সন্তান লাভৰ আশা আৰু আৰোগ্যৰ পৱিত্ৰ ঠিকনা: ৬০০ বছৰীয়া ঐতিহ্যৰে জীপাল বৰপেটাৰ খানকাৰপাৰা দৰগাহ

Story by  Munni Begum | Posted by  Munni Begum • 1 h ago
 খানকাৰপাৰাস্থিত হজৰত পীৰ শ্বাহনুৰ শ্বাহ দেৱানৰ দৰগাহ
খানকাৰপাৰাস্থিত হজৰত পীৰ শ্বাহনুৰ শ্বাহ দেৱানৰ দৰগাহ
 
মুন্নী বেগম / গুৱাহাটী  
 
বিশ্বাসৰ কোনো সীমা নাই, কোনো ভাষা নাই, কোনো ধৰ্মও নাই। য'ত হৃদয়ৰ নীৰৱ প্ৰাৰ্থনা আকাশলৈ উৰি যায়, তাতেই মানুহে বিচাৰি পায় আশাৰ নতুন পোহৰ। সেই বিশ্বাসৰ আলোকবাহীৰ এক পৱিত্ৰ ঠিকনা হৈছে বৰপেটা জিলাৰ ভেল্লাৰ খানকাৰপাৰাস্থিত হজৰত পীৰ শ্বাহনুৰ শ্বাহ দেৱানৰ দৰগাহ।
 
নিঃসন্তান দম্পতীৰ সন্তান লাভৰ আকুল প্ৰাৰ্থনা, দুৰাৰোগ্য ৰোগৰ পৰা আৰোগ্যৰ আশা আৰু মনৰ অপূৰণীয় বাসনা বুকুত লৈ বছৰৰ পিছত বছৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন ৰাজ্যৰ পৰাও বিভিন্ন ধৰ্ম-বৰ্ণৰ অগণন ভক্ত এই দৰগাহলৈ আহি শিৰনত কৰে। প্ৰায় ছয় শতিকা ধৰি অগণন জনবিশ্বাস, অলেখ স্মৃতি আৰু সম্প্ৰীতিৰ বাণী বহন কৰি অহা এই দৰগাহ আজিও এক আধ্যাত্মিক ঐতিহ্য, মানৱীয় মূল্যবোধ আৰু সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ এক উজ্জ্বল প্ৰতীক হৈ জীয়াই আছে। 
 
বৰপেটা জিলাৰ ভেল্লাৰ খানকাৰপাৰাস্থিত হজৰত পীৰ শ্বাহনুৰ শ্বাহ দেৱানৰ দৰগাহৰ চৌহদত থকা কবৰস্থান আৰু ঈদগাহ
 
‘আৱাজ - দ্য ভইচ'ৰ সৈতে হোৱা এক কথোপকথনত জ্যেষ্ঠ সাংবাদিক তথা খানকাৰপাৰা দৰগাহ-মছজিদ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক আলিয়াছ আহমেদে কয়, "লোকবিশ্বাস অনুসৰি আজিৰ পৰা প্ৰায় ছয়শ বছৰৰ আগতে ইৰানৰ বাগদাদ চহৰৰ পৰা হজৰত পীৰ শ্বাহনুৰ শ্বাহ দেৱান (ৰহ্) অসমলৈ আহিছিল। তেওঁৰ সৈতে তেওঁৰ চাৰি ভাতৃও আহিছিল আৰু আটাইকেইগৰাকীয়ে অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰি ইছলাম ধৰ্মৰ নৈতিকতা আৰু আধ্যাত্মিক মূল্যবোধৰ প্ৰচাৰত আত্মনিয়োগ কৰিছিল। পীৰ শ্বাহনুৰ শ্বাহ দেৱানে প্ৰথমে দৰগাহপুৰত কিছুদিন অৱস্থান কৰিছিল, পিছত তেওঁ সম্পূৰ্ণ জনশূন্য খানকাৰপাৰা অঞ্চলত স্থায়ীভাৱে বসতি স্থাপন কৰে। কোৱা হয়, সেই সময়ত ঠাইখনত কেৱল এজোপা খেজুৰ গছ আৰু এটি শিলৰ বাহিৰে আন একোৱেই নাছিল। সেই নিৰ্জন পৰিৱেশতেই তেওঁ ইবাদত, সাধনা আৰু মানৱসেৱাৰ বাট বাচি লৈছিল।"    
 
