চুফী ঐতিহ্যৰ প্ৰতীক খানকাহ মানেৰ শ্বৰীফ আজিও সমাজ গঢ়াত ব্ৰতী

Story by  atv | Posted by  Munni Begum • 6 h ago
খানকাহ মানেৰ শ্বৰীফ
খানকাহ মানেৰ শ্বৰীফ
 
মনছুৰুদ্দিন ফাৰিদী 
 
ভাৰতীয় উপমহাদেশৰ প্ৰাচীন আধ্যাত্মিক ঐতিহ্যৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈছে খানকাহ মানেৰ শ্বৰীফ। ইয়াত ইতিহাস, চুফীবাদ, জ্ঞান-চৰ্চা আৰু সমাজসেৱাৰ এক অপূৰ্ব সমন্বয় দেখা যায়। ই কেৱল মহান চুফী সাধকসকলৰ স্মৃতিসৌধেই নহয়, বৰং সমাজৰ বাস্তৱ প্ৰয়োজন পূৰণৰ বাবে অবিৰতভাৱে কাম কৰি অহা এক জীৱন্ত প্ৰতিষ্ঠান। ধৰ্মীয় শিক্ষাৰ লগতে আধুনিক শিক্ষা, গৱেষণা, পুথিভঁৰাল সেৱা, স্বাস্থ্যসেৱা, দৰিদ্ৰ কন্যাৰ বিবাহ, আৰু শিক্ষাৰ্থীসকলক বিভিন্ন দিশত পথপ্ৰদৰ্শন কৰা আদিৰ দৰে বহু সমাজকল্যাণমূলক কাৰ্যসূচীৰ জৰিয়তে এই খানকাহে বহুমুখী সেৱাৰ দৃষ্টান্ত স্থাপন কৰি আহিছে। 
 
যি সময়ত যুৱ প্ৰজন্ম বৌদ্ধিক অনিশ্চয়তা, তীব্ৰ শিক্ষাগত প্ৰতিযোগিতা আৰু বিভিন্ন সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেই সময়তেই খানকাহ মানেৰ শ্বৰীফে সংযম, নৈতিকতা, মানৱসেৱা আৰু জ্ঞানচৰ্চাৰ এক আদৰ্শ আৰ্হি উপস্থাপন কৰিছে। এই খানকাহে এই বাৰ্তা প্ৰেৰণ কৰে যে, আধ্যাত্মিকতা কেৱল উপাসনাত সীমাবদ্ধ নহয়; বৰং শিক্ষা, গৱেষণা, সমাজকল্যাণ, আন্তঃধৰ্মীয় সম্প্ৰীতি, দেশসেৱা আৰু চৰিত্ৰ গঠনৰ জৰিয়তে এখন উন্নত সমাজ গঢ়ি তোলা সম্ভৱ। এই দৃষ্টিভংগীয়েই বৰ্তমান সময়ত এই প্ৰতিষ্ঠানক অধিক তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।
 
 
খানকাহ মানেৰ শ্বৰীফ: ইতিহাস আৰু ঐতিহ্য
 
খানকাহ মানেৰ শ্বৰীফে এনে এখন পবিত্ৰ ভূমিৰ পৰিচয় দিয়ে, যিখন ভূমিক যুগ যুগ ধৰি চুফী সন্ত আৰু আধ্যাত্মিক গুৰুসকলৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। মানেৰ শ্বৰীফ ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনাৰ সমীপত অৱস্থিত এখন সৰু চহৰ। বহু যুগ ধৰি ই অসংখ্য চুফী সন্ত আৰু  সাধকৰ বাসস্থান হিচাপে পৰিচিত হৈ আহিছে। ইয়াৰ সুনামৰ প্ৰতি আকৰ্ষিত হৈ বহু চুফী, ইছলামীক পণ্ডিত, আধ্যাত্মিক গুৰু আৰু শাসকে এই চহৰখন ভ্ৰমণ কৰিছিল আৰু অৱশেষত তেওঁলোকৰ বহুতকে ইয়াৰ ভূমিত শেষকৃত্য সম্পন্ন কৰা হৈছিল। 
 
প্ৰচলিত বিৱৰণ অনুসৰি, বিহাৰত ইছলামৰ পোহৰ প্ৰথমবাৰৰ বাবে এই অঞ্চলৰ পৰাই বিয়পি পৰিছিল। কোৱা হয়, মখদুম আৰিফ মুমিন (ৰাঃ) বিহাৰৰ ভূমিত পদাৰ্পণ কৰা প্ৰথমগৰাকী মুছলমান আছিল। হিজৰী ৫৭৬ চনত তেওঁ ভ্ৰমণ আৰু ব্যৱসায়ৰ উদ্দেশ্যে বিহাৰলৈ আহি মানেৰ চহৰত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল।
 
যুগ যুগ ধৰি মানেৰ শ্বৰীফ জ্ঞান, আধ্যাত্মিকতা, ৰহস্যবাদৰ কেন্দ্ৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত হৈ আহিছে। ইয়াত অৱস্থিত দুটা ঐতিহাসিক দৰগাহ জনপ্ৰিয়ভাৱে 'বড়ী দৰগাহ আৰু ছোটী দৰগাহ' নামেৰে পৰিচিত। যিয়ে আজিও দেশ-বিদেশৰ পৰা অহা অসংখ্য ভক্তক আকৰ্ষণ কৰি আহিছে। বিশিষ্ট চুফী সন্ত মখদুম ইয়াহিয়া মানেৰী (ৰাঃ)ৰ দৰগাহক 'বড়ী দৰগাহ' বুলি জনা যায়, আনহাতে মখদুম শ্বাহ দৌলাত (ৰাঃ)ৰ দৰগাহ সাধাৰণতে  'ছোটী দৰগাহ' বুলি কোৱা হয়। মানেৰ শ্বৰীফ কেৱল এখন ঐতিহাসিক স্থানেই নহয়; বৰং ই জ্ঞান, প্ৰেম আৰু মানৱতাৰ এক গৌৰৱময় আধ্যাত্মিক উত্তৰাধিকাৰৰ ৰক্ষক, যিয়ে শতিকাজুৰি লাখ লাখ মানুহৰ হৃদয়ক স্পৰ্শ কৰি আহিছে। 
 
খানকাহ মানেৰ: সমাজসেৱা আৰু শিক্ষাৰ এক কেন্দ্ৰ
 
খানকাহ মানেৰ কেৱল এক আধ্যাত্মিকতাৰ কেন্দ্ৰই নহয়, বৰং ই সমাজকল্যাণ, শিক্ষা, জনসেৱাৰ বাবেও উৎসৰ্গিত এক প্ৰতিষ্ঠান। ইয়াত ভক্তসকলে আধ্যাত্মিক শান্তি লাভ কৰাৰ লগতে সামাজিক আৰু ব্যক্তিগত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলেও তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় লাভ কৰে। শৈক্ষিক সফলতাৰ আকাংক্ষিতসকলে ইয়াৰ পুথিভঁৰালৰ পৰা লাভৱান হয়, আনহাতে আন কিছুমানে কন্যাৰ বিবাহ বা শৈক্ষিক নিৰ্দেশনা আৰু অন্যান্য সামাজিক ক্ষেত্ৰতো এই প্ৰতিষ্ঠানে সক্ৰিয় ভূমিকা পালন কৰি আহিছে।
 
খানকাহ মানেৰ শ্বৰীফ
 
ছৈয়দ শ্বাহ তাৰিক ইনায়াতুল্লাহ ফিৰদৌছী মানেৰী, দৰগাহৰ ছাজ্জাদা নাশ্বিন, মুতাৱাল্লী, আৰু দিৱান আৰু খানকাহ মানেৰ শ্বৰীফৰ মতে, তেওঁলোকৰ অহৰহ প্ৰচেষ্টা হ'ল খানকালৈ অহা প্ৰতিজন ব্যক্তিয়ে যাতে তেওঁলোকৰ অসুবিধাৰ পৰা সকাহ লৈ উভতি যাব পাৰে।
 
এই কাৰণেই খানকাহত নিয়মিতভাৱে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় আৰু অভাৱগ্ৰস্ত যুৱতীৰ বিবাহৰ ব্যৱস্থা কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে ইয়াত এটা পুথিভঁৰালও আছে, যিটো অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা পৰীক্ষাৰ্থীসকলে সঘনাই ব্যৱহাৰ কৰে। অঞ্চলটোৰ বাহিৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে থকাৰ ব্যৱস্থা আৰু খাদ্যৰ ব্যৱস্থা কৰা হয়। কিয়নো এই পুথিভঁৰালটোত বহু দুৰ্লভ গ্ৰন্থ আৰু মূল্যৱান হাতে লিখা পাণ্ডুলিপি সংৰক্ষিত হৈ আছে। 
 
