অনিকা মহেশ্বৰী / নতুন দিল্লী
"মই মোৰ পৰিয়ালৰ প্ৰথমটো সন্তান আছিলো যি স্কুলৰ মজিয়া গচকিছিল। মোৰ পিতৃ পেছাত এজন খেতিয়ক। নিজৰ জীৱনৰ সংগ্ৰাম আৰু অভিজ্ঞতাৰ পৰাই মই সংকল্প লৈছিলো যে কোনো শিশুৱেই শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হ'ব নালাগে।" - এই মন্তব্য কাশ্মীৰৰ উপত্যকাত সমাজ সেৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা যুৱক কিফায়তুল্লাহ মালিকৰ। ২০২১-২২ বৰ্ষত ৰাষ্ট্ৰীয় সমাজ সেৱাৰ বাবে সন্মানীয় 'ৰাষ্ট্ৰপতি বঁটা'ৰে বিভূষিত কিফায়তুল্লাহ এতিয়া কেৱল এটা নামেই নহয়, তেওঁ কাশ্মীৰৰ পাহাৰীয়া অঞ্চলৰ দুখীয়া-নিচলা শিশুসকলৰ বাবে এক আশাৰ ৰেঙনি।
বান্দিপোৰাৰ এখন সৰু গাঁৱৰ পৰা অহা ২৫ বছৰীয়া কিফায়তুল্লাহ মালিকৰ আজি কোনো পৰিচয়ৰ প্ৰয়োজন নাই। এগৰাকী নিষ্ঠাৱান সমাজ কৰ্মী আৰু পৰ্বতাৰোহী হিচাপে তেওঁ শিক্ষা আৰু যুৱ সমাজৰ সৱলীকৰণৰ জৰিয়তে সমাজলৈ পৰিৱৰ্তন আনিবলৈ সম্পূৰ্ণৰূপে দায়বদ্ধ। ‘আৱাজ- দ্য ভইচ’ৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে তেওঁৰ মূল কাম হৈছে পাহাৰীয়া অঞ্চলত বসবাস কৰা শিশুসকলক বিদ্যালয়লৈ যাবলৈ অনুপ্ৰাণিত কৰা। ইয়াৰ উপৰি তেওঁ শিশুসকলক খেল-ধেমালিত অংশগ্ৰহণ কৰিবলৈকো উৎসাহিত কৰে, কিয়নো তেওঁৰ মূল লক্ষ্য হৈছে সমাজৰ পিছপৰা আৰু বঞ্চিত শিশুসকলৰ সৰ্বাংগীন উন্নতি সাধন কৰা।
বঁটা বিতৰণী অনুষ্ঠানত কিফায়াতুল্লাহ মালিক
সংগ্ৰামপূৰ্ণ শৈশৱ আৰু শিক্ষাৰ যাত্ৰা
কিফায়তুল্লাহে লাভিপোৰাৰ বয়জ মিডল স্কুলৰ পৰা নিজৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে আৰু পৰৱৰ্তী সময়ত শ্ৰীনগৰৰ অমৰ সিং মহাবিদ্যালয়ৰ পৰা সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা সমাজ কাৰ্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। নিজৰ ছাত্ৰ জীৱনৰ স্মৃতি ৰোমন্থন কৰি তেওঁ কয় যে তেওঁ সদায় দলীয় কাম-কাজত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ অতি কাষৰ পৰা দেখিছিল যে তেওঁৰ সৰহভাগ সহপাঠীয়েই আৰ্থিক অনাটন বা পাৰিবাৰিক বাধ্যবাধকতাৰ বাবে আধাতে স্কুল এৰিবলগীয়া হৈছিল। এই অভিজ্ঞতাবোৰেই তেওঁৰ মনত সমাজৰ বাবে কিবা এটা কৰাৰ বীজ সিঁচি দিছিল।
