নিকুঞ্জ নাথ / গুৱাহাটী
সংগীতৰ কোনো মৃত্যু নাই আৰু যিজন শিল্পীয়ে নিজৰ কণ্ঠৰে এখন সমাজৰ আৱেগ, আশা আৰু সংগ্ৰামক প্ৰতিনিধিত্ব কৰে, তেওঁ চিৰযুগমীয়া। অসম আৰু অসমীয়াৰ বাবে জুবিন গাৰ্গ কেৱল এজন শিল্পী বা এটা নাম নহয়; তেওঁ বুকুৰ স্পন্দন, প্ৰতিবাদৰ এক নিৰ্ভীক স্ফুলিংগ আৰু প্ৰেমৰ জীৱন্ত দলিল। আজিৰ এই বিশেষ দিনটোত অসমৰ আকাশ-বতাহ যেন গধুৰ হৈ পৰিছে। বুকুত এক অবুজ যন্ত্ৰণা লৈ আজি সমগ্ৰ অসমবাসীয়ে সুঁৱৰিছে প্ৰাণৰ শিল্পীজনক।
‘’উভতি চোৱা ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজুটি খোৱা উচুপনিবোৰে
ছবি হৈ হৈ ক’বহি কাহিনী...’’
এই গীতফাঁকিয়ে যেন মানৱ জীৱনৰ ক্ষণস্থায়ী ৰূপটোকে অতি নিভাঁজকৈ দাঙি ধৰিছে। জীৱনৰ যাত্ৰাপথত আমি সকলো এদিন ধূলি হৈ মিলি যাম আৰু ৰৈ যাব কেৱল আমাৰ স্মৃতিবোৰ। জুবিন গাৰ্গৰ ক্ষেত্ৰতো আজি সেয়াই সঁচা প্ৰমাণিত হ'ল। তেওঁ আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ অনুপস্থিতিত অনুৰাগীসকলে মৰা উচুপনিবোৰে আজি ছবি হৈ তেওঁৰেই কাহিনী শুনাই আছে।
মঞ্চত গীত পৰিবেশন কৰি থকা মুহূৰ্তত জুবিন গাৰ্গ
সময়ৰ সোঁতত এটা সম্পূৰ্ণ বছৰ পাৰ হৈ গ'ল, কিন্তু অসমীয়াৰ বুকুৰ শূন্যতা আজিও পূৰণ হোৱা নাই। অসমৰ প্ৰাণৰ শিল্পী, সকলোৰে মৰমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন এইটো এটা সম্পূৰ্ণ বছৰ। যাৰ কণ্ঠত আছিল অসীম আৱেগ, ভালপোৱাৰ উম আৰু প্ৰতিবাদৰ ভাষা; যাৰ সুৱদি কণ্ঠ সেউজীয়া পথাৰৰ পৰা বিহুতলীলৈকে বিস্তৃত আছিল, সেই সেউজীয়া কণ্ঠ আজি চিৰদিনৰ বাবে স্তব্ধ। আপোনজনক হেৰুওৱাৰ দুখ, অব্যক্ত যন্ত্ৰণা আৰু লক্ষ লক্ষ অনুৰাগীৰ হা-হুমুনিয়াহৰ মাজেৰে পাৰ হ’ল এই সুদীৰ্ঘ ৩৬৫ দিন।
জুবিন গাৰ্গ নামৰ সত্তাটো অসম আৰু অসমীয়াৰ এক জীৱন্ত আৱেগ। তেওঁৰ গীতত আছে মাটিৰ সুবাস, সমাজৰ প্ৰতি দায়বদ্ধতা, বিদ্ৰোহৰ সুৰ আৰু প্ৰেমৰ উন্মাদনা। সকলো শ্ৰেণীৰ মানুহক একতাৰ ডোলেৰে বান্ধি ৰাখিব পৰা এই যাদুকৰী কণ্ঠশিল্পীগৰাকীৰ অনুপস্থিতি আজি প্ৰতিটো ক্ষণতে অনুভৱ কৰিছে অসমবাসীয়ে। বানপানীৰ সময়ত ৰাইজৰ কাষত থিয় দিয়া জুবিন, অন্যায়ৰ বিৰুদ্ধে সদায় মাত মতা জুবিন- আজি কেৱল এক সোণালী স্মৃতি। তেওঁৰ কালজয়ী কণ্ঠৰ প্ৰতিধ্বনিত হৈ ৰয় সেই চিৰপৰিচিত পংক্তিবোৰ-
''মন হেৰুওৱাৰ মন বিচৰাৰ
শেষ হ’ব ক’ত এই যাত্ৰাৰ
অশ্ৰুতো ধুমুহা, হাঁহিতো ধুমুহা...’’
