সহানুভূতিক কৰ্মলৈ ৰূপান্তৰ কৰি হাজাৰজনৰ জীৱনত আশাৰ সঞ্চাৰ কৰিছে ৰুবী খানে

Story by  atv | Posted by  Munni Begum • 17 h ago
ৰুবী খান
ৰুবী খান
 
ফাৰহান ইছৰাইলী 
 
ৰাজস্থানৰ ৰুবী খানৰ বাবে সমাজসেৱা কেৱল মাজে-সময়ে কৰা দান-ধৰ্মমূলক কাম নহয়, বৰঞ্চ ই হৈছে তেওঁৰ জীৱন দৰ্শন। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়া, চৰকাৰী আঁচনিৰ সুবিধা লাভত সাধাৰণ মানুহক সহায় কৰা, ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাক পৰামৰ্শ দিয়া বা দেশজুৰি হাজাৰ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি জনসচেতনতা সৃষ্টি কৰা আদি প্ৰতিটো ক্ষেত্ৰতে তেওঁ সদায় সাধাৰণ মানুহৰ সৈতে থকাটোকে বাছি লৈছে। 
 
বিগত দুটা দশক ধৰি ৰুবী খানে এগৰাকী মানৱ অধিকাৰ কৰ্মী, শিক্ষাবিদ, লেখিকা, সমাজসেৱী, প্ৰাক্তন 'মিছেছ জয়পুৰ' আৰু বঁটা বিজয়ী কাৰ ৰেচাৰ হিচাপে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। তথাপিও যদি তেওঁক সোধা হয় যে, তেওঁ কেনেকৈ স্মৰণীয় হৈ ৰ'ব বিচাৰে, তেন্তে তেওঁৰ  সহজ উত্তৰ হৈছে: তেওঁ  মানুহৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনাৰ জৰিয়তে স্মৰণীয় হৈ ৰ'ব বিচাৰে। 
 
ৰুবী খান
 
সেৱাৰ প্ৰতি উৎসৰ্গিত এটা জীৱন
 
ৰুবী খানে বিশ্বাস কৰে যে, কেৱল সহানুভূতি প্ৰকাশ কৰিলেই যথেষ্ট নহয়, সেই অনুভৱক বাস্তৱিক কৰ্মত ৰূপ দিয়াটোহে অধিক গুৰুত্বপূৰ্ণ। ৰাজস্থানত যেতিয়াই কোনো দুৰ্যোগ বা সংকটৰ সৃষ্টি হয়, তেতিয়াই তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত উপস্থিত হোৱাৰ চেষ্টা কৰে। কেৱল তাৎক্ষণিক সাহায্য আগবঢ়োৱাই নহয়, চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু সহায়-সুবিধা যাতে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে, তাৰ বাবেও তেওঁ সক্ৰিয়ভাৱে কাম কৰি আহিছে।
 
তেওঁৰ মতে, "অসহায় মানুহৰ কাষত থিয় দিয়াতকৈ ডাঙৰ পৰিচয় আন একো হ'ব নোৱাৰে।" এই আদৰ্শক সাৰথি কৰিয়েই তেওঁ প্ৰায় ২০ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে সমাজসেৱা কৰি আহিছে।  
 
এই সমগ্ৰ সমাজসেৱাৰ যাত্ৰাত তেওঁৰ কাষত থিয় হৈ আছে তেওঁৰ স্বামী কেপ্তেইন মিৰ্জা বেগ, যিজনক ৰাজস্থানৰ প্ৰথম মুছলমান পাইলট হিচাপে গণ্য কৰা হয় আৰু নিজেও এজন সক্ৰিয় সমাজকৰ্মী হিচাপে গণ্য কৰা হয়। ৰুবীয়ে কেপ্টেইন বেগক তেওঁলোকে একেলগে গ্ৰহণ কৰা বহু পদক্ষেপক উৎসাহিত আৰু সমৰ্থন কৰাৰ কৃতিত্ব দিয়ে।
 
