তেওঁৰ কথা শুনি শ্ৰোতাসকল বাকৰুদ্ধ হৈ পৰিছিল। কথাখিনিৰ গভীৰতা উপলব্ধি কৰাৰ লগে লগে সমগ্ৰ প্ৰেক্ষাগৃহ হাতচাপৰিৰ শব্দৰে ৰজনজনাই উঠিছিল।
নৰেন্দ্ৰ মোদী, সুধা মূৰ্তি আৰু নীতিন গাডকাৰীৰ দৰে বৰেণ্য ব্যক্তিসকলৰ শাৰীতে এতিয়া অজিত ডোভালৰ নামো এই বঁটাৰ তালিকাত সন্নিৱিষ্ট হ'ল। এই বিশেষ তালিকাত তেওঁৰ অন্তৰ্ভুক্তি অতিকৈ গুৰুত্বপূৰ্ণ আৰু তেওঁৰ অৱদান সঁচাকৈয়ে ব্যতিক্ৰম। এজন চোৰাংচোৱা বিষয়া হিচাপে তেওঁৰ সমগ্ৰ কৰ্মজীৱন জনসাধাৰণৰ দৃষ্টিৰ আঁৰতেই অতিবাহিত হৈছিল। তেওঁলোকৰ কামৰ মূল্যায়ন সাধাৰণ মানুহে কি জানে তাৰ দ্বাৰা নহয়, বৰং সাধাৰণ মানুহে কি জানিবলগীয়া নহয় তাৰ ওপৰতহে নিৰ্ভৰ কৰে। কিন্তু কিছুমান ব্যক্তিয়ে নিজৰ নামহীনতাৰ পৰিধি অতিক্ৰম কৰি ইতিহাস ৰচনা কৰে।
বঁটা প্ৰদান কৰা গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ কাৰ্যকালত সশস্ত্ৰ বাহিনীৰ প্ৰতিৰক্ষামূলক আৰু আক্ৰমণাত্মক সামৰ্থ্যৰ আমূল পৰিৱৰ্তন ঘটিছে। আজিৰ পৰা দহ বছৰ আগৰ তুলনাত বৰ্তমান দেশৰ নিৰাপত্তা ব্যৱস্থা যে বহুত সলনি হৈছে, সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ অসংখ্য বৈঠকত প্ৰধানমন্ত্ৰীৰ কাষত বহি থকা এই মানুহজনৰেই ছাপ এই বিৱৰ্তনসমূহত স্পষ্টকৈ পৰিলক্ষিত হয়।
পৰিৱৰ্তিত নীতি
চোৰাংচোৱা বিভাগত কটোৱা বছৰবোৰত ডোভালে নিজৰ দক্ষতা প্ৰমাণ কৰিছিল, কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে তেওঁৰ কাৰ্যকালত ভাৰতৰ কৌশলগত নীতিৰ এক ডাঙৰ পৰিৱৰ্তন ঘটিছিল। কেইবাদশকো ধৰি ভাৰতক এনে এখন দেশ হিচাপে গণ্য কৰা হৈছিল যিয়ে উচটনিৰ সময়তো সংযম ৰক্ষা কৰে আৰু কেৱল কূটনৈতিক প্ৰতিবাদ তথা বিশ্বৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰে। যোৱা দহ বছৰত সেই ধাৰণা সলনি হৈছে। ভাৰতে এতিয়া সুপৰিকল্পিত, একত্ৰিত আৰু দৃঢ়তাৰে প্ৰত্যুত্তৰ দিবলৈ শিকিছে।
২০১৬ চনৰ উৰি আক্ৰমণৰ পিছত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি চলোৱা চাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত বালাকোটৰ এয়াৰ ষ্ট্ৰাইক আছিল এই পৰিৱৰ্তনৰ প্ৰতীক। যদিও এইবোৰ ৰাজনৈতিক নেতৃত্বৰ অধীনত সশস্ত্ৰ বাহিনীয়ে কৰা সামৰিক অভিযান আছিল, ইয়াৰ দ্বাৰা প্ৰমাণ হৈছিল যে এতিয়া দেশৰ চোৰাংচোৱা, কূটনীতি, সামৰিক পৰিকল্পনা আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া একেলগে এক সুন্দৰ সমন্বয়ৰ মাজেৰে কাম কৰে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছে এন এছ এ অজিত ডোভালক এখন গ্ৰন্থ উপহাৰ দি থকা এক মূহুৰ্ত
চোৰাংচোৱা সংস্থাসমূহৰ মাজত সমন্বয়, সন্ত্ৰাসবাদলৈ যোৱা ধনৰ যোগান বন্ধ কৰা, সীমান্ত নিৰীক্ষণ, আন্তঃগাঁথনিৰ সুৰক্ষা আৰু অসামৰিক তথা সামৰিক প্ৰতিষ্ঠানসমূহৰ মাজত একতা- এইবোৰো আছিল অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ। এই বিষয়বোৰে হয়তো টিভি চেনেলৰ বিতৰ্ক অনুষ্ঠানত স্থান নাপায়, কিন্তু ই এক নিৰ্ভৰযোগ্য ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাৰ মেৰুদণ্ড গঢ়ি তুলিছে।
দাৰ্শনিক চোৰাংচোৱা
বছৰ বছৰ ধৰি অজিত ডোভালক বহু উপাধি দিয়া হৈছে, কিন্তু 'দাৰ্শনিক চোৰাংচোৱা' উপাধিতকৈ উপযুক্ত হয়তো আন একোৱেই হ'ব নোৱাৰে। কৰ্মজীৱনৰ বেছিভাগ সময় আঁৰত কটোৱাৰ পিছতো, যেতিয়াই তেওঁ ৰাজহুৱাভাৱে বক্তব্য ৰাখিছে, তেতিয়াই তেওঁক অসাধাৰণভাৱে স্পষ্টবাদী হোৱা দেখা গৈছে। যোৱা দশকটোত বিভিন্ন কৌশলগত মঞ্চত প্ৰদান কৰা ভাষণৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে এনে এক দৃষ্টিভংগী দাঙি ধৰিছে যি কেৱল চোৰাংচোৱা অভিযান বা সামৰিক কৌশলৰ মাজতে আৱদ্ধ নহয়।
তেওঁ এবাৰ সুধিছিল, “ভাৰত এখন সভ্যতাৰ ওপৰত প্ৰতিষ্ঠিত ৰাষ্ট্ৰ। আমাৰ মাজত এনেকুৱা কিবা আছেনে যিটো আমাৰ এক সামূহিক আৰু অনন্য চেতনা?” এই প্ৰশ্নটোৰ পৰাই তেওঁৰ দৃঢ় বিশ্বাস প্ৰতিফলিত হৈছিল যে এখন ৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ শক্তি কেৱল ইয়াৰ সীমান্তত নাথাকে, ইয়াৰ মূল্যবোধ, পৰিচয় আৰু সামূহিক চেতনাত থাকে যিয়ে মানুহক একত্ৰিত কৰি ৰাখে। ডোভালৰ মতে, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ আৰম্ভণি হয় ৰাষ্ট্ৰৰ আত্মবিশ্বাসৰ পৰা।
তেওঁৰ দৃষ্টিভংগীত, বৰ্তমান সময়ত শক্তিক কেৱল সেনা বা ক্ষেপণাস্ত্ৰৰে জোখা নহয়। তেওঁ উল্লেখ কৰিছে যে, “যিসকলে আপোনাক তেওঁলোকৰ স্বাৰ্থৰ অনুকূলে চিন্তা কৰিবলৈ বাধ্য কৰাব পাৰে, তেওঁলোকৰ হাততেই প্ৰকৃত ক্ষমতা থাকে।” চাইবাৰ যুদ্ধ, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল হেতালি খেলাৰ এই যুগত তেওঁ ধাৰণা, তথ্য আৰু প্ৰভাৱ বিস্তাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। সেয়েহে তেওঁ সতৰ্ক কৰি দিছে যে গণতন্ত্ৰ নিৰ্ভৰ কৰে নাগৰিকসকল “সঠিকভাৱে অৱগত আৰু সঠিকভাৱে শিক্ষিত” হোৱাৰ ওপৰত। তেওঁ সকীয়াই দিছে যে পৰম্পৰাগত যুদ্ধৰ দৰেই মিছা প্ৰচাৰেও এখন দেশৰ ভাগ্য সলনি কৰি দিব পাৰে।
