মাৰাত্মক ৰোগত আক্ৰান্ত ১৪ মাহীয়া শিশু গাৰ্গীক বচাবলৈ পুনেৰ জামা মছজিদে আগবঢ়ালে আৰ্থিক অনুদান

Story by  atv | Posted by  Munni Begum • 1 h ago
 ১৪ মাহীয়া শিশু গাৰ্গীক বচাবলৈ পুনেৰ জামা মছজিদে আগবঢ়ালে আৰ্থিক অনুদান
১৪ মাহীয়া শিশু গাৰ্গীক বচাবলৈ পুনেৰ জামা মছজিদে আগবঢ়ালে আৰ্থিক অনুদান
 
ভক্তি চালক / পুনে
 
'মানৱতাৰ কোনো ধৰ্ম নাই। বিপদৰ সময়ত যিসকলে সহায়ৰ হাত আগবঢ়ায়, তেওঁলোকেই প্ৰকৃত অৰ্থত মানৱতাৰ প্ৰতীক' এই কথাষাৰ যেন পুনৰ এবাৰ প্ৰমাণিত হ’ল পুনেৰ ৱাঘোলি অঞ্চলত। মাত্ৰ ১৪ মাহীয়া এটি শিশুৰ জীৱন ৰক্ষাৰ বাবে চলাই থকা কঠিন যুঁজৰ মাজতে ৱাঘোলিৰ জামা মছজিদে গ্ৰহণ কৰিলে এক সংবেদনশীল আৰু প্ৰশংসনীয় পদক্ষেপ।
 
১০ কোটি টকাৰ প্ৰত্যাহ্বান 
 
আজিৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত বহু বিৰল ৰোগে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই ৰোগসমূহৰ বলি হোৱা অধিকাংশই হৈছে কণমানি শিশু। বিৰল ৰোগৰ পৰীক্ষা-নিৰীক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা নথকা, দুৰ্বল চৰকাৰী নীতি আৰু সীমিত সংখ্যক ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানৰ বাবে এনে ৰোগৰ ঔষধৰ মূল্য সাধাৰণ পৰিয়ালৰ সামৰ্থ্যৰ সম্পূৰ্ণ বাহিৰত থাকে। ফলত ৰোগীৰ পৰিয়ালসমূহে অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়।
 
 
পুনেৰ ৱাঘোলিত বাস কৰা যাদৱ পৰিয়ালটোও বৰ্তমান এনে এক ভয়ংকৰ সংকটৰ মাজেৰে পাৰ হৈছে। তেওঁলোকৰ ১৪ মাহীয়া মৰমলগা কন্যা গাৰ্গী যাদৱে 'স্পাইনেল মাছকুলাৰ এট্ৰফি টাইপ ১' (Spinal Muscular Atrophy Type 1) নামৰ এক বিৰল ৰোগৰ সৈতে যুঁজি আছে। গাৰ্গীৰ এই কঠিন যুঁজৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ৱাঘোলিৰ মুছলমান সমাজে তাৎক্ষণিকভাৱে সহায়ৰ হাত আগবঢ়ায়।
 
ৱাঘোলি মুছলিম ৱেলফেয়াৰ এছ’চিয়েচন আৰু জামা মছজিদৰ ট্ৰাষ্টীসকলে কণমানিজনীৰ জীৱন ৰক্ষাৰ বাবে উদ্যোগ গ্ৰহণ কৰে। শুকুৰবাৰৰ জুম্মাৰ নামাজৰ সময়ত মছজিদত উপস্থিত থকা শ শ লোকক গাৰ্গীৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় আগবঢ়াবলৈ আৰু শিশুগৰাকীৰ সুস্বাস্থ্য তথা দীঘলীয়া জীৱনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনোৱা হয়। 
 
এই সামাজিক দায়বদ্ধতাৰ বিষয়ে 'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত জামা মছজিদৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত এচিপি জানমহম্মদ পাঠানে কয় যে, তেওঁলোকৰ সংগঠনে জাতি-ধৰ্মৰ কোনো ভেদাভেদ নকৰাকৈ বহু বছৰ ধৰি সমাজৰ বাবে কাম কৰি আহিছে।
 
তেওঁ কয়, “দৰিদ্ৰ আৰু প্ৰয়োজনীয় শিক্ষাৰ্থীক সহায় কৰাৰ পৰা আৰম্ভ কৰি ৰক্তদানলৈকে আমি সদায় আগত থাকিবলৈ চেষ্টা কৰোঁ।”
 
গাৰ্গীক সহায় কৰাৰ সন্দৰ্ভত তেওঁ কয়, “গাৰ্গীৰ অসুস্থতাৰ বিষয়ে জানিব পাৰি আমি অনুভৱ কৰিলোঁ যে এগৰাকী নিৰীহ শিশুৰ জীৱন ৰক্ষা কৰাটো এগৰাকী মানুহ হিচাপে আমাৰ প্ৰকৃত দায়িত্ব। সেই দায়িত্ববোধৰ পৰাই আমি এই উদ্যোগ গ্ৰহণ কৰিলোঁ। জুম্মাৰ নামাজলৈ অহা প্ৰতিগৰাকী ভাতৃক আমি গাৰ্গীক সহায় কৰিবলৈ আৰু আল্লাহৰ ওচৰত তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনালোঁ।” 
 
