সাঁচি কাঠৰ টুকুৰা আৰু তেলৰ ৰপ্তানি কেন্দ্ৰ হ'ব বৰঝাৰ বিমানবন্দৰ; কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

Story by  atv | Posted by  [email protected] • 2 h ago
বৰঝাৰ বিমানবন্দৰ
বৰঝাৰ বিমানবন্দৰ
 
গুৱাহাটী
 
অসমবাসীৰ বাবে এক  আনন্দৰ খবৰ। এতিয়াৰে পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈ পৰিব সাঁচি কাঠৰ টুকুৰা আৰু সাঁচি তেল ৰপ্তানিৰ এক প্ৰধান কেন্দ্ৰ। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে।
 
অসমৰ কেইবাখনো জিলাত কৃষকসকলে প্ৰচুৰ পৰিমানে সাঁচি খেতি কৰি আহିছে যদিও বহু সময়ত তেওঁলোকে উৎপাদিত সামগ্ৰীৰ উপযুক্ত দাম নোপোৱাৰ অভিযোগ উত্থাপন হৈছিল। কৃষকসকলৰ এই সমস্যাৰ সমাধান তথা তেওঁলোকৰ আৰ্থিক উত্তৰণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰলৈ বিশেষভাৱে অনুৰোধ জনাইছিল আৰু ৰাজ্য চৰকাৰৰ এই অনুৰোধ মৰ্মেই কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।
 
এই সন্দৰ্ভত সামাজিক মাধ্যম 'এক্স' যোগে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয়; "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ মৰ্মে, মোদী চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক সাঁচি কাঠৰ টুকুৰা আৰু সাঁচি তেল ৰপ্তানিৰ কেন্দ্ৰ হিচাপে অনুমোদন জনাইছে।"
তেওঁ লগতে কয় যে এই বিশেষ সামগ্ৰীবিধৰ খেতিয়ক, উৎপাদক আৰু ৰপ্তানিকাৰকসকলৰ বাবে ই এক ডাঙৰ সকাহ হ'ব। ই কেৱল অসমৰে নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পৰিবহন আৰু যোগান ব্যৱস্থাৰ এক বৃহৎ পদক্ষেপ, যাৰ ফলত সম্ভাব্য বজাৰসমূহ খেতিয়কসকলৰ ঘৰৰ ওচৰ চাপি আহিব। তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভাই-ভনীসকললৈ বহুত বহুত অভিনন্দন জ্ঞাপন কৰে।
 
কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে 'এক্স'ত উল্লেখ কৰে— "অসমৰ বাবে ডাঙৰ খবৰ! গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক সাঁচি কাঠৰ টুকুৰা আৰু সাঁচি তেল ৰপ্তানিৰ কেন্দ্ৰ হিচাপে অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক ধন্যবাদ। ইয়াৰ দ্বাৰা বিশ্বৰ বজাৰত অধিক চাহিদা থকা সামগ্ৰীবিধ গুৱাহাটীৰ পৰা ৰপ্তানি কৰাৰ কেন্দ্ৰ হোৱাৰ বাবে অসমৰ লাখ লাখ কৃষক উপকৃত হ'ব।"
 
চলিত বৰ্ষৰ ২০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত 'বিকশিত ভাৰত'ৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান' শীর্ষক সন্মিলনত অংশগ্ৰহণ কৰি অসমৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, অসমৰ আগৰ খেতিৰ দ্বাৰা কৃষকসকল যথেষ্ট উপকৃত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে।
 
তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কৈছিল যে সুশৃংখলিত নিয়ন্ত্ৰণমূলক নিষ্পত্তি, গুণগত পৰীক্ষণৰ সুবিধা, স্থানীয় প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি আৰু শক্তিশালী ৰপ্তানিৰ ব্যৱস্থাই মিলি এক উপযুক্ত আগৰ কাঠৰ মূল্য শৃংখল গঢ়ি তুলিব পাৰিব।