আৰিফুল ইছলাম/গুৱাহাটী
'মোৰ মনত ভেদ-ভাব নাই অ আল্লাহ, মোৰ মনত হীন-পৰ নাই অ আল্লাহ। হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান'। আজি আজান পীৰৰ দ্বাৰা ৰচিত এই জিকিৰেৰে মুখৰিত হ'ল সোণাপুৰস্থিত জুবিন ক্ষেত্ৰ। জিকিৰ শিল্পী আজিমুদ্দিন আহমেদৰ নেতৃত্বত বহু শিল্পীয়ে আজি এই জিকিৰেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হিয়াৰ আমঠু জুবিন গাৰ্গক। জিকিৰ শিল্পীসকলক সহযোগ কৰি একেলগে জিকিত পৰিবেশন কৰে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।
হিয়াৰ আমঠু জুবিন গাৰ্গ অবিহনে এটা বছৰ অতিক্ৰম কৰিলে অসমবাসীয়ে। তেওঁৰ মৃত্যুৰ প্ৰথম বাৰ্ষিকী হিচাপে আজিৰে পৰা তিনিদিনীয়াকৈ সোণাপুৰৰ জুবিনক্ষেত্ৰত ‘জুবিন দিৱস’ৰ আয়োজন কৰা হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা 'জুবিন দিৱস'ৰ আজি প্ৰথম দিনৰ এক অনুষ্ঠান আছিল জিকিৰ। হিন্দু-মুছলমান উভয় শিল্পীয়ে একেলগে জিকিৰ পৰিবেশন কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়।
ইফালে, অভিশপ্ত সেইদিনটোৰ এটা বছৰ পূৰ্ণ হোৱাৰ ক্ষণত হাৰ্টথ্ৰৱ জুবিন গাৰ্গক ৰোমন্থন কৰিবলৈ বিভিন্ন দল-সংগঠনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ সৰ্ববৃহৎ আৰু ঐতিহ্যমণ্ডিত ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা, চমুকৈ আছুৰ উদ্যোগত সমগ্ৰ অসমতে স্মৰণ কৰা হ'ব হিয়াৰ আমঠু জুবিন গাৰ্গক।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত অহা ১৯ ছেপ্টেম্বৰত ‘পোহৰৰে চাকিগছি’ শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই এই কথা সদৰী কৰে। তেওঁ সামাজিক মাধ্যমযোগে এক ভিডিঅ' বাৰ্তাত এই বিষয়ে উল্লেখ কৰে।
ভিডিঅ' বাৰ্তাটোত উৎপল শৰ্মাই কয়, "সৃষ্টিৰ পোহৰেৰে অগণন হৃদয় জয় কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত অহা ১৯ ছেপ্টেম্বৰত ‘পোহৰৰে চাকিগছি’ শীৰ্ষক এটি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিখন জিলা ছাত্ৰ সন্থাই স্থানীয় শিল্পী, ছাত্ৰ-ছাত্ৰী, বিশিষ্ট নাগৰিক আৰু ৰাইজক লগত লৈ জুবিন গাৰ্গৰ কালজয়ী গীত ‘মায়াবিনী’ পৰিৱেশন কৰিব।"
তেওঁ লগতে কয়, ‘‘ইয়াৰ লগতে বিভিন্ন ইতিবাচক আৰু সৃষ্টিশীল কাৰ্যসূচীৰে শিল্পীগৰাকীৰ চিন্তা, সৃষ্টি আৰু চেতনাক উদযাপন কৰা হ’ব। আনহাতে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হ’ব ‘পোহৰৰে চাকিগছি’ কাৰ্যসূচী।’’
শৰ্মাই জুবিনৰ ন্যায়ৰ প্ৰসংগ উল্লেখ কৰি কয়, ‘‘এটা বছৰ পাৰ হ'বলৈ হ'ল অসমৰ ৰাইজৰ মনত এটা প্ৰশ্ন অনবৰতে দোলা দি আছে, প্ৰাণৰ শিল্পীগৰাকীয়ে কেতিয়া ন্যায় পাব ? যেতিয়াৰ পৰা আদালতত দৈনন্দিন শুনানি আৰম্ভ হৈছে, ন্যায় প্ৰক্ৰিয়াটো সঠিকভাৱে আগবাঢ়িছে বুলি মানুহ কিছু আশ্বস্ত হৈছে। তেতিয়াৰে পৰা ৰাইজ ৰাজপথলৈ ওলাই অহা বন্ধ হৈছে।"
তেওঁ কয়,"কিন্তু প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত মানুহৰ অন্তৰত জ্বলি থকা জুই নিৰ্বাপিত হোৱা নাই। যেতিয়ালৈ দোষীয়ে কঠোৰ আইনী শাস্তি লাভ নকৰিব, তেতিয়ালৈ জুবিন গাৰ্গে ন্যায় পাইছে বুলি লক্ষ্য লক্ষ্য অনুৰাগী ৰাইজ আশ্বস্ত নহ'ব তেতিয়ালৈকে জুইকুৰা নিৰ্বাপিত নহয়। পুনৰবাৰ প্ৰাণৰ শিল্পীৰ ন্যায়ৰ দাবী উত্থাপন কৰিছোঁ।’’
