ভক্তি চালক
সমগ্ৰ মহাৰাষ্ট্ৰতে এতিয়া গণেশ মূৰ্তিৰ বিপণীসমূহ গঢ় লৈ উঠিছে, বজাৰবোৰ পোহৰ আৰু সজ্জাৰে জিলিকি উঠিছে, ৰাস্তা তথা চুবুৰীবোৰত বিশাল মণ্ডপসমূহ সাজি উলিওৱা হৈছে। ঢোল-তাছাৰ আখৰাৰ ছন্দোবদ্ধ শব্দই উৎসৱৰ পৰিৱেশ অধিক প্ৰাণৱন্ত কৰি তুলিছে।
১৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ১০ দিনীয়া গণেশোৎসৱৰ প্ৰস্তুতিৰ মাজতে মূৰত বগা টুপি পিন্ধা এজন স্বেচ্ছাসেৱকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে- যি টুপিয়ে তেওঁৰ ধৰ্মীয় পৰিচয়ৰ ইংগিত দিছে।
মুম্বাইৰ ডিজিটেল ক্ৰিয়েটৰ মহছিন কুৰেশ্বীয়ে ৰঙীন পতাকাৰে গণপতিৰ মণ্ডপ সজাই তোলা আৰু ঘৰে ঘৰে গৈ বৰঙণি সংগ্ৰহ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’বোৰত মহছিনক বাপ্পাৰ আগমনৰ বাবে অতি উৎসাহেৰে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এয়া কেৱল ছ’চিয়েল মিডিয়াৰ বাবে নিৰ্মাণ কৰা content নহয়। বাস্তৱ জীৱনতো মহছিন এটা গণপতি মণ্ডলৰ এজন একনিষ্ঠ স্বেচ্ছাসেৱক।
'আৱাজ- দ্য-ভইচ'ৰ তৰফৰ পৰা মহছিনৰ সৈতে এই উৎসৱৰ লগত তেওঁৰ সম্পৰ্ক, তেওঁৰ শৈশৱৰ স্মৃতি আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰসাৰৰ বাবে তেওঁ কৰা প্ৰচেষ্টাৰ বিষয়ে বাৰ্তালাপ কৰা হৈছিল।
মহছিন মুম্বাইৰ আন্ধেৰী ইষ্টৰ চাণ্ডীৱালী MHADA) অঞ্চলৰ BEST কৰ্মচাৰীৰ কলনীত ডাঙৰ-দীঘল হৈছিল। গণেশোৎসৱৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি তেওঁ কয়, "আমাৰ 'বেষ্ট'ৰ আৱাসিক এলেকাত চাৰিটা ভৱন আছিল। সেই সময়ত চাৰিওটা ভৱনৰ বাবে মাত্ৰ এটা উমৈহতীয়া গণেশোৎসৱৰ মণ্ডপ আছিল। আটাইতকৈ বিশেষ কথাটো আছিল যে মণ্ডপটো আমাৰ ভৱনৰ চৌহদতেই স্থাপন কৰা হৈছিল।"
"বাপ্পাৰ আগমনৰ প্ৰস্তুতি, সজ্জাৰ বাবে গোটেই ৰাতি সাৰে থকা, আৰতিৰ প্ৰতিধ্বনিত শব্দ আৰু তাৰ পিছত মহাপ্ৰসাদ... মোৰ সমগ্ৰ শৈশৱ এই পৰিৱেশতেই পাৰ হৈছিল। মোৰ ঘৰৰ ভিতৰত কোৰান পাঠ হৈছিল আৰু বাহিৰৰ ৰাস্তাত বাপ্পাৰ আৰতিৰ সুৰ বাজিছিল। মই দুয়োটা সংস্কৃতি একেলগে অনুভৱ কৰি ডাঙৰ হৈছোঁ।"