মহাবিদ্যালয়ত পঢ়ি থকা দিনবোৰতে তেওঁ আধাতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যে সমমনা যুৱক-যুৱতীসকলক লৈ এটা শক্তিশালী গোট গঠন কৰিছিল। ক্ৰাউড-ফাণ্ডিঙৰ জৰিয়তে নিজৰ এই অভিযানক আগুৱাই নিয়া কিফায়তুল্লাহে জীৱনত কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। যিহেতু তেওঁ বান্দিপোৰাৰ প্ৰথমগৰাকী পেছাদাৰী পৰ্বতাৰোহী, সেয়েহে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ট্ৰেকিং বা পাহাৰ বগাবলৈ নি সেই সময়খিনিতে তেওঁলোকক পৰামৰ্শ দিছিল আৰু পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল। প্ৰথম অৱস্থাত তেওঁ নিজৰ বন্ধু-বৰ্গৰ পৰা পুৰণি কিতাপ সংগ্ৰহ কৰি কিতাপ কিনিব নোৱাৰা দুখীয়া শিশুসকলৰ মাজত বিতৰণ কৰিছিল।
শীতকালীন কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কিফায়াতুল্লাহ মালিক
দুৰ্গম অঞ্চলত শিক্ষাৰ পোহৰঃ উইণ্টাৰ কমিউনিটী লাৰ্নিং চেণ্টাৰ
নিজৰ অভিযানৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে সদৰী কৰি কিফায়তুল্লাহে কয়, "শেহতীয়াকৈ আমি কিছুমান নতুন পদক্ষেপ হাতত লৈছো। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে ঈদৰ খাদ্য সামগ্ৰীৰ কিট বিতৰণ, য’ত আমি কাশ্মীৰৰ ছখন জিলাৰ ২০৫ টা পৰিয়ালৰ মাজত এই কিটসমূহ বিতৰণ কৰিছো। ইয়াৰ সমান্তৰালকৈ আমি হাতত লোৱা আটাইতকৈ ডাঙৰ পদক্ষেপটো আছিল 'উইণ্টাৰ কমিউনিটী লাৰ্নিং চেণ্টাৰ' অৰ্থাৎ শীতকালীন সামূহিক শিক্ষা কেন্দ্ৰ স্থাপন কৰা। আমি এনে তিনিটা অঞ্চলত এই শিক্ষাকেন্দ্ৰসমূহ স্থাপন কৰিছো, যিবিলাক অঞ্চল শীতকালত মূল ভূ-খণ্ডৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। এইবোৰ এনেকুৱা অঞ্চল য’ত শিশুসকলে ইয়াৰ পূৰ্বে কেতিয়াও শীতকালত টিউচন কৰি পোৱা নাছিল।"
তেওঁ লগতে কয় যে এই দীঘলীয়া ব্যৱধানটোৱেই শিশুসকলে আধাতে বিদ্যালয় এৰাৰ এক প্ৰধান কাৰণ হৈ পৰে, কিয়নো ৩-৪ মাহ ধৰি পঢ়া-শুনাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থকাৰ ফলত শিশুসকলে বিদ্যালয়লৈ যোৱা এৰি দিয়ে। এই সমস্যাটো মোকাবিলা কৰিবলৈ তেওঁ সম্পূৰ্ণ স্বেচ্ছামূলকভাৱে চান্দাজী, কেটছন আৰু ৰেশৱাৰীত তিনিটা টিউচন আৰু শীতকালীন সামূহিক শিক্ষা কেন্দ্ৰ স্থাপন কৰে। ইয়াৰ জৰিয়তে শীতকালতো ৪০০ শিশুৰ পঢ়া-শুনা নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখা হয়। স্থানীয় স্নাতকোত্তৰ বা স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলক স্বেচ্ছাসেৱক হিচাপে নিয়োজিত কৰা হৈছিল আৰু ‘ছানডে ফৰ ছ’চাইটি’ কাৰ্যসূচীৰ অধীনত বিভিন্ন একাডেমীৰ ব্যক্তিগত শিক্ষকসকলক জড়িত কৰাই শিশুসকলৰ যোগাযোগ দক্ষতা, নেতৃত্ব বহনৰ দক্ষতা, আন্তঃব্যক্তিগত আৰু ব্যক্তিত্ব বিকাশৰ দিশসমূহ উন্নত কৰাত গুৰুত্ব প্ৰদান কৰা হৈছিল।
