিয়াৰ মুখপাত্ৰ প্ৰাংকুশ মল্ল বুজৰবৰুৱাই জানিবলৈ দিয়া মতে, চৰকাৰী দায়িত্ব পালনত অৱহেলা কৰাৰ অভিযোগতে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীকেইজনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইয়াৰ লগতে বিস্ফোৰণত নিহত লোকসকলৰ পৰিয়াললৈ ১০ লাখ টকাকৈ আৰু আহতসকললৈ ৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে অইল ইণ্ডিয়া লিমিটেডে।
ইফালে, শনিবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ আস্থা হাস্পতালত উপস্থিত হৈ চিকিৎসাধীন আহত শ্ৰমিকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ আহতসকলৰ সৈতে কথা পতাৰ লগতে চিকিৎসা ব্যৱস্থা সন্দৰ্ভতো খবৰ লয়।
পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুলীয়াজানস্থিত অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ সৈতে আলোচনা কৰি সমগ্ৰ ঘটনাৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।
আলোচনাকালত সোণোৱালে আহতসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ অইল কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ লগতে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে নিহতসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবেও তেওঁ আহ্বান জনায়।
ইয়াৰ উপৰি বিস্ফোৰণ আৰু পৰৱৰ্তী অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে এক উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিবলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অইল কৰ্তৃপক্ষক আহ্বান জনায়।
উল্লেখযোগ্য যে, টেঙাখাতৰ এই ঘটনাৰ পৰৱৰ্তী পৰিস্থিতিৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰীক্ষণ অব্যাহত ৰাখিছে।
ইতিমধ্যে বিস্ফোৰণৰ কাৰণ আৰু অগ্নিকাণ্ড সংঘটিত হোৱাৰ আঁৰৰ পৰিস্থিতি উদ্ঘাটনৰ বাবে তদন্ত চলি আছে। এই ঘটনাই অইল ইণ্ডিয়াৰ তৈল ভাণ্ডাৰসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীৰ সুৰক্ষা ব্যৱস্থাক লৈও উদ্বেগৰ সৃষ্টি কৰিছে।