জনবিশ্বাস অনুসৰি, পীৰ চাহাব আধ্যাত্মিক শক্তিৰ অধিকাৰী আছিল। সেইসময়ৰ আহোম ৰজা শিৱসিংহ এদিন চিকাৰৰ উদ্দেশ্যে সেই অঞ্চললৈ আহোঁতে তেওঁৰ সৈতে সাক্ষাৎ হৈছিল। কথোপকথনৰ সময়ত পীৰ চাহেবে ৰজাৰ যে কোনো সন্তান নাই সেই কথা কয়। পীৰ চাহাবৰ কথাত ৰজাই আচৰিত হৈ তেওঁক তেওঁৰ শিৱসাগৰৰ ৰাজপ্ৰসাদলৈ আমন্ত্ৰণ জনায় আৰু তেওঁক যাতায়াতৰ বাবে এটি হাতী দিয়ে, কিন্তু পীৰ চাহাবে ইয়াক অস্বীকাৰ কৰে আৰু ৰজাৰ হাতী তথা পালি প্ৰহৰী ৰাজপ্ৰসান গৈ নোপোৱাতে তেওঁ খোজ কাঢ়িয়ে ৰাজপ্ৰসাদত উপস্থিত হয়।  
 
যিহেতু ৰজাৰ কোনো সন্তান নাছিল, সেয়েহে পীৰ চাহাবে তেওঁক আল্লাহৰ কৃপাৰে তেওঁ সন্তান লাভ কৰিব বুলি আশা দিছিল। কোৱা হয়, তেওঁ ৰজাৰ পৰা এটা কল বিচাৰি তাত দোৱা কৰি ৰাণীক খাবলৈ দিছিল। কিছু মাহৰ ভিতৰতে ৰাণী সন্তানসম্ভৱা হোৱাত ৰজাই গভীৰভাৱে আপ্লুত হয়। কৃতজ্ঞতাস্বৰূপে তেওঁ পীৰ চাহাবক উপহাৰস্বৰূপে প্ৰায় পাঁচশ বিঘা ভূমি দান কৰিছিল আৰু সেই দান তাম্ৰপত্ৰত লিপিবদ্ধ কৰি পীৰ চাহাবক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হৈছিল।"  
 
বৰপেটা জিলাৰ ভেল্লাৰ খানকাৰপাৰাস্থিত হজৰত পীৰ শ্বাহনুৰ শ্বাহ দেৱানৰ দৰগাহৰ চৌহদত থকা আশ্ৰাফুল উলুম হাফিজী আৰু আৰৱী মাদ্ৰাছাৰ ভিতৰৰ এক দৃশ্য
 
আহমেদে কয়, "আন এক বহুল প্ৰচলিত জনবিশ্বাস মতে, এদিন পীৰ চাহাবে শিল এচটাত বহি সাধনা কৰি থকা অৱস্থাতে অন্তৰ্ধান হয়, শিলচটাত মাত্ৰ তেওঁ পৰিধান কৰা বস্ত্ৰ পৰি থাকে। ইয়াৰ পিছতে তেওঁৰ নামত তাত এটি দৰগাহ স্থাপন কৰা হয়। দৰগাহ স্থাপনৰ পূৰ্বে সেই অঞ্চলটোত কলেৰা মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটিছিল, যাৰ ফলত বহু লোক মৃত্যুমুখত পৰিছিল। সেই সংকটৰ সময়তে পীৰ চাহেবে লোকসকলক তেওঁৰ ওচৰলৈ আহিবলৈ আহ্বান জনায়। তেওঁ সেই ৰোগৰ পৰা উপশম পোৱাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিছিল আৰু দোৱা কৰা পানী ৰোগীসকলক পান কৰিবলৈ দিছিল। প্ৰবাদ মতে, তাৰ পিছত বহু ৰোগীয়ে আৰোগ্য লাভ কৰিছিল। এই ঘটনাৰ পিছতেই বহু পৰিয়ালে দৰগাহপুৰ এৰি খানকাৰপাৰাত আহি স্থায়ীভাৱে বসবাস আৰম্ভ কৰিছিল। আজিও এই কাহিনী বহুলোকৰ মুখে-মুখে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ প্ৰচলিত হৈ আহিছে।"        
 
