এম্বুলেঞ্চ ৰখোৱাৰ ঘটনাত মুখ্যমন্ত্ৰীৰ ক্ষমা প্ৰাৰ্থনা

Story by  PTI | Posted by   Imtiaz Ahmed • 47 m ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
শিলচৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হ’বলৈ ৰোগী আৰু তেওঁৰ পৰিয়ালক কঢ়িয়াই নিয়া এখন এম্বুলেঞ্চ ৰখাই দিয়াৰ ঘটনাক লৈ বুধবাৰে মুখ্যমন্ত্ৰীয়ে ৰোগীজন আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জৰুৰী চিকিৎসাৰ প্ৰয়োজন থকা কোনো লোকৰ জীৱনতকৈ কোনো মুখ্যমন্ত্ৰীৰ কনভয়ক কেতিয়াও অগ্ৰাধিকাৰ দিয়া উচিত নহয়। লগতে এই ক্ষেত্ৰত তেওঁৰ নিৰ্দেশনা কিয় কাৰ্যকৰী কৰা নহ’ল, সেই বিষয়ে তদন্তৰ নিৰ্দেশ দিয়ে।

ছ’চিয়েল মিডিয়া মঞ্চ ‘এক্স’ত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয়, “আজি শিলচৰত মোৰ কনভয় পাৰ হ’বলৈ এখন এম্বুলেঞ্চ ৰখাই দিয়া হৈছিল। এয়া গ্ৰহণযোগ্য নহয় আৰু মই ৰোগীজন আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছোঁ।”

তেওঁ লগতে কয়, “জৰুৰী চিকিৎসাৰ প্ৰয়োজন থকা কোনো লোকৰ জীৱনতকৈ কোনো মুখ্যমন্ত্ৰীৰ যাত্ৰাক কেতিয়াও অগ্ৰাধিকাৰ দিয়া উচিত নহয়।”
শৰ্মাই কয় যে ভিআইপি চলাচলৰ ফলত সাধাৰণ নাগৰিকৰ চলাচল যাতে ব্যাহত নহয়, সেই সন্দৰ্ভত তেওঁৰ নিৰ্দেশনা একেবাৰে স্পষ্ট। কিন্তু সেই নিৰ্দেশনা “কাৰ্যকৰী নোহোৱাটো গভীৰভাৱে উদ্বেগজনক” বুলি তেওঁ মন্তব্য কৰে।

“মই সংশ্লিষ্ট বিষয়াসকলক দায়িত্বশীল ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু এই ঘটনাৰ তদন্তৰ বাবে এখন তদন্ত সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছোঁ,” মুখ্যমন্ত্ৰীয়ে কয়।

শৰ্মাই কয় যে মুখ্যমন্ত্ৰীৰ কনভয় সম্পৰ্কীয় নিৰ্দেশনাসমূহ যে আখৰে আখৰে আৰু সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব, এই ঘটনাই তাৰ এক স্পষ্ট সতৰ্কবাণী হিচাপে কাম কৰিব লাগে।

“এই নিৰ্দেশনা উলংঘা কৰা কোনো লোকক কঠোৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব,” তেওঁ কয়।

বৰাক উপত্যকাৰ প্ৰধান চহৰ শিলচৰত ৩ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী শৰ্মা শিলচৰত উপস্থিত আছিল।

ইয়াৰ পূৰ্বে এম্বুলেঞ্চখনৰ চালকজনে কৈছিল যে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়ত তেওঁক মাত্ৰ কেইমিনিটমানৰ বাবেহে এম্বুলেঞ্চখন ৰখাবলৈ কোৱা হৈছিল। আনহাতে, ঘটনাটো ঢাকি ৰখাৰ চেষ্টা কৰা বুলি অভিযোগ উঠাৰ সময়তে আৰক্ষীয়ে প্ৰথমে দাবী কৰিছিল যে এম্বুলেঞ্চখনত কোনো ৰোগী নাছিল।



শেহতীয়া খবৰ