আধুনিক শিক্ষাৰ নতুন দিশ প্ৰদৰ্শন কৰিছে খানকাহ ৰহমানীয়ে

Story by  atv | Posted by  Munni Begum • 16 h ago
 খানকাহ ৰহমানী
খানকাহ ৰহমানী
 
মাহফুজ আলম / পাটনা
 
যুগ যুগ ধৰি ভাৰত উপমহাদেশৰ খানকাহ আধ্যাত্মিক প্ৰশিক্ষণ, নৈতিক সংস্কাৰ আৰু সামাজিক সম্প্ৰীতিৰ অন্যতম কেন্দ্ৰ হিচাপে পৰিচিত হৈ আছে। এই প্ৰতিষ্ঠানসমূহে মানৱতা, মানৱসেৱা, ভাতৃত্ববোধ আৰু সহনশীলতাৰ বাৰ্তা বিয়পাই সমাজক শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। কিন্তু একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতিত খানকাহসমূহে নিজৰ আধ্যাত্মিক পৰম্পৰা অক্ষুণ্ণ ৰাখি শিক্ষা, দক্ষতা বিকাশ, নেতৃত্ব প্ৰশিক্ষণ আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ দৰে ক্ষেত্ৰতো অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে।   
 
বৰ্তমান সময়ত মুছলিম সমাজৰ সন্মুখত গুণগত শিক্ষা, পেছাদাৰী দক্ষতা, কৰ্মসংস্থাপন, আধুনিক প্ৰযুক্তিৰ সৈতে খাপ খুৱাই লোৱা আৰু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহত ফলপ্ৰসূ অংশগ্ৰহণৰ দৰে বহু গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আছে। এনে পৰিস্থিতিত যদি খানকাহসমূহে নিজৰ কৰ্মধাৰা কেৱল আধ্যাত্মিক সংস্কাৰতে সীমাবদ্ধ কৰি ৰাখে, তেন্তে তেওঁলোকৰ ঐতিহাসিক দায়িত্বৰ কেৱল এটা অংশহে পূৰণ কৰাৰ দৰে হ'ব। বৰ্তমান সময়ৰ দাবী হৈছে যুৱ প্ৰজন্মক আধুনিক শিক্ষা, বৈজ্ঞানিক মনোভাৱ, গৱেষণাৰ মানসিকতা, নেতৃত্বৰ গুণ আৰু ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ববোধেৰে গঢ়ি তোলা।
 
 
ক্ষেত্ৰত বিহাৰৰ মুংগেৰস্থিত খানকাহ ৰহমানী এক অনুকৰণীয় উদাহৰণ। ধৰ্মীয় শিক্ষাৰ সমান্তৰালভাৱে এই প্ৰতিষ্ঠানটোৱে আধুনিক শিক্ষাৰ প্ৰসাৰ, মেধাৱী অথচ আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীক দেশৰ শীৰ্ষ শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰ সুযোগ প্ৰদান আৰু তেওঁলোকক সন্মানজনকভাৱে ৰাষ্ট্ৰীয় মূলসুঁতিত প্ৰতিষ্ঠা কৰাৰ বাবে সুসংগঠিতভাৱে কাম কৰি আহিছে।  
 
বিশেষকৈ ‘ৰহমানী ৩০’ৰ দৰে উদ্যোগে প্ৰমাণ কৰিছে যে, উপযুক্ত দিশ-নিৰ্দেশনা, মানসম্পন্ন প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় সুযোগ-সুবিধা লাভ কৰিলে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীয়েও আই আই টি, এন আই টি, চিকিৎসা মহাবিদ্যালয়, চাৰ্টাৰ্ড একাউণ্টেন্সি আদি সন্মানজনক ক্ষেত্ৰত অসাধাৰণ সফলতা অৰ্জন কৰিব পাৰে। আজিৰ দিনত খানকাহ ৰহমানীৰ এই শিক্ষা, আধ্যাত্মিক পথপ্ৰদৰ্শন আৰু সমাজ সংস্কাৰৰ অভিযান মুংগেৰৰ সীমা অতিক্ৰম কৰি পাটনালৈকে বিস্তৃত হৈ আছে।  
 
