মাদ্ৰাছাত জন্মদিন পালন কৰি সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ হিন্দু যুৱকৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
ব্যৱসায়ী সাগৰ দাসৰ মাদ্ৰাছাত জন্মদিন উদযাপনৰ এখন ছবি
ব্যৱসায়ী সাগৰ দাসৰ মাদ্ৰাছাত জন্মদিন উদযাপনৰ এখন ছবি
 
নুৰুল হক / আগৰতলা
 
ধৰ্মীয় বিভেদ পাহৰি সম্প্ৰীতি আৰু মানৱতাৰ এক অনন্য বাৰ্তা প্ৰদান কৰিলে বিশালগড়ৰ নাৰাউড়াৰ বাসিন্দা সাগৰ দাসে। নিজৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে মন্দিৰ, আশ্ৰম, বৃদ্ধাশ্ৰম অথবা বিদ্যালয়ত বিভিন্ন ধৰণে দিনটো পালন কৰি আহিলেও এইবাৰ তেওঁ সম্পূৰ্ণ পৃথক ধৰণে উদযাপন কৰিলে জন্মদিন।
 
ব্যৱসায়ী সাগৰ দাসে তেওঁৰ জন্মদিন উপলক্ষে বৃহস্পতিবাৰে পৰিয়ালসহ  বিশালগড় বাইপাছৰ সমীপত থকা জামিয়া মাদানিয়া দাৰুল উলুম বিশালগড় মাদ্ৰাছাত উপস্থিত হয়। তাত মাদ্ৰাছাৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁ জন্মদিনৰ আনন্দ উপভোগ কৰে। মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অধ্যক্ষৰ উপস্থিতিত সাগৰ দাস আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে মিঠাইসহ বিভিন্ন সামগ্ৰী বিতৰণ কৰে।
 
ব্যৱসায়ী সাগৰ দাসৰ মাদ্ৰাছাত জন্মদিন উদযাপনৰ এখন ছবি
 
সাগৰ দাসে কয় যে, সমাজত হিন্দু-মুছলমানৰ মাজত বিভাজনৰ পৰিৱৰ্তে পাৰস্পৰিক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় হোৱাটো প্ৰয়োজন। এই চিন্তাৰ বাবেও তেওঁ এইবাৰ মাদ্ৰাছাৰ শিশুসকলৰ সৈতে জন্মদিন পালন কৰাৰ সিদ্ধান্ত লোৱা বুলি তেওঁ জানিবলৈ দিয়ে।  
 
সাগৰ দাসৰ এই উদ্যোগত আনন্দ প্ৰকাশ কৰে মাদ্ৰাছাৰ অধ্যক্ষ মৌলানা আব্দুৰ ৰহমান চাহাবে। তেওঁৰ এই পদক্ষেপক সম্প্ৰীতি আৰু মানৱতাৰ এক সুন্দৰ নিদৰ্শন হিচাপে অভিহিত কৰি সমাজত পাৰস্পৰিক মৰম, সৌহাৰ্দ্য আৰু ভাতৃত্ববোধ অটুট ৰখাৰ বাৰ্তা আগবঢ়ায়।  
 
ব্যৱসায়ী সাগৰ দাসৰ মাদ্ৰাছাত জন্মদিন উদযাপনৰ এখন ছবি
 
জন্মদিনৰ আনন্দ কেৱল নিজৰ মাজতে সীমাবদ্ধ নাৰাখি সাগৰ দাসে আনৰ সৈতে ভাগ কৰি লোৱাৰ এই পদক্ষেপে সম্প্ৰীতিৰ এক সুন্দৰ ছবি দাঙি ধৰিছে। ধৰ্মৰ পৰিচয়ৰ উৰ্দ্ধত গৈ জনসাধাৰণৰ কাষত থিয় দিয়াৰ এই বাৰ্তা নিঃসন্দেহে সমাজৰ বাবে এক ইতিবাচক আদৰ্শ বুলি সচেতন মহলে প্ৰকাশ কৰিছে।