ছৈয়দ শ্বাহ তাৰিক ইনায়তুল্লাহ ফিৰদৌছী মানেৰীৰ ভাষ্যমতে
 
খানকাহ মানেৰ শ্বৰীফৰ প্ৰতিষ্ঠা কৰিছিল হজৰত ছৈয়দনা ইমাম মহম্মদ ইবনে আবু বকৰ হাশ্বিমীয়ে। তেওঁৰ পবিত্ৰ হাতেৰেই মানেৰ শ্বৰীফৰ ভূমিত এই খানকাহৰ ভেটি স্থাপন কৰা হৈছিল। এই প্ৰতিষ্ঠানক ভাৰতীয় উপমহাদেশৰ আটাইতকৈ পুৰণি খানকাহ বুলি গণ্য কৰা হয়। ইমাম মহম্মদ ইবনে আবু বকৰ হাশ্বিমীৰ জন্ম আনুমানিক হিজৰী ৪৫০ চনত হৈছিল। তেওঁ বাগদাদৰ বিখ্যাত নিজামিয়া মাদ্ৰাছাত অধ্যয়ন কৰি শিক্ষা সম্পূৰ্ণ কৰিছিল। সমকালীন ইছলামী জ্ঞানৰ বিভিন্ন শাখাত তেওঁ এনে অসাধাৰণ পাৰদৰ্শিতা অৰ্জন কৰিছিল যে, তেওঁক "তাজ আল-ফুকাহা" (Taj al-Fuqaha) অৰ্থাৎ "ফকীহৰ মুকুট" উপাধিৰে সন্মানিত কৰা হৈছিল। পিছলৈ এই উপাধিয়েই সংক্ষেপে "তাজ ফকীহ" নামেৰে অধিক পৰিচিত হয়। 
 
ভাৰতলৈ আগমন
 
ষষ্ঠ হিজৰী শতিকাত ইমাম তাজ ফকীহে নিজৰ জন্মভূমি জেৰুজালেম (বাইতুল মুকাদ্দাছ) ত্যাগ কৰি পৰিয়ালৰ সৈতে ভাৰতলৈ আহে আৰু মানেৰ শ্বৰীফত বসতি স্থাপন কৰে। কিছু বছৰ ইয়াত বাস কৰাৰ পিছত তেওঁ পৰিয়ালক মানেৰতে থৈ পুনৰ নিজৰ জন্মভূমিলৈ উভতি যায়। এই সময়ছোৱাতেই ইমাম তাজ ফকীহ (ৰাঃ)-এ মানেৰ শ্বৰীফত এক শিক্ষাকেন্দ্ৰৰ ভেটি স্থাপন কৰিছিল। বৰ্তমান সেই ঐতিহ্যই জামিয়া ইমাম তাজ আল-ফুকাহাৰ নতুন ৰূপত বিদ্যমান। পিছলৈ তেওঁৰ সংগ্ৰহত থকা অমূল্য গ্ৰন্থ সংকলন  অধিক সমৃদ্ধ কৰি মখদুম শ্বাহ দৌলত মানেৰী পুথিভঁড়াল নামেৰে গঢ়ি তোলা হয়। 
 
খানকাহ মানেৰ শ্বৰীফ দৰগাহ
 
ইমাম তাজ ফকীহ (ৰাঃ)-এ আৰম্ভ কৰা গ্ৰন্থ ৰচনা, জ্ঞানচৰ্চা, গৱেষণা আৰু বৌদ্ধিক সাধনাৰ ঐতিহ্য আজিও মখদুম ইয়াহিয়া মানেৰী গৱেষণা কেন্দ্ৰৰ নামেৰে জনাজাত এটা প্ৰতিষ্ঠানৰ জৰিয়তে আগবঢ়াই নিয়া হৈছে। 
 
খানকাহৰ এক চমু পৰিচয়
 
বৰ্তমানৰ ছাজ্জাদা নাশ্বিন, হজৰত ছৈয়দ শ্বাহ তাৰিক ইনায়াতুল্লাহ ফিৰদৌছীৰ মতে, খানকাহ মানেৰ শ্বৰীফ কেৱল এখন ধৰ্মীয় স্থান নহয়, বৰং ই ইতিহাস আৰু আধ্যাত্মিকতাৰ এক অনন্য সমন্বয়। খানকাহৰ মূল প্ৰৱেশদ্বাৰত হজৰত ছৈয়দনা মখদুম শ্বাহ দৌলত মানেৰীৰ হুজৰা (নামাজ কক্ষ) আছে। ইয়াতেই অধিকাংশ সময় তেওঁ উপাসনা আৰু আধ্যাত্মিক চিন্তাত অতিবাহিত কৰিছিল। 
 
