নীলাম গুপ্তা
এসময়ত ৰাজস্থানৰ হাডোটি অঞ্চলৰ কোটা, বুণ্ডী আৰু ঝালাৱাৰক সামৰি থকা দৰাহ আৰু ৰামগড়ৰ ঘন অৰণ্য আছিল বাঘৰ বাবে নিৰাপদ বিচৰণভূমি। একেদৰে, এই বনাঞ্চলসমূহ তেতিয়াৰ ৰাজকীয় পৰিয়ালৰ চিকাৰস্থলী হিচাপেও সুপৰিচিত আছিল। কিন্তু স্বাধীনতাৰ পিছত লাহে লাহে এই দুয়োটা পৰিচয়েই ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে। এফালে সৱাই মাধোপুৰ জিলাৰ ৰন্থামবৌৰ বনাঞ্চলক ৰাজস্থান চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনফালে আকৌ দৰাহ আৰু ৰামগড়ৰ বনাঞ্চল অৱহেলিত হৈ ৰৈছে। ফলস্বৰূপে এই অঞ্চলসমূহৰ পৰা বাঘ প্ৰায় সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছে আৰু মধ্যপ্ৰদেশৰ গান্ধীসাগৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সংযোগ স্থাপন কৰা প্ৰাকৃতিক বন্যপ্ৰাণী কৰিড'ৰো বিচ্ছিন্ন হৈ পৰিছে।
প্ৰায় ১৭ হাজাৰ বৰ্গকিলোমিটাৰ বিস্তৃত ৰন্থামবৌৰ, ৰামগড়, দৰাহ হৈ গান্ধীসাগৰলৈকে বিস্তৃত এই ঘন বনাঞ্চল এসময়ত এক অবিচ্ছিন্ন প্ৰাকৃতিক বাসস্থান আছিল, য'ত বাঘে স্বাধীনভাৱে বিচৰণ কৰি ফুৰিছিল। সময়ৰ লগে লগে এই পৰিৱেশগত সংযোগ সম্পূৰ্ণৰূপে নাইকীয়া হৈ পৰে। যোৱা দহ বছৰতহে পুনৰ এই প্ৰাকৃতিক সংযোগ পুনৰুজ্জীৱিত হ'বলৈ আৰম্ভ কৰিছে। বৰ্তমান পূৰ্বৰ প্ৰায় ২৫০ বৰ্গকিলোমিটাৰ বিস্তৃত দৰাহ বন্যপ্ৰাণী অভয়াৰণ্য প্ৰায় ৮০০ বৰ্গকিলোমিটাৰলৈ সম্প্ৰসাৰিত হৈ মুকুন্দৰা হিলছ টাইগাৰ ৰিজাৰ্ভলৈ ৰূপান্তৰিত হৈছে। একেদৰে, ৰামগড় অভয়াৰণ্যও এতিয়া ৰামগড় বিষধাৰী টাইগাৰ ৰিজাৰ্ভ হিচাপে পৰিচিত।
অধ্যাপিকা ফাতিমা ছুলতানা ছাত্ৰীসকলৰ সৈতে
কিহৰ বাবে এই উল্লেখযোগ্য পৰিৱৰ্তন আহিল?
