NVS-03 উপগ্ৰহৰ সফলতাৰে উৎক্ষেপণ; মহাকাশ গৱেষণাত ইছৰ’ৰ আন এক বৃহৎ মাইলখুঁটি

Story by  atv | Posted by  [email protected] • 1 h ago
NVS-03 উপগ্ৰহৰ সফলতাৰে উৎক্ষেপণ
NVS-03 উপগ্ৰহৰ সফলতাৰে উৎক্ষেপণ
 
নতুন দিল্লী
 
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ই দেশৰ মহাকাশ গৱেষণাৰ ইতিহাসত পুনৰ এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা কৰিছে। শুকুৰবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ থলুৱা নেভিগেচন উপগ্ৰহ এনভিএছ-০৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। নিশা ঠিক ১১:৫১ বজাত জিএছএলভি-এফ১৮ ৰকেটৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ উপগ্ৰহটো মহাকাশলৈ প্ৰেৰণ কৰা হয়।
 
উৎক্ষেপণৰ প্ৰায় ১৮ মিনিটৰ পাছতেই এক নিৰ্দিষ্ট আৰু নিখুঁত প্ৰক্ৰিয়াৰে ২,২৫০ কিলোগ্ৰাম ওজনৰ এই এনভিএছ-০৩ উপগ্ৰহটোৱে ৰকেটৰ পৰা সফলতাৰে পৃথক হৈ ইয়াৰ নিৰ্দিষ্ট জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথত প্ৰৱেশ কৰে। এই গুৰুত্বপূৰ্ণ সফলতাৰ লগে লগে ভাৰতীয় মহাকাশ সংস্থাৰ নিজা নেভিগেচন ব্যৱস্থা ‘নেভিআইচি’ এতিয়া পুনৰ কমেও চাৰিটা উপগ্ৰহৰ সংহতিৰে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ পৰিছে। এই ঐতিহাসিক সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰ’ৰ দলটোক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
 
অভিযানৰ সফলতাৰ কেইমিনিটমান পাছতেই ইছৰ’ৰ মুৰব্বী ভি নাৰায়ণনে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে উপগ্ৰহটোক অতি নিখুঁতভাৱে নিজৰ নিৰ্দিষ্ট উপবৃত্তাকাৰ কক্ষপথত স্থাপন কৰা হৈছে। অভিযানটোৰ সুদূৰপ্ৰসাৰী তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে এই সফলতাৰ জৰিয়তে ভাৰত এতিয়া নিজৰ ‘এক জাতি, এক সময়’ লক্ষ্যত উপনীত হোৱাৰ দিশত আৰু এখোজ আগুৱাই গৈছে। তেওঁ দেশৰ থলুৱা প্ৰযুক্তিৰে পৰিচালিত অতি সঠিক সময় আৰু নাৱিক সেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। নাৰায়ণনে লগতে জনায় যে এনভিএছ-০১ কে ধৰি পূৰ্বৰ তিনিটা উপগ্ৰহ ইতিমধ্যে সফলতাৰে কাৰ্যক্ষম হৈ আছে আৰু এতিয়া এই এনভিএছ-০৩ ৰ সংযোজনৰ লগে লগে পজিচন, নেভিগেচন, আৰু টাইমিং সেৱা সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰা সম্ভৱ হৈছে।
উল্লেখযোগ্য যে, এই দ্বিতীয় প্ৰজন্মৰ নেভিগেচন উপগ্ৰহ এনভিএছ-০৩ ত ভাৰততে নিৰ্মিত থলুৱা আৰু আমদানিকৃত পাৰমাণৱিক ঘড়ী সংযোজন কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত অসামৰিক ক্ষেত্ৰত, বিশেষকৈ ৰে'ল, জাহাজ আৰু যান-বাহনসমূহৰ বাস্তৱ সময়ত নিখুঁত অনুসৰণ কৰা প্ৰক্ৰিয়াটো বহুত সহজ আৰু নিৰ্ভৰযোগ্য হৈ পৰিব। এই উপগ্ৰহটোৱে ইতিমধ্যে মহাকাশত কাৰ্যক্ষম হৈ থকা আন তিনিটা নেভিগেচন উপগ্ৰহৰ সৈতে একত্ৰিতভাৱে কাম কৰিব। ইয়াৰ ফলত এটা শক্তিশালী ভাৰতীয় মানক সময়ৰ আন্তঃগাঁথনি আৰু অধিক সুদৃঢ় হ’ব, যিটো চৰকাৰে শেহতীয়াকৈ অধিসূচনা কৰা আইনী পৰিমাপ নিয়ম, ২০২৬ ৰ পৰিপ্ৰেক্ষিতত অত্যন্ত গুৰুত্বপূৰ্ণ।
 
ভাৰতৰ নিজা উপগ্ৰহ নেভিগেচন ব্যৱস্থা ‘নেভিআইচি’ হৈছে জনপ্ৰিয় ‘জিপিএছ’ৰ ভাৰতীয় সংস্কৰণ। ই মূলতঃ ভাৰতৰ ভৌগোলিক সীমা আৰু ইয়াৰ চাৰিওকাষৰ ১৫০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত উন্নত নেভিগেচন সেৱা প্ৰদান কৰিবলৈ সক্ষম।
 
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জিতেন্দ্ৰ সিঙেও জিএছএলভি-এফ১৮/এনভিএছ-০৩ অভিযানৰ সফল আৰম্ভণিৰ বাবে ইছৰ’ৰ সমগ্ৰ দলটোক অভিনন্দন জনায়। ছ’চিয়েল মিডিয়াত কৰা এক পোষ্টত তেওঁ কয়, "এই উল্লেখযোগ্য কৃতিত্বই মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্য আৰু আমাৰ থলুৱা নেভিগেচন সামৰ্থ্যক শক্তিশালী কৰাৰ বাবে আমাৰ অদম্য দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। শেহতীয়া বছৰবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ খণ্ডত গ্ৰহণ কৰা বৈপ্লৱিক সংস্কাৰৰ পিছত মহাকাশত ভাৰতৰ সফলতাৰ কাহিনীয়ে আমাৰ প্ৰতিষ্ঠাপক পিতৃ বিক্ৰম চাৰাভাইৰ মহাকাশৰ সপোনক সঁচা বুলি প্ৰমাণিত কৰিছে।"