পাঁচশ বিঘা মাটিৰ দানস্বত্ত্ব সম্পৰ্কেও বহু জনশ্ৰুতি প্ৰচলিত। কোৱা হয়, ৰজাই দিয়া তাম্ৰপত্ৰখন এসময়ত চোৰে চুৰি কৰি লৈ গৈছিল। কিন্তু ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱাৰ সময়ত আটাইকেইগৰাকী চোৰৰ নাও ডুবি মৃত্যু হয় আৰু তাম্ৰপত্ৰবোৰ নদীৰ বুকুত হেৰাই যায়। পিছত এই বিষয়টো আদালতলৈ যোৱাৰ সময়তো আন এক অলৌকিক ঘটনা সংঘটিত হোৱা বুলি জনপ্ৰবাদ আছে। জনশ্ৰুতি অনুসৰি, বিচাৰৰ সময়ত আদালতৰ খিৰিকীৰ ওচৰত এটা বগা হাতী দেখা দিছিল। ইয়াক আল্লাহৰ নিদৰ্শন বুলি ধৰি আদালতেও পীৰ চাহেবৰ দানস্বত্ব স্বীকৃতি দিছিল। যদিও এই ঘটনাসমূহ লোকবিশ্বাস আৰু মৌখিক ইতিহাসৰ অংশ, তথাপি অঞ্চলটোৰ সাংস্কৃতিক স্মৃতিত ই বিশেষ স্থান দখল কৰি আহিছে।   
 
আহমেদে কয়, "বৰ্তমান পাঁচশ বিঘা দান কৰা মাটিৰ ভিতৰত প্ৰায় পাঁচ বিঘা এলেকাত পীৰ চাহাবৰ দৰগাহ, জামে মছজিদ, আশ্ৰাফুল উলুম হাফিজী আৰু আৰৱী মাদ্ৰাছা আৰু কবৰস্থান অৱস্থিত। সমগ্ৰ চৌহদ খানকাৰপাৰা দৰগাহ-মছজিদ পৰিচালনা সমিতি তত্ত্বাৱধানত পৰিচালিত হয়। দৰগাহত ভক্তসকলৰ পৰা পোৱা অনুদান বাট-পথ, চৌহদ সংৰক্ষণ আৰু অন্যান্য সামূহিক উন্নয়নমূলক কামত ব্যয় কৰা হয়। আনহাতে, মছজিদৰ নিজা আয়ৰ উৎস থকাৰ বাবে মছজিদৰ দৈনন্দিন ব্যয় সেই উৎসৰ পৰাই বহন কৰা হয়।" 
 
বৰপেটা জিলাৰ ভেল্লাৰ খানকাৰপাৰাস্থিত হজৰত পীৰ শ্বাহনুৰ শ্বাহ দেৱানৰ দৰগাহৰ চৌহদত থকা আশ্ৰাফুল উলুম হাফিজী আৰু আৰৱী মাদ্ৰাছাৰ ছাত্ৰবাস আৰু নামফলক
 
আহমেদে জনোৱা মতে, মহৰম আৰু উৰুচ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত পীৰ চাহাবৰ দৰগাহলৈ সমবেত হয়। কেৱল মুছলিম সম্প্ৰদায়েই নহয়, বহু হিন্দু ভক্তইও নিজৰ মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে ইয়াত ছাগলী, হাঁহ-কুকুৰা, চিন্নি, মিঠাই, ধন অথবা সোণ-ৰূপৰ সামগ্ৰী উছৰ্গা কৰে। তেওঁৰ মতে, দৰগাহখন বহু বছৰ ধৰি সাম্প্ৰদায়িক সম্প্ৰীতি আৰু পাৰস্পৰিক বিশ্বাসৰ এক জীৱন্ত নিদৰ্শন হৈ আহিছে।  
 