ইয়াৰ বৃহৎ কৃতিত্ব প্ৰখ্যাত প্ৰাণীবিজ্ঞানী তথা কোটাৰ জে ডি বি গাৰ্লছ কলেজৰ প্ৰাক্তন অধ্যাপিকা ফাতিমা ছুলতানাৰ সুদূৰপ্ৰসাৰী গৱেষণালৈ যায়।
অধ্যাপিকা ছুলতানাই স্মৰণ কৰি কয়, "১৯৮৮ চনত মই কোটাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞানত এম এছচি সম্পূৰ্ণ কৰিছিলোঁ আৰু মোৰ বিভাগত প্ৰথম স্থান অধিকাৰ কৰিছিলোঁ। সেই সাফল্যৰ ভিত্তিত মোক তৎকালীন সময়তে বাৰান চৰকাৰী মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে নিযুক্তি দিয়া হৈছিল। চাকৰি জীৱনত মোক চাৰিবাৰকৈ বদলি কৰা হৈছিল, তাৰ ভিতৰত এবাৰ বদলি কৰা হৈছিল ঝালাৱাৰলৈ।"
কোটা আৰু ঝালাৱাৰৰ মাজত সঘনাই পথেৰে যাতায়াত কৰাৰ সময়ত দৰাহৰ সেউজীয়া, মনোমোহা বনাঞ্চলে তেওঁক গভীৰভাৱে আকৰ্ষিত কৰিছিল। তেওঁ কয়, "সেই সময়তে মই মনতে ভাবিছিলোঁ, যদি কেতিয়াবা গৱেষণা কৰোঁ, তেন্তে এই বনাঞ্চলক লৈয়ে কৰিম।"
তেওঁৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিশ আহিছিল, যোধপুৰত অনুষ্ঠিত এখন ৰিফ্ৰেছাৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰাৰ সময়ত। তাত তেওঁৰ সাক্ষাৎ হয় বিশিষ্ট বন্যপ্ৰাণী বিশেষজ্ঞ অধ্যাপক পি পি বাৰকাৰেৰ সৈতে। তেওঁ অংশগ্ৰহণকাৰীসকলক ৰন্থামবৌৰৰ পৰিৱেশ ব্যৱস্থাৰ বিষয়ে বিশদভাৱে অৱগত কৰিছিল।
অধ্যাপিকা ছুলতানাই স্মৰণ কৰি কয়, "মই তেওঁক কৈছিলোঁ যে, দৰাহ অভয়াৰণ্যক লৈ গৱেষণা কৰিব বিচাৰো। তেওঁ হাঁহি মাৰি ক'লে, 'সেয়া অতি কঠিন কাম। আপুনি পাৰিব বুলি নাভাবো।' মই উত্তৰ দিছিলোঁ, মই কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু আছোঁ।"
তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি অধ্যাপিকা ছুলতানাই ড০ অনুৰাধা সিঙৰ তত্বাৱধানত কোটাৰ জে ডি বি গাৰ্লছ কলেজত পি এইচ ডিৰ বাবে নামভৰ্তি কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল "ৰাজস্থানৰ হাডৌটি অঞ্চলৰ দৰাহ অভয়াৰণ্যৰ প্ৰাণীজগতৰ বৈচিত্ৰ্যৰ ওপৰত এক অধ্যয়ন' (A Study of the Faunal Diversity of Darrah Sanctuary of the Hadoti Region in Rajasthan)।" ২০০৭ চনত তেওঁ সফলতাৰে ডক্টৰেট ডিগ্ৰী লাভ কৰে।
গৱেষণা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ নিজৰ গৱেষণা প্ৰবন্ধৰ প্ৰতিলিপি কোটাৰ বন আৰু বন্যপ্ৰাণী বিভাগৰ লগতে জয়পুৰস্থিত বিভাগীয় মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰে। অধ্যাপিকা ছুলতানাই কয়, "মোৰ গৱেষণাৰ ভিত্তিত প্ৰথমবাৰৰ বাবে বন বিভাগে দৰাহ অভয়াৰণ্যৰ পৰিৱেশগত গুৰুত্বক লৈ গুৰুত্বসহকাৰে আলোচনা আৰম্ভ কৰিছিল।"
অধ্যাপিকা ফাতিমা ছুলতানা
