এই কাহিনীৰ আন এটি বিশেষ দিশ হৈছে মৌলানা জুবেইৰ কুৰেশী আন কোনো নহয়, ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত তথা জ্যেষ্ঠ আইএএছ বিষয়া শ্বাহাবুদ্দীন ইয়াকুব কুৰেশী (এছ ৱাই কুৰেশী)ৰ পিতৃ।
শ্বাহাবুদ্দীন ইয়াকুব কুৰেশীৰ জন্ম হৈছিল ১৯৪৭ চনৰ ১১ জুনত, অৰ্থাৎ দেশ স্বাধীন হোৱাৰ মাত্ৰ দুমাহ পূৰ্বে। পুৰণি দিল্লীৰ ঐতিহাসিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা কুৰেশী গীটাৰ বজাবলৈ ভাল পায় আৰু আজিও হাস্যৰসৰ সুৰত কয়, “ডাঙৰ ডাঙৰ স্বাধীনতা সংগ্ৰামীয়েও যিটো কাম কৰিব নোৱাৰিলে, মই পৃথিৱীলৈ অহাৰ মাত্ৰ দুমাহৰ ভিতৰতে সেই কাম কৰি দেখুৱালোঁ, দেশ স্বাধীন হৈ গ'ল।”
কুৰেশী পৰিয়ালৰ সৈতে দিল্লীৰ সম্পৰ্ক নতুন নহয়। প্ৰায় পাঁচশ বছৰ ধৰি তেওঁলোকৰ শিপা এই চহৰখনৰ ভূমিতে শিপাই আছে। এই পৰিয়ালৰ পৰা বহু বিশিষ্ট আলিম, শিক্ষাবিদৰ জন্ম হৈছে। ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত আত্মীয়-স্বজনৰ কিছুমানে পাকিস্তানলৈ গুচি গৈছিল যদিও এছ ৱাই কুৰেশীৰ ককাক আৰু পিতৃয়ে নিজৰ মাতৃভূমি এৰি যাবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকৰ বিশ্বাস আছিল, যি মাটিত পূৰ্বপুৰুষৰ স্মৃতি জড়িত, সেই মাটি এৰি যোৱাটো সম্ভৱ নহয়।
শ্বাহাবুদ্দীন ইয়াকুব কুৰেশী
মৌলানা জুবেইৰ কুৰেশীৰ ইংৰাজী ব্যাকৰণৰ প্ৰতি এক গভীৰ অনুৰাগ আছিল। পুৰণি দিল্লীৰ তিনিটা প্ৰজন্মই তেওঁৰ ওচৰত ইংৰাজী শিকিছিল। বয়স বৃদ্ধি পোৱাৰ পিছতো সেই উৎসাহ অলপো কমা নাছিল। ষাঠি বছৰ বয়সত লাঠিৰ সহায়ত খোজ কাঢ়িবলগীয়া হোৱাৰ পিছতো তেওঁ নিয়মীয়াকৈ মেক্স মূলাৰ ভৱন (গ্যেটে ইনষ্টিটিউট)লৈ গৈ জাৰ্মান ভাষা শিকিছিল।
পিছলৈ তেওঁ নিজ বিদ্যালয়ত অতি সহজ পদ্ধতিত জাৰ্মান ব্যাকৰণো শিকাবলৈ আৰম্ভ কৰে। ইংৰাজী আৰু জাৰ্মান দুয়োটা ভাষাৰ জটিল ব্যাকৰণ বুজাবলৈ তেওঁ ‘৬৪ টেন্স’ নামৰ এক অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছিল, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে সহজে ভাষা আয়ত্ত কৰিব পাৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ এই পথ অনুসৰণ কৰি পুত্ৰ এছ ৱাই কুৰেশীয়েও মেক্স মূলাৰ ভৱনৰ সৈতে জড়িত হয়।
কিন্তু সেই ‘১০০ টকা মাচুল’ৰ আঁৰৰ ৰহস্য কি আছিল?
এছ ৱাই কুৰেশীয়ে শেহতীয়াকৈ প্ৰকাশিত ‘ইণ্ডিয়া এণ্ড আই: এ হাণ্ড্ৰেড মেম’ৰীজ...’ (India and I: A Hundred Memories, Not a Memoir) নামৰ গ্ৰন্থখনত এই গোপন কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে, দেউতাকে গোটেই মাহটোৰ বাবে (দৈনিক এঘণ্টা পঢ়োৱাৰ বাবে) মাত্ৰ ১০০ টকাহে হৈছিল, কিন্তু তেওঁৰ সেই মাচুল আদায়ৰ পদ্ধতি সম্পূৰ্ণ ব্যতিক্ৰম আছিল। যদি এটা শ্ৰেণীত মাত্ৰ এজন শিক্ষাৰ্থী থাকিছিল, তেন্তে তেওঁ ১০০ টকা আদায় দিব লাগিছিল। দুজন থাকিলে দুয়োজনেই ৫০ টকাকৈ ভগাই দিব লাগিছিল। কিন্তু যদি একেটা শ্ৰেণীত ৫০ জন শিক্ষাৰ্থী একেলগে উপস্থিত থাকে, তেন্তে প্ৰতিজনৰ মাচুল মাত্ৰ ২ টকাকৈ পৰিছিল।
এই অভিনৱ ব্যৱস্থাৰ উদ্দেশ্য আছিল একেবাৰে স্পষ্ট পুৰণি দিল্লীৰ যিমান সম্ভৱ অধিক শিশুক শিক্ষাৰ আওতালৈ অনা। তেওঁ জানিছিল, অধিকসংখ্যক শিক্ষাৰ্থী একেলগে আহিলে মাচুল কমি যাব আৰু আৰ্থিক অসুবিধাৰ বাবে কোনো শিশুৱে শিক্ষা লাভৰ পৰা বঞ্চিত নহ'ব।
মৌলানা জুবেইৰ কুৰেশীৰ দৃঢ় বিশ্বাস আছিল যে, এবাৰ যদি কোনোবাই ভাষাৰ ব্যাকৰণ ভালদৰে বুজি পায়, তেন্তে পৃথিৱীৰ যিকোনো ভাষা সহজেই শিকিব পাৰে। তেওঁৰ এই জ্ঞানৰ পীঠস্থানত হিন্দু আৰু মুছলিম উভয় সম্প্ৰদায়ৰ শিশুৱে একেলগে শিক্ষা লাভ কৰিছিল।