খানকাহ মানেৰ কেৱল এক আধ্যাত্মিকতাৰ কেন্দ্ৰই নহয়, বৰং ই সমাজকল্যাণ, শিক্ষা, জনসেৱাৰ বাবেও উৎসৰ্গিত এক প্ৰতিষ্ঠান। ইয়াত ভক্তসকলে আধ্যাত্মিক শান্তি লাভ কৰাৰ লগতে সামাজিক আৰু ব্যক্তিগত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলেও তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় লাভ কৰে। শৈক্ষিক সফলতাৰ আকাংক্ষিতসকলে ইয়াৰ পুথিভঁৰালৰ পৰা লাভৱান হয়, আনহাতে আন কিছুমানে কন্যাৰ বিবাহ বা শৈক্ষিক নিৰ্দেশনা আৰু অন্যান্য সামাজিক ক্ষেত্ৰতো এই প্ৰতিষ্ঠানে সক্ৰিয় ভূমিকা পালন কৰি আহিছে।
বৰ্তমানৰ ছাজ্জাদা নাশ্বিন, হজৰত ছৈয়দ শ্বাহ তাৰিক ইনায়াতুল্লাহ ফিৰদৌছীৰ মতে, খানকাহ মানেৰ শ্বৰীফ কেৱল এখন ধৰ্মীয় স্থান নহয়, বৰং ই ইতিহাস আৰু আধ্যাত্মিকতাৰ এক অনন্য সমন্বয়। খানকাহৰ মূল প্ৰৱেশদ্বাৰত হজৰত ছৈয়দনা মখদুম শ্বাহ দৌলত মানেৰীৰ হুজৰা (নামাজ কক্ষ) আছে। ইয়াতেই অধিকাংশ সময় তেওঁ উপাসনা আৰু আধ্যাত্মিক চিন্তাত অতিবাহিত কৰিছিল।
খানকাহ চৌহদৰ ভিতৰত প্ৰায় ৪০০ বছৰ পুৰণি এটি হাভেলী আজিও সংৰক্ষিত হৈ আছে। পৰম্পৰাগতভাৱে এই হাভেলী ছাজ্জাদা নাশ্বিন আৰু তেওঁৰ পৰিয়ালৰ বাসস্থান হিচাপে ব্যৱহাৰ হৈ আহিছে। এই হাভেলীৰ ভিতৰত আজিও দুমহলীয়া মাটিৰে নিৰ্মিত ঘৰ আৰু কেইবাটাও প্ৰাচীন কোঠা সংৰক্ষিত হৈ আছে, যিয়ে এই ঐতিহাসিক স্থানৰ গৌৰৱময় অতীতৰ সাক্ষ্য বহন কৰে।
প্ৰথমে এই অট্টালিকাটো বাৰাদাৰী (১২টা দুৱাৰ থকা মণ্ডপ)ৰ শৈলীত নিৰ্মাণ কৰা হৈছিল। পিছলৈ পুৰণি গৃহটো ক্ষতিগ্ৰস্ত হৈ ভাঙি যোৱাৰ পিছত তাৰ ঠাইত অধিক বিশাল তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰা হয়। এই অট্টালিকাৰ আধা অংশ পুৰুষ দৰ্শনাৰ্থীৰ বাবে নিৰ্ধাৰণ কৰা হৈছে, আনহাতে আন আধা অংশত মহিলাৰ বাবে আৰামদায়ক বাসস্থানৰ ব্যৱস্থা কৰা হৈছে।
খানকাহ মানেৰ শ্বৰীফ
এই সমগ্ৰ অট্টালিকাটো ছামা খানাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। এই বিশাল প্ৰেক্ষাগৃহত একেলগে প্ৰায় এহাজাৰজন লোক বহিব পাৰে। এই স্থাপত্যৰ এক বিশেষ বৈশিষ্ট্য হ'ল, সমগ্ৰ প্ৰেক্ষাগৃহৰ মাজভাগত কোনো খুঁটি (Pillar) নাই। ফলত ভিতৰত এক বিস্তৃত, মুকলি আৰু বাধাহীন পৰিসৰ সৃষ্টি হৈছে। বৰ্তমানৰ ছাজ্জাদা নাশ্বিন হজৰত ছৈয়দ শ্বাহ তাৰিক ইনায়তুল্লাহ ফিৰদৌছীৰ সময়তেই খানকাহৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ অংশ হিচাপে এই দৃষ্টিনন্দন অট্টালিকাটো নিৰ্মাণ কৰা হৈছে।