শেষত উৎপল শৰ্মাই কয়, ‘‘এবছৰ পাৰ হৈ গ'ল এতিয়াৰ পৰি জুবিন গাৰ্গৰ সৃষ্টিৰাজী পৰিকল্পিত সংৰক্ষণ, নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ-প্ৰসাৰ, তেখেতৰ মানৱতাবাদী আদৰ্শ চিন্তা, অসম প্ৰেম, এইবোৰ নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই লৈ যোৱা এই যাত্ৰাটো পৰিকল্পিত ভাৱে আগবাঢ়িব লাগিব।’’ ইয়াৰ বাবে উদ্যোগ ল'বলৈ তেওঁ চৰকাৰক আহ্বান জনায়।
আনহাতে, ১৯ ছেপ্টেম্বৰৰ দিনটোত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ‘জুবিন দিৱস’ উদযাপন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে অসম সাহিত্য সভাই। লোকপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু তেওঁৰ ন্যায়ৰ দাবীৰে অসম সাহিত্য সভাৰ ৩৩ খন জিলা সভা আৰু প্ৰায় ১০০০ খন শাখা সাহিত্য সভাৰ জৰিয়তে এই দিৱস ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা হ’ব। তাৰোপৰি অসমৰ বাহিৰতো থকা শাখা সভাসমূহেও এই দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।
জুবিন ক্ষেত্ৰৰ দৃশ্য, জুবিন গাৰ্গলৈ অনুৰাগীৰ মৰম
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিযোগে জনাই যে, এইবাৰ জুবিন দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানটো মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু মৰিগাঁও শতদল শাখা সাহিত্য সভাৰ আতিথ্যত মৰিগাঁৱত অনুষ্ঠিত হ’ব।
আনহাতে, কেন্দ্ৰীয় কাৰ্যসূচী অনুসৰি পুৱা ৮:৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতাই। ইয়াৰ পাছতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু মহাত্মা গান্ধীৰ আৱক্ষমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হ’ব। পুৱা ১০:২৫ বজাত শ্বহীদ তৰ্পণ অনুষ্ঠান। পুৱা ১০:৩৫ বজাত নাহৰ পুলি ৰোপণ কাৰ্যসূচী।
দিনৰ ১১:২৫ বজাত ‘মায়াবিনী’ গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। দিনৰ ১১:৫০ বজাতবন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ। বিয়লি ১:৪৫ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত স্মৃতি সভা আৰু সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব।
উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰি আৰু আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট সংগীত শিল্পী, লেখক তথা গীতিকাৰ ৰঞ্জন কুমাৰ বেজবৰুৱা উপস্থিত থাকিব।
কেন্দ্ৰীয় অনুষ্ঠানৰ অন্তত সন্ধিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোকে বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনোৱা হৈছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসমৰ প্ৰতিঘৰ গৃহস্থীৰ লগতে প্ৰতিটো অনুষ্ঠানকে জুবিন দিৱস উপলক্ষে অহা ১৯ ছেপ্টেম্বৰৰ সন্ধিয়া ঠিক ৬ বজাত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে, যোৱা ১২ ছেপ্টেম্বৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ওদালগুৰিৰ কাৰ্যনিৰ্বাহক অধিবেশনতে এই জুবিন দিৱস উদযাপনৰ গুৰুত্বপূৰ্ণ প্রস্তাবটো গ্ৰহণ কৰা হৈছিল।