ভুৱনেশ্বৰ
বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপ দেওবাৰে অধিক শক্তিশালী হৈ ‘মুৰাছু’ নামৰ ঘূৰ্ণিবতাহলৈ ৰূপান্তৰিত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত ওড়িশা চৰকাৰে ৰাজ্যখনৰ দক্ষিণাঞ্চলত দুৰ্যোগ মোকাবিলাৰ প্ৰস্তুতি জোৰদাৰ কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) শেহতীয়া বুলেটিনত জনোৱা মতে, বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণিবতাহ ‘মুৰাছু’ৱে ৩ নৱেম্বৰত অন্ধ্ৰপ্ৰদেশৰ উপকূলত স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।
ভাৰতে নামকৰণ কৰা ঘূৰ্ণিবতাহ ‘মুৰাছু’ৰ অৰ্থ হৈছে ‘ৰণঢোল’। বুলেটিনত কোৱা হৈছে, “ই অধিক শক্তিশালী হৈ অতি প্ৰবল ঘূৰ্ণিবতাহলৈ ৰূপান্তৰিত হ’ব আৰু ৩ নৱেম্বৰৰ পুৱাৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ আৰু নৰছাপুৰৰ মাজৰ উপকূল অতিক্ৰম কৰি স্থলভাগত প্ৰৱেশ কৰিব। সেই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ১০০-১১০ কিলোমিটাৰ হ’ব আৰু দমকা বতাহৰ গতিবেগ ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।”
ওড়িশাৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে দক্ষিণাঞ্চলত উচ্চ সতৰ্কতা জাৰি কৰিছে।
চৰকাৰে নিম্নভূমি আৰু পাহাৰীয়া অঞ্চলৰ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰো নিৰ্দেশ দিছে।
ভুৱনেশ্বৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালিকা মনোৰমা মহান্তিয়ে কয় যে ঘূৰ্ণিবতাহৰ প্ৰভাৱত ২ নৱেম্বৰৰ পৰা ওড়িশাত বৰষুণ হ’ব আৰু ৩ তথা ৪ নৱেম্বৰত বৰষুণ তীব্ৰতাভাবে বৃদ্ধি পাব।