কণ্টেণ্ট ক্ৰিয়েটৰ মাৰ্কেটৰ 'কিংমেকাৰ': আফ্ৰিন জেব

Story by  atv | Posted by  [email protected] • 2 h ago
আফ্ৰিন জেব
আফ্ৰিন জেব
 
মালিক আছগৰ হাচমী
 
মাৰ্কেটিং আৰু ব্ৰেণ্ডিঙৰ বিশাল পৃথিৱীখনত এনে কিছুমান মুখ থাকে, যিবোৰে লাইমলাইটৰ পৰা আঁতৰত থাকিবলৈ ভাল পায়। কিন্তু পৰ্দাৰ আঁৰত থাকি তেওঁলোকে এনে এক যাদু সৃষ্টি কৰে, যাৰ পাছত গোটেই পৃথিৱীখনে দৌৰে। কৰ্পোৰেট জগতত এইসকল ব্যক্তিক 'ছাইলেণ্ট পাৰফৰ্মাৰ' বা 'কিংমেকাৰ' বুলি কোৱা হয়। দিল্লীৰ বাসিন্দা প্ৰায় ৪০ বছৰীয়া আফ্ৰিন জেব ঠিক তেনে এটি পৰিচিত নাম। আফ্ৰিনে নিজৰ যাদুকৰী কৌশলেৰে দেশৰ কণ্টেণ্ট ক্ৰিয়েটৰ বজাৰখনলৈ এক নতুন পথ প্ৰদৰ্শন কৰিছে। বৰ্তমান তেওঁ StudioBackdrops.com-ৰ মুখ্য মাৰ্কেটিং বিষয়া অৰ্থাৎ CMO। জানোঁ আহক, কেনেকৈ সৰুতে লেখকসকলৰ দ্বাৰা অনুপ্ৰাণিত হোৱা এগৰাকী সাধাৰণ ছোৱালীয়ে আজি ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ ভাগ্য সলনি কৰিছে।
 
কণ্টেণ্ট ৰাইটাৰৰ পৰা CMO লৈ এক বৰ্ণিল যাত্ৰা
 
আফ্ৰিন জেবৰ এই যাত্ৰা এদিন বা এৰাতিৰ ভিতৰতে সম্পূৰ্ণ হোৱা নাছিল। ইয়াৰ আৰম্ভণি হৈছিল প্ৰায় এক দশকৰ আগতে। সৰুৰে পৰাই আফ্ৰিনৰ গল্প পঢ়া আৰু লিখাৰ প্ৰতি প্ৰবল নিচা আছিল। এই চখটোক লৈয়েই তেওঁ নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল আৰু দহ বছৰ আগতে এগৰাকী সাধাৰণ কণ্টেণ্ট ৰাইটাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। নিজৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বলত তেওঁ প্ৰথমে এগৰাকী কপিৰাইটাৰ হৈ পৰিছিল আৰু তাৰ পিছত ডিজিটেল মাৰ্কেটিঙৰ খুটি-নাটিসমূহ আয়ত্ত কৰিছিল।
 
কণ্টেণ্ট প্ৰস্তুত কৰাৰ আগমুহূৰ্তত
 
যোৱা ৪ বছৰ ধৰি আফ্ৰিন StudioBackdrops.com-ৰ সৈতে জড়িত হৈ আছে। তেওঁ এই কোম্পানীত এগৰাকী কণ্টেণ্ট ষ্ট্ৰেটেজিষ্ট হিচাপে খোজ পেলাইছিল। সেই সময়ত তেওঁ ব্ৰেণ্ডটোৰ বাবে সৃষ্টিশীল ৰণনীতি প্ৰস্তুত কৰিছিল। লাহে লাহে তেওঁ বৃহৎ পৰিসৰত হোৱা প্ৰডাকচন আৰু শ্বুটিঙৰ কাম-কাজসমূহ পৰিচালনা কৰিবলৈ শিকে। আজি তেওঁ এই কোম্পানীটোৰ হেড অৱ মাৰ্কেটিং আৰু চি এম অ' হিচাপে সমগ্ৰ ভিজুৱেল মাৰ্কেটখন চলাই আছে।
 