দুয়োগৰাকীয়ে মিলি চিকিৎসা শিবিৰ আয়োজন, চৰকাৰী নথি-পত্ৰ প্ৰস্তুত কৰাত সহায়, কেৰিয়াৰ পৰামৰ্শ, দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া খাদ্যসামগ্ৰী বিতৰণ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কন্যাৰ বিবাহত সহায় আগবঢ়োৱাৰ দৰে বহু কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই পদক্ষেপসমূহৰ জৰিয়তে ৰাজ্যখনৰ হাজাৰ হাজাৰ লোকে উপকৃত হৈছে। 
 
সজাগতাৰ পৰাই সৱলীকৰণ আৰম্ভ হয় 
 
ৰুবী খানে কয় যে, সমাজৰ পিছপৰা শ্ৰেণীৰ সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যা কেৱল দৰিদ্ৰতা নহয়; বহু ক্ষেত্ৰত তথ্যৰ অভাৱেই তেওঁলোকক অধিক পিছ পেলাই ৰাখে। অনেক পৰিয়াল চৰকাৰী কল্যাণমূলক আঁচনিৰ বাবে যোগ্য হোৱাৰ পিছতো কেৱল সঠিক তথ্য নথকাৰ বাবেই তেওঁলোকে সেই সকলো সুবিধাৰ পৰা বঞ্চিত হয়।
 
এই বাস্তৱতা উপলব্ধি কৰি ৰুবী খানে বহু বছৰ ধৰি মানুহক চৰকাৰী আঁচনিৰ সৈতে সংযোগ স্থাপন, প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ, স্বাস্থ্যসেৱা লাভ আৰু চৰকাৰী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত সহায় কৰি আহিছে।
 
আত্মনিৰ্ভৰশীল সমাজ গঢ়াৰ লক্ষ্য
 
কেৰিয়াৰ পৰামৰ্শ আৰু যুৱ প্ৰজন্মক স্বাৱলম্বী কৰি তোলাটোও ৰুবী খানৰ সমাজসেৱাৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। কেপ্টেইন মিৰ্জা বেগৰ সৈতে মিলি তেওঁ নিবনুৱা যুৱক-যুৱতীসকলক বিভিন্ন কৰ্মসংস্থাপনৰ সুযোগৰ বিষয়ে অৱগত কৰে, দক্ষতাভিত্তিক উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ উৎসাহিত কৰে।
 
তেওঁলোকৰ মূল লক্ষ্য কেৱল চাকৰি বিচাৰি দিয়াই নহয়; বৰং এনে এখন সমাজ গঢ়ি তোলা, য'ত মানুহে নিজৰ দক্ষতাৰ বলত আত্মনিৰ্ভৰশীল জীৱন গঢ়ি তুলিব পাৰে।
 
সংকটত থকা নাৰীৰ কাষত
 
ৰুবী খানৰ সমাজসেৱাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে ঘৰুৱা হিংসা আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাসকলৰ কাষত থিয় দিয়া। তেওঁৰ বিশ্বাস যে, বহু মহিলাই কেৱল বিকল্প পথ নেদেখাৰ বাবেই নিৰ্যাতন সহ্য কৰি থাকিবলগীয়া হয়। সেইবাবেই তেওঁ কেৱল পৰামৰ্শ দিয়াতেই সীমাবদ্ধ হৈ নাথাকে। প্ৰয়োজন অনুসৰি তেওঁ মহিলাসকলক মানসিক সাহস যোগায়, আইনী সহায়ৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে আৰু নতুনকৈ আত্মবিশ্বাসেৰে জীৱন আৰম্ভ কৰিবলৈ উৎসাহিত কৰে।
 
ৰুবী খান
 
একেসময়তে, তেওঁ ন্যায়পৰায়ণতাৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰে। কোনো পুৰুষে যদি ভুৱা অভিযোগত জড়িত হোৱাৰ দাবী কৰি তেওঁৰ ওচৰলৈ আহে, তেন্তে তেওঁলোককো প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়। তেওঁৰ মতে, লিংগৰ ভিত্তিত নহয়, ন্যায়ৰ ভিত্তিতহে বিচাৰ হোৱা উচিত। এই কামসমূহত বিভিন্ন বেচৰকাৰী সংগঠনেও তেওঁৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে। 
 