খানকাহ চৌহদৰ ভিতৰত প্ৰায় ৪০০ বছৰ পুৰণি এটি হাভেলী আজিও সংৰক্ষিত হৈ আছে। পৰম্পৰাগতভাৱে এই হাভেলী ছাজ্জাদা নাশ্বিন আৰু তেওঁৰ পৰিয়ালৰ বাসস্থান হিচাপে ব্যৱহাৰ হৈ আহিছে। এই হাভেলীৰ ভিতৰত আজিও দুমহলীয়া মাটিৰে নিৰ্মিত ঘৰ আৰু কেইবাটাও প্ৰাচীন কোঠা সংৰক্ষিত হৈ আছে, যিয়ে এই ঐতিহাসিক স্থানৰ গৌৰৱময় অতীতৰ সাক্ষ্য বহন কৰে। 
 
প্ৰথমে এই অট্টালিকাটো বাৰাদাৰী (১২টা দুৱাৰ থকা মণ্ডপ)ৰ শৈলীত নিৰ্মাণ কৰা হৈছিল। পিছলৈ পুৰণি গৃহটো ক্ষতিগ্ৰস্ত হৈ ভাঙি যোৱাৰ পিছত তাৰ ঠাইত অধিক বিশাল তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰা হয়। এই অট্টালিকাৰ আধা অংশ পুৰুষ দৰ্শনাৰ্থীৰ বাবে নিৰ্ধাৰণ কৰা হৈছে, আনহাতে আন আধা অংশত মহিলাৰ বাবে আৰামদায়ক বাসস্থানৰ ব্যৱস্থা কৰা হৈছে।
 
খানকাহ মানেৰ শ্বৰীফ
 
এই সমগ্ৰ অট্টালিকাটো ছামা খানাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। এই বিশাল প্ৰেক্ষাগৃহত একেলগে প্ৰায় এহাজাৰজন লোক বহিব পাৰে। এই স্থাপত্যৰ এক বিশেষ বৈশিষ্ট্য হ'ল, সমগ্ৰ প্ৰেক্ষাগৃহৰ মাজভাগত কোনো খুঁটি (Pillar) নাই। ফলত ভিতৰত এক বিস্তৃত, মুকলি আৰু বাধাহীন পৰিসৰ সৃষ্টি হৈছে। বৰ্তমানৰ ছাজ্জাদা নাশ্বিন হজৰত ছৈয়দ শ্বাহ তাৰিক ইনায়তুল্লাহ ফিৰদৌছীৰ সময়তেই খানকাহৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ অংশ হিচাপে এই দৃষ্টিনন্দন অট্টালিকাটো নিৰ্মাণ কৰা হৈছে।
 
মখদুম ইয়াহিয়া মানেৰী গৱেষণা কেন্দ্ৰ
 
ছাজ্জাদা নাশ্বিন হজৰত ছৈয়দ শ্বাহ তাৰিক ইনায়তুল্লাহ ফিৰদৌছীৰ মতে, হজৰত ছৈয়দনা ইমাম মহম্মদ ইবনে আবু বকৰ হাশ্বিমী (ৰাঃ)এ যি জ্ঞানচৰ্চা, গ্ৰন্থ ৰচনা, গৱেষণা আৰু বৌদ্ধিক সাধনাৰ পৰম্পৰা আৰম্ভ কৰিছিল, সেই মহৎ ধাৰাক আগুৱাই নিয়াৰ উদ্দেশ্যে মখদুম ইয়াহিয়া মানেৰী গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে। 
 
এই কেন্দ্ৰটোৱেই ইছলামী অধ্যয়ন, চুফী সাহিত্য, ইতিহাস, গৱেষণা আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু খানকাহ মানেৰ শ্বৰীফৰ জ্ঞান-ঐতিহ্যক নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়াত বিশেষ অৱদান আগবঢ়াইছে। মখদুম ইয়াহিয়া মানেৰী গৱেষণা কেন্দ্ৰই বৰ্তমান গৱেষণা আৰু বিদ্যাচৰ্চাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে। প্ৰতিষ্ঠাৰ মাত্ৰ এবছৰৰ ভিতৰতে কেন্দ্ৰটোৱে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশৰ বাবে প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য—
 
তাজকিৰাহ মখদুমান-ই-মুনীৰ (উৰ্দু আৰু হিন্দী)
নছব নামা মখদুমান-ই-মুনীৰ (আৰবী আৰু পাৰ্চীৰ পৰা উৰ্দু আৰু হিন্দীলৈ অনূদিত)
ছাজাৰাহ মখদুমান-ই-মুনীৰ (উৰ্দু আৰু হিন্দী)
তবৰ্ৰুকাত মখদুমান-ই-মুনীৰ (উৰ্দু আৰু হিন্দী)
দুৰূদ মখদুমান-ই-মুনীৰ (উৰ্দু আৰু হিন্দী)
হিকায়াত মখদুমান-ই-মুনীৰ (উৰ্দু আৰু হিন্দী)
 
এই গ্ৰন্থসমূহ গৱেষণা কেন্দ্ৰৰ অন্যতম উল্লেখযোগ্য বিদ্বৎপূৰ্ণ অৱদান হিচাপে বিবেচিত হৈছে।
 
খানকাহ মানেৰ শ্বৰীফ
 
মখদুম শ্বাহ দৌলত মানেৰী পুথিভঁৰাল 
 
খানকাহৰ প্ৰতিষ্ঠাপকৰ সংগৃহীত মূল্যৱান গ্ৰন্থসম্ভাৰক অধিক সমৃদ্ধ আৰু সুসংগঠিত কৰি মখদুম শ্বাহ দৌলত মানেৰী পুথিভঁৰাল নামেৰে গঢ়ি তোলা হৈছে। এই পুথিভঁৰালটোত প্ৰাচীন আৰু আধুনিক উভয় ধৰণৰ অসংখ্য মূল্যৱান গ্ৰন্থ সংৰক্ষিত হৈ আছে। বিশেষকৈ ইয়াত থকা দুৰ্লভ হস্তলিখিত পাণ্ডুলিপিসমূহ এই পুথিভঁৰালৰ আটাইতকৈ মূল্যৱান সম্পদ হিচাপে গণ্য কৰা হয়।
 
এই পুথিভঁৰালত সংৰক্ষিত উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত আছে, মালিক মহম্মদ জয়ছীৰ পদ্মৱত, মুল্লা মহম্মদ দাউদৰ চান্দায়ান, মখদুম শ্বৰাফুদ্দিন ইয়াহিয়া মানেৰী (ৰাঃ)ৰ মকতুবাত আৰু মালফুজাত, লগতে মখদুম হিদায়তুল্লাহ মানেৰীৰ হিদায়ত আল কাৱাঈদ। এই অমূল্য পাণ্ডুলিপি আৰু গ্ৰন্থসমূহৰ বাবে এই পুথিভঁৰালক অঞ্চলটোৰ ইছলামিক অধ্যয়ন, সাহিত্য আৰু ইতিহাস গৱেষণাৰ অন্যতম গুৰুত্বপূৰ্ণ ভঁৰাল হিচাপে গণ্য কৰা হয়। 
 
মখদুম জলিল মানেৰী পাব্লিছিং একাডেমী
 
মখদুম জলিল মানেৰী পাব্লিছিং একাডেমী হৈছে খানকাহ মানেৰ শ্বৰীফৰ চৰকাৰী প্ৰকাশন সংস্থা। এই একাডেমীয়ে গৱেষণা কেন্দ্ৰত প্ৰস্তুত হোৱা গ্ৰন্থসমূহ প্ৰকাশ কৰাৰ দায়িত্ব পালন কৰে। ইয়াৰ অন্যতম উল্লেখযোগ্য প্ৰকাশনা হৈছে 'তাজকিৰাহ মখদুমান-ই-মুনীৰ' (হিন্দী সংস্কৰণ), যিখন ইতিমধ্যে প্ৰকাশ পাই গৱেষক, পণ্ডিত আৰু সাধাৰণ পাঠকৰ বাবে উপলব্ধ কৰা হৈছে। 
 
ইয়াৰোপৰি আন কেইবাখনো গ্ৰন্থ বৰ্তমান প্ৰকাশৰ বিভিন্ন পৰ্যায়ত আছে। এই গ্ৰন্থসমূহ প্ৰকাশ পোৱাৰ পিছত খানকাহ মানেৰ শ্বৰীফৰ জ্ঞান-ঐতিহ্য, সাহিত্য আৰু গৱেষণাৰ ভঁৰাল অধিক সমৃদ্ধ হ'ব বুলি আশা কৰা হৈছে।