এজন দূৰদৰ্শী মনীষীৰ সপোনৰ বাস্তৱ ৰূপ: মৌলানা মহম্মদ আলী মুংগেৰী
 
১৯০১ চনত বিশিষ্ট ইছলামী পণ্ডিত, সমাজ সংস্কাৰক, চিন্তাবিদ আৰু দাৰুল উলুম নদৱাতুল উলামাৰ অন্যতম প্ৰতিষ্ঠাপক হজৰত মৌলানা মহম্মদ আলী মুংগেৰীয়ে খানকাহ ৰহমানী প্ৰতিষ্ঠা কৰিছিল। তেওঁ মুংগেৰক নিজৰ শিক্ষা আৰু সমাজ সংস্কাৰৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তুলি, জনসাধাৰণৰ ধৰ্মীয়, নৈতিক আৰু আধ্যাত্মিক বিকাশৰ উদ্দেশ্যে এক সুদূৰপ্ৰসাৰী আন্দোলনৰ সূচনা কৰিছিল। সেই আন্দোলনৰ ইতিবাচক প্ৰভাৱ আজিও অনুভৱ কৰা যায়।
 
মৌলানা মহম্মদ আলী মুংগেৰী এনে এজন দূৰদৰ্শী আলিম আছিল, যিয়ে সমাজ সংস্কাৰক কেৱল ভাষণ বা উপদেশতে সীমাবদ্ধ কৰি নাৰাখি শিক্ষা, চৰিত্ৰ গঠন আৰু বৌদ্ধিক জাগৰণৰ সৈতে সংযুক্ত কৰিছিল। তেওঁ সাম্প্ৰদায়িক মতবিৰোধ, অনাৱশ্যক বিতৰ্ক আৰু মতাদৰ্শগত সংঘাতৰ বিৰোধিতা কৰি মুছলিম সমাজৰ মাজত ঐক্য, সংযম, পাৰস্পৰিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।
 
মৌলানা আহমদ ৱালী ফৈছাল ৰহমানী, মৌলানা মহম্মদ ৱালী ৰহমানী, মৌলানা মিন্নাতুল্লাহ ৰহমানী
 
আন বহুজনৰ আগতেই তেওঁ উপলব্ধি কৰিছিল যে, সমাজৰ উন্নতিৰ বাবে কেৱল ধৰ্মীয় জ্ঞানেই যথেষ্ট নহয়; ইয়াৰ লগতে আধুনিক জ্ঞান-বিজ্ঞানৰ শিক্ষাও সমানে প্ৰয়োজনীয়। সেইবাবেই ইংৰাজী শিক্ষাৰ প্ৰতি তীব্ৰ বিৰোধিতা চলি থকা সময়তো তেওঁ দূৰদৰ্শিতাৰে ইয়াক সমৰ্থন জনাই যুগৰ প্ৰয়োজন অনুসৰি আধুনিক শিক্ষা গ্ৰহণ কৰিবলৈ মুছলিম সমাজক উৎসাহিত কৰিছিল। পৰৱৰ্তী সময়ত এই উদাৰ আৰু সুদূৰপ্ৰসাৰী দৃষ্টিভংগীয়েই খানকাহ ৰহমানীৰ শিক্ষা আৰু সমাজ সংস্কাৰৰ ঐতিহ্যৰ ভেটি সুদৃঢ় কৰি তুলিছে।
 
