তামিলনাডুৰ থেনি জিলা কাৰাগাৰৰ পৰা ১৭ জন কয়দীৰ পলায়ন; ৪ জন পুনৰ গ্ৰেপ্তাৰ

Story by  atv | Posted by  [email protected] • 1 d ago
তামিলনাডুৰ থেনি জিলা কাৰাগাৰৰ পৰা ১৭ জন কয়দীৰ পলায়ন; ৪ জন পুনৰ গ্ৰেপ্তাৰ
তামিলনাডুৰ থেনি জিলা কাৰাগাৰৰ পৰা ১৭ জন কয়দীৰ পলায়ন; ৪ জন পুনৰ গ্ৰেপ্তাৰ
 
তামিলনাডু
 
তামিলনাডুৰ থেনি জিলাৰ থেক্কামপট্টি কাৰাগাৰত সোমবাৰে নিশা এক অভূতপূৰ্ব আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়, য’ত ১৭ জন কয়দীয়ে একেলগে কাৰাগাৰ ফালি পলায়ন কৰে। নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰি সংঘটিত কৰা এই পলায়ন কাৰ্যৰ পাছত আৰক্ষীৰ ক্ষীপ্ৰ অভিযানৰ ফলত বৰ্তমানলৈ চাৰিজন কয়দীক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
 
থেনি জিলাৰ আণ্ডিপট্টিৰ সমীপৰ থেক্কামপট্টি অঞ্চলত অৱস্থিত এই জিলা কাৰাগাৰখনত থেনিৰ লগতে মাদুৰাই, ডিন্দুগুল আৰু অন্যান্য প্ৰান্তৰ বিচাৰাধীন কয়দীসকলক ৰখা হয়। সূত্ৰৰ মতে, সোমবাৰে নিশা প্ৰায় ১০ বজাত এক সুপৰিকল্পিত ষড়যন্ত্ৰ মৰ্মে ১৭ জন কয়দীয়ে পলায়ন কৰে।
 
প্ৰাৰম্ভিক জেৰাৰ পৰা পোহৰলৈ অহা অনুসৰি, কয়দীসকলৰ এজনে মূৰ্ছা যোৱাৰ ভাও জুৰিছিল। এই পৰিস্থিতিৰ সুযোগ লৈ, যেতিয়া কাৰাগাৰৰ ৰক্ষীসