সম্প্ৰীতি আৰু সমাজকল্যাণৰ এক অনন্য অধ্যায়ৰ সূচনা কৰিছে পাটনাৰ খানকাহ মুনেমিয়াই

Story by  atv | Posted by  Munni Begum • 19 h ago
পাটনাৰ খানকাহ মুনেমিয়া
পাটনাৰ খানকাহ মুনেমিয়া
 
মাহফুজ আলম / পাটনা
 
যি সময়ত সমাজত অৰ্থনৈতিক বৈষম্য, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অৱস্থা, সামাজিক বিভাজন আৰু সাম্প্ৰদায়িক উত্তেজনাৰ দৰে সমস্যাই গভীৰ ৰূপ ধাৰণ কৰিছে, তেনে সময়ত খানকাহসমূহৰ ভূমিকা কেৱল আধ্যাত্মিক পথপ্ৰদৰ্শনতে সীমাবদ্ধ হৈ থকা নাই। বৰং এই প্ৰতিষ্ঠানসমূহ মানৱ সেৱা, শিক্ষা, স্বাস্থ্যসেৱা আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই পৰম্পৰাৰ এক উজ্জ্বল নিদৰ্শন হৈছে পাটনা চহৰৰ খানকাহ মুনেমিয়া।  
 
ধৰ্ম, জাতি বা সম্প্ৰদায়ৰ কোনো ভেদাভেদ নকৰাকৈ খানকাহ মুনেমিয়াই আৰ্থিকভাৱে দুৰ্বল লোকসকলক সহায় আগবঢ়ায়, দৰিদ্ৰ শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা কৰে, স্বাস্থ্যসেৱা প্ৰদান কৰে আৰু আন্তঃধৰ্মীয় আলোচনাৰ জৰিয়তে পাৰস্পৰিক সম্প্ৰীতি, ভাতৃত্ববোধ আৰু ৰাষ্ট্ৰীয় ঐক্যৰ মূল্যবোধ অধিক সুদৃঢ় কৰি তোলে।
 
খানকাহ মুনেমিয়াত মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী
 
এই কাৰ্যকলাপসমূহে প্ৰমাণ কৰে যে, যেতিয়া ধৰ্মীয় প্ৰতিষ্ঠানসমূহে মানৱ সেৱা আৰু সামাজিক দায়বদ্ধতাক নিজৰ মূল লক্ষ্য হিচাপে গ্ৰহণ কৰে, তেতিয়া সিহঁতে এক শান্তিপূৰ্ণ, শিক্ষিত আৰু সম্প্ৰীতিপূৰ্ণ সমাজ গঢ়ি তোলাত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে।
 
শতিকা পুৰণি পৰম্পৰাক আগুৱাই নিয়াৰ প্ৰয়াস
 
শতিকাৰ পিছত শতিকা ধৰি খানকাহসমূহে আধ্যাত্মিক সাধনা, মানৱ সেৱা আৰু সামাজিক সম্প্ৰীতিৰ কেন্দ্ৰ হিচাপে সমাজত বিশেষ স্থান অধিকাৰ কৰি আহিছে। চুফী সাধকসকল আৰু তেওঁলোকৰ খানকাহসমূহৰ অন্যতম বৈশিষ্ট্য হৈছে ধৰ্ম, জাতি, বৰ্ণ, সম্প্ৰদায় বা সামাজিক মৰ্যাদাৰ ভিত্তিত কোনো বৈষম্য নকৰাকৈ সকলো মানুহৰ বাবে সেৱা আগবঢ়োৱা। নিঃস্বাৰ্থ সেৱা, উত্তম চৰিত্ৰ আৰু কল্যাণমূলক মনোভাৱৰ জৰিয়তে চুফী সাধকসকলে সকলো ধৰ্ম আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল।
 
এই গৌৰৱোজ্জ্বল পৰম্পৰাক আজিও আগুৱাই লৈ গৈ আছে পাটনা চহৰৰ মীঠান ঘাটস্থিত খানকাহ মুনেমিয়াই। নিজৰ সমাজকল্যাণমূলক কাৰ্যকলাপক অধিক সুসংগঠিত ৰূপ দিবলৈ ১৯৯৯ চনত খানকাহ মুনেমিয়াই ‘ছিলছিলা’ নামৰ এক সামাজিক, ধৰ্মীয়, শিক্ষামূলক, সাহিত্যিক আৰু জনকল্যাণমূলক সংগঠন গঠন কৰিছিল। প্ৰতিষ্ঠাৰ পিছৰে পৰা এই সংগঠনটোৱে শ শ দৰিদ্ৰ শিক্ষাৰ্থী আৰু হাজাৰ হাজাৰ ৰোগীক বিভিন্ন ধৰণৰ সহায় আগবঢ়াই আহিছে। সংগঠনটোৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ প্ৰসাৰ, স্বাস্থ্যসেৱা, ৰাষ্ট্ৰীয় সংহতি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি সুদৃঢ় কৰা। 
 
এই সংগঠনটো খানকাহ মুনেমিয়া মীঠান ঘাটৰ ছজ্জাদা নাছিন তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ইছলামিক পণ্ডিত মৌলানা ড০ শ্বামিমুদ্দিন আহমদ মুনামীৰ পৃষ্ঠপোষকতাত পৰিচালিত হয়। আনহাতে, অধ্যাপক মাছুদুৰ ৰহমানে সংগঠনটোৰ সচিব হিচাপে দায়িত্ব পালন কৰি আহিছে।
 
‘আৱাজ–দ্য ভইচ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অধ্যাপক মাছুদুৰ ৰহমানে কয় যে, ‘ছিলছিলা’ সম্পূৰ্ণৰূপে জনসাধাৰণৰ সহায়-সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল। তেওঁ কয়, সংগঠনটোৰ লক্ষ্য কেৱল শিক্ষাৰ প্ৰতি সজাগতা সৃষ্টি কৰাই নহয়, বৰং সমাজৰ আৰ্থিকভাৱে দুৰ্বল আৰু মৌলিক প্ৰয়োজন পূৰণ কৰিবলৈ সংগ্ৰাম কৰি থকা লোকসকলক বাস্তৱ সহায় আগবঢ়োৱাও।
 
শিক্ষাই ইতিবাচক পৰিৱৰ্তনৰ মূল ভেটি
 
অধ্যাপক মাছুদুৰ ৰহমানৰ মতে, এখন শিক্ষিত সমাজত ইতিবাচকভাৱে চিন্তা কৰাৰ, গঠনমূলকভাৱে কাম কৰাৰ লগতে দেশ আৰু সমাজৰ উন্নয়নত অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱাৰ ক্ষমতা থাকে। আনহাতে, নিৰক্ষৰতাই সমাজক ভিতৰৰ পৰাই দুৰ্বল কৰি তোলে। ইয়াৰ ফলত কুসংস্কাৰ, অপপ্ৰথা আৰু ভ্ৰান্ত ধাৰণাই স্থান লাভ কৰে আৰু শুদ্ধ-অশুদ্ধৰ মাজৰ পাৰ্থক্য ধূসৰ হৈ পৰে। 
 
খানকাহ মুনেমিয়াত আন্তঃধৰ্মীয় মত-বিনিময় অনুষ্ঠান
 
তেওঁৰ মতে, জ্ঞানৰ মূল্য সমগ্ৰ বিশ্বতেই স্বীকৃত। ইছলাম ধৰ্মতো জ্ঞান আহৰণ কৰাটো প্ৰতিগৰাকী ব্যক্তিৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে গণ্য কৰা হয়। সেয়েহে প্ৰতিগৰাকী শিশু আৰু প্ৰতিজন ব্যক্তিক শিক্ষাৰ প্ৰতি উৎসাহিত কৰিব লাগে। একে সময়তে, সমাজ আৰু সম্প্ৰদায়ভিত্তিক সংগঠনসমূহেও এই দায়িত্ব ল'ব লাগে, যাতে আৰ্থিক দুৰৱস্থাৰ বাবে কোনো যোগ্য শিক্ষাৰ্থীয়ে শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত হবলগীয়া নহয়। 
 
এই লক্ষ্য পূৰণৰ উদ্দেশ্যে ‘ছিলছিলা’ই প্ৰতিবছৰে প্ৰায় এশজন শিক্ষাৰ্থীক আৰ্থিক সহায় আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে বিভিন্ন পেছাভিত্তিক (Professional) পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীও অন্তৰ্ভুক্ত আছে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ মাচুল, পৰীক্ষাৰ মাচুল, কোচিংৰ ব্যয়, নামভৰ্তিৰ খৰচ আৰু আন শিক্ষাসংক্ৰান্তীয় প্ৰয়োজনীয় ব্যয় বহনত সহায় আগবঢ়োৱা হয়। এই সহায় মেট্ৰিকৰ পৰা স্নাতক স্তৰলৈকে অব্যাহত থাকে, যাতে যোগ্য শিক্ষাৰ্থীসকলে কোনো বাধা নোহোৱাকৈ শিক্ষা অব্যাহত ৰাখিব পাৰে।
 
উচ্চ শিক্ষাৰ ক্ষেত্ৰত সমান সুযোগ
 
বহু প্ৰতিভাৱান শিক্ষাৰ্থীয়ে কেৱল আৰ্থিক অসুবিধাৰ বাবেই উচ্চ শিক্ষা বা পেছাভিত্তিক শিক্ষা লাভৰ সুযোগ হেৰুৱাবলগীয়া হয়। অধ্যাপক মাছুদুৰ ৰহমানে কয়, কোনো এটা সংগঠনে এই সমস্যাৰ সম্পূৰ্ণ সমাধান কৰিব নোৱাৰে, যদিও আন্তৰিক প্ৰচেষ্টাৰ জৰিয়তে বহু পৰিৱৰ্তন আনিব পৰা যায়। নিজৰ সামৰ্থ্য অনুসৰি ‘ছিলছিলা’ ই এমবিবিএছ (MBBS), অভিযান্ত্ৰিক (Engineering), ডিপ্লমা আদি পেছাভিত্তিক পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা যোগ্য আৰু আৰ্থিকভাৱে অসচ্ছল শিক্ষাৰ্থীসকলক সহায় আগবঢ়াই আহিছে।
 
তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে, এই সংগঠনটোৱে চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক অনুদান লাভ নকৰে। সংগঠনটোৰ সকলো কল্যাণমূলক কাৰ্যসূচী সমাজৰ সচেতন আৰু সদিচ্ছাসম্পন্ন লোকসকলৰ স্বেচ্ছামূলক আৰ্থিক সহযোগিতাৰ জৰিয়তেই পৰিচালিত হয়।  
 
কাৰিকৰী শিক্ষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব
 
অধ্যাপক মাছুদুৰ ৰহমানৰ মতে, বৰ্তমানৰ যুগত প্ৰযুক্তি দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। সেয়েহে কম্পিউটাৰ শিক্ষা আৰু ডিজিটেল দক্ষতা প্ৰতিগৰাকী যুৱকৰ বাবে অত্যাৱশ্যকীয়। এই প্ৰয়োজনীয়তাক উপলব্ধি কৰি ‘ছিলছিলা’ই ২০১৮ চনত এখন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল। এই কেন্দ্ৰত ছয় মাহীয়া DCS (Diploma in Computer Software) পাঠ্যক্ৰম মাত্ৰ ৫০০ টকাৰ নামমাত্ৰ মাচুলত আগবঢ়োৱা হয়। এই কেন্দ্ৰত সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে একেলগে শিক্ষা গ্ৰহণ কৰে। আনকি যিসকল শিক্ষাৰ্থীয়ে এই সামান্য মাচুলখিনিও দিব নোৱাৰে, তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
 
শিক্ষাৰ লগতে চৰিত্ৰ গঠনৰ ওপৰতো সমান গুৰুত্ব
 
‘ছিলছিলা’ৰ বিশ্বাস যে, শিক্ষা কেৱল পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশৰ লগতে নৈতিক চৰিত্ৰও গঢ়ি উঠা উচিত। মৌলানা ড০ শ্বামিমুদ্দিন আহমদ মুনামীৰ তত্ত্বাৱধানত শিক্ষাৰ্থীসকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে ইছলামিক আদৰ্শৰ ভিত্তিত নৈতিক মূল্যবোধ গঢ়ি তোলাৰ উদ্দেশ্যে নিয়মীয়াকৈ বিভিন্ন সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। 
 
খানকাহ মুনেমিয়াত স্বাধীনতা দিৱস উদযাপন
 
ইয়াৰ উপৰি প্ৰবন্ধ লিখন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, ইছলামিক জ্ঞানৰ ওপৰত বস্তুনিষ্ঠ আৰু বৰ্ণনামূলক পৰীক্ষাৰো আয়োজন কৰা হয়। এই প্ৰতিযোগিতাসমূহত সফল হোৱা শিক্ষাৰ্থীসকলক বঁটা আৰু সন্মানৰ জৰিয়তে উৎসাহিত কৰা হয়। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পায়, সচেতনতা গঢ়ি উঠে আৰু শিক্ষাৰ প্ৰতি স্থায়ী আগ্ৰহৰ সৃষ্টি হয়।
 
অধ্যাপক মাছুদুৰ ৰহমানৰ মতে, কোনো সমাজেই শিক্ষিত নোহোৱাকৈ প্ৰকৃত অৰ্থত উন্নতি কৰিব নোৱাৰে।
 
দৰিদ্ৰ লোকসকলৰ বাবে স্বাস্থ্যসেৱা
 
‘ছিলছিলা’ৰ পৰিচালনা সমিতিৰ মতে, বহু লোকে আৰ্থিক অসুবিধা অথবা স্বাস্থ্য সম্পৰ্কীয় সচেতনতাৰ অভাৱৰ বাবে নিজৰ স্বাস্থ্যৰ প্ৰতি যথোচিত গুৰুত্ব দিব নোৱাৰে। এই সমস্যাৰ সমাধানৰ লক্ষ্যৰে সংগঠনটোৱে প্ৰতিসপ্তাহে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে, য'ত ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰা হয়।
 
বিশেষজ্ঞ চিকিৎসকসকলে ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজন অনুসৰি চিকিৎসাৰ ব্যৱস্থাও কৰে। ক'ভিড-১৯ মহামাৰীৰ সময়তো ‘ছিলছিলা’ই সক্ৰিয়ভাৱে সাহায্য আৰু ত্ৰাণ কাৰ্যত অংশগ্ৰহণ কৰিছিল আৰু বহু দুখীয়া পৰিয়ালৰ কাষত থিয় দিছিল। সংগঠনটোৱে ৰোগীসকলৰ বাবে আৰু মৃতদেহ কঢ়িয়াই নিয়াৰ উদ্দেশ্যে অতি কম খৰচত এম্বুলেঞ্চ সেৱাও আগবঢ়ায়। যিসকল পৰিয়ালে এই খৰচ বহন কৰিবলৈ সক্ষম নহয়, তেওঁলোকক এই সেৱা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়। এই সকলো পদক্ষেপে খানকাহসমূহে যুগে যুগে পালন কৰি অহা মানৱ সেৱাৰ ঐতিহ্যকেই প্ৰতিফলিত কৰে।
 
ভাতৃত্ববোধ আৰু ৰাষ্ট্ৰীয় সম্প্ৰীতি শক্তিশালী কৰাৰ প্ৰয়াস
 
‘ছিলছিলা’ৰ অন্যতম উল্লেখযোগ্য উদ্যোগ হৈছে আন্তঃধৰ্মীয় মত-বিনিময় কাৰ্যসূচী (Interfaith Interaction Programme)ৰ আয়োজন। এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকসকল একেলগে মিলিত হোৱাৰ সুযোগ লাভ কৰে। মত-বিনিময় আৰু আলোচনাৰ মাধ্যমে পৰস্পৰৰ মাজত থকা ভুল ধাৰণা দূৰ হয়, ইজনে-সিজনৰ প্ৰতি আস্থা আৰু বুজাবুজি বৃদ্ধি পায় আৰু সামাজিক সম্প্ৰীতি অধিক সুদৃঢ় হয়।
 
ৰাষ্ট্ৰীয় ঐক্য আৰু সম্প্ৰীতিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা
 
অধ্যাপক মাছুদুৰ ৰহমানে কয়, খানকাহসমূহে কেতিয়াও কেৱল শান্তি, ভ্ৰাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰাতেই নিজকে সীমাবদ্ধ কৰি ৰখা নাই; বৰঞ্চ এই মূল্যবোধসমূহক বাস্তৱ জীৱনত ৰূপায়ণ কৰি ৰাষ্ট্ৰীয় ঐক্য আৰু সামাজিক সংহতি শক্তিশালী কৰাৰ বাবে সদায় কাম কৰি আহিছে।   
 
