ধুবুৰীত ৯ জন বিদেশী নাগৰিকক আটক; চমজাই দিলে BSF ক

Story by  atv | Posted by  [email protected] • 3 h ago
ধুবুৰীত ৯ জন বিদেশী নাগৰিকক আটক
ধুবুৰীত ৯ জন বিদেশী নাগৰিকক আটক
 
গুৱাহাটী
 
মঙ্গলবাৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বুলি অভিযোগ উঠা ৯ জন বিদেশী নাগৰিকক অসমৰ ধুবুৰী জিলাত আটক কৰা হৈছে আৰু তেওঁলোকক স্বদেশলৈ ঘূৰাই পঠিয়াবলৈ সীমান্ত সুৰক্ষা বলৰ হাতত চমজাই দিয়া হৈছে। এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
ছ'চিয়েল মিডিয়া ‘এক্স’ত এটা পোষ্টৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই নজন ব্যক্তিক ভাৰত-বাংলাদেশ সীমান্তৰে বহিষ্কাৰ কৰিবলৈ বি এছ এফৰ হাতত অৰ্পণ কৰা হৈছে। অৱশ্যে, তেওঁলোক কোন দেশৰ নাগৰিক, তেওঁলোকৰ জনগোষ্ঠীয় পৰিচয় কি বা তেওঁলোকক ঠিক কোনখন ঠাইৰ পৰা আটক কৰা হৈছিল, সেই বিষয়ে তেওঁ কোনো তথ্য প্ৰকাশ কৰা নাই।
 
অসমত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ কথা পুনৰ দোঁহাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে, “শেষ আস্থান: ধুবুৰী। পৰৱৰ্তী পদক্ষেপ: বহিষ্কাৰ।”
 
তেওঁ লগতে কয়, “অবৈধভাৱে সীমা পাৰ হ’লেই আইনৰ সন্মুখীন হ’ব লাগিব। সুৰক্ষিত সীমান্ত। কোনো ধৰণৰ আপোচ কৰা নহ'ব। য়েহ নয়া আছাম হ্যে।”
 
বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত থকা অসমৰ চাৰিখন জিলাৰ ভিতৰত ধুবুৰী অন্যতম। আন জিলা কেইখন হৈছে শ্ৰীভূমি, কাছাৰ আৰু দক্ষিণ শালমাৰা-মানকাচৰ।
 
ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ শ্ৰীভূমি জিলাৰ সুতাৰকান্দিত অসমৰ এটা সুসংহত তালাচী চকী বা ইনটিগ্ৰেটেড চেক প’ষ্ট আছে। উত্তৰ-পূৰ্বাঞ্চলত এই একেখন আন্তঃৰাষ্ট্ৰীয় সীমান্তত আন দুটা ইনটিগ্ৰেটেড চেক প’ষ্ট আছে — এটা মেঘালয়ৰ ডাউকীত আৰু আনটো ত্ৰিপুৰাৰ আখাউৰাত।
 
এই অঞ্চলটোৰ আন এটা ইনটিগ্ৰেটেড চেক প’ষ্ট ভাৰত-ভুটান সীমান্তৰ সমীপৰ অসমৰ দৰঙাত অৱস্থিত।


শেহতীয়া খবৰ