তৰুণ নন্দী / কলকাতা
প্ৰলয়ংকৰী বানৰ কৱলত পৰি পশ্ছিম বংগৰ মালদাৰ কেইবাখনো গাঁৱৰ জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে। চৌদিশে কেৱল পানী আৰু পানী। ঘৰ-দুৱাৰ জলমগ্ন হোৱাৰ ফলত স্থানীয় আৱাসীসকলৰ দিন আৰু ৰাতিৰ মাজত যেন কোনো পাৰ্থক্য নোহোৱা হৈ পৰিছে। এই ভয়াৱহ বানৰ ফলত ভূতনি চৰ অঞ্চলটো বহিঃজগতৰ সৈতে সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
মূৰ গুজিবলৈ ঠাইকণো নোহোৱাত বানাক্ৰান্তই নিজৰ ঘৰৰ চাল আৰু চাঙৰ ওপৰতেই নিৰুপায় হৈ আশ্ৰয় ল’বলগীয়া হৈছে। আশ্ৰয়হীনতাৰ লগতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ তীব্ৰ সংকটে। এনে এক চৰম দুৰ্দশাৰ সময়তে এই বানাক্ৰান্তসকলৰ বাবে সজ্ঞীৱনী সুধা লৈ, মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি তেওঁলোকৰ কাষত থিয় দিলে মাণিকচক এন বি হাই মাদ্ৰাছা বিদ্যালয় কৰ্তৃপক্ষই।
বানাক্ৰান্ত ভূতনি চৰৰ ৰাইজৰ কাষত মাণিকচক এন বি হাইমাদ্ৰাছা বিদ্যালয়
বিদ্যালয়খনৰ এই মহান পদক্ষেপৰ আঁৰত আছে এক সুন্দৰ সমিলমিলৰ কাহিনী। কেৱল শিক্ষক-শিক্ষয়িত্ৰীয়েই নহয়, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলেও সমান্তৰালভাৱে বানাক্ৰান্তৰ সাহায্যৰ বাবে স্বতঃস্ফূৰ্তভাৱে ধন সংগ্ৰহ অভিযানত নামে। সকলোৰে সন্মিলিত প্ৰচেষ্টাত গোট খোৱা ধনেৰে দুৰ্দশাগ্ৰস্তসকলৰ বাবে প্ৰয়োজনীয় সাহায্য সামগ্ৰী ক্ৰয় কৰা হয়। ইয়াৰ পিছতেই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ এটা দলে দুৰ্দশাগ্ৰস্ত এলেকাসমূহ সুক্ষ্মভাৱে চিহ্নিত কৰি, এখন নাৱত পৰ্যাপ্ত শুকান খাদ্য আৰু খোৱাপানী লৈ ভূতনিৰ উত্তৰ চণ্ডীপুৰ অঞ্চলৰ একাধিক বানাক্ৰান্ত গাঁৱত উপস্থিত হয়গৈ।
তেওঁলোকৰ এই অভিযানৰ মূল লক্ষ্য আছিল বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অথচ প্ৰশাসনিক বা অন্য কোনো সাহায্য এতিয়ালৈকে গৈ নোপোৱা দুৰ্গম অঞ্চলসমূহ। নদীৰ প্ৰৱল সোঁত আৰু জলপৃষ্ঠৰ বৃদ্ধিৰ বাবে এই অঞ্চলবোৰলৈ যাতায়াত কৰাটো অত্যন্ত বিপদজনক আৰু প্ৰত্যাহ্বানমূলক আছিল। কিন্তু দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ দৃঢ় সংকল্পৰ আগত হাৰ মানে বানৰ প্ৰৱল সোঁতে। সকলো বাধা-বিঘিনি নেওচি শিক্ষক-শিক্ষয়িত্ৰীসকলে নাৱেৰেই গৈ ঘৰৰ চাল আৰু চাঙত আবদ্ধ হৈ থকা পৰিয়ালসমূহৰ একেবাৰে কাষ পায়গৈ আৰু তেওঁলোকৰ হাতত খাদ্য আৰু খোৱাপানী তুলি দিয়ে। এই প্ৰচেষ্টাৰ জৰিয়তে সৰ্বমুঠ ১০০০-ৰো অধিক বানাক্ৰান্তক সাহায্য প্ৰদান কৰা হয়।
এই সমগ্ৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত মাদ্ৰাছাখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মমিনুল হুছেইনে আৱেগিক হৈ পৰে। তেওঁ কয়, "বিপদৰ সময়ত দুৰ্দশাগ্ৰস্ত লোকৰ কাষত থিয় দিয়াটো আমাৰ সামাজিক দায়িত্ব আৰু প্ৰধান কৰ্তব্য।"
বানাক্ৰান্ত ভূতনি চৰৰ ৰাইজৰ কাষত মাণিকচক এন বি হাইমাদ্ৰাছা বিদ্যালয়
তেওঁ লগতে কয়; "আজি ১০০০ জন লোকক সাহায্য প্ৰদান কৰা হৈছে যদিও, ভৱিষ্যতে বানাক্ৰান্তসকলৰ বাবে আৰু অধিক সাহায্য প্ৰেৰণৰ উদ্যোগ লোৱা হ'ব। সাহায্য হিচাপে বিস্কুট, চাউলকে ধৰি ৬-৭ বিধ নিত্য প্ৰয়োজনীয় খাদ্যৰ লগতে বিশুদ্ধ খোৱাপানী বিতৰণ কৰা হৈছে।"
প্ৰধানশিক্ষকগৰাকীয়ে বাতৰিত দেখা দৃশ্যতকৈ নিজ চকুৰে জনসাধাৰণৰ এই চৰম দুৰ্দশা দেখি তেওঁ গভীৰ দুখ প্ৰকাশ কৰে।
তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে বানৰ পানী কমাৰ লগে লগে বানাক্ৰান্ত অঞ্চলসমূহত এটা চিকিৎসকৰ দল লৈ তেওঁলোক পুনৰ তালৈ যাব।
উল্লেখযোগ্য যে, এন বি হাই মাদ্ৰাছাৰ এই নিঃস্বাৰ্থ আৰু মানৱীয় উদ্যোগত কেৱল ভূতনি চৰৰ স্থানীয় বাসিন্দাই নহয়, সমগ্ৰ মালদাবাসী আপ্লুত হৈ পৰিছে। সাহায্য লাভ কৰা দুৰ্দশাগ্ৰস্ত লোকসকলে জনায় যে এনে এক ভয়ংকৰ বিপদৰ সময়ত কেৱল সাহায্য সামগ্ৰীয়েই নহয়, সশৰীৰে কাষত আহি থিয় দি দিয়া সাহস আৰু মানসিকতাই তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ ভৰসা। প্ৰকৃতিৰ এই ককৰ্থনাৰ মাজতো মাদ্ৰাছাখনে সমাজলৈ এক অমূল্য বাৰ্তা কঢ়িয়াই আনিলে। মানুহৰ দুৰ্যোগত তেওঁলোকৰ কাষত থিয় দিয়াৰ শিক্ষাই হ'ল মানৱ জীৱনৰ আটাইতকৈ প্ৰকৃত আৰু শ্ৰেষ্ঠ শিক্ষা।