মখদুম ইয়াহিয়া মানেৰী গৱেষণা কেন্দ্ৰ
ছাজ্জাদা নাশ্বিন হজৰত ছৈয়দ শ্বাহ তাৰিক ইনায়তুল্লাহ ফিৰদৌছীৰ মতে, হজৰত ছৈয়দনা ইমাম মহম্মদ ইবনে আবু বকৰ হাশ্বিমী (ৰাঃ)এ যি জ্ঞানচৰ্চা, গ্ৰন্থ ৰচনা, গৱেষণা আৰু বৌদ্ধিক সাধনাৰ পৰম্পৰা আৰম্ভ কৰিছিল, সেই মহৎ ধাৰাক আগুৱাই নিয়াৰ উদ্দেশ্যে মখদুম ইয়াহিয়া মানেৰী গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে।
এই গ্ৰন্থসমূহ গৱেষণা কেন্দ্ৰৰ অন্যতম উল্লেখযোগ্য বিদ্বৎপূৰ্ণ অৱদান হিচাপে বিবেচিত হৈছে।
খানকাহ মানেৰ শ্বৰীফ
মখদুম শ্বাহ দৌলত মানেৰী পুথিভঁৰাল
খানকাহৰ প্ৰতিষ্ঠাপকৰ সংগৃহীত মূল্যৱান গ্ৰন্থসম্ভাৰক অধিক সমৃদ্ধ আৰু সুসংগঠিত কৰি মখদুম শ্বাহ দৌলত মানেৰী পুথিভঁৰাল নামেৰে গঢ়ি তোলা হৈছে। এই পুথিভঁৰালটোত প্ৰাচীন আৰু আধুনিক উভয় ধৰণৰ অসংখ্য মূল্যৱান গ্ৰন্থ সংৰক্ষিত হৈ আছে। বিশেষকৈ ইয়াত থকা দুৰ্লভ হস্তলিখিত পাণ্ডুলিপিসমূহ এই পুথিভঁৰালৰ আটাইতকৈ মূল্যৱান সম্পদ হিচাপে গণ্য কৰা হয়।
এই পুথিভঁৰালত সংৰক্ষিত উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত আছে, মালিক মহম্মদ জয়ছীৰ পদ্মৱত, মুল্লা মহম্মদ দাউদৰ চান্দায়ান, মখদুম শ্বৰাফুদ্দিন ইয়াহিয়া মানেৰী (ৰাঃ)ৰ মকতুবাত আৰু মালফুজাত, লগতে মখদুম হিদায়তুল্লাহ মানেৰীৰ হিদায়ত আল কাৱাঈদ। এই অমূল্য পাণ্ডুলিপি আৰু গ্ৰন্থসমূহৰ বাবে এই পুথিভঁৰালক অঞ্চলটোৰ ইছলামিক অধ্যয়ন, সাহিত্য আৰু ইতিহাস গৱেষণাৰ অন্যতম গুৰুত্বপূৰ্ণ ভঁৰাল হিচাপে গণ্য কৰা হয়।
মখদুম জলিল মানেৰী পাব্লিছিং একাডেমী
মখদুম জলিল মানেৰী পাব্লিছিং একাডেমী হৈছে খানকাহ মানেৰ শ্বৰীফৰ চৰকাৰী প্ৰকাশন সংস্থা। এই একাডেমীয়ে গৱেষণা কেন্দ্ৰত প্ৰস্তুত হোৱা গ্ৰন্থসমূহ প্ৰকাশ কৰাৰ দায়িত্ব পালন কৰে। ইয়াৰ অন্যতম উল্লেখযোগ্য প্ৰকাশনা হৈছে 'তাজকিৰাহ মখদুমান-ই-মুনীৰ' (হিন্দী সংস্কৰণ), যিখন ইতিমধ্যে প্ৰকাশ পাই গৱেষক, পণ্ডিত আৰু সাধাৰণ পাঠকৰ বাবে উপলব্ধ কৰা হৈছে।
ইয়াৰোপৰি আন কেইবাখনো গ্ৰন্থ বৰ্তমান প্ৰকাশৰ বিভিন্ন পৰ্যায়ত আছে। এই গ্ৰন্থসমূহ প্ৰকাশ পোৱাৰ পিছত খানকাহ মানেৰ শ্বৰীফৰ জ্ঞান-ঐতিহ্য, সাহিত্য আৰু গৱেষণাৰ ভঁৰাল অধিক সমৃদ্ধ হ'ব বুলি আশা কৰা হৈছে।