সহায়ৰ পৰিমাণৰ বিষয়ে তেওঁ কয়, “সকলো ভাতৃৰ সহযোগিতাত আমি ৩৫,০০০ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ। গাৰ্গীৰ চিকিৎসাৰ বাবে আমাৰ এই সামান্য অৱদানখিনি অতি সামান্য।”
 
কণমানি গাৰ্গীৰ কঠিন যুঁজ 
 
গাৰ্গী হৈছে মূলতঃ আহিল্যা নগৰৰ বাসিন্দা আৰু বৰ্তমান পুনেৰ ৱাঘোলিৰ আইভি ইষ্টেট অঞ্চলত বাস কৰা সন্দীপ যাদৱৰ একমাত্ৰ কন্যা।
 
এই বিৰল ৰোগবিধত শৰীৰৰ এক গুৰুত্বপূৰ্ণ জিন অনুপস্থিত থাকে। ইয়াৰ ফলত শৰীৰৰ স্বাভাৱিক চলাচলৰ বাবে প্ৰয়োজনীয় এক গুৰুত্বপূৰ্ণ প্ৰ’টিন উৎপন্ন নহয়। ফলত শিশুটিৰ শাৰীৰিক গতিশীলতা ক্ৰমাৎ বন্ধ হৈ পৰে। আনকি নিজৰ ডিঙিটো পোনকৈ ধৰি ৰখাৰ ক্ষমতাও হেৰুৱায় আৰু শৰীৰৰ পেশীসমূহ দুৰ্বল হৈ পৰে।
 
গাৰ্গীৰ এই অৱস্থা দেখি পিতৃ-মাতৃয়ে তৎকালীনভাৱে মুম্বাইৰ হিন্দুজা হাস্পতালৰ বিশিষ্ট চিকিৎসক ডাঃ নীলু দেশাইৰ সৈতে যোগাযোগ কৰে। পৰীক্ষাৰ পাছত চিকিৎসকে গাৰ্গীক জোলজেনছমা (Zolgensma) নামৰ অতি ব্যয়বহুল এটা বেজী দিয়াৰ পৰামৰ্শ দিয়ে। এই এটা মাত্ৰ বেজীৰ মূল্য প্ৰায় ১০ কোটি টকা। 
 
এটা সাধাৰণ পৰিয়ালৰ বাবে ইমান বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাটো প্ৰায় অসম্ভৱ। সেয়ে যাদৱ পৰিয়ালে ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে ধন সংগ্ৰহৰ কাম আৰম্ভ কৰিছিল। দাতাসকলৰ সহায়ত এতিয়ালৈকে প্ৰায় ৫.৫ কোটি টকা সংগ্ৰহ হৈছে। কিন্তু এতিয়াও প্ৰয়োজনীয় ৪.৫ কোটি টকা সংগ্ৰহৰ বাবে পৰিয়ালটোৱে দিন-ৰাতি চেষ্টা অব্যাহত ৰাখিছে।
 
জামা মছজিদৰ উদ্যোগত আৱেগিক হৈ পৰিল গাৰ্গীৰ পিতৃ 
 
গাৰ্গীৰ বাবে মছজিদত কৰা প্ৰাৰ্থনা আৰু মুছলমান সমাজে আগবঢ়োৱা আৰ্থিক সহায়ৰ কথা জানি তেওঁৰ পিতৃ সন্দীপ যাদৱ আৱেগিক হৈ পৰে। ‘আৱাজ-দ্য ভইচ’ৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, “আজি পুৱা ৱাঘোলিৰ জামা মছজিদৰ সেই ভিডিঅ’টো দেখিলোঁ। ভিডিঅ’টো দেখি মোৰ মন ভৰি পৰিল। মছজিদৰ সকলো মুছলমান ভাতৃক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। মহাৰাষ্ট্ৰৰ প্ৰতিটো মন্দিৰ, মছজিদ বা গীৰ্জাই যদি এনেদৰে সহায়ৰ হাত আগবঢ়ায়, তেন্তে সেয়া মোৰ ছোৱালীজনীৰ বাবে এক বৃহৎ সহায় হ’ব।”
 
এফালে চিকিৎসাৰ আকাশলংঘী ব্যয় আৰু চৰকাৰী নীতিৰ সীমাবদ্ধতাই সাধাৰণ নাগৰিকক চিন্তিত কৰি তুলিছে। আনহাতে, বিপদৰ সময়ত সাধাৰণ মানুহে ধৰ্ম-বৰ্ণৰ ঊৰ্ধ্বত উঠি ইজনে-সিজনৰ কাষত থিয় হোৱা এনে মানৱীয় প্ৰচেষ্টাই সমাজৰ প্ৰকৃত শক্তি আৰু ভেটি কিমান শক্তিশালী, সেই কথাই পুনৰ প্ৰমাণ কৰিছে।