মৌলানা মিন্নাতুল্লাহ ৰহমানীৰ সোণালী যুগ  
 
হজৰত মৌলানা মহম্মদ আলী মুংগেৰীৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ হজৰত মৌলানা মিন্নাতুল্লাহ ৰহমানীয়ে খানকাহ ৰহমানীৰ সাজ্জাদা নাছিন হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁৰ দূৰদৰ্শী নেতৃত্বত খানকাহে শিক্ষা, ধৰ্মীয় সেৱা আৰু সমাজকল্যাণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধন কৰে। সেই সময়ছোৱাক খানকাহ ৰহমানীৰ ইতিহাসৰ এক সোণালী যুগ বুলি গণ্য কৰা হয়।
 
তেওঁ স্থায়ী শৈক্ষিক শ্ৰেণী আৰম্ভ কৰা, পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতি অধিক সুসংগঠিত কৰা, লগতে ধৰ্মীয় শিক্ষাৰ সমান্তৰালভাৱে নৈতিক শিক্ষা আৰু চৰিত্ৰ গঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি জামিয়া ৰহমানীক এক সুসংগঠিত শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলে। তেওঁৰ সঠিক দিশ-নিৰ্দেশনাত জামিয়া ৰহমানীয়ে দেশৰ অন্যতম বিশিষ্ট ইছলামী শিক্ষানুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰে।
 
সমাজ সংস্কাৰৰ ক্ষেত্ৰতো তেওঁৰ অৱদান সমানে উল্লেখযোগ্য। মুংগেৰ আৰু ইয়াৰ আশে-পাশে ধৰ্মীয় সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে তেওঁ বিভিন্ন সমাজ সংস্কাৰমূলক কাৰ্যসূচী আৰম্ভ কৰিছিল। বিশেষকৈ ৰমজান মাহত জামিয়া ৰহমানীৰ হাফিজসকলক বিভিন্ন মছজিদলৈ তাৰাৱীহ নামাজ পৰিচালনাৰ বাবে নিয়মীয়াকৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ ফলত কেৱল কোৰাণ পাঠ কৰাৰ পৰম্পৰাই অধিক শক্তিশালী হোৱা নাছিল, বৰং সমগ্ৰ অঞ্চলটোতে ধৰ্মীয় সচেতনতা আৰু আধ্যাত্মিক অনুৰাগো অধিক গভীৰ হৈ পৰিছিল।
 
মৌলানা মহম্মদ ৱালী ৰহমানী আৰু আধুনিক পদক্ষেপ 
 
১৯৯১ চনত হজৰত মৌলানা মিন্নাতুল্লাহ ৰহমানীৰ মৃত্যুৰ পিছত হজৰত মৌলানা মহম্মদ ৱালী ৰহমানীয়ে সাজ্জাদা নাছিন হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ কেৱল পিতৃৰ শিক্ষা আৰু সমাজ সংস্কাৰৰ অভিযানে আগুৱাই নি নাথাকিল, বৰং আধুনিক যুগৰ প্ৰয়োজন অনুসৰি ইয়াক অধিক বিস্তৃত আৰু সময়োপযোগী ৰূপ প্ৰদান কৰিছিল। 
 
২০০৩ চনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশিষ্ট বিজ্ঞানী ড০ এ পি জে আব্দুল কালামে মুংগেৰস্থিত খানকাহ ৰহমানী ভ্ৰমণৰ এক মূহুৰ্ত
 
তেওঁৰ নেতৃত্বত শিক্ষা, সমাজকল্যাণ, জনসেৱা আৰু বৌদ্ধিক জাগৰণৰ ক্ষেত্ৰত একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়, যাৰ ইতিবাচক প্ৰভাৱ দেশৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰ লাভ কৰে।
 
