হানয় (ভিয়েটনাম)
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এনএছএ) অজিত ডোভাল দেওবাৰে ভিয়েটনাম ভ্ৰমণৰ উদ্দেশ্যে হানয়ত উপস্থিত হয়। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে জনোৱা মতে, দুয়োখন দেশৰ মাজৰ উন্নীত সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰিবলৈ ডোভালে ভিয়েটনামৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব।
দূতাবাসে ‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টত কয়, “ভিয়েটনামলৈ স্বাগতম! কীৰ্তি চক্ৰ সন্মানেৰে সন্মানিত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল চৰকাৰী ভ্ৰমণসূচীৰে হানয়ত উপস্থিত হৈছে। এই ভ্ৰমণকালত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে উন্নীত সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বৰ সৈতে সংগতি ৰাখি ভিয়েটনামৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব।”
২০২৬ চনৰ মে’ মাহত ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামে ভাৰত ভ্ৰমণ কৰাৰ সময়ত ভাৰত আৰু ভিয়েটনামে দুয়োখন দেশৰ সম্পৰ্কক সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, সেই ভ্ৰমণকালত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৰাষ্ট্ৰপতি টো লামক সাক্ষাৎ কৰিছিল। সাক্ষাৎকালত তেওঁলোকে দুয়োখন দেশৰ মাজৰ বহুমুখী সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিছিল।
টো লামৰ মে’ মাহৰ ভাৰত ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁ বিস্তৃত আলোচনাত মিলিত হৈছিল। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিছিল। তেওঁলোকে জোৰ দি কৈছিল যে ভাৰত-ভিয়েটনামৰ সম্পৰ্ক অধিক গভীৰ হ’লে দুয়োখন দেশৰ জনসাধাৰণ পাৰস্পৰিকভাৱে উপকৃত হৈ থাকিব। লগতে ভাৰতৰ ‘বিকশিত ভাৰত ২০৪৭’ আৰু ভিয়েটনামৰ ‘ভিজন ২০৪৫’কে ধৰি নিজ নিজ ৰাষ্ট্ৰীয় লক্ষ্যসমূহ পূৰণৰ ক্ষেত্ৰতো এই সম্পৰ্কই অৰ্থপূৰ্ণ অৱদান আগবঢ়াব।
দুয়োগৰাকী নেতাই ২০৩০ চনক লক্ষ্য কৰি প্ৰস্তুত কৰা ভাৰত-ভিয়েটনাম প্ৰতিৰক্ষা অংশীদাৰিত্ব সম্পৰ্কীয় যৌথ দৃষ্টিভংগী চুক্তিৰ ফলপ্ৰসূ ৰূপায়ণৰ প্ৰশংসা কৰে। এই চুক্তিয়ে দুয়োখন দেশৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা সম্পৰ্কক দিশ দেখুৱাই আহিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, দুয়োখন দেশৰ পাৰস্পৰিক স্বাৰ্থ আৰু অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰতিৰক্ষা সহযোগিতাৰ পৰম্পৰাগত আৰু উদীয়মান -- উভয় ক্ষেত্ৰতে সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে যোগাযোগ আৰু যৌথ কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ নেতাদ্বয়ে সন্মতি প্ৰকাশ কৰে। এই ক্ষেত্ৰসমূহৰ ভিতৰত আছে প্ৰতিৰক্ষা নীতি সম্পৰ্কীয় সংলাপ, যৌথ অনুশীলন, সামৰিক ষ্টাফ পৰ্যায়ৰ আলোচনা, নতুন প্ৰতিৰক্ষা প্ৰযুক্তিৰ যৌথ গৱেষণা আৰু সহ-উৎপাদন, নৌবাহিনীৰ জাহাজৰ বন্দৰ ভ্ৰমণ আৰু বায়ুসেনাৰ বিমানবন্দৰ ভ্ৰমণ বৃদ্ধি, শান্তিৰক্ষা কাৰ্যকলাপ, তথ্যৰ আদান-প্ৰদান, জলভাগৰ জৰীপ আৰু মানচিত্ৰায়ন, প্ৰতিৰক্ষা প্ৰদৰ্শনী, সক্ষমতা বৃদ্ধি, প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতা, সামুদ্ৰিক নিৰাপত্তা, সামুদ্ৰিক সুৰক্ষা তথা অনুসন্ধান আৰু উদ্ধাৰ অভিযান।