উৰুচ উপলক্ষে কোনো বাহিৰৰ সংস্থাৰ পৰা অনুদান সংগ্ৰহ কৰা নহয়। গাঁওবাসীয়ে নিজ নিজ ঘৰত চিন্নি, মিঠাই আৰু অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰি দৰগাহলৈ লৈ আনে। পিছত সেইসমূহ সকলো ভক্ত আৰু দৰ্শনাৰ্থীৰ মাজত সমানে বিতৰণ কৰা হয়। ধনী-দুখীয়া, স্থানীয় বা বাহিৰৰ সকলোৰে বাবে এই আয়োজন সমানভাৱে মুকলি থাকে। 
 
দৰগাহ চৌহদৰ ভিতৰতে থকা আশ্ৰাফুল উলুম হাফিজী আৰু আৰবী মাদ্ৰাছাখনত স্থানীয় দৰিদ্ৰ পৰিয়ালৰ ল'ৰা-ছোৱালীৰ বাবে থকা-খোৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি সমিতিৰ অধীনত থকা বিলৰ পৰা হোৱা আয় দৰগাহ, মছজিদ, মাদ্ৰাছা আৰু সামূহিক কল্যাণমূলক কামত ব্যয় কৰা হয়।
 
বৰপেটা জিলাৰ ভেল্লাৰ খানকাৰপাৰাস্থিত হজৰত পীৰ শ্বাহনুৰ শ্বাহ দেৱানৰ দৰগাহৰ চৌহদত থকা জামে মছজিদৰ এক দৃশ্য
 
আহমেদে কয়, "এই দৰগাহক কেন্দ্ৰ কৰি কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, সামাজিক সহযোগিতাৰো এক দীঘলীয়া পৰম্পৰা গঢ় লৈ উঠিছে। অতীতত ধুমুহা, বানপানী অথবা আন দুৰ্যোগৰ সময়ত হিন্দু-মুছলিম নিৰ্বিশেষে গাঁওবাসীয়ে ইজনে সিজনৰ কাষত থিয় দি আহিছে। ক্ষতিগ্ৰস্ত পৰিয়ালক আশ্ৰয়, খাদ্য আৰু ঘৰ পুনৰ নিৰ্মাণত সহায় আগবঢ়াই আহিছে।"
 
বৰ্তমান খানকাৰপাৰা আৰু ইয়াৰ আশে-পাশে প্ৰায় ২০০০ টা মুছলিম পৰিয়াল বসবাস কৰে। ওচৰৰ হিন্দু গাঁওসমূহৰ সৈতে বহু দশক ধৰি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই আছে। আহমেদে কয়, "পীৰ চাহাবৰ দৰগাহ চৌহদ সকলো ধৰ্মৰ লোকৰ বাবে মুকলি হৈ থাকে। পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শৃংখলা বজাই ৰাখি যিকোনো ব্যক্তিয়ে ইয়াত উপস্থিত হৈ দৰ্শন, দোৱা বা প্ৰাৰ্থনা কৰিব পাৰে।"
 
সময় সলনি হৈছে, সমাজ সলনি হৈছে; কিন্তু খানকাৰপাৰাৰ এই পৱিত্ৰ দৰগাহৰ চৌপাশে থকা মানুহৰ বিশ্বাস, ভক্তি আৰু সম্প্ৰীতিৰ বন্ধন আজিও অটুট আছে। ছয় শতিকা ধৰি ইতিহাস, জনবিশ্বাস আৰু মানৱীয় মূল্যবোধক একেলগে কঢ়িয়াই অনা এই দৰগাহে আজিও মানুহক একতাৰ, সহমৰ্মিতাৰ আৰু শান্তিৰ বাণী বিলাই আহিছে। সেই বাবেই এই দৰগাহ কেৱল এখন ধৰ্মীয় স্থান নহয়, ই অসমৰ বহুত্ববাদী সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু আধ্যাত্মিক ঐতিহ্যৰ এক জীৱন্ত দলিল।


শেহতীয়া খবৰ