সমাজৰ বাধাক অতিক্ৰম কৰি সফলতাৰ নতুন দৃষ্টান্ত স্থাপন ফৰাহ হুছেইনৰ

Story by  atv | Posted by  Munni Begum • 16 h ago
ফৰাহ হুছেইন
ফৰাহ হুছেইন
 
নীলম গুপ্তা
 
ৰাজস্থানৰ ৰাজহ বিভাগত উচ্চপদস্থ দায়িত্ব লাভ কৰা প্ৰথমগৰাকী মুছলমান মহিলা বিষয়া ফৰাহ হুছেইন। মাতৃ ৰুখছানা হুছেইনৰ পৰিয়ালত সেনা বিষয়াৰ পৰম্পৰা আৰু পিতৃ আশফাক হুছেইনৰ পৰিয়ালত আইএএছ বিষয়াৰ আধিপত্য যথেষ্ট শক্তিশালী আছিল। এনে পৰিৱেশত এগৰাকী আইএএছ বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাটো হয়তো সহজেই সম্ভৱ আছিল। কিন্তু ফৰাহ হুছেইনে সিদ্ধান্ত লৈছিল যে তেওঁ কেৱল এগৰাকী আইএএছ বিষয়াৰ পত্নী হিচাপে পৰিচিত হ'ব নিবিচাৰে, বৰঞ্চ নিজেই এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিব। 
 
সেই লক্ষ্যৰে আগবাঢ়ি তেওঁ ২০১৬ চনত দ্বিতীয় প্ৰচেষ্টাত ইউপিএছচি পৰীক্ষাত সফলতা লাভ কৰে। সৰ্বভাৰতীয় তালিকাত ২৬৭ সংখ্যক স্থান অধিকাৰ কৰি তেওঁ ভাৰতীয় ৰাজহ সেৱা (Indian Revenue Service)ত যোগদান কৰে। উদয়পুৰত সহকাৰী আয়ুক্ত (Assistant Commissioner) হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত যোধপুৰ আৰু জয়পুৰত দায়িত্ব পালন কৰাৰ পিছত বৰ্তমান ভৰতপুৰত যুটীয়া আয়ুক্ত (Joint Commissioner) তথা ৰেঞ্জ হেড হিচাপে কৰ্মৰত। তেওঁৰ তত্ত্বাৱধানত চাৰিখন জিলা আছে।
 
ফৰাহ হুছেইন
 
ফৰাহ হুছেইনে কয়, “কৰ্মজীৱনত কোনো স্থানতে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই। সহকৰ্মীসকল যথেষ্ট সহযোগিতামূলক। কিন্তু মই এটা বিষয় স্পষ্টকৈ অনুভৱ কৰোঁ যে আমাৰ বিভাগত উচ্চ আৰু নিম্ন, দুয়োটা স্তৰতে মহিলাৰ সংখ্যা এতিয়াও যথেষ্ট কম।” 
 
যেতিয়া তেওঁক সোধা হয় যে, ৰাজস্থানত এই পৰ্যায়লৈ আগবাঢ়ি অহা প্ৰথমগৰাকী মুছলিম মহিলা হিচাপে তেওঁৰ উপস্থিতিয়ে সমাজত কোনো ইতিবাচক পৰিৱৰ্তন আনিব নেকি, বিশেষকৈ মুছলিম সমাজৰ যুৱতীসকলৰ বাবে তেওঁ অনুপ্ৰেৰণাৰ উৎস হ'ব নেকি, তেতিয়া তেওঁ বিনম্ৰভাৱে কয়, “এই বিষয়ে নিশ্চিতকৈ কোৱা কঠিন। আমাৰ পৰিয়ালত আগৰে পৰাই বহু উচ্চপদস্থ প্ৰশাসনিক বিষয়া আছিল। তথাপিও আমাৰ বংশৰ কন্যাসকলৰ ভিতৰত চৰকাৰী সেৱাত যোগদান কৰাৰ লক্ষ্য প্ৰথমে মইয়ে স্থিৰ কৰিছিলোঁ। উচ্চ শিক্ষা আনেও গ্ৰহণ কৰিছিল, কিন্তু কেৱল শিক্ষাই যথেষ্ট নহয় সপোন আৰু আগ্ৰহো থাকিব লাগে। অৱশ্যে, দপ্তৰসমূহত অধিক সংখ্যক মহিলা উচ্চ পদত অধিষ্ঠিত হ'লে সমাজত ইতিবাচক পৰিৱৰ্তন নিশ্চয় আহে।”
 
ফৰাহ হুছেইনৰ পিতৃ আশফাক হুছেইনৰ ঘৰ ৰাজস্থানৰ ঝুনঝুনু জিলাৰ নৱাঁ গাঁৱত। পিছলৈ ৰাজস্থান প্ৰশাসনিক সেৱা (RAS)ত যোগদান কৰি পদোন্নতিৰ জৰিয়তে আইএএছ বিষয়া হোৱাৰ পিছত তেওঁৰ পিতৃৰ বদলি আজমেৰলৈ হয়। ফলত ফৰাহৰ অধিকাংশ স্কুলীয়া শিক্ষা আজমেৰতে ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ত সম্পন্ন হয়।
 