ৰুবী খানে দৃঢ়ভাৱে বিশ্বাস কৰে যে, নাৰীৰ প্ৰকৃত সৱলীকৰণ অৰ্থনৈতিক স্বাৱলম্বিতাৰ জৰিয়তেহে সম্ভৱ। সেই উদ্দেশ্যে তেওঁ মহিলাসকলক বিভিন্ন ব্যৱসায়িক দক্ষতাৰ প্ৰশিক্ষণ দিয়ে আৰু ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰা বা উপযুক্ত কৰ্মসংস্থাপনৰ পথ বিচাৰি উলিওৱাত সহায় কৰে।
 
মেহেন্দী কলা, বেংকিং সচেতনতা, ডিজিটেল মাৰ্কেটিং আৰু অন্যান্য বৃত্তিমূলক প্ৰশিক্ষণৰ জৰিয়তে তেওঁ বহু মহিলাক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও, মহিলাসকলৰ স্বাস্থ্য সুৰক্ষাৰ ওপৰতো গুৰুত্ব দি তেওঁ বিশেষকৈ কৰ্কট ৰোগ পৰীক্ষা শিবিৰ আৰু স্বাস্থ্য সজাগতা কাৰ্যসূচীও আয়োজন কৰি আহিছে।
 
সমাজৰ কু-সংস্কাৰ ভংগ 
 
সমাজসেৱাৰ লগতে ৰুবী খানে মটৰ স্প’ৰ্টছৰ ক্ষেত্ৰতো এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। ২০১০ চনৰ পৰা ২০১৭ চনৰ ভিতৰত তেওঁ ‘ব্লেইজ ডে ৰাজস্থান’ আৰু ‘উইমেন অন হুইলছ’কে ধৰি কেইবাখনো সন্মানীয় কাৰ ৰেলী আৰু ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি একাধিকবাৰ বিজয়ী হৈছে। তেওঁৰ এই সাফল্যই তেওঁক ৰাজস্থানৰ তিনিগৰাকী দ্ৰুততম মহিলা কাৰ ৰেচাৰৰ অন্যতম হিচাপে পৰিচিতি প্ৰদান কৰিছে।
 
ৰুবীৰ মতে, মটৰ স্প’ৰ্টছ কেৱল প্ৰতিযোগিতা নহয়; ই মহিলাসকলৰ আত্মবিশ্বাস, সাহস আৰু পৰম্পৰাগতভাৱে পুৰুষৰ আধিপত্য থকা ক্ষেত্ৰসমূহত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ এক শক্তিশালী মাধ্যম।

প্ৰকৃতি সংৰক্ষণৰ প্ৰতিও একেই দায়বদ্ধতা
 
সমাজসেৱাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো ৰুবী খান সমানভাৱে সক্ৰিয়। প্ৰতি গ্ৰীষ্মকালত তেওঁ জয়পুৰত ‘পৰিণ্ডা অভিযান’ চলাই আহিছে। এই অভিযানৰ অংশ হিচাপে গছ আৰু ওখ ঠাইত পানীৰ পাত্ৰ স্থাপন কৰি তীব্ৰ গৰমত চৰাই-চিৰিকটিসকলৰ বাবে পানীৰ ব্যৱস্থা কৰা হয়।
 
শিশুসকলৰ মাজত পৰিৱেশ সুৰক্ষাৰ মানসিকতা গঢ়ি তুলিবলৈ তেওঁ হাজাৰ হাজাৰ ‘বীজ পেঞ্চিল’ বিতৰণ কৰি আহিছে। এই বিশেষ পেঞ্চিল ব্যৱহাৰ কৰি শেষ হোৱাৰ পিছত ইয়াৰ সৈতে সংলগ্ন বীজ মাটিত ৰোপণ কৰিলে তাৰ পৰা গছ গজি উঠে। যিসকল শিশুৱে সেই গছ যত্নসহকাৰে ডাঙৰ কৰে, তেওঁলোকক প্ৰমাণপত্ৰ প্ৰদান কৰি সন্মানিত কৰা হয়। ইয়াৰ জৰিয়তে সৰুৰে পৰাই পৰিৱেশৰ প্ৰতি দায়বদ্ধতা গঢ়ি তোলাৰ চেষ্টা কৰা হয়।
 