এখন দুৰ্গম গাঁৱৰ শীতকালীন শিক্ষণ কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীৰ সৈতে কিফায়াতুল্লাহ মালিক
পাঠ্য-সামগ্ৰী বিতৰণৰ পৰা আৰম্ভ কৰি বিবাহৰ সাহায্য আৰু দক্ষতা বিকাশলৈ
শীতকালত পাহাৰীয়া আৰু জনজাতীয় সম্প্ৰদায়ৰ মাজত জীৱিকাৰ কোনো নিৰ্দিষ্ট উপায় নথকাৰ বাবে বহু পৰিয়ালৰ বাবে শিশুৰ পাঠ্য-সামগ্ৰী (Stationery)ৰ খৰচ বহন কৰাটো কঠিন হৈ পৰে, যাৰ ফলত উপায়হীন হৈ তেওঁলোকে পঢ়া-শুনা এৰি দিবলগীয়া হয়। এই ব্যৱধান দূৰ কৰিবলৈ কিফায়তুল্লাহৰ দলে বৰ্তমানলৈকে ৫৪০ গৰাকীৰো অধিক প্ৰয়োজনীয়তা থকা শিশুৰ হাতত পাঠ্য-সামগ্ৰী তুলি দিছে। ইয়াৰ উপৰি, তেওঁলোকে বিবাহৰ কিছুমান ক্ষেত্ৰতো পুঁজি সংগ্ৰহ কৰি দুখীয়া পৰিয়ালক সাহায্য প্ৰদান কৰিছে আৰু চিকিৎসা বিজ্ঞান বা নাৰ্ছিং পাঠ্যক্ৰম গ্ৰহণ কৰা মেধাৱী শিক্ষাৰ্থীৰ মাচুল আদায় দি তেওঁলোকৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰিছে।
গ্ৰাম্য মহিলা আৰু মহিলা উদ্যোগীসকলৰ বাবে তেওঁলোকে দক্ষতা বিকাশৰ সুযোগো প্ৰদান কৰিছে। দুৰ্গম জনজাতীয় অঞ্চলৰ মহিলা উদ্যোগীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ বজাৰীকৰণ আৰু প্ৰচাৰৰ কাম তেওঁলোকে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে কৰে, যাতে অন্য ছোৱালীসকলো অনুপ্ৰাণিত হৈ নিজৰ ভৰিত থিয় দিব পাৰে।
বিতৰণৰ বাবে কিতাপ আৰু ষ্টেচনাৰী লৈ যোৱা স্বেচ্ছাসেৱকৰ সৈতে কিফায়াতুল্লাহ মালিক
সজাগতা শিবিৰ আৰু বহুমুখী সমাজ সেৱা
কিফায়তুল্লাহে তেওঁৰ দলৰ সৈতে মিলি কেটছন, ডাখী, ডংগৰনাৰ আৰু চিনচাৰৰ দৰে অতি দুৰ্গম অঞ্চলসমূহত ব্যাপক সজাগতা শিবিৰৰ আয়োজন কৰিছে। এই অভিযানসমূহৰ জৰিয়তে তেওঁলোকে মহিলাৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা কৰে, তেওঁলোকক চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰে, পৰিৱেশ সংৰক্ষণৰ বাৰ্তা বিলাই দিয়ে আৰু ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুৱপ্ৰজন্মক সজাগ কৰে। তেওঁৰ এই নিস্বাৰ্থ যাত্ৰা আজি পৰিৱেশ সংৰক্ষণ, শিক্ষা, নিচামুক্তি, পৰ্যটনৰ বিকাশ আৰু মানৱীয় সাহায্যৰ দৰে একাধিক ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে। বৰ্তমান তেওঁ REACHA (Research and Extension Association for Conservation of Horticulture and Agro-forestry)-ৰ 'স্মাৰ্টপুৰ প্ৰজেক্ট'ৰ সৈতে জিলা সমন্বয়ক হিচাপে কাম কৰি আছে, যাৰ জৰিয়তে তেওঁ কাশ্মীৰৰ দুৰ্গম অঞ্চলসমূহত ডিজিটেল ব্যৱধান দূৰ কৰাৰ এক প্ৰশংসনীয় কাম হাতত লৈছে।
স্বীকৃতি আৰু এক অদম্য সংকল্পঃ সপোন বাস্তৱ হোৱাৰ দিশত
কিফায়তুল্লাহ মালিকৰ এই নিৰন্তৰ প্ৰচেষ্টা আৰু সমাজ সেৱাৰ প্ৰতি থকা অটল নিষ্ঠাই ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছিল, যেতিয়া দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁক সন্মানীয় 'ৰাষ্ট্ৰপতি বঁটা'ৰে সন্মানিত কৰিছিল। ইয়াৰ উপৰি তেওঁ জম্মু-কাশ্মীৰৰ সামাজিক বনানিকৰণ বিভাগৰ পৰা 'শ্ৰেষ্ঠ ফৰেষ্ট ফ্ৰেণ্ড বঁটা', 'এম্বেছেডৰ অফ হিউমেনিটী বঁটা ২০২৪' (যি সমগ্ৰ ভাৰতবৰ্ষৰ ১০ টা ভিন্ন ক্ষেত্ৰৰ ১০ গৰাকী ব্যক্তিক প্ৰদান কৰা হয়), সমাজ সেৱাৰ বাবে ২০২৪ বৰ্ষৰ বঁটা, 'গ্ল’বেল হিউমেন ৰাইটছ্ বঁটা' আৰু 'ADG ৰ এপ্প্ৰিচিয়েচন বঁটা ২০১৯' আদিৰ দৰে বহু সন্মানীয় স্বীকৃতি লাভ কৰিছে।
পৰিৱেশ সংৰক্ষণৰ সজাগতা অভিযানৰ সময়ত কিফায়াতুল্লাহ মালিক
কিফায়তুল্লাহে এক গভীৰ আত্মবিশ্বাসেৰে কয়, "যেতিয়া আপোনাৰ উদ্দেশ্য সৎ হয়, তেতিয়া সকলোৱে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহে।" এখন সুন্দৰ সমাজ গঢ়াৰ সপোন দেখা এই যুৱকজনে দৃঢ়তাৰে বিশ্বাস কৰে যে, "মই আধাতে বিদ্যালয় এৰা শিশুসকলৰ সমস্যাসমূহ বুজি তাৰ এক স্থায়ী সমাধান উলিয়াব বিচাৰো। আমাৰ দলৰ প্ৰতিগৰাকী সদস্যই এক অদম্য উৎসাহেৰে পৰিপূৰ্ণ। আমি বিশ্বাস কৰোঁ যে যুৱপ্ৰজন্মই হ’ল যিকোনো দেশৰ ভৱিষ্যত। যেতিয়া তেওঁলোকে নিজৰ চিন্তাধাৰা সলনি কৰিব আৰু নিজৰ জীৱনটোক এক সঠিক দিশলৈ লৈ যাব, তেতিয়াহে সমাজত প্ৰকৃত পৰিৱৰ্তন সম্ভৱ হ'ব।"
কিফায়তুল্লাহৰ এই যাত্ৰাই প্ৰমাণ কৰিছে যে কেৱল সদিচ্ছা আৰু কঠোৰ পৰিশ্ৰমৰ বলত এজন ব্যক্তিয়েও সমাজলৈ এক বিশাল পৰিৱৰ্তন আনিব পাৰে। তেওঁৰ কাহিনী কেৱল কাশ্মীৰৰ বাবেই নহয়, সমগ্ৰ দেশৰ যুৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ অমল উৎস।