ডোভালে সদায় বিশ্বাস কৰে যে নিৰাপত্তা হৈছে এক সামূহিক ৰাষ্ট্ৰীয় দায়িত্ব। তেওঁ এবাৰ কৈছিল, "ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল সশস্ত্ৰ বাহিনী, আৰক্ষী বা চোৰাংচোৱাৰ দায়িত্ব নহয়, ই সমগ্ৰ দেশবাসীৰ দায়িত্ব।" এই এটা বাক্যৰ মাজতেই এক বিশাল দৰ্শন লুকাই আছে, এখন দেশৰ প্ৰতিৰক্ষাৰ বাবে সামৰিক প্ৰস্তুতি যিমান গুৰুত্বপূৰ্ণ, শক্তিশালী প্ৰতিষ্ঠান, সজাগ নাগৰিক আৰু সামাজিক একতাও সিমানেই জৰুৰী। ইয়াৰ পৰাই স্পষ্ট হয় যে সামৰিক শক্তিৰ সমান্তৰালভাৱে অৰ্থনৈতিক শক্তি, প্ৰযুক্তিগত সামৰ্থ্য আৰু ধাৰাবাহিক উন্নয়নেই হৈছে ৰাষ্ট্ৰ এখনৰ স্থায়ী ক্ষমতাৰ মূল আধাৰ।
তেওঁৰ বিষয়ে সম্ভৱতঃ এইষাৰ কথাতেই আটাইতকৈ সুন্দৰকৈ প্ৰকাশ পায়: “এখন ৰাষ্ট্ৰৰ শক্তি মূল্যায়ন কৰোঁতে জনসাধাৰণৰ ইচ্ছাশক্তিক আওকাণ কৰাটোৱেই হৈছে আটাইতকৈ ডাঙৰ ভুল।” এই তীখাৰ দৰে কঠিন সংকল্পৰ আঁৰত এজন এনে চিন্তাবিদ লুকাই আছে যিয়ে ৰাষ্ট্ৰ পৰিচালনাক সদায় এক বিশাল সভ্যতাৰ দৃষ্টিকোণৰ পৰা চাই আহিছে— যিয়ে চৰিত্ৰ, সামৰ্থ্য আৰু সামূহিক উদ্দেশ্যৰ ওপৰতো সমানে বিশ্বাস ৰাখে।
জীৱনকালত পৰিচালনা কৰা অসংখ্য জটিল সামৰিক অভিযান, দেশক ৰক্ষা কৰা প্ৰতিটো সংকটৰ ক্ষণ আৰু তেওঁ গঢ় দিয়া সুদূৰপ্ৰসাৰী কৌশলগত নীতিবোৰৰ বাবেই অজিত ডোভাল ইতিহাসত অমৰ হৈ ৰ'ব। কিন্তু কেৱল এজন সফল ৰণনীতিবিদ হিচাপেই নহয়, ভৱিষ্যতৰ প্ৰজন্মই তেওঁক স্মৰণ কৰিব তেওঁৰ সেই মহান দৰ্শনৰ বাবে, য'ত তেওঁ প্ৰতিপন্ন কৰিছিল যে এখন দেশৰ প্ৰথম প্ৰতিৰক্ষাৰ শাৰী কেৱল সামৰিক বাহিনী নহয়, বৰং দেশবাসীৰ অটুট আত্মবিশ্বাস, শক্তিশালী ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু সভ্যতাৰ স্থায়িত্বহে প্ৰকৃত ৰক্ষা কৱচ। এই গভীৰ বিশ্বাস আৰু দূৰদৰ্শী চিন্তাধাৰাৰ মাজতেই সজীৱ হৈ আছে প্ৰকৃত অজিত ডোভাল- এজন জীৱন্ত কিংবদন্তি, যিয়ে দেশৰ সুৰক্ষাক নিজৰ প্ৰাণতকৈয়ো অধিক ভাল পায়।
(লেখক এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু যোগাযোগ বিশেষজ্ঞ)