ক্ৰিয়েটৰ অৰ্থনীতিত 'ভিজুৱেল ফাৰ্ষ্ট'ৰ নতুন সূত্ৰ
 
বৰ্তমানৰ সময়ত ছ’চিয়েল মিডিয়াত সেইজনেই জীয়াই থাকিব পাৰে, যাৰ উপস্থাপন প্ৰকৃত আৰু ধুনীয়া। আফ্ৰিন জেবৰ মতে, তেওঁৰ কোম্পানীটোৱে প্ৰথম দিনাৰ পৰাই ভিজুৱেল ফাৰ্ষ্ট (Visual First) অৰ্থাৎ সৰ্বোত্তম দৃশ্যপটৰ নীতিত কাম কৰি আহিছে। তেওঁলোকৰ যিমানবোৰ প্ৰডাক্ট বা সামগ্ৰী আছে, সেইবোৰৰ শ্বুট 'ইণ্ডাষ্ট্ৰিয়েল কালাৰ কেলিভ্ৰেচন' কৌশলৰ জৰিয়তে কৰা হয়। ইয়াৰ ফলত স্ক্ৰীনত দেখা পোৱা ৰং আৰু প্ৰকৃত সামগ্ৰীবিধৰ ৰঙৰ মাজত কোনো পাৰ্থক্য নাথাকে।
 
আফ্ৰিন জেব
 
আফ্ৰিনৰ কেইবাটাও এজেন্সী আৰু ব্ৰেণ্ডৰ সৈতে ক্ৰিয়েটিভ ডাইৰেক্টৰ হিচাপে কাম কৰাৰ সুদীৰ্ঘ অভিজ্ঞতা আছে। তেওঁৰ এই অভিজ্ঞতাই কোম্পানীটোৰ মাৰ্কেটিঙক আনতকৈ সুকীয়া কৰি তুলিছে। ইণ্টাৰনেটৰ জগতখনত যেতিয়া সাধাৰণ পোষ্টৰ সলনি ভিডিঅ'ৰ প্ৰচলন বাঢ়িল, তেতিয়া আফ্ৰিনে কোম্পানীটোৰ কাম কৰাৰ ধৰণ সলনি কৰি পেলালে। তেওঁ নিজেই ক্ৰিয়েটৰসকলৰ দৰে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলে। আজি তেওঁৰ ব্ৰেণ্ডটোৱে আনক শিকায় যে কম বাজেটতো কেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভিডিঅ' আউটপুট পাব পাৰি।
 
সস্তীয়া আৰু অত্যন্ত ব্যয়বহুল সামগ্ৰীৰ মাজত এক নতুন বিকল্প
 
আফ্ৰিনে যেতিয়া এই ব্যৱসায়টোক ওচৰৰ পৰা নিৰীক্ষণ কৰিলে, তেতিয়া তেওঁ ভাৰতীয় বজাৰখনত এক বৃহৎ ব্যৱধান বা শূন্যতা দেখা পালে। সেই সময়ত দেশৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ সন্মুখত কেৱল দুটাই পথ আছিল। হয়তো তেওঁলোকে বজাৰত উপলব্ধ অতি সস্তীয়া আৰু নিম্নমানৰ বেকড্ৰপ কিনিব লাগিছিল, নতুবা বিদেশৰ পৰা অহা অতি ব্যয়বহুল পৰ্দা আমদানি কৰিব লাগিছিল। সৰু আৰু স্বতন্ত্ৰ ক্ৰিয়েটৰসকলৰ বাবে এইটো অতি কঠিন কাম আছিল।
 
ষ্টুডিঅ'বেকড্ৰপছে এই খালী ঠাইখিনি পূৰণ কৰাৰ কাম কৰিলে। আফ্ৰিনৰ দলটোৱে অতি সুলভ মূল্যত উন্নত মানৰ বেকড্ৰপ পোনে পোনে ভাৰতীয় গ্ৰাহকৰ হাতলৈ লৈ আহিল। তেওঁলোকে নিজৰ প্ৰডাক্টসমূহৰ বিষয়ে প্ৰতিটো তথ্য সম্পূৰ্ণ সঁচা আৰু স্পষ্টকৈ প্ৰকাশ কৰিলে। ইয়াৰ ফলত বজাৰত নকল সামগ্ৰী বিক্ৰী কৰাসকলৰ ব্যৱসায় স্তব্ধ হৈ পৰিল। গ্ৰাহকৰ এই অটুট বিশ্বাসেই ব্ৰেণ্ডটোৰ আটাইতকৈ ডাঙৰ মূলধণ হৈ পৰিল।
 