ইয়াৰ কিছুদিন পিছতেই ৰাজস্থান বন বিভাগৰ পৰা তেওঁ এখন চৰকাৰী পত্ৰ লাভ কৰিছিল। তাত তেওঁক এগৰাকী পৰিৱেশবিদ (Ecologist) হিচাপে সম্বোধন কৰি অঞ্চলটোত পুনৰ বাঘ সংস্থাপন (Tiger Reintroduction) সম্ভৱ নে নহয়, সম্ভৱ হ'লে কেনেদৰে সেই কাম সম্পন্ন কৰিব লাগে, সেই বিষয়ত এক বিস্তৃত আৰু বৈজ্ঞানিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ অনুৰোধ জনোৱা হয়।
অধ্যাপিকা ছুলতানাই কয়, "মই ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত সেই প্ৰতিবেদন দাখিল কৰিছিলোঁ। সেই প্ৰতিবেদনত দিয়া পৰামৰ্শৰ ভিত্তিত ২০১৩ চনৰ এপ্ৰিল মাহত ৰাজস্থান চৰকাৰে অঞ্চলটোক 'মুকুন্দৰা হিলছ টাইগাৰ ৰিজাৰ্ভ' হিচাপে ঘোষণা কৰে। তাৰ কিছুদিন পিছতে ৰন্থামবৌৰৰ পৰা দুটা বাঘ স্থানান্তৰ কৰি ইয়াত এৰি দিয়া হয়।"
কিন্তু তেতিয়াও বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বাকী আছিল।
ৰন্থামবৌৰত বাঘৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত নতুন বাসস্থানৰ প্ৰয়োজনীয়তা দেখা দিছিল। সেয়েহে ৰন্থামবৌৰ আৰু মুকুন্দৰা হিলছৰ মাজত অৱস্থিত ৰামগড় বিষধাৰী অভয়াৰণ্য পুনৰুজ্জীৱিত কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছিল। এই অভয়াৰণ্য পুনৰ গঢ়ি তুলিব পাৰিলে বাঘ আৰু অন্যান্য বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত বন্যপ্ৰাণী কৰিড'ৰ (Wildlife Corridor) সৃষ্টি হ'ব, যাৰ জৰিয়তে সিহঁতে নিৰাপদে নতুন অঞ্চললৈ গতি কৰি নিজৰ বাসস্থান বিস্তাৰ কৰিব পাৰিব।
তেওঁ কয়, "তাৰ পিছত বন বিভাগে মোক ৰামগড় বিষধাৰীৰ বাবেও একেধৰণৰ বাসস্থান-উপযোগিতা (Habitat Feasibility) প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কয়। মই ২০২২ চনত সেই প্ৰতিবেদন দাখিল কৰিছিলোঁ। মোৰ পৰামৰ্শৰ ভিত্তিতেই ইয়াৰ ব্যৱস্থাপনা পৰিকল্পনা (Management Plan) প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰি তথ্য বিশ্লেষক (Data Analyst) আৰু কাৰিকৰী বিশেষজ্ঞ (Technical Expert) হিচাপেও মই অৱদান আগবঢ়াইছিলোঁ।"
বৰ্তমান ৰামগড় বিষধাৰী কেৱল এখন সাধাৰণ বন্যপ্ৰাণী অভয়াৰণ্য হৈ থকা নাই; ই ৰাজস্থানৰ বাঘ সংৰক্ষণৰ এক অতি গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে।
অধ্যাপিকা ছুলতানাই কয়, "এতিয়া ৰন্থামবৌৰৰ পৰা এটা বাঘ নিৰাপদে ৰামগড় হৈ মুকুন্দৰা হিলছলৈ যাব পাৰে আৰু পুনৰ স্বাভাৱিকভাৱে উভতি আহিব পাৰে। ইয়াৰ ফলত কেৱল বন্যপ্ৰাণীয়েই লাভৱান হোৱা নাই, প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকসকলেও উপকৃত হৈছে। এতিয়া তেওঁলোকে এই তিনিটা সংযুক্ত বনাঞ্চল ভ্ৰমণ কৰিবলৈ তিনিৰ পৰা চাৰি দিন সময় কটাব পাৰে।"
