ধেমাজি থানাত আত্মসমৰ্পণ হোটেল বিলাস ইনৰ লোমহৰ্ষক হত্যাকাণ্ডৰ নায়ক ঘনকান্ত গগৈৰ পত্নীৰ

Story by  atv | Posted by  [email protected] • 59 m ago
ধেমাজি থানাত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ
ধেমাজি থানাত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ
 
গুৱাহাটী
 
গুৱাহাটীৰ 'হোটেল বিলাস ইন'ত সংঘটিত ৫ জনীয়া লোমহৰ্ষক হত্যাকাণ্ডৰ পিছত এক গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই জঘন্য কাণ্ডৰ মূল অভিযুক্ত তথা ঘাতক ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে অৱশেষত আজি ধেমাজি আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰিছে।
 
প্ৰাপ্ত বাতৰি অনুসৰি, আজি কিছু সময়ৰ পূৰ্বে এখন নম্বৰ প্লেটবিহীন ক’লা ৰঙৰ বাহনত উঠি জোনমণি গগৈয়ে ধেমাজি আৰক্ষী থানাত প্ৰৱেশ কৰে। সংবাদ মাধ্যম আৰু ৰাইজৰ দৃষ্টিৰ পৰা নিজৰ পৰিচয় লুকুৱাবৰ বাবে তেওঁ মুখত মাস্ক পৰিধান কৰাৰ লগতে কাপোৰেৰে মুখমণ্ডল সম্পূৰ্ণৰূপে ঢাকি ৰাখিছিল। থানাত উপস্থিত হোৱাৰ সময়ত তেওঁৰ সৈতে এগৰাকী অধিবক্তাও উপস্থিত আছিল আৰু উক্ত অধিবক্তাগৰাকীৰ সহযোগতেই তেওঁ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
 
উল্লেখযোগ্য যে, হোটেল বিলাস ইনত ৫ জন নিৰীহ লোকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাৰ পিছতেই ঘাতক ঘনকান্তই পত্নী জোনমণিলৈ ফোন কৰাৰ এক চাঞ্চল্যৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছিল। উক্ত ফোন কলটোৰ জৰিয়তে ঘনকান্তই তেওঁৰ পত্নী আৰু কন্যাক অতি শীঘ্ৰে কোনো সুৰক্ষিত স্থানলৈ গুচি যাবলৈ নিৰ্দেশ দিছিল।
 
অৱশ্যে, আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সময়ত জোনমণি গগৈয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উপস্থিত সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে। তেওঁৰ এই আত্মসমৰ্পণে আৰক্ষীৰ পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে।