ৰাজাস্থানৰ হাজাৰ হাজাৰ পৰিয়ালৰ শেষ ভৰসা নিশাত হুছেইন

Story by  atv | Posted by  Munni Begum • 4 h ago
নিশাত হুছেইন
নিশাত হুছেইন
 
ফাৰহান ইছৰাইলী / জয়পুৰ
 
জয়পুৰৰ জৌহৰী বজাৰৰ এক সৰু কাৰ্যালয়। প্ৰতিদিনে পুৱা ইয়াত মনত আশা লৈ উপস্থিত হয় বহু নিৰুপায় মহিলা, লগত লৈ আহে জীৱনৰ অলেখ সমস্যা। কোনোবা যদি বিবাহ বিচ্ছেদৰ পাকচক্ৰত আৱদ্ধ, কোনোবা আকৌ পাৰিবাৰিক হিংসাৰ বলি; আন কোনোবাই আকৌ ভাঙিবলৈ ধৰা সংসাৰখন বচোৱাৰ শেষ আশা লৈ ইয়াত উপস্থিত হয়। যোৱা ৩২ বছৰ ধৰি এই সৰু কাৰ্যালয়টোৰ পৰাই নিচাত হুছেইনে মহিলাসকলৰ পৰামৰ্শদান, পাৰিবাৰিক বিবাদৰ মীমাংসা আৰু সামাজিক উত্তৰণৰ হকে নিৰলসভাৱে কাম কৰি আহিছে।
 
ৰাজস্থানৰ কৰৌলী জিলাৰ সীতাবাড়ী চুবুৰীত জন্মগ্ৰহণ কৰিছিল নিশাত হুছেইনে। তেওঁলোকৰ পৰিয়ালটোৱেই আছিল সেই অঞ্চলৰ একমাত্ৰ মুছলমান পৰিয়াল, যিটো পৰিয়ালে তিনিটা মন্দিৰৰ মাজত বাস কৰিছিল। শৈশৱৰ স্মৃতি সুঁৱৰি তেওঁ কয়, "সেই সময়ত আমি নাজানিছিলো কোন হিন্দু আৰু কোন মুছলমান, আমি সকলোৱে একেই আছিলো।" সেই সময়ত কৰৌলীৰ দৰে পিছপৰা অঞ্চলত ছোৱালীৰ শিক্ষাৰ হাৰ আছিল তেনেই নগণ্য। কিন্তু সকলো সামাজিক বাধা-নিষেধ নেওচি নিশাতে নিজৰ পঢ়া-শুনা অব্যাহত ৰাখিছিল আৰু কৰৌলী জিলাৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী মুছলমান ছাত্ৰী হিচাপে পৰিগণিত হৈছিল। সমগ্ৰ বিদ্যালয়খনৰ প্ৰায় ১২০০ গৰাকী ছাত্ৰীৰ ভিতৰত তেৱেঁই আছিল একমাত্ৰ মুছলমান ছাত্ৰী। তেওঁৰ পিতৃ আছিল কৰৌলী ৰাজপৰিয়ালৰ প্ৰধান দৰ্জী।
 
নিশাত হুছেইন
 
জয়পুৰৰ মহম্মদ হুছেইনৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। তেওঁৰ স্বামী আছিল এগৰাকী ৰাজপত্ৰিত বিষয়া আৰু লগতে এগৰাকী প্ৰগতিশীল চিন্তা-ধাৰাৰ ব্যক্তি। নিশাতে কয় যে তেওঁৰ স্বামীয়ে তেওঁক সদায় আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছিল। বিয়াৰ পাছত তেওঁ "নিশাত একাডেমী" নামৰ এখন বিদ্যালয় আৰম্ভ কৰে, য'ত প্ৰায় ৩৫০ গৰাকী দৰিদ্ৰ আৰু প্ৰয়োজনগ্ৰস্ত শিশুক শিক্ষা প্ৰদান কৰা হৈছিল। ইয়াৰে বেছিভাগ শিশুৱেই আছিল অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ।
 
কিন্তু ১৯৮৯ চনৰ জয়পুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই তেওঁৰ জীৱনলৈ এক নতুন দিশ কঢ়িয়াই আনে। সাম্প্ৰদায়িক হিংসাৰ সময়ত তেওঁৰ বিদ্যালয়খনো ভাবুকিৰ সন্মুখীন হৈছিল, কিন্তু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে বিদ্যালয়খনক ৰক্ষা কৰি কৈছিল, "এইটো শিক্ষাৰ মন্দিৰ। আমি নাজানো এইটো হিন্দুৰ নে মুছলমানৰ, কিন্তু ই আমাৰ ল'ৰা-ছোৱালীক শিক্ষা দি আছে।" নিশাতে কয় যে সেই মুহূৰ্তটোৱেই আছিল তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ইয়াৰ পিছতেই তেওঁ সমাজ সংস্কাৰ আৰু মহিলাৰ অধিকাৰৰ হকে সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰে।
 
১৯৯২ চনত তেওঁ 'নেচনেল মুছলিম ৱমেন ৱেলফেয়াৰ ছ'চাইটী' পঞ্জীয়ন কৰে। তেওঁ জনায় যে সংস্থাটোৰ নামত 'মুছলমান' শব্দটো এইবাবেই যোগ কৰা হৈছিল যাতে দেশৰ প্ৰগতি আৰু সামাজিক পৰিৱৰ্তনত মুছলমান মহিলাসকলৰো যে সমানে অংশগ্ৰহণ আছে, সেই বাৰ্তা সমাজলৈ যায়। সংস্থাটোৱে সাম্প্ৰদায়িক সম্প্ৰীতি, মহিলাৰ অধিকাৰ, শিক্ষা আৰু সমাজ সংস্কাৰৰ দৰে বিষয়ত ধাৰাবাহিকভাৱে কাম কৰি গৈছে।
 
নিশাত হুছেইন
 
নিশাত হুছেইনে যোৱা কেইবাবছৰ ধৰি 'ত্ৰিপল তালাক', বাল্য বিবাহ আৰু মহিলাৰ অধিকাৰৰ ওপৰত অহৰহ কাম কৰি আহিছে। তেওঁৰ মতে, ইছলামে মহিলাসকলক অতি উচ্চ মৰ্যাদা প্ৰদান কৰিছে, কিন্তু মানুহে কোৰানখনক ইয়াৰ প্ৰকৃত অৰ্থ আৰু উপলব্ধিৰে পঢ়িবলৈ চেষ্টা কৰা নাই। তেওঁৰ মতে, ত্ৰিপল তালাকৰ বিৰুদ্ধে প্ৰণয়ন হোৱা আইনখন কোৰানৰ মূল চৰিত্ৰৰ সৈতে সংগতিপূৰ্ণ আৰু ইয়াক তেওঁ কোৰানৰ এক বিজয় বুলি গণ্য কৰে।
 
নিশাতে কয় যে কোৰানে ক’তোৱেই অকাৰণত চাৰিটা বিয়াৰ অনুমতি নিদিয়ে। তেওঁৰ মতে, ইছলামত ন্যায় বিচাৰেই আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু নবীয়েও কৈছিল যে এজন মানুহে বিচাৰিলেও একাধিক পত্নীৰ মাজত সমান ন্যায় প্ৰদান কৰিব নোৱাৰে। সেয়েহে, এক বিবাহেই শ্ৰেষ্ঠ বুলি ধৰা হয়। তেওঁ জনায় যে প্ৰতিদিনে তেওঁৰ ওচৰলৈ এনে বহু মহিলা আহে যিসকলে স্বামীৰ দ্বিতীয় বিবাহৰ বাবে মানসিক আৰু সামাজিক যন্ত্ৰণা ভুগি আছে। অৱশ্যে, তেওঁ এই কথাও স্বীকাৰ কৰে যে মহিলাৰ বাবে বনোৱা আইনসমূহ সম্পূৰ্ণ ফলপ্ৰসূভাৱে কাৰ্যকৰী হোৱাটো এতিয়াও বাকী। তেওঁৰ মতে, বহু ক্ষেত্ৰত স্বামীয়ে খঙৰ ভমকত পত্নীক তিন তালাক দি দিয়ে, কিন্তু পাছত আইনৰ ভয়ত আদালতত গৈ সেয়া অস্বীকাৰ কৰে। ইমানৰ পিছতো নিশাত হুছেইনৰ বিশ্বাস যে এই আইনে মহিলাসকলক নিজৰ অধিকাৰৰ বাবে মাত মাতিবলৈ আৰু আইনী আশ্ৰয় ল'বলৈ নিশ্চিতভাৱে সাহস যোগাইছে।
 