মৌলানা মহম্মদ ৱালী ৰহমানীৰ বিশ্বাস আছিল যে, এগৰাকী শিক্ষাৰ্থীৰ সফলতা কেৱল শৈক্ষিক কৃতিত্বতে সীমাবদ্ধ থাকিব নালাগে, বৰং ই তেওঁলোকক উত্তম চৰিত্ৰ, নৈতিক মূল্যবোধ আৰু সমাজসেৱাৰ মনোভাৱেৰে সমৃদ্ধ সৰ্বাংগীন ব্যক্তিত্ব হিচাপে গঢ়ি তোলাটোও সমানে গুৰুত্বপূৰ্ণ। এই আদৰ্শক সন্মুখত ৰাখি জামিয়া ৰহমানীয়ে নিজৰ শিক্ষা ব্যৱস্থাত সুন্দৰ হস্তলিপি (কেলিগ্ৰাফী), পঢ়াৰ অভ্যাস, নেতৃত্ব বিকাশ, ৰাজহুৱা ভাষণ, লেখনী দক্ষতা আৰু সমসাময়িক বিষয়সমূহৰ বিষয়ে সচেতনতা আদি অন্তৰ্ভুক্ত কৰে।
 
বৰ্তমানৰ নেতৃত্ব আৰু শিক্ষাৰ দৃষ্টিভংগী
 
২০২১ চনত বিশিষ্ট ইছলামী পণ্ডিত, চিন্তাবিদ আৰু খানকাহ ৰহমানীৰ সাজ্জাদা নাছিন হজৰত মৌলানা মহম্মদ ৱালী ৰহমানীৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ মৌলানা আহমদ ৱালী ফৈছাল ৰহমানীয়ে সাজ্জাদা নাছিনৰ দায়িত্ব গ্ৰহণ কৰে। 
 
১৯৭৫ চনৰ ১২ মে'ত জন্মগ্ৰহণ কৰা মৌলানা আহমদ ৱালী ফৈছাল ৰহমানীয়ে পৰিয়ালৰ বিশিষ্ট আলিম আৰু আধ্যাত্মিক পথপ্ৰদৰ্শকসকলৰ তত্ত্বাৱধানত প্ৰাথমিক ধৰ্মীয় আৰু আধুনিক শিক্ষা লাভ কৰে। তেওঁলোকৰ পৰাই তেওঁ গভীৰ জ্ঞান, ধৰ্মীয় দৃষ্টিভংগী আৰু নেতৃত্বৰ সমৃদ্ধ পৰম্পৰা উত্তৰাধিকাৰসূত্ৰে লাভ কৰে।
 
খানকাহৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁ শিক্ষা, বৌদ্ধিক বিকাশ আৰু গৱেষণামূলক কাৰ্যকলাপক অধিক বিস্তৃত কৰাৰ উদ্দেশ্যে একাধিক নতুন পদক্ষেপ গ্ৰহণ কৰে। তেওঁৰ মতে, ঈমান সংৰক্ষণৰ পিছতেই মুছলিম সমাজৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন হৈছে গুণগত শিক্ষাৰ প্ৰসাৰ। বিভিন্ন সময়ত তেওঁ এই কথা উল্লেখ কৰিছে যে, শিক্ষা হৈছে সেই মৌলিক শক্তি, যিয়ে ব্যক্তি আৰু জাতি উভয়কেই উন্নত, আত্মবিশ্বাস আৰু সন্মানজনক ভৱিষ্যতৰ দিশে আগুৱাই নিয়ে। সেই উদ্দেশ্যৰে যুৱ প্ৰজন্মৰ মাজত শিক্ষাৰ প্ৰতি আগ্ৰহ, বৌদ্ধিক স্থিৰতা আৰু উন্নত চৰিত্ৰ গঢ়ি তোলাত বিশেষ গুৰুত্ব দিয়া হৈছে।  
 
প্ৰতিনিধিত্বমূলক ছবি
 
উল্লেখযোগ্য যে, ২০০৩ চনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশিষ্ট বিজ্ঞানী ড০ এ পি জে আব্দুল কালামে মুংগেৰস্থিত খানকাহ ৰহমানী ভ্ৰমণ কৰিছিল। ভ্ৰমণকালত তেওঁ খানকাহখনৰ আধ্যাত্মিক পৰিৱেশ, শিক্ষা কাৰ্যসূচী আৰু সমাজসেৱামূলক কাম-কাজ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি ইয়াৰ প্ৰচেষ্টাৰ উচ্চ প্ৰশংসা কৰিছিল। 
 