হয়, জীৱনৰ যাত্ৰা ক'ত শেষ হ'ব, সেই চিৰন্তন প্ৰশ্নটোৱে আজি সকলোকে বাৰুকৈয়ে জগাই তুলিছে। তেওঁৰ এই সাংগীতিক আৰু বাস্তৱিক যাত্ৰা ইমান সোনকালে আৰু ইমান অকালতে শেষ হ'ব বুলি কোনেও ভবা নাছিল। তেওঁৰ গীতৰ দৰেই আজি অসমবাসীৰ চকুপানীত এক ধুমুহাৰ সৃষ্টি হৈছে, যি ধুমুহাই সকলোৰে মন তচনচ কৰি পেলাইছে।
কৈশোৰ কালৰ জুবিন গাৰ্গ
তেওঁৰ গীত আছিল অন্যায়ৰ বিৰুদ্ধে এক বজ্ৰকণ্ঠ। শব্দৰ শক্তিৰে সমাজ সলনি কৰিব বিচৰা, ৰাইজৰ হকে মাত মতা মানুহজনৰ কণ্ঠ আজি চিৰদিনৰ বাবে নিস্তব্ধ।
''শব্দ যদি প্ৰেৰণা হয়
শব্দ যদি শকতি হয়
শব্দ আজি কিয় শংকিত
শব্দ যদি বৰ্ণবৃক্ষ
শব্দ যদি চিৰশুদ্ধ
শব্দ আজি কিয় শংকুচিত...’’
অসমৰ সীমা অতিক্ৰম কৰি জুবিন গাৰ্গে বলিউড আৰু বঙালী সংগীত জগততো এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ২০০৬ চনত 'গেংষ্টাৰ' ছবিত গোৱা "য়া আলী" গীতটোৱে সমগ্ৰ দেশজুৰি এক আলোড়নৰ সৃষ্টি কৰিছিল আৰু তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উপৰি 'Krrish 3’ ছবিৰ "দিল তু হী বতা" আৰু 'পিয়াৰ কে ছাইড ইফেক্টছ'ৰ "জানে ক্যা চাহে মন" আদি বলিউডৰ বহু গীতৰ জৰিয়তে তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিছিল। আনহাতে, বঙালী সংগীত জগততো তেওঁ আছিল এক অন্যতম জনপ্ৰিয় নাম। "মন মানে না", "বধুৱা", "মাঝি ৰে" আৰু "বোঝে না সে বোঝে না" আদি অগণন ছুপাৰহিট গীতেৰে তেওঁ বংগবাসীৰ হৃদয়তো চিৰস্থায়ী আসন গঢ়ি থৈ গৈছে। তেওঁৰ এই অৱদানে অসম আৰু পশ্চিমবংগৰ সাংস্কৃতিক জগতৰ মাজত এক সুন্দৰ সাঁকো গঢ়ি তুলিছিল।
জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়া দৃশ্য
তেওঁৰ 'মায়াবিনী’ গীতটো আজি প্ৰতিজন অনুৰাগীৰ বাবে এক প্ৰাৰ্থনা সংগীতলৈ ৰূপান্তৰিত হৈছে। নিশাৰ নিস্তব্ধতাত অনুৰাগীয়ে যেন আকাশৰ তৰাবোৰৰ মাজত তেওঁৰ ছবিখনহে বিচাৰি ফুৰে। তেওঁৰ অন্তৰস্পৰ্শী বহু গীতে আজি প্ৰতিজন অসমীয়াৰ মনত গভীৰ বিষাদৰ সৃষ্টি কৰে। 'মায়াবিনী’ তেওঁৰ অন্যতম জনপ্ৰিয় সৃষ্টি-
''মায়াবিনী ৰাতিৰ বুকুত
দেখা পালো তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত...’’