ইয়াৰ উপৰিও, প্ৰতি বছৰে শিক্ষক দিৱস উপলক্ষে সমাজ গঢ়াৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰা শিক্ষকসকলকো তেওঁ বিশেষভাৱে সন্মান জনায়। তেওঁৰ বিশ্বাস, এখন সুস্থ সমাজ গঢ়াৰ আটাইতকৈ শক্তিশালী ভেটি হৈছে শিক্ষকসকল।
 
সমগ্ৰ ভাৰত ভ্ৰমণ
 
২০২২ চনত ৰুবী খানৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য অধ্যায়সমূহৰ এটি ৰচনা হৈছিল, যেতিয়া তেওঁ কন্যাকুমাৰীৰ পৰা শ্ৰীনগৰলৈ প্ৰায় ৪,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পদযাত্ৰা সম্পূৰ্ণ কৰিছিল। প্ৰায় ১৫০ দিন ধৰি চলা এই যাত্ৰাত তেওঁ ১২খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল অতিক্ৰম কৰিছিল।
 
এই পদযাত্ৰাত অংশগ্ৰহণ কৰা ৰাজস্থানৰ একমাত্ৰ মহিলা হিচাপে তেওঁ গৌৰৱ অৰ্জন কৰে। তেওঁৰ মতে, ই কেৱল ব্যক্তিগত সাফল্য নহয়, সমগ্ৰ ৰাজস্থানৰ মহিলাসকলৰ বাবেও এক গৌৰৱৰ বিষয় হয়। যদিও এই দেশজোৰা পদযাত্ৰাৰ আয়োজন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে আৰু ইয়াৰ নেতৃত্বত আছিল ৰাহুল গান্ধী, তথাপিও ৰুবী খানে কয় যে, তেওঁৰ এই যাত্ৰাৰ উদ্দেশ্য ৰাজনীতি কেতিয়াও নাছিল। তেওঁ ভাৰতৰ মানুহৰ মাজলৈ গৈ ভাৰতক চিনি পাব বিচাৰিছিল।
 
ৰুবী খান
 
গাঁও, চহৰ আৰু নগৰ অতিক্ৰম কৰাৰ সময়ত তেওঁ কৃষক, শ্ৰমিক, মহিলা আৰু যুৱক-যুৱতীৰ সৈতে মত-বিনিময় কৰে। প্ৰতিজনৰ জীৱন সংগ্ৰাম আৰু অভিজ্ঞতাই তেওঁক নতুন শিক্ষা দিছিল। তেওঁৰ কয়, "এই যাত্ৰাই মোক শিকাইছে যে, ভাৰত কেৱল মানচিত্ৰত থকা এখন দেশ নহয়; ই সাধাৰণ মানুহৰ দৈনন্দিন জীৱন, আশা-আকাংক্ষা আৰু সংগ্ৰামৰ মাজত বাস কৰে।"
 
এই পদযাত্ৰা শাৰীৰিকভাৱে যথেষ্ট কষ্টসাধ্য আছিল। অংশগ্ৰহণকাৰীসকলে ট্ৰাকৰ ওপৰত স্থাপন কৰা কণ্টেইনাৰতে বাসস্থান হিচাপে থাকিবলগীয়া হৈছিল। প্ৰখৰ ৰ’দত দীৰ্ঘ সময় খোজকঢ়াৰ ফলত তেওঁৰ ভৰিত ফোহা উঠিছিল। যাত্ৰাৰ মাজতে তেওঁ আঘাতপ্ৰাপ্ত হৈ ওঁঠ চিলাবলগীয়া হৈছিল আৰু এখন হাতো ভাঙি গৈছিল। কিন্তু এই সকলো বাধা-বিপত্তিৰ মাজতো তেওঁ যাত্ৰা সম্পূৰ্ণ কৰি নিজৰ দৃঢ় মনোবল আৰু অদম্য সাহসৰ পৰিচয় দিয়ে।
 