ৰহমানীৰ প্ৰধান শিক্ষানুষ্ঠান আৰু সমাজসেৱামূলক প্ৰতিষ্ঠানসমূহ
 
ৰহমানী মিছন: মেধাৱী যুৱ-যুৱতীসকলক সঠিক দিশ-নিৰ্দেশনা প্ৰদান, উচ্চ শিক্ষাৰ সুযোগ সৃষ্টি আৰু সমাজৰ শিক্ষাগত উন্নয়নত অৰিহণা যোগোৱাৰ লক্ষ্যৰে শিক্ষা, সমাজকল্যাণ আৰু জনহিতকৰ বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ।
 
ৰহমানী ফাউণ্ডেচন: সমাজৰ আৰ্থিকভাৱে পিছপৰা আৰু সুবিধাবঞ্চিত লোকসকলৰ সহায়ৰ উদ্দেশ্যে কল্যাণমূলক, সামাজিক, শিক্ষামূলক আৰু জনসেৱামূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা এক সমাজসেৱামুখী সংস্থা।
 
ৰহমানী স্কুল অৱ এক্সেলেন্স: আধুনিক আৰু গুণগত শিক্ষা প্ৰদানৰ লগতে চৰিত্ৰ গঠন, নৈতিক বিকাশ আৰু নেতৃত্বৰ গুণ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা এখন শিক্ষানুষ্ঠান।
 
খানকাহ ৰহমানী: ১৯০১ চনত প্ৰতিষ্ঠা হোৱা এই আধ্যাত্মিক আৰু সমাজ সংস্কাৰমূলক কেন্দ্ৰটোৱে আজিও আত্মশুদ্ধি, নৈতিক শিক্ষা, ইছলামী আদৰ্শৰ প্ৰচাৰ, বাইআত আৰু সমাজ সংস্কাৰ, লগতে মানৱসেৱাৰ কাম অব্যাহত ৰাখিছে। 
 
জামিয়া ৰহমানী: ফিকহ, হাদিছ, তাফছীৰ, আৰবী ভাষা আদি ইছলামী জ্ঞানৰ উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে সমৰ্পিত দেশৰ অন্যতম খ্যাতিসম্পন্ন ইছলামী শিক্ষানুষ্ঠান। এই প্ৰতিষ্ঠানটোৱে ভৱিষ্যতৰ আলিম, গৱেষক আৰু ধৰ্মীয় নেতৃত্ব গঢ়ি তোলাৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সফলতাৰ লক্ষ্যৰে শতাধিক শিক্ষাৰ্থীৰ প্ৰস্তুতি
 
‘ছুপাৰ–৩০’ৰ আদৰ্শ অনুসৰি গঢ়ি তোলা ৰহমানী ৩০-এ বৰ্তমান শতাধিক শিক্ষাৰ্থীক মানসম্পন্ন প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। আই আই টি প্ৰৱেশ পৰীক্ষাৰ উপৰি  এন আই টি, চাৰ্টাৰ্ড একাউণ্টেন্সি (CA) আৰু আন বহু সন্মানজনক পেছাদাৰী পাঠ্যক্ৰমৰ বাবেও ইয়াত প্ৰশিক্ষণ দিয়া হয়। প্ৰতিবছৰে এই কাৰ্যসূচীৰ জৰিয়তে বহু শিক্ষাৰ্থীয়ে উল্লেখযোগ্য সফলতা লাভ কৰি আহিছে।
 