আজিও অসমবাসীৰ মনত সজীৱ হৈ আছে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ সেই ক'লা দিনটো। ছিংগাপুৰৰ পৰা অহা সেই দুঃসংবাদটোৱে মুহূৰ্তৰ ভিতৰতে সমগ্ৰ অসমক নিস্তব্ধ কৰি পেলাইছিল। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল- ছিংগাপুৰত প্ৰকৃততে কি ঘটিছিল সেইদিনা? কিদৰে অসমবাসীয়ে অকালতে হেৰুৱাবলগীয়া হ’ল তেওঁলোকৰ প্ৰাণৰ শিল্পীজনক? কাৰ ভুলৰ বাবে লক্ষ লক্ষ অনুৰাগীৰ বুকু আজি সুদা হ’ল?
এই প্ৰশ্নবোৰৰ উত্তৰ আজি এটা বছৰৰ পাছতো সম্পূৰ্ণৰূপে উন্মোচিত নহ’ল। সত্যৰ সন্ধানত অনুৰাগীয়ে হাহাকাৰ কৰিছে, কিন্তু ৰহস্যৰ আৱৰ্তত আজিও সোমাই আছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ। উদ্বেগ আৰু কৌতুহলৰ মাজেৰে পাৰ হৈ যোৱা এটা বছৰে কেৱল দি গ'ল অপেক্ষাৰ অন্তহীন বেদনা। সত্যৰ এই অপলাপ অসমীয়া সমাজৰ বাবে এক গভীৰ আক্ষেপৰ কাৰণ হৈ পৰিছে।
‘‘মুগ্ধ হিয়া মোৰ কোনে ছুই যায়?
মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়?
বুকুতে অগনি জ্বলাই
তেজ-মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই
বুকুতে যে জুই বিয়পাই
তেজ-মঙহৰে পৃথিৱী নেওচি
জ্বলি জ্বলি ৰ'ল মাথোঁ ছাই...’’
এই গীতটোৱে বৰ্ণনা কৰা বুকুৰ জুইকুৰা আজি প্ৰতিজন অসমীয়াৰ বুকুত দপদপকৈ জ্বলিছে। তেওঁৰ অকাল মৃত্যুৱে সমগ্ৰ অসমবাসীক শোকৰ সাগৰত পেলাই থৈ গ'ল। মৰম, আৱেগ, আশা— সকলো যেন আজি জ্বলি জ্বলি ছাই হৈ গৈছে। তেওঁ দি যোৱা এই যন্ত্ৰণা কেতিয়াও উপশম নোহোৱা এক জুই হৈ অনুৰাগীৰ বুকুত ৰৈ গ'ল।
জুবিনৰ শেষ যাত্ৰা
আজি মৃত্যু বাৰ্ষিকীৰ এই শোকাকুল দিনটোত অনুৰাগীসকলৰ মাজত শোকৰ সমান্তৰালকৈ ক্ষোভৰো বহিঃপ্ৰকাশ ঘটিছে। ছিংগাপুৰৰ সেই অভিশপ্ত দিনটোৰ সত্য পোহৰলৈ আহিবই লাগিব বুলি অনুৰাগীসকলে দৃঢ় দাবী জনাইছে। তেওঁৰ অন্তিম শয়নৰ স্থলী সোণাপুৰৰ ‘জুবিন ক্ষেত্ৰ’ত পুৱাৰে পৰা জনসমুদ্ৰৰ সৃষ্টি হৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অহা অগণন অনুৰাগীয়ে চকুলো টুকিছে তেওঁলোকৰ মৰমৰ ‘জুবিন দা’ক সুঁৱৰি।
সমগ্ৰ সোণাপুৰ আজি এক আৱেগিক সাগৰত পৰিণত হৈছে। বৃদ্ধৰ পৰা আৰম্ভ কৰি নৱপ্ৰজন্মলৈকে- সকলো আহি গোট খাইছেহি কেৱলমাত্ৰ তেওঁলোকৰ প্ৰিয় শিল্পীক শ্ৰদ্ধা জনাবলৈ। জুবিন গাৰ্গ হয়তো আজি সশৰীৰে আমাৰ মাজত নাই, কিন্তু তেওঁৰ সৃষ্টিকৰ্ম আৰু তেওঁৰ প্ৰতি থকা মানুহৰ এই নিঃস্বাৰ্থ ভালপোৱাই তেওঁক অসমীয়াৰ বুকুত চিৰদিনৰ বাবে অমৰ কৰি ৰাখিব।