যদিও মহছিনে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল, কলনীৰ পৰিৱেশ সম্পূৰ্ণৰূপে মহাৰাষ্ট্ৰীয় আছিল। তেওঁৰ বেছিভাগ বন্ধুৱেই মাৰাঠীভাষী আছিল আৰু এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা স্বত্বেও, তেওঁ বিভিন্ন ধৰ্মৰ মানুহে উদযাপন কৰা উৎসৱসমূহত অংশগ্ৰহণ কৰিবলৈ আৰু সেইবোৰক সন্মান কৰিবলৈ শিকিছিল।
তেওঁৰ আটাইতকৈ ঘনিষ্ঠ শৈশৱৰ বন্ধু শচীন দামোদৰ আৰু সৌৰভ পাটিল তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আছে।
মহছিনে কয়, "মোৰ একেবাৰে প্ৰথম আৰু আটাইতকৈ ঘনিষ্ঠ বন্ধু শচীন দামোদৰ এজন নৱ-বৌদ্ধ। মোৰ আনজন বন্ধু সৌৰভ পাটিল এজন হিন্দু মাৰাঠা। আমাৰ গোটটো এজন বৌদ্ধ, এজন মুছলমান আৰু এজন হিন্দুৰ এক অনন্য 'ত্ৰিবেণী সংগম'। সৰুৰে পৰা আমি ইজনে সিজনৰ উৎসৱবোৰ আনন্দেৰে উদযাপন কৰি আহিছোঁ।"
মুম্বাইৰ গণেশোৎসৱত আনৰ সৈতে মহছিন কুৰেশ্বী (ক'লা টুপী পিন্ধি)
তিনিও বন্ধুৱে প্ৰায়ে সামাজিক বিষয়বোৰৰ ওপৰতো আলোচনা কৰে। মহছিনে বিশেষকৈ এটা শিক্ষাৰ কথা সোঁৱৰে যিটো তেওঁৰ মনত চিৰদিনৰ বাবে ৰৈ গৈছে।
"ঈদ, দীপাৱলী বা গণেশোৎসৱ যিয়েই নহওক, আমি প্ৰতিটো উৎসৱতে সমানে উৎসাহেৰে অংশগ্ৰহণ কৰা উচিত, কাৰণ উৎসৱে মানুহক সংযোগ কৰে। এই শিক্ষা মোক শচীনে দিছিল। আজি আমি তিনিওজনে এই পথেৰে আগবাঢ়িছোঁ," তেওঁ কয়।
চুবুৰীৰ গণপতি মণ্ডপৰ পৰা লালবাগলৈ
নিজৰ চুবুৰীৰ মণ্ডপত গণেশোৎসৱ অনুভৱ কৰাৰ পিছত, মুম্বাইৰ বিখ্যাত ৰাজহুৱা উদযাপনৰ বিশালতা প্ৰত্যক্ষ কৰিবলৈ মহছিনৰ মনত কৌতূহল জাগিছিল। বন্ধুসকলৰ জোৰত তেওঁ গণেশোৎসৱৰ সময়ত প্ৰথমবাৰৰ বাবে লালবাগ আৰু পাৰেল অঞ্চললৈ গৈছিল। উদযাপনৰ বিশালতা আৰু বিপুল জনসমুদ্ৰই তেওঁৰ মনত এক গভীৰ চাপ পেলাইছিল।
তেওঁ স্মৰণ কৰে, "যেতিয়া মই প্ৰথমবাৰৰ বাবে লালবাগ অঞ্চলত ঘূৰি ফুৰিছিলো, তেতিয়া সেই ভিৰ আৰু উৎসাহ দেখি মই হতবাক হৈ পৰিছিলো। এজন অহিন্দু ল'ৰাৰ বাবে, এনে এক অভিজ্ঞতা অত্যন্ত পৃথক আছিল।"
তেওঁ লগতে কয়, "বাপ্পাৰ দৰ্শনৰ বাবে তাত লাখ লাখ মানুহে শাৰী পাতি ৰৈছিল। দুবাৰকৈ যোৱাৰ পিছতো মই লালবাগচা ৰাজাৰ পোনপটীয়া দৰ্শন লাভ কৰিব নোৱাৰিলো, কিন্তু তাত থকা বিভিন্ন প্ৰতীকী প্ৰদৰ্শনীসমূহে (দেখাৱে) মোৰ হৃদয় জিনিলে। বিসৰ্জন শোভাযাত্ৰাৰ দিনা, আমি পুৱা ৫ বজাৰ বিসৰ্জন আৰতি চাবলৈকে দুপৰা তিনি ঘণ্টা আগতে গৈ গিৰগাঁও চৌপাট্টিত থিয় হৈছিলো। উদ্যোগপতি আম্বানীৰ পুত্ৰৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহলৈকে সকলোৱে একেলগে তাত থিয় হৈ আছিল। মই সেই মুহূৰ্তটো কেতিয়াও পাহৰিব নোৱাৰোঁ।"