বাধাৰ সন্মুখীন হৈও থমকি নৰ'ল
 
যাত্ৰাপথত ইমান বেছি শাৰীৰিক কষ্ট আৰু আঘাতৰ সন্মুখীন হোৱাৰ পিছতো ৰুবী খানে কেতিয়াও নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাছিল। এই কঠিন সময়ছোৱাত তেওঁৰ স্বামী কেপ্টেইন মিৰ্জা বেগেই সদায় তেওঁৰ আটাইতকৈ ডাঙৰ সাহস আৰু অনুপ্ৰেৰণাৰ উৎস হৈ আছিল। ৰুবীৰ মতে, এই পদযাত্ৰা কেৱল এটা শাৰীৰিক পৰীক্ষাই নাছিল; ই তেওঁক ধৈৰ্য, বৈচিত্ৰ্য আৰু মানুহৰ সৈতে হৃদয়ৰ সম্পৰ্ক গঢ়ি তোলাৰ এক অনন্য শিক্ষা দিছিল।
 
ৰুবী খানৰ মতে, সমাজসেৱাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ মূল ভেটি হৈছে পৰিয়ালৰ পৰা লাভ কৰা মূল্যবোধ। বিশেষকৈ তেওঁৰ শহুৰেক মিৰ্জা মুখতাৰ বেগ, যিজন ৰাজস্থানৰ এজন সন্মানীয় অসামৰিক অভিযন্তা (চিভিল ইঞ্জিনিয়াৰ) আছিল, তেওঁ নিজৰ সন্তানসকলক সদায় সমাজৰ কল্যাণৰ বাবে কাম কৰিবলৈ উৎসাহিত কৰিছিল। আজিও তেওঁৰ সেই আদৰ্শ সমগ্ৰ পৰিয়ালটোৰ মাজত অব্যাহত আছে। 
 
কেপ্টেইন মিৰ্জা বেগৰ সৰু ভাতৃ মিৰ্জা শ্বাৰিক বেগ, যিজনো এজন অসামৰিক অভিযন্তা, তেওঁ জয়পুৰৰ ঐতিহ্যবাহী জল মহলৰ পুনৰুদ্ধাৰ কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ অৱদানৰ ফলতে জল মহল আজি জয়পুৰৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে পৰিচিত। আন এজন ভাতৃ মিৰ্জা ছাকিব বেগে বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত নিজৰ কৰ্মজীৱন গঢ়ি তুলিছে। বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হ'লেও এই সমগ্ৰ পৰিয়ালটোক জনসেৱাৰ প্ৰতি থকা অটল প্ৰতিশ্ৰুতিৰে বান্ধি ৰাখিছে। 
 
লেখাৰ জৰিয়তে সম্প্ৰীতিৰ বাৰ্তা
 
সমাজৰ মাজত সম্প্ৰীতি আৰু পাৰস্পৰিক বুজাবুজি গঢ়ি তোলাৰ ক্ষেত্ৰতো ৰুবী খানে লেখাক এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। অধ্যাপক কে এল কমলৰ সৈতে তেওঁ যৌথভাৱে "Hindu Dharma aur Islam: Do Aankhen, Nai Roshni" শীৰ্ষক গ্ৰন্থ ৰচনা কৰিছে। এই গ্ৰন্থখনৰ লক্ষ্য হৈছে ধৰ্মক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ভুল ধাৰণা দূৰ কৰা আৰু পাৰস্পৰিক সম্প্ৰীতি আৰু বুজাবুজিৰ মনোভাৱ গঢ়ি তোলা। 
 