নিশাত হুছেইনে জনায় যে যোৱা ৩২ বছৰ ধৰি তেওঁৰ কাৰ্যালয়লৈ প্ৰতিদিনে তিনি-চাৰিটাকৈ পৰামৰ্শদানৰ গোচৰ আহে। ইয়াৰ ভিতৰত ঘৰুৱা বিবাদ, বিবাহ বিচ্ছেদ, দ্বিতীয় বিবাহ, পাৰিবাৰিক হিংসা আৰু স্বামী-স্ত্ৰীৰ মাজৰ পাৰস্পৰিক মানসিক চাপৰ দৰে বিষয় অন্তৰ্ভুক্ত। তেওঁ দাবী কৰে যে পৰামৰ্শ আৰু বুজাবুজিৰ জৰিয়তে সৰ্বাধিক গোচৰতে পৰিয়ালবোৰক পুনৰ একেলগে থাকিবলৈ মান্তি কৰোৱা হয়। তেওঁ কয় যে তেওঁ ৩২ বছৰত হাজাৰ হাজাৰ ঘৰ ভঙাৰ পৰা ৰক্ষা কৰিছে। বহুতবাৰ মানুহে বিবাহ বিচ্ছেদৰ কাগজ-পত্ৰ পৰ্যন্ত প্ৰস্তুত কৰি লৈ আহে, কিন্তু ইয়াত হোৱা আলোচনাৰ অন্তত দুয়োপক্ষৰ মাজত মীমাংসা হৈ যায়। তেওঁৰ ওচৰলৈ বিদেশৰ পৰাও মানুহ পৰামৰ্শ বিচাৰি আহে। তেওঁ বহু মহিলাক আশ্ৰয়, আইনী সাহায্য আৰু সামাজিক সমৰ্থন লাভ কৰাত সহায় কৰিছে।
 
নিশাত হুছেইন
 
বৰ্তমান তেওঁ ৰাজস্থান চৰকাৰৰ মহিলা সুৰক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ এই কেন্দ্ৰটো জয়পুৰৰ 'মহিলা থানা উত্তৰ'ৰ অধীনত পৰিচালিত হয়। তালৈকো প্ৰতিদিনে বৃহৎ সংখ্যক মহিলাই নিজৰ সমস্যা লৈ আহে। নিশাতে কয় যে আগতে ভবা হৈছিল ঘৰুৱা হিংসা আৰু মহিলাৰ ওপৰত হোৱা অত্যাচাৰ অশিক্ষিত সমাজতহে বেছি হয়, কিন্তু আজিকালি ডাক্তৰ, ইঞ্জিনীয়াৰ আৰু ৰাজনৈতিক পৰিয়ালৰ পৰাও এনে গোচৰ আহিবলৈ ধৰিছে। তেওঁৰ মতে, মহিলাৰ ওপৰত হিংসাৰ মানসিকতা সমাজৰ প্ৰতিটো শ্ৰেণীতেই বিদ্যমান।
 
বাল্য বিবাহৰ বিৰুদ্ধেও তেওঁ বহু অভিযান চলাইছে। প্ৰশাসনৰ সহযোগত তেওঁ বহু নাবালিকাৰ বিয়া বন্ধ কৰিছে। তেওঁ স্পষ্টকৈ কয় যে ইছলামত বিয়াৰ বাবে ছোৱালীৰ সন্মতি অপৰিহাৰ্য আৰু নাবালিকাৰ নিকাহ সম্পূৰ্ণ ভুল। তেওঁ খাপ পঞ্চায়ত আৰু সামাজিক পঞ্চায়তসমূহকো তীব্ৰ সমালোচনা কৰে। তেওঁৰ মতে, বহু পঞ্চায়ত মহিলাৰ স্বাৰ্থত ন্যায় প্ৰদান কৰাৰ পৰিৱৰ্তে কেৱল জৰিমনা আৰু মীমাংসাতে সীমাবদ্ধ থাকে। তেওঁ পঞ্চায়তসমূহক কয় যে যদি কোনো পুৰুষৰ ওপৰত জৰিমনা বিহা হয়, তেন্তে সেই ধন ভুক্তভোগী মহিলগৰাকীয়ে পোৱা উচিত।
 
নিশাত হুছেইন ৰাজস্থানৰ প্ৰথম মহিলা কাজীসকলৰ ভিতৰতো অন্যতম। ইয়াৰ বাবে তেওঁ মুম্বাইত ইছলামিক ন্যায়শাস্ত্ৰ আৰু ভাৰতীয় সংবিধানৰ পাঁচ বছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰে। মহিলাক কাজী বনোৱাৰ ধাৰণাটোৱে সেই সময়ত ব্যাপক বিৰোধিতাৰ সন্মুখীন হৈছিল, কিন্তু নিশাতে পিছহুঁহকি যোৱা নাছিল। পৰৱৰ্তী সময়ত বহু ইছলামিক পণ্ডিতেও তেওঁৰ কামক সমৰ্থন জনাইছিল।
 
নিশাত হুছেইন
 
তেওঁ ত্ৰিপল তালাকৰ বিৰুদ্ধে চলা দেশজুৰি অভিযানতো সক্ৰিয় ভূমিকা পালন কৰিছিল। ৰাজস্থানত 'ভাৰতীয় মুছলিম মহিলা আন্দোলন'ৰ সৈতে জড়িত হৈ তেওঁ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন আৰু মহিলা সজাগতা অভিযানত অংশ লৈছিল। নিশাতে দাবী কৰে যে পূৰ্বৰ তুলনাত এতিয়া ত্ৰিপল তালাকৰ ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে।
 
তেওঁৰ এই সামাজিক অৱদানৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগে ২০২৫ চনৰ ১ আগষ্টত দিল্লীৰ বিজ্ঞান ভৱনত তেওঁক সন্মানিত কৰে। ইয়াৰ উপৰি ড০ আম্বেদকাৰ উত্থান পৰিষদ, জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু শান্তি সমিতিৰ দ্বাৰাও তেওঁক কেইবাবাৰো সন্মানিত কৰা হৈছে। সাম্প্ৰদায়িক সম্প্ৰীতি আৰু মহিলাৰ অধিকাৰৰ ওপৰত কাম কৰাৰ বাবে তেওঁক প্ৰায়ে বিভিন্ন সামাজিক মঞ্চসমূহলৈও আমন্ত্ৰণ জনোৱা হয়।
 
তেওঁৰ পৰিয়ালটোৱেও সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ আছে। তেওঁৰ কন্যা আন্দালীব ফাতিমা ডুবাইৰ 'ইণ্ডিয়ান ৱমেন এছ'চিয়েচন'ৰ সৈতে জড়িত আৰু কেইবাখনো ৰেষ্টুৰেণ্টৰ পৰিচালনাৰ দায়িত্বও পালন কৰে। তেওঁৰ নাতি আব্দুল মুকীত, যি ডুবাইত থাকে, তেওঁ 'পেপাৰ বেগ বয়' নামেৰে পৰিচিত। কম বয়সতেই তেওঁ প্লাষ্টিক বেগৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু মানুহক কাগজৰ বেগ ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। পৰিৱেশ সংৰক্ষণৰ বাবে তেওঁ আবুধাবি বঁটা লাভ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পোৱাৰ সুযোগো লাভ কৰিছে।
 
বয়সৰ চাপ পৰাৰ পিছতো নিশাত হুছেইনে আজিও জয়পুৰৰ জৌহৰী বজাৰৰ সেই সৰু কাৰ্যালয়টোৰ পৰাই মহিলাসকলৰ সহায় আৰু সামাজিক পৰিৱৰ্তনৰ যুঁজখন চলাই গৈ আছে। তেওঁৰ জীৱনৰ এই দীঘলীয়া যাত্ৰাই আমাক সোঁৱৰাই দিয়ে যে প্ৰকৃত পৰিৱৰ্তন কোনো ডাঙৰ পদৱী বা ক্ষমতাৰ জৰিয়তে নাহে, বৰং ন্যায় আৰু মানৱতাৰ হকে নিৰন্তৰ থিয় দি থকাৰ সাহস আৰু দৃঢ়তাৰ পৰাহে আহে।