অধ্যাপিকা ছুলতানাই তেওঁৰ নিজৰ এই সাফল্যৰ মূল উৎস হিচাপে বন্যপ্ৰাণীৰ প্ৰতি থকা আজীৱন অনুৰাগকেই কৃতিত্ব দিছে। তেওঁ কয়, "বন বিভাগে মোৰ প্ৰতিবেদনসমূহ গ্ৰহণ কৰিছিল, কাৰণ তেওঁলোকৰ ওচৰত অভয়াৰণ্যসমূহৰ কিছু বিচ্ছিন্ন তথ্য থাকিলেও বাঘ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত দিশ নিৰ্দেশনা দিব পৰা কোনো বিস্তৃত বৈজ্ঞানিক নথি নাছিল।"
ডক্টৰেট গৱেষণা চলাই থাকোঁতে সন্মুখীন হোৱা অসংখ্য প্ৰত্যাহ্বানৰ কথাও অধ্যাপিকা ছুলতানাই স্মৰণ কৰে। তেওঁ কয়, "যেতিয়া মই গৱেষণাৰ বাবে তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰিছিলোঁ, তেতিয়া কোটা বা জয়পুৰৰ পুথিভঁৰাল আৰু চৰকাৰী বিভাগসমূহত প্ৰায় একোৱেই পোৱা নাছিল। আনকি ডেৰাডুনস্থিত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (Wildlife Institute of India)তো দৰাহ সম্পৰ্কে উল্লেখযোগ্য তথ্য মজুত নাছিল। মই লাভ কৰা একমাত্ৰ তথ্যটোত কেৱল দৰাহ অভয়াৰণ্যৰ ভৌগোলিক স্থানাংক (Geographical Coordinates) উল্লেখ আছিল।"
আশ্চৰ্যজনকভাৱে, সেই ক্ষেত্ৰত কৰ্মৰত বহু বিজ্ঞানীয়েও অঞ্চলটোৰ বিষয়ে বিশেষ তথ্য জনা নাছিল। তেওঁ কয়, "মই নিৰাশ হোৱাৰ সলনি উপলব্ধি কৰিছিলোঁ যে, এই গৱেষণাই ভৱিষ্যতে কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।"
অৱশেষত কোটা বন বিভাগৰ সংৰক্ষিত নথিপত্ৰৰ মাজত তেওঁ ১৯১৮ চনৰ এখন দুৰ্লভ ঐতিহাসিক নথি বিচাৰি উলিয়াবলৈ সক্ষম হয়। সেই নথিখনে অতীতৰ কিছু মূল্যৱান তথ্য দিলেও বৰ্তমানৰ পৰিস্থিতিত বনাঞ্চলৰ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ বিস্তৃত তথ্য সংগ্ৰহ কৰিবলৈ তেওঁক দীৰ্ঘদিন ধৰি ক্ষেত্ৰভিত্তিক গৱেষণা চলাবলগীয়া হৈছিল।
অধ্যাপিকা ফাতিমা ছুলতানা কণ কণ শিশুৰ সৈতে
তেওঁ স্মৰণ কৰি কয়, "মহাবিদ্যালয়ৰ দায়িত্ব থকাৰ বাবে মই কেৱল বন্ধৰ দিনবোৰতহে বনাঞ্চললৈ যাব পাৰিছিলোঁ। কেতিয়াবা মোৰ স্বামীয়ে লগ দিছিল, কিন্তু সদায় নহয়। সেই সময়ত মোৰ কন্যা অতি সৰু আছিল, সেয়ে বহু সময়ত তাইকো লগত লৈ যাবলগীয়া হৈছিল। বন বিভাগৰ কাৰ্যালয়ত তাইক থৈ মই গভীৰ অৰণ্যত গৱেষণাৰ বাবে সোমাই গৈছিলোঁ। সন্ধিয়া উভতি আহোতে যদি দেৰি হয়, তেন্তে মই মাজে মাজে আহি তাইক চাইছিলোঁ, তাই সুৰক্ষিত আছে নে নাই।"
অতীতৰ সেই দিনবোৰ মনত পেলাই অধ্যাপিকা ফাতিমা ছুলতানাই মিচিকিয়াই হাঁহি মাৰি কয়, "কেতিয়াবা মই ভাবো, গৱেষণাৰ প্ৰতি মোৰ কিমান গভীৰ অনুৰাগ আছিল! সেই একাগ্ৰতাৰ বাবেই অজানিতে নিজৰ সন্তানসকলকো বিপদৰ সন্মুখীন কৰাইছিলোঁ। কিন্তু মোৰ লক্ষ্য আছিল গৱেষণাটো সম্পূৰ্ণ কৰা।"