ইয়াৰ পিছত তেওঁ আইন শিক্ষা লাভৰ উদ্দেশ্যে মুম্বাইলৈ যায়। তাত চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা পাঁচ বছৰীয়া BLS, LLB ডিগ্ৰী লাভ কৰে। শিক্ষা সমাপ্তিৰ পিছত মহেশ জেঠমালানী, ন্যায়াধীশ ৰোহল দালভি, ট্ৰাইলিগেল ল' ফাৰ্ম, অশোক প্ৰতাপ এণ্ড কোম্পানী আদি দেশৰ বিশিষ্ট আইনজীৱী আৰু প্ৰতিষ্ঠানৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে। কিন্তু তেওঁ স্বতন্ত্ৰভাৱে ওকালতি আৰম্ভ নকৰিলে।
 
ফৰাহ হুছেইন
 
ফৰাহৰ মতে, “মোৰ লক্ষ্য আছিল আইএএছ বিষয়া হোৱাটো। পিতৃয়ে সদায় কৈছিল যদি ডাঙৰ কিবা হ'বই বিচৰা, তেন্তে আইএএছ হোৱা। সেয়া মোৰো সপোন আছিল। সেইবাবে ঘৰলৈ উভতি আহি কোনো কোচিং নোলোৱাকৈ ইউপিএছচিৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। প্ৰথম প্ৰচেষ্টাত আশানুৰূপ ফল নাপালেও দ্বিতীয় প্ৰচেষ্টাত ২৬৭ সংখ্যক স্থান লাভ কৰিলোঁ আৰু ২০১৬ চনত ভাৰতীয় ৰাজহ সেৱাত যোগদান কৰাৰ সুযোগ পালোঁ। এই সফলতাৰ বাবে যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল, যদিও পৰিশ্ৰম মোৰ জীৱনৰ অংশ আছিল।” 
 
তেওঁ কয়, “এনে নহয় যে, মোৰ সিদ্ধান্তক লৈ কোনো সমালোচনা হোৱা নাছিল। গাঁৱত থকা কিছুমান আত্মীয়ই মুম্বাইলৈ পঢ়িবলৈ যোৱাটো ভাল চকুৰে চোৱা নাছিল। তেওঁলোকৰ আশংকা আছিল এনে কৰিলে বিয়াত অসুবিধা হ'ব পাৰে। কিন্তু মই আৰু মোৰ পৰিয়ালে কেতিয়াও সেইবোৰ কথাত গুৰুত্ব দিয়া নাছিলোঁ। বিয়াৰ চিন্তাইও কেতিয়াও মোৰ লক্ষ্যৰ মাজত স্থান পোৱা নাছিল। মোৰ বিশ্বাস আছিল সেই সময় আহিলে বিয়াও হ'ব, কিন্তু তাৰ আগতে নিজকে প্ৰতিষ্ঠিত কৰাটো অধিক প্ৰয়োজনীয়।” 
 
সেই বিশ্বাসেই সত্যত পৰিণত হয়। ২০১৬ চনত ভাৰতীয় ৰাজহ সেৱাত যোগদান কৰাৰ পিছৰ বছৰত, অৰ্থাৎ ২০১৭ চনত, তেওঁৰ বিয়া হয় আইএএছ বিষয়া কমৰ-উল-জামান চৌধুৰীৰ সৈতে। 
 
ফৰাহ হুছেইনে কয়, “বিয়াৰ পিছতো মই কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই। শাহুৱে কেতিয়াও ঘৰৰ কামৰ দায়িত্ব মোৰ ওপৰত জাপি দিয়া নাই; বৰঞ্চ তেওঁ মোক বিশ্ৰাম ল'বলৈহে কয়। অৱশ্যে, ৰন্ধা-বঢ়া কৰি মোৰ ভাল লাগে, সেয়ে নিজৰ ইচ্ছাতে সেই কামবোৰ কৰোঁ। বৰ্তমান মোৰ এটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে। সন্তান দুটাৰ পঢ়া-শুনাৰ দায়িত্বও মই নিজেই পালন কৰো। কন্যাৰ ভৱিষ্যৎ পেছা কি হ'ব সেই বিষয়ে মই কোনো নিৰ্দিষ্ট আশা পুহি ৰখা নাই।"
 
ফৰাহ হুছেইন
 
ফৰাহ হুছেইনে লগতে কয়, "মই কেৱল বিচাৰোঁ মোৰ দুয়োটা সন্তানেই ভাল শিক্ষা লাভ কৰি ভাল মানুহ হিচাপে গঢ়ি উঠক। জীৱনত কি পথ বাছি ল'ব, সেই সিদ্ধান্ত তেওঁলোকে নিজেই ল'ব। মই যেনেকৈ নিজৰ সিদ্ধান্ত নিজে লৈছিলোঁ আৰু পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন পাইছিলোঁ, তেনেদৰে তেওঁলোকেও নিশ্চয় সেই সমৰ্থন লাভ কৰিব।"