ইনষ্টাগ্ৰাম ভিডিঅ'ৰ পৰা পূৰ্ণকালীন পেছালৈ
একাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়তেই মহছিনে ইনষ্টাগ্ৰামৰ বাবে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিল। অতি সোনকালেই তেওঁৰ কণ্টেণ্টে জনপ্ৰিয়তা লাভ কৰিলে আৰু তেওঁৰ ইনষ্টাগ্ৰাম ফ'ল'ৱাৰৰ সংখ্যা ১০,০০০ অতিক্ৰম কৰিলে। মানুহৰ সঁহাৰি পাই উৎসাহিত হৈ তেওঁ ডিজিটেল কণ্টেণ্ট ক্ৰিয়েচনক এক পূৰ্ণকালীন পেছা হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। আজি ইনষ্টাগ্ৰামত তেওঁৰ লাখ লাখ ফ'ল'ৱাৰ আছে আৰু ইউটিউবত ৩০,০০০-তকৈও অধিক ছাবস্ক্ৰাইবাৰ আছে।
মহাৰাষ্ট্ৰৰ গণেশোৎসৱ
যদিও মহছিনে মনোৰঞ্জক আৰু ধেমেলীয়া কণ্টেণ্ট সৃষ্টি কৰে, তথাপি সামাজিক বিষয়ৰ ওপৰত নিৰ্মিত তেওঁৰ ভিডিঅ'সমূহে দৰ্শকৰ মন বিশেষভাৱে স্পৰ্শ কৰিছে। তেওঁ ভিডিঅ'সমূহত দাক্ষিণী উপভাষাৰ ব্যৱহাৰে এক সুকীয়া আৰু আপোন সুৰ প্ৰদান কৰে।
যিমানেই তেওঁ নিজৰ চৌপাশৰ বিষয়ে অধিক নিৰীক্ষণ কৰিবলৈ ধৰিলে, মহছিনে এনে এটা কথা লক্ষ্য কৰিলে যিটো গণেশোৎসৱৰ জনপ্ৰিয় বৰ্ণনাত খুব কমেইহে প্ৰতিফলিত হৈছিল: সেয়া হ'ল গণপতি মণ্ডলসমূহত মুছলমান যুৱকসকলৰ সক্ৰিয় অংশগ্ৰহণ।
তেওঁ দেখিছিল যে মুছলমান যুৱকসকলে বৰঙণি সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি নিজৰ ঘৰৰ পৰা নৈবেদ্য অনালৈকে সকলো দিশতে মণ্ডলসমূহক সহায় কৰে। এই অভিজ্ঞতাই তেওঁৰ জনপ্ৰিয় ৰীল ছিৰিজ, 'যেতিয়া মুছলমানসকলে গণেশ চতুৰ্থী উদযাপন কৰে' (When Muslims Celebrate Ganesh Chaturthi)-ৰ অনুপ্ৰেৰণা যোগাইছিল।
এই ধাৰণাটোৱে কেনেকৈ ৰূপ লৈছিল তাৰ বৰ্ণনা দি মহছিনে কয়, "মোৰ প্ৰথম ভিডিঅ'টোৰ শিৰোনাম আছিল 'অমহাৰাষ্ট্ৰীয়ই মাৰাঠী কয়'। সেই ভিডিঅ'টোৱে মিলিয়ন মিলিয়ন ভিউজ লাভ কৰিছিল; মানুহে ইয়াক বহুত ভাল পাইছিল। মোৰ মাৰাঠী ভাষা সম্পূৰ্ণ সাৱলীল বা নিখুঁত নহয়। কিন্তু এজন মহাৰাষ্ট্ৰীয় হিচাপে, মই গৌৰৱেৰে মাৰাঠী কওঁ।"
তেওঁ লগতে কয়, "এই ভিডিঅ'টোৰ সঁহাৰিৰ পিছত, মই গণেশোৎসৱৰ ওপৰত ভিডিঅ' বনোৱাৰ সিদ্ধান্ত লৈছিলো। গণেশোৎসৱৰ সময়ছোৱাত, প্ৰতিটো মণ্ডলতে সদায় এজন নহয় এজন মুছলমান ল'ৰা থাকে যিয়ে নিজৰ মণ্ডলটোক সম্পূৰ্ণ অন্তৰেৰে সমৰ্থন কৰে। মই এই সকলোবোৰ নিজে অনুভৱ কৰিছোঁ। সেইবাবেই মই এই ৰীলৰ ধাৰণাটো সৃষ্টি কৰিলোঁ। মানুহে ইয়াক বহুত ভাল পালে আৰু তাত তেওঁলোকৰ মুছলমান বন্ধুবৰ্গক টেগ কৰিবলৈ আৰম্ভ কৰিলে।"
মাতৃৰ বহুমূলীয়া উপদেশ
মহছিনে কয় যে তেওঁৰ পৰিয়ালে সদায় তেওঁৰ কামক সমৰ্থন কৰি আহিছে। যেতিয়া তেওঁ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিল, তেওঁ প্ৰথমে মাককহে সেইবোৰ দেখুৱাইছিল।
তেওঁ স্মৰণ কৰে, "যেতিয়া মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলো, মই প্ৰথমে আম্মিক দেখুৱাইছিলো। আম্মিয়ে মোক মাত্ৰ এটা কথাই কৈছিল: 'মানুহৰ মাজত একতা দেখুৱাই তুমি ভাল কাম কৰিছা, এয়া বৰ সুন্দৰ। মাথোঁ সাৱধান হ'বা যাতে তোমাৰ কথা বা ভিডিঅ'ই কোনো জাতি, ধৰ্ম বা সম্প্ৰদায়ক অসন্মান নকৰে।"
এই উপদেশটোৱেই তেওঁৰ কণ্টেণ্ট নিৰ্মাণৰ মূল আধাৰ হৈ ৰৈছে।
মহছিনৰ বাবে, মণ্ডলৰ কামবোৰো বন্ধুত্ব আৰু সম্প্ৰদায়ৰ মাজত সমানেই শিপাই আছে।
তেওঁ কয়, "আমাৰ মণ্ডলৰ স্বেচ্ছাসেৱকসকল মোৰ শৈশৱৰ বন্ধু। তাত কোনো সৰু বা বৰ নহয়। কোন হিন্দু, কোন মুছলমান আৰু কোন নৱ-বৌদ্ধ... এইবোৰে কাৰো বাবে কোনো পাৰ্থক্য নানে। আমাৰ একমাত্ৰ প্ৰচেষ্টা এয়াই যে মণ্ডললৈ অহা প্ৰতিজন ব্যক্তিয়ে যাতে সুখ আৰু সন্তুষ্টিৰে ঘূৰি যায়।"
যিটো যুগত ছ’চিয়েল মিডিয়াই প্ৰায়ে বিভাজন বৃদ্ধি কৰে, সেই একেটা প্লেটফৰ্মকে ব্যৱহাৰ কৰি মহছিনে উমৈহতীয়া পৰম্পৰা, বন্ধুত্ব আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ দৈনন্দিন উদাহৰণসমূহ দাঙি ধৰিছে। মূৰত বগা টুপি পিন্ধি বাপ্পাৰ আগমনৰ প্ৰস্তুতিত সহায় কৰি থকা মহছিনৰ বাৰ্তা একেবাৰে সৰল: উৎসৱে মানুহক একত্ৰিত কৰিব পাৰে- আৰু ছ’চিয়েল মিডিয়াই এই বাৰ্তাক চুবুৰীৰ সীমা অতিক্ৰম কৰি বহুদূৰলৈ বিয়পাই দিয়াত সহায় কৰিব পাৰে।