সতীৰ্থৰ সৈতে কাম কৰি থকা মুহূৰ্তত
 
প্ৰতিটো বাজেটৰ বাবে স্বদেশী ব্ৰেণ্ডৰ নিৰ্মাণ

এফালে যেনেকৈ বলিউডৰ ডাঙৰ ডাঙৰ চিনেমাৰ চেট থাকে, ঠিক তেনেকৈ আনফালে ঘৰৰ এটা সৰু চুকৰ পৰা ৰীল বনোৱা স্বতন্ত্ৰ ক্ৰিয়েটৰো থাকে। আফ্ৰিনে এই দুয়ো ধৰণৰ গ্ৰাহকৰ বাবে সুকীয়া সুকীয়া প্ৰডাক্ট ৰেঞ্জ প্ৰস্তুত কৰিলে। কোম্পানীটোৱে নিজৰ প্ৰতিটো প্ৰডাক্টৰ স্থায়িত্ব আৰু গুণগত মান অতি কঠোৰভাৱে পৰীক্ষা কৰে। বাজেট কম হওক বা বেছি, মানদণ্ডৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়।
 
কোম্পানীটোৰ বৰ্তমান AriesX, Indus, ackdrops4ever আৰু Baroque Studio-ৰ দৰে বৃহৎ ছাব-ব্ৰেণ্ড আছে। আফ্ৰিনৰ গোটেই দলটো নিজেই এই ভিজুৱেল ক্ষেত্ৰখনৰ পৰা আহিছে। সেইবাবেই তেওঁলোকে বলিউডৰ ডাঙৰ চিনেমাৰ পৰা আৰম্ভ কৰি এজন নতুন ইউটিউবাৰৰ প্ৰয়োজনসমূহ অতি সুন্দৰকৈ বুজি পায়। তেওঁলোকে নতুন ক্ৰিয়েটৰসকলৰ বাবে দামী সামগ্ৰীৰ সলনি এটা সস্তীয়া আৰু বহনক্ষম বিকল্প প্ৰস্তুত কৰে।
 
আজিকালি কোম্পানীবোৰে ভাইৰেল হ'বলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে। আফ্ৰিনে কয় যে তেওঁ কেতিয়াও এই চমু পথ গ্ৰহণ কৰা নাই। তেওঁ 'মাউথ পাব্লিচিটী' অৰ্থাৎ গ্ৰাহকৰ মুখৰ কথা আৰু বিশ্বাসৰ ওপৰত বেছি আস্থা ৰাখে। ২০২৩ চনত যেতিয়া তেওঁলোকে 'ইণ্ডাছ পেপাৰ্ছ' নামৰ এটা নতুন প্ৰডাক্ট মুকলি কৰিছিল, তেতিয়া তেওঁলোকৰ সমগ্ৰ প্ৰচাৰ অভিযান ইয়াৰ ভাৰতীয় পৰিচয় আৰু গুণগত মানৰ ওপৰত নিৰ্ভৰশীল আছিল।
 
আফ্ৰিন জেব
 
এই স্বদেশী প্ৰডাক্টটোক তেওঁলোকে প্ৰকৃত ফটো আৰু ভিডিঅ'ৰ জৰিয়তে প্ৰচাৰ কৰিছিল। যিহেতু গ্ৰাহকৰ মনত এই ব্ৰেণ্ডটোৰ প্ৰতি আগৰে পৰাই এক বিশ্বাস আছিল, সেয়েহে ভাৰতীয় ক্ৰিয়েটৰসকলে ইয়াক অতি দ্ৰুতগতিত আঁকোৱালি লৈছিল। এই সফলতালৈ লক্ষ্য ৰাখি পৰৱৰ্তী বছৰ কোম্পানীটোৱে বজাৰত 'ইণ্ডাছলাইট' মুকলি কৰে। ইয়াকো মানুহে যথেষ্ট পছন্দ কৰে।
 