বাঘৰ পৰিৱেশ বিজ্ঞান (Tiger Ecology)ৰ উপৰি অধ্যাপিকা ছুলতানাই দৰাহৰ বনাঞ্চলত বৃহৎ সংখ্যাত পোৱা শ্লথ ভালুক (Sloth Bear)ৰ পৰিৱেশ আৰু জীৱবৈচিত্ৰ্যৰ ওপৰতো বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)ৰ পৃষ্ঠপোষকতাত এক পৃথক গৱেষণা সম্পন্ন কৰে। তেওঁৰ এই গৱেষণাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ স্বীকৃতি লাভ কৰে। গ্ৰীচ আৰু জাপানত অনুষ্ঠিত একাধিক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত তেওঁক গৱেষণাপত্ৰ উপস্থাপনৰ বাবে আমন্ত্ৰণ জনোৱা হয়।
এই অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ কয়, "বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীৰ সন্মুখত মই কেৱল মোৰ গৱেষণাপত্ৰ উপস্থাপনেই কৰা নাছিলোঁ, কেইবাটাও কাৰিকৰী অধিৱেশনতো মই সভাপতিত্ব কৰিছিলোঁ। সেই মুহূৰ্তবোৰ মোৰ জীৱনৰ আটাইতকৈ গৌৰৱময় অধ্যায়ৰ ভিতৰত অন্যতম আছিল। তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে, মোৰ সকলো পৰিশ্ৰমে সাৰ্থক হৈছিল।"
অধ্যাপিকা ফাতিমা ছুলতানাই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত আন্তা চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ প্ৰায় ২৮ বছৰ ধৰি কোটাৰ জনকী দেৱী বজাজ গাৰ্লছ কলেজত কৰ্মৰত আছিল। এই সময়ছোৱাত তেওঁ প্ৰথমে প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী আৰু পিছত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল।
তেওঁৰ কাৰ্যকালত প্ৰাণীবিজ্ঞান পাঠ্যক্ৰমত বন ব্যৱস্থাপনা আৰু বন্যপ্ৰাণী সংৰক্ষণ (Forestry and Wildlife Management) বিষয়ক এক বিশেষ পাঠ্যক্ৰম সংযোজন কৰা হয়। এই সন্দৰ্ভত তেওঁ কয়, "মোৰ লক্ষ্য আছিল, প্ৰাণীবিজ্ঞান অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক হোৱাৰ আগতেই বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে গভীৰ জ্ঞান লাভ কৰক।"
তেওঁৰ এই পদক্ষেপ যথেষ্ট সফল হোৱা বুলি প্ৰমাণিত হয়। তেওঁ কয়, "আমাৰ মহাবিদ্যালয়ৰ বহু ছাত্ৰীয়ে এই বিষয়টো বাছি লৈছিল। এতিয়া সৱাই মাধোপুৰকে ধৰি ৰাজস্থানৰ বহু মহাবিদ্যালয়ে নিজৰ পাঠ্যক্ৰমত এই বিষয় অন্তৰ্ভুক্ত কৰিছে।"
ইয়াৰ পূৰ্বে, ২০১০ চনতে তেওঁৰ প্ৰচেষ্টাৰ ফলতেই কোটা বিশ্ববিদ্যালয়ত এক সুকীয়া বন্যপ্ৰাণী বিভাগ (Department of Wildlife) স্থাপন কৰা হৈছিল। অধ্যাপিকা ছুলতানাৰ অৱদান কেৱল নতুন পাঠ্যক্ৰম আৰম্ভ কৰাতে সীমাবদ্ধ নাছিল। তেওঁ বহু সন্মিলন, কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছিল, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বন্যপ্ৰাণী, চম্বল নদী আৰু ইয়াৰ উপনদীসমূহৰ পৰিৱেশ ব্যৱস্থা সম্পৰ্কে গৱেষণা কৰিবলৈ উৎসাহিত কৰা হৈছিল।
