মুন্নী বেগম / গুৱাহাটী
হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ বাবে মাজত মাত্ৰ এসপ্তাহ বাকী থাকোতে দেওবাৰে তেওঁৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে কয় যে, জুবিনে ন্যায় পাবই আৰু পাবই লাগিব।
তেওঁ লগতে কয়, "মই বাৰে বাৰে কৈ আহিছোঁ যে, আমি অন্ততঃ সেই দিনটোত (২০২৫ চনৰ ১৯ ছেপ্তেম্বৰ) আচলতে কি হৈছিল, সেই সত্যটো জানিবলৈ আজি এবছৰ হৈ গ'ল যদিও আমি ধৰ্য্যৰে বাট চাই আছো। বৰ্তমানৰ পৰিস্থিতি যিয়েই নহওক, আমি ধৈৰ্য ধৰি আছো আৰু ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিছো। আমি সকলোৱে জানিব লাগিব আচলতে সেইদিনা কি হৈছিল।"
সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে লগতে কয়, "আদালতক লৈ মই প্ৰশ্ন কৰা বক্তব্য কৰাটো সমীচীন বুলি নাভবো, এতিয়ালৈকে যিখিনি তথ্য আৰু বক্তব্য প্ৰকাশ পাইছে, সেইখিনিৰেটো লাগিছে বিচাৰ প্ৰক্ৰিয়াটো সঠিক পথেৰে আগবাঢ়ি আছে। সেয়ে আমি আস্থা ৰাখিছো যে এটা ভাল সমাধান ওলাব আৰু সকলো সঠিক দিশে আগবাঢ়িব আৰু জুবিনে ন্যায় পাবই আৰু পাবই লাগিব।"
আনহাতে জুবিন গাৰ্গৰ সৈতে ঘনিষ্ঠভাৱে জড়িত মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াইও প্ৰাণৰ শিল্পীগৰাকীৰ অনুপস্থিতিৰ বেদনাৰ কথা উল্লেখ কৰি সেই একেটা প্ৰশ্নই উত্থাপন কৰে যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বত ছিংগাপুৰত আচলতে কি হৈছিল?
জুবিনক হেৰুওৱাৰ এবছৰ পাছতো সেই বেদনা মাৰ যোৱা নাই বুলি উল্লেখ কৰি বৰষাৰাণীয়ে কয়, "আমি প্ৰত্যেকেই নিজ নিজ কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈছোঁ, হাঁহিছোঁ, কাম কৰিছোঁ। কিন্তু সেই হাঁহি, সেই ব্যস্ততা, সেইবোৰ যেন মাত্ৰ মুহূৰ্তৰ বাবেহে। আমাৰ অন্তৰত কিন্তু এটা গভীৰ বেদনা এতিয়াও আছে। জুবিনদাক বহুত মিছ কৰিছোঁ। এটা বছৰ পাৰ হৈ গ’ল। বতৰটোও গোমা, আমাৰ মনবোৰো গোমা। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ সেই দিনটোত আচলতে ছিংগাপুৰত কি হৈছিল?"
জুবিন গাৰ্গ অন্তিম যাত্ৰা
তেওঁ লগতে কয়, "বিশেষকৈ, এতিয়া আমি জুবিনদাৰ নতুন সৃষ্টি আৰু নাপাওঁ, সেয়ে এতিয়া তেওঁৰ অনুপস্থিতি আৰু গভীৰভাৱে অনুভৱ কৰোঁ। ক’ৰবাত যেন অসমীয়া সংগীতৰ ক্ষেত্ৰখনত এটা অন্ধকাৰ নামি আহিছে, পোহৰ নেদেখা যেন লাগিছে। তেওঁৰ অনুপস্থিতি আমি সহজে মানি ল’ব পৰা নাই।"
বৰষাৰাণীৰ মতে, জুবিন গাৰ্গৰ মৃত্যু অসমৰ বাবে এক বৃহৎ ক্ষতি। তেওঁ কয় যে, চৰকাৰে বিষয়টোত যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে, সেইক্ষেত্ৰত চেষ্টা চলাই থকা দেখা গৈছে যদিও, অসমবাসীৰ মূল প্ৰশ্নটো এতিয়াও একেই। তেওঁ কয়, "অসমবাসীয়ে জানিব বিচাৰিছে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ সেই দিনটোত ছিংগাপুৰত আচলতে কি হৈছিল? আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক কেনেকৈ হেৰুৱালোঁ?"
ইয়াৰ মাজতে জুবিনৰ শেষ সময়ৰ ভিডিঅ’ ফুটেজক লৈও প্ৰশ্ন উত্থাপন কৰিছে বৰষা ৰাণীয়ে। তেওঁৰ মতে, যদি সেই সময়ৰ ভিডিঅ’ ফুটেজ আছে, তেন্তে আগৰ সময়ছোৱাৰ ভিডিঅ’ প্ৰকাশ বা দেখুওৱাৰ পাছত পিছৰ সময়ছোৱাৰ ফুটেজ কিয় এতিয়াও ৰাজহুৱাভাৱে দেখা পোৱা নাই, সেয়া জানিবলগীয়া বিষয়।
২০২৫ চনৰ ১৯ ছেপ্তেম্বৰত ছিংগাপোৰত জুবিন গাৰ্গ
তেওঁ বিশেষভাৱে প্ৰশ্ন কৰে, আগৰ ভিডিঅ’খিনি কোনে যোগান ধৰিছিল আৰু সেই একে ব্যক্তি বা ব্যক্তিসকলৰ হাতত পিছৰ সময়ছোৱাৰ ভিডিঅ’ থকাৰ সম্ভাৱনা আছে। তেওঁ কয়, “যদি কোনোবাই সেই ভিডিঅ’খিনি যোগান ধৰিছিল, তেন্তে সেই একে মানুহ বা মানুহখিনিৰ হাতত পিছৰ ভিডিঅ’খিনিও থকাৰ সম্ভাৱনা আছে। তেন্তে সেই পিছৰ ভিডিঅ’খিনি এতিয়ালৈকে কিয় ৰাজহুৱাভাৱে দেখুওৱা হোৱা নাই? এইটো এটা ডাঙৰ প্ৰশ্ন।"
শেষত তেওঁ পুনৰ একেটা প্ৰশ্ন উত্থাপন কৰে, "আচলতে কি হ'ল? সেই সময়খিনিত জুবিনৰ সৈতে কি হৈছিল?" এই প্ৰশ্নৰ উত্তৰ জনাটো কেৱল পৰিয়াল বা ঘনিষ্ঠ লোকৰ বিষয় নহয়; জুবিনক ভালপোৱা অসমবাসীয়েও ঘটনাটোৰ সত্য জানিব বিচাৰিছে। তেওঁ কয়, "মই কাৰো ওপৰত অভিযোগ আৰোপ কৰিব বিচৰা নাই। কিন্তু সত্যটো জানিব বিচৰাটো আমাৰ অধিকাৰ। জুবিনদাৰ সৈতে সেই শেষ সময়খিনিত আচলতে কি হৈছিল? সেই কথাটো স্পষ্টভাৱে জানিব বিচাৰিছোঁ।"
এটা বছৰ পাৰ হৈ যোৱাৰ পাছতো আজিও জুবিন গাৰ্গৰ মৃত্যুক লৈ আবেগৰ লগতে একাধিক প্ৰশ্নও জীয়াই আছে। সেই প্ৰশ্নসমূহৰ উত্তৰ তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াৰ জৰিয়তে কেতিয়া আৰু কেনেদৰে পোহৰলৈ আহে, এতিয়া সেয়াই অপেক্ষাৰ বিষয়।