অবৈধ সুৰা আৰু চিণ্ডিকেটৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতি: আবকাৰী বিভাগৰ ৭৩ গৰাকী বিষয়াৰ এমাহজোৰা বিশেষ আৱাসিক প্ৰশিক্ষণ আৰম্ভ

Story by  atv | Posted by  [email protected] • 1 h ago
আবকাৰী বিভাগৰ ৭৩ গৰাকী বিষয়াৰ এমাহজোৰা বিশেষ আৱাসিক প্ৰশিক্ষণ আৰম্ভ
আবকাৰী বিভাগৰ ৭৩ গৰাকী বিষয়াৰ এমাহজোৰা বিশেষ আৱাসিক প্ৰশিক্ষণ আৰম্ভ
 
গুৱাহাটী
 
ৰাজ্যত অবৈধ সুৰাৰ প্ৰচলন আৰু ইয়াৰ লগত জড়িত চিণ্ডিকেট সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ স্বাৰ্থত অসম চৰকাৰে গ্ৰহণ কৰিছে এক আপোচবিহীন স্থিতি। জনস্বাস্থ্যৰ সুৰক্ষা আৰু এক সুস্থ সামাজিক পৰিৱেশ গঢ়ি তোলাৰ উমৈহতীয়া লক্ষ্যৰে ৰাজ্যৰ আবকাৰী বিভাগে শেহতীয়াকৈ এক ঐতিহাসিক তথা সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে।
 
এই পদক্ষেপৰ অংশস্বৰূপে, আবকাৰী বিভাগৰ ৭৩ গৰাকী বিষয়াৰ কৰ্মস্পৃহা, দক্ষতা আৰু আইন বলৱৎকৰণ ক্ষমতা অধিক শাণিত কৰাৰ উদ্দেশ্যে দেৰগাঁৱস্থিত ঐতিহ্যমণ্ডিত 'লাচিত বৰফুকন পুলিচ একাডেমী'ত ৩০ দিনীয়া এক বিশেষ আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে।
 
সোমবাৰে এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ আই এ এছ বিষয়া তথা আবকাৰী বিভাগৰ আয়ুক্ত-সচিব শ্ৰীযুত বীৰেন্দ্ৰ মিটালে। নিজৰ উদ্বোধনী ভাষণত তেখেতে প্ৰশিক্ষণৰত বিষয়াসকলক কঠোৰ অনুশাসন, উচ্চমানৰ কাৰিকৰী দক্ষতা আৰু গভীৰ কৰ্তব্যনিষ্ঠাৰে সমাজ আৰু দেশৰ হকে সেৱা আগবঢ়াবলৈ উদাত্ত আহ্বান জনায়।
 
ৰাজ্যৰ আবকাৰী মন্ত্ৰী শ্ৰীযুত অতুল বৰাই সামাজিক মাধ্যমৰ জৰিয়তে বিভাগৰ এই প্ৰশংসনীয় উদ্যোগক আদৰণি জনাইছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে আবকাৰী আইনসমূহৰ কঠোৰ প্ৰয়োগ আৰু প্ৰশাসনীয় ব্যৱস্থাৰ আধুনিকীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। সমাজ জীৱনলৈ ঘোৰ অমানিশা কঢ়িয়াই অনা অবৈধ সুৰাৰ ৰমৰমীয়া বেহা সমূলঞ্চে উৎখাত কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে বদ্ধপৰিকৰ। তেখেতে আশা প্ৰকাশ কৰে যে, এই সঘনীভূত আৰু উন্নতমানৰ প্ৰশিক্ষণে অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব।
 
এমাহজোৰা এই নিবিড় প্ৰশিক্ষণ পাঠ্যক্ৰমক বিশেষভাৱে সজাই তোলা হৈছে। ইয়াৰ মূল লক্ষ্য কেৱল শাৰীৰিক সক্ষমতা বৃদ্ধিতেই সীমিত নহয়; বৰঞ্চ আধুনিক আৰু বিজ্ঞানসন্মত তদন্ত কৌশল, নিখুঁত অভিযান ব্যৱস্থাপনা (Operation Management) আৰু আইনী প্ৰক্ৰিয়াৰ সঠিক অনুপালনৰ ওপৰতো ইয়াত বিশদভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব। এই প্ৰশিক্ষণৰ জৰিয়তে আবকাৰী বাহিনীটোক এক অধিক অনুশাসিত, চৌকস আৰু ফলাফল-মুখী শক্তিশালী গোটলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে, যাতে পৰৱৰ্তী সময়ত বিষয়াসকলে কৰ্মক্ষেত্ৰত অত্যন্ত ক্ষিপ্ৰতা আৰু পেছাদাৰিত্বৰে নিজৰ দায়িত্ব পালন কৰিব পাৰে।
 
প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানটিক এক গাম্ভীৰ্যপূৰ্ণ মাত্ৰা প্ৰদান কৰি ৰাজ্যৰ কেইবাগৰাকীও শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী বিষয়া উপস্থিত থাকে। তেওঁলোকৰ ভিতৰত আবকাৰী বিভাগৰ সচিব শ্ৰীমতী নীৰা দৌলাগুপু, যুটীয়া সচিব শ্ৰীমতী ৰশ্মি বৰুৱা গোগৈ, লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষ শ্ৰীযুত মৃণাল ডেকা আৰু ১১ নং অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট শ্ৰীযুত চিত্ৰেন গোহাঁই অন্যতম।
 
এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত গুৱাহাটীত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি জ্যেষ্ঠ আবকাৰী বিষয়া শ্ৰীযুত শৈলেন্দ্ৰ পাণ্ডেই কয়, "লাচিত বৰফুকন পুলিচ একাডেমীৰ দৰে এক উৎকৃষ্ট প্ৰতিষ্ঠানত অনুষ্ঠিত এই এমাহজোৰা আৱাসিক প্ৰশিক্ষণে আমাৰ বিষয়াসকলৰ দক্ষতা আৰু কৰ্মক্ষমতাক এক নতুন উচ্চতা প্ৰদান কৰিব। আয়ুক্ত-সচিব শ্ৰীযুত বীৰেন্দ্ৰ মিটাল ডাঙৰীয়াৰ দ্বাৰা শুভাৰম্ভ হোৱা এই উদ্যোগে সমগ্ৰ আবকাৰী বাহিনীটোক কাৰিকৰী আৰু আইনী দিশত অভূতপূৰ্বভাৱে শক্তিশালী কৰি তুলিব। ইয়াৰ ফলশ্ৰুতিত আগন্তুক দিনত সমগ্ৰ ৰাজ্যজুৰি চলি থকা অবৈধ সুৰা চিণ্ডিকেট আৰু কৰ ফাঁকিৰ বিৰুদ্ধে আমাৰ অভিযান অধিক কঠোৰ, নিৰ্মম আৰু নিৰ্ণায়ক হৈ পৰিব।"


শেহতীয়া খবৰ