শ্বিলঙত মেঘালয় চৰকাৰ আৰু আৰক্ষীৰ প্ৰতিষ্ঠান লক্ষ্য কৰি চাৰিটা বোমা আক্ৰমণ

Story by  atv | Posted by   Imtiaz Ahmed • 43 m ago
DMRৰ এজন কৰ্মচাৰীৰ ব্যক্তিগত বাহন এখন ক্ষতিগ্ৰস্ত হয়
DMRৰ এজন কৰ্মচাৰীৰ ব্যক্তিগত বাহন এখন ক্ষতিগ্ৰস্ত হয়
শ্বিলং

বুধবাৰৰ সন্ধিয়াৰ পৰা বৃহস্পতিবাৰে পুৱতি নিশালৈকে মেঘালয়ৰ চৰকাৰী কাৰ্যালয় আৰু আৰক্ষীৰ প্ৰতিষ্ঠান লক্ষ্য কৰি সংঘটিত হোৱা একেৰাহে চাৰিটা বোমা আক্ৰমণে শ্বিলং চহৰক জোকাৰি যায়। ঘটনাৰ পাছতে ৰাজ্যৰ ৰাজধানীখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

ঘটনাকেইটাত কোনো লোক হতাহত হোৱা নাই। আক্ৰমণৰ আঁৰত কোন আছে আৰু ইয়াৰ উদ্দেশ্য কি, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

শেহতীয়া আক্ৰমণটো বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয়। অভিযোগ অনুসৰি, অচিনাক্ত দুৰ্বৃত্তই লাইটুমখ্ৰাৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ (DHS) চৌহদলৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰে। ইয়াৰ ফলত চৌহদত জুই লাগে। পাছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত জুই নিয়ন্ত্ৰণ কৰা হয়।

আন এটা ঘটনাত বৃহস্পতিবাৰে পুৱতি নিশা অচিনাক্ত লোকে নংমেনছঙত থকা আৰক্ষীৰ এটা বুথত জুই লগাই দিয়ে।

ইয়াৰ কেইঘণ্টামান পূৰ্বে, বুধবাৰে নিশা লুমডিয়েংজ্ৰি আৰক্ষী থানালৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰা হৈছিল। বোমাটো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ কোঠাৰ পিছফালৰ অংশত পৰে আৰু ইয়াৰ ফলত সামান্য ক্ষতি হয়।

ইয়াৰো পূৰ্বে, বুধবাৰে সন্ধিয়া ৰিছা কলনীত থকা খনিজ সম্পদ সঞ্চালকালয়ৰ (DMR) কাৰ্যালয়ত পেট্ৰ’ল বোমা আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই ঘটনাত DMRৰ এজন কৰ্মচাৰীৰ ব্যক্তিগত বাহন এখন ক্ষতিগ্ৰস্ত হয়। স্থানীয় বাসিন্দাসকলে জুই নুমুৱাবলৈ সক্ষম হয়।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, “আমি সকলো ঘটনাৰ তদন্ত কৰি আছোঁ। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।”

আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰিবলৈ চিচিটিভিৰ ফুটেজ আৰু অন্যান্য উপলব্ধ প্ৰমাণ পৰীক্ষা কৰি আছে। লগতে সমন্বিতভাৱে সংঘটিত এই আক্ৰমণসমূহৰ আঁৰৰ উদ্দেশ্যও নিৰ্ণয় কৰাৰ চেষ্টা চলোৱা হৈছে।

একে সময়ছোৱাত সংঘটিত ঘটনাকেইটাৰ পাছত শ্বিলং চহৰৰ চৰকাৰী কাৰ্যালয়, আৰক্ষীৰ প্ৰতিষ্ঠান আৰু অন্যান্য স্পৰ্শকাতৰ স্থানসমূহৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিছে কৰ্তৃপক্ষই।