২০১০ চনত তদানীন্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰীয়ে গ্ৰন্থখন উন্মোচন কৰিছিল। বৰ্তমান এই গ্ৰন্থখন উপ-ৰাষ্ট্ৰপতিৰ গ্ৰন্থাগাৰ আৰু আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰতো সংৰক্ষিত হৈ আছে। 
 
ইয়াৰ উপৰিও, শিশু-পাঠকৰ বাবে তেওঁ "Gyan Ke Bulbule" নামৰ এখন কবিতাৰ সংকলনো লিখিছে। সহজ-সৰল ভাষাৰে ৰচিত এই গ্ৰন্থখনৰ জৰিয়তে শিশুসকলৰ মাজত ভাৰতীয় সংস্কৃতি, পৰিৱেশ সচেতনতা আৰু নৈতিক মূল্যবোধ গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে।
 
এগৰাকী বিউটি কুইনতকৈও অধিক
 
ৰুবী খানৰ জীৱনৰ আন এক উল্লেখযোগ্য সাফল্য হৈছে ২০০৪ চনত ‘মিছেছ জয়পুৰ’ খিতাপ লাভ কৰা। তেওঁৰ স্মৃতি ৰোমন্থন কৰি কয় যে, প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ত আটাইতকৈ জোৰেৰে হাতচাপৰি বজোৱা ব্যক্তি আছিল তেওঁৰ স্বামী কেপ্টেইন মিৰ্জা বেগ, যিয়ে সমগ্ৰ প্ৰতিযোগিতাজুৰি তেওঁক উৎসাহ আৰু সমৰ্থন আগবঢ়াই আহিছিল। 
 
ৰুবী খান
 
এগৰাকী মুছলমান মহিলা হিচাপে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ সমালোচনাৰো সন্মুখীন হৈছিল। কিন্তু তেওঁৰ দৃষ্টিত এই প্ৰতিযোগিতা কেৱল এটা মুকুট জয়ৰ প্ৰতিযোগিতা নাছিল; ই আছিল নিজৰ আত্মবিশ্বাস, ব্যক্তিত্ব আৰু সামৰ্থ্য প্ৰকাশ কৰাৰ এক সুযোগ।
 
আগলৈও অব্যাহত থাকিব সমাজসেৱাৰ যাত্ৰা
 
ৰুবী খান আৰু কেপ্টেইন মিৰ্জা বেগে এতিয়াও তেওঁলোকৰ সমাজসেৱামূলক কাৰ্যসূচী অধিক বিস্তৃত কৰাৰ লক্ষ্য লৈ আগবাঢ়ি আছে। যুৱক-যুৱতী, মহিলা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বাবে নতুন প্ৰশিক্ষণ কাৰ্যসূচী, বৃত্তি শিবিৰ আৰু সজাগতা অভিযান আয়োজনৰ পৰিকল্পনা তেওঁলোকে কৰিছে।
 
ইয়াৰ লগতে, জয়পুৰৰ ঐতিহ্য সংৰক্ষণৰ সমান্তৰালভাৱে চহৰখনৰ সামাজিক আৰু নাগৰিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰতো চৰকাৰী সংস্থাসমূহৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।
 
ৰেচ ট্ৰেকৰ পৰা দুৰ্যোগ-পীড়িত অঞ্চললৈ, শ্ৰেণীকোঠাৰ পৰা পৰামৰ্শ কেন্দ্ৰলৈ, আৰু কন্যাকুমাৰীৰ পৰা কাশ্মীৰ উপত্যকালৈ ৰুবী খানৰ সমগ্ৰ জীৱনযাত্ৰাই এই কথাই প্ৰমাণ কৰে যে, তেওঁ কেতিয়াও স্বীকৃতি বা খ্যাতিৰ বাবে কাম কৰা নাই; তেওঁৰ সকলো প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু হৈছে মানুহ। তেওঁৰ বাবে জীৱনৰ প্ৰতিটো সাফল্যৰ শেষ গন্তব্য একেটাই-- সহানুভূতি, মৰ্যাদা আৰু আন্তৰিকতাৰে মানুহৰ সেৱা কৰা।