হাতেৰে চুই পৰীক্ষা কৰাটোৱেই প্ৰকৃত উদ্ভাৱন

বাহিৰৰ পৰা চোৱা লোকৰ বাবে এনেকুৱা লাগিব পাৰে যে ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীৰ সামগ্ৰীত নো আৰু নতুন কি হ'ব পাৰে! কিন্তু আফ্ৰিনৰ বাবে উদ্ভাৱন মানে কোনো কিতাপৰ জ্ঞান নহয়, ই এক ব্যৱহাৰিক কাম। ৱেবছাইটত কোনো নতুন প্ৰডাক্ট লাইভ হোৱাৰ আগতে আফ্ৰিনে নিজে নিজৰ হাতেৰে তাক পৰীক্ষা কৰে। তাৰ পিছত কোম্পানীটোৰ আন বিশেষজ্ঞসকলে তাৰ পুংখানুপুংখ পৰীক্ষা কৰে।
 
সততাৰে নিজৰ কামক উপস্থাপন কৰাটোৱেই এই বজাৰখনৰ আটাইতকৈ ডাঙৰ উদ্ভাৱন। ইয়াৰ সমান্তৰালকৈ কোম্পানীটোৱে নিজৰ প্ৰতিটো সামগ্ৰীৰ সৈতে ইন-ডেপ্থ টিউটোৰিয়েল অৰ্থাৎ শিকোৱা ভিডিঅ' শ্বেয়াৰ কৰে। ইয়াৰ জৰিয়তে গ্ৰাহকে সামগ্ৰীবিধ কিনাৰ আগতেই সেয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া জানিব পাৰে। আফ্ৰিনৰ মতে উদ্ভাৱনৰ এটা মাত্ৰ অৰ্থ আছে, সেয়া হৈছে গ্ৰাহকৰ সমস্যাক সৰল আৰু সহজ কৰি তোলা।

সৰু চহৰ আৰু গাঁৱৰ পৰা উঠি আহিছে নতুন ক্ৰিয়েটৰৰ ঢল

আফ্ৰিন জেবৰ মতে, ছ’চিয়েল মিডিয়াৰ যুগ এতিয়া অতি দ্ৰুতগতিত সলনি হৈছে। অনাগত ২০২৫ আৰু ২০২৬ চনত মানুহে কেৱল কৃত্ৰিম বা বনোৱা বস্তুবোৰ চাবলৈ নিবিচাৰিব। দৰ্শকে এতিয়া সেইবোৰ কাহিনীহে বেছি পছন্দ কৰিছে, যিবোৰ তেওঁলোকৰ নিজৰ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ইয়াৰ বাবে শ্বুটিং কৰা স্থানসমূহ অতি সৰল আৰু স্বাভাৱিক হোৱাটো অত্যন্ত জৰুৰী।
 
বৰ্তমান দেশৰ টিয়েৰ ২ (Tier 2) আৰু টিয়েৰ ৩ (Tier 3) চহৰৰ লগতে গ্ৰামাঞ্চলৰ পৰাও বহু নতুন ক্ৰিয়েটৰ ওলাই আহিছে। ইয়াৰে বহুতৰে জীৱন সংগ্ৰামময়, কোনোবাই চাকৰি কৰে, কোনোবাই হয়তো দিন হাজিৰা কৰে আৰু তাৰ মাজতেই পাৰ্ট-টাইম ভিডিঅ' বনায়। দৰ্শকে তেওঁলোকৰ এই সৰলতাক আদৰি লৈছে।
 
অনাগত দিনবোৰত 'ষ্টুডিঅ'' মানে কেৱল কোনো বিশাল, ব্যয়বহুল বা আড়ম্বৰপূৰ্ণ ছেটআপ হৈ নাথাকিব। বৰং ই এনে এখন স্থান হৈ পৰিব, যি নমনীয় আৰু য'ৰ পৰা নিভাঁজ কাহিনীবোৰ অতি সহজেই উপস্থাপন কৰিব পৰা যাব।