তেওঁৰ এই প্ৰচেষ্টাই নতুন প্ৰজন্মৰ বহু গৱেষকক হাডৌটি অঞ্চলৰ সমৃদ্ধ জীৱ বৈচিত্ৰ্যৰ ওপৰত অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰিছে। বৰ্তমানলৈকে তেওঁ ৫০ জনতকৈ অধিক এম ফিল আৰু পিএইচ ডি গৱেষকক পথপ্ৰদৰ্শন কৰিছে। আনহাতে, তেওঁৰ ১০০ৰো অধিক গৱেষণা-পত্ৰ দেশ-বিদেশৰ বিভিন্ন স্বনামধন্য বিজ্ঞান সাময়িকীত প্ৰকাশ পাইছে।
অধ্যাপিকা ফাতিমা ছুলতানা
যদিও তেওঁ বন্যপ্ৰাণী গৱেষণাক নিজৰ ব্যক্তিগত অনুৰাগ বুলি গণ্য কৰে, তথাপিও তেওঁৰ কামৰ প্ৰভাৱ শিক্ষাক্ষেত্ৰৰ সীমা অতিক্ৰম কৰি বহুদূৰ বিস্তৃত হৈ আছে। তেওঁৰ গৱেষণাই হাডৌটি অঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণ ব্যৱস্থাত এক আমূল পৰিৱৰ্তন আনিছে। ইকো-টুৰিজিমৰ জৰিয়তে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে, বন্যপ্ৰাণী সংৰক্ষণ অধিক শক্তিশালী হৈছে আৰু বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা বনাঞ্চলসমূহ পুনৰ সজীৱ হৈ উঠিছে। এসময়ত যিবোৰ বনাঞ্চল ৰাজকীয় পৰিয়ালৰ চিকাৰক্ষেত্ৰ হিচাপে পৰিচিত আছিল, সেইবোৰ এতিয়া বাঘ আৰু অসংখ্য বন্যপ্ৰাণীৰ নিৰাপদ আশ্ৰয়স্থলীলৈ পৰিণত হৈছে।
উচ্চ শিক্ষাত বন্যপ্ৰাণী অধ্যয়ন অন্তৰ্ভুক্ত কৰাৰ জৰিয়তে তেওঁ মধ্যপ্ৰদেশলৈকে বিস্তৃত বিশাল বনাঞ্চল আৰু নদীভিত্তিক পৰিৱেশ ব্যৱস্থাৰ ওপৰত ভৱিষ্যতৰ গৱেষণাৰ এক সুদৃঢ় ভেটিও গঢ়ি তুলিছে। তেওঁৰ মতে, "ভৱিষ্যতৰ গৱেষকসকলে তথ্যৰ সন্ধানত ডেৰাডুনলৈ যাব নালাগিব। এতিয়া এই অঞ্চলৰ বন্যপ্ৰাণী আৰু পৰিৱেশ সম্পৰ্কীয় মূল্যৱান তথ্য নিজ ৰাজ্যতেই উপলব্ধ আছে।"
বন্যপ্ৰাণী সংৰক্ষণ, পৰিৱেশ গৱেষণা আৰু শিক্ষাক্ষেত্ৰলৈ দীৰ্ঘদিনীয়া অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ইতিমধ্যে ১৪টাতকৈ অধিক সন্মান আৰু বঁটা লাভ কৰিছে। সাক্ষাৎকাৰৰ শেষত তেওঁ শিক্ষাৰ্থীসকলক প্ৰায়ে দিয়া এক অনুপ্ৰেৰণামূলক বাৰ্তা পুনৰ দোহাৰে, "মই সদায় মোৰ ছাত্ৰীসকলক কওঁ যে, কেতিয়াও এইটো নাভাবিব যে "মই কেৱল এগৰাকী ছোৱালী। মইও এগৰাকী ছোৱালী আছিলোঁ, কিন্তু আজি মই কি লাভ কৰিবলৈ সক্ষম হৈছোঁ, সেয়া আপোনালোকে দেখিছে। মহাবিদ্যালয়ৰ দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে মই মোৰ বন্যপ্ৰাণী গৱেষণা, গৱেষণা-পত্ৰ আৰু গ্ৰন্থসমূহ সম্পূৰ্ণ কৰিছিলোঁ। য'তেই কাম কৰাৰ সুযোগ পাইছোঁ, তাতেই নতুন কিবা এটা সৃষ্টি কৰাৰ চেষ্টা কৰিছোঁ। যদি মই পাৰিছোঁ, তেন্তে আপোনালোকেও নিশ্চয় পাৰিব।"