বৰ্তমান ৰহমানী ৩০ৰ কাৰ্যকলাপ পাটনা, হায়দৰাবাদ, বেংগালুৰু, মহাৰাষ্ট্ৰ আৰু ঔৰংগাবাদলৈ বিস্তৃত। এই শিক্ষা কাৰ্যসূচীৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে দায়িত্ব পালন কৰি আছে মৌলানা মহম্মদ ৱালী ৰহমানীৰ পুত্ৰ ফাহাদ ৰহমানীয়ে। 
 
ফাহাদ ৰহমানীৰ মতে, এই প্ৰতিষ্ঠানৰ মূল লক্ষ্য হৈছে সমাজত যোগ্য নেতৃত্ব গঢ়ি তোলা। আগন্তুক বছৰসমূহত এই অভিযান অধিক গতিশীল কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। তেওঁ জানিবলৈ দিয়ে যে, ভাৰতৰ প্ৰতিখন ৰাজ্যতে ৰহমানী ৩০ৰ কেন্দ্ৰ স্থাপনৰ লক্ষ্যৰে কাম চলি আছে। ইতিমধ্যে এই দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু এতিয়ালৈকে লাভ কৰা সফলতাই তেওঁলোকক অধিক উৎসাহিত কৰিছে। সেইবাবেই আগন্তুক দিনত আৰু অধিক সংখ্যক মেধাৱী আৰু যোগ্য শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ সুযোগ প্ৰদানৰ বাবে তেওঁলোকে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।
 
সমাজত যোগ্য নেতৃত্ব গঢ়ি তোলাই প্ৰতিষ্ঠানটোৰ মূল লক্ষ্য 
 
শিক্ষা কাৰ্যসূচীৰ তত্ত্বাৱধানত থকা ফাহাদ ৰহমানীয়ে কয় যে, ভাৰতত প্ৰায় এক লাখ আই আই টি আসন আছে, যাৰ বাবে চৰকাৰে বিপুল পৰিমাণৰ ব্যয় বহন কৰে। কিন্তু এই আসনসমূহৰ ভিতৰত মুছলিম শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় দুই হাজাৰৰ আশে-পাশেহে সীমাবদ্ধ। তেওঁৰ মতে, এই সংখ্যা কমেও ১৫ হাজাৰৰ ওপৰলৈ বৃদ্ধি পাব লাগে। 
 
তেওঁৰ মতে, আই আই টি কেৱল এখন শিক্ষানুষ্ঠান নহয়; ই বিশ্বমানৰ নেতৃত্ব গঢ়ি তোলাৰ এক শক্তিশালী ব্যৱস্থা। গুগল, মাইক্ৰ'ছফ্টকে ধৰি বহু শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকল (CEO) এই ধৰণৰ প্ৰতিষ্ঠানৰ পৰাই ওলাই আহিছে। সেয়েহে মুছলিম শিক্ষাৰ্থীসকলক এই মূলসুঁতিৰ সৈতে অধিক সংযুক্ত কৰাটো ৰহমানী ৩০ৰ অন্যতম মুখ্য লক্ষ্য। 
 
ৰহমানী ৩০ৰ শিক্ষাৰ্থীসকল
 
ফাহাদ ৰহমানীয়ে লগতে কয় যে, আল্লাহৰ অসীম কৃপা আৰু আশীৰ্বাদত ৰহমানী ৩০ৰ ফলাফল যথেষ্ট উৎসাহব্যঞ্জক হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে, আগন্তুক সময়ত আৰু অধিক সংখ্যক মেধাৱী শিক্ষাৰ্থীক আই আই টি, এন আই টি, চাৰ্টাৰ্ড একাউণ্টেন্সি আদি সন্মানজনক শিক্ষানুষ্ঠানত প্ৰৱেশৰ সুযোগ সৃষ্টি কৰি তেওঁলোকৰ সপোন পূৰণত প্ৰতিষ্ঠানটোৱে অধিক ফলপ্ৰসূ ভূমিকা পালন কৰিব।