তেওঁৰ মতে, শান্তি, সম্প্ৰীতি, সদ্ভাৱ আৰু পাৰস্পৰিক সন্মান ভাৰতীয় সভ্যতাৰ অন্যতম শ্ৰেষ্ঠ বৈশিষ্ট্য। চুফী প্ৰতিষ্ঠানসমূহে যুগে যুগে তৃণমূল পৰ্যায়ত এই মূল্যবোধসমূহ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁৰ বিশ্বাস যে, ন্যায়, প্ৰেম আৰু পাৰস্পৰিক বিশ্বাসৰ পৰিৱেশ অবিহনে এখন সভ্য আৰু সুস্থ সমাজ গঢ়ি তোলা সম্ভৱ নহয়। এই মহান ঐতিহ্যকে আজিও আগবঢ়াই লৈ গৈছে খানকাহ মুনেমিয়া মিঠান ঘাটে। ধৰ্ম, জাতি বা সম্প্ৰদায়ৰ ভেদাভেদ নকৰি সকলোকে আদৰণি জনোৱাৰ লগতে বিপদত পৰা লোকসকলক মানসিক সাহস আৰু প্ৰয়োজনীয় ব্যৱহাৰিক সহায় আগবঢ়াই আহিছে। 
 
কম্পিউটাৰ ক্লাছ আৰু অধ্যাপক মাছুদুৰ ৰহমান
 
সাহিত্যিক আৰু বৌদ্ধিক কাৰ্যকলাপ
 
'ছিলছিলা'ই নিয়মীয়াকৈ জ্ঞান-চৰ্চা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়োৱা বিশিষ্ট পণ্ডিত আৰু সাহিত্যিকসকলৰ স্মৃতিত আলোচনা-চক্ৰ, ছেমিনাৰ আৰু সন্মিলনৰ আয়োজন কৰে। ইয়াৰ উপৰি, ধৰ্ম, শিক্ষা আৰু সাহিত্য বিষয়ক বিভিন্ন গ্ৰন্থো প্ৰকাশ কৰে। এই গ্ৰন্থসমূহ বিদ্যালয়ৰ শিক্ষাৰ্থী, যুৱসমাজ আৰু বিভিন্ন শিক্ষানুষ্ঠানত বিতৰণ কৰা হয়, যাতে নতুন প্ৰজন্মই ইছলামৰ প্ৰামাণিক শিক্ষা আৰু আদৰ্শ সম্পৰ্কে সঠিক জ্ঞান লাভ কৰিব পাৰে।
 
অন্যান্য সমাজকল্যাণমূলক কাৰ্যসূচী
 
শিক্ষা আৰু স্বাস্থ্যসেৱাৰ উপৰি, প্ৰয়োজন অনুসৰি 'ছিলছিলা'ই আৰ্থিক সহায় আৰু আইনী পৰামৰ্শ বা সহায়ো আগবঢ়ায়। অধ্যাপক মাছুদুৰ ৰহমানে জনায় যে, প্ৰতিষ্ঠানটোৱে সাধাৰণ অৰ্থত জনসাধাৰণৰ পৰা চান্দা সংগ্ৰহ নকৰে। ইয়াৰ সকলো সমাজকল্যাণমূলক কাৰ্যসূচী প্ৰতিষ্ঠানটোৰ সদস্য আৰু সমাজৰ দানশীল ব্যক্তিসকলৰ স্বেচ্ছাসেৱামূলক আৰ্থিক সহযোগিতাৰে পৰিচালিত হয়। ৰমজান মাহত ছাদকা আৰু জাকাতৰ ধন সংগ্ৰহ কৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীত ব্যয় কৰা হয়। 'ছিলছিলা'ৰ কাৰ্যালয় খানকাহ মুনেমিয়া মিঠান ঘাটৰ চৌহদৰ ভিতৰতে অৱস্থিত। ইয়াৰ পৰাই সকলো সমাজসেৱামূলক আৰু কল্যাণমূলক কাৰ্যসূচীৰ সমন্বয় সাধন কৰা হয়।
 
ইয়াৰ লগতে, প্ৰতিবছৰে চহৰখনৰ সকলো প্ৰধান মুছলিম সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰি ঐক্যবদ্ধ ৰমজান সময়সূচী (Unified Ramadan Timetable) প্ৰস্তুত কৰা হয়। বহু বছৰ ধৰি এই সৰ্বসন্মত সময়সূচী নিয়মীয়াকৈ প্ৰকাশ আৰু অনুসৰণ কৰি অহা হৈছে। এই পদক্ষেপে সমাজৰ মাজত ঐক্য, সহযোগিতা আৰু পাৰস্পৰিক সমন্বয়ৰ প্ৰতি 'ছিলছিলা'ৰ দৃঢ় দায়বদ্ধতাক প্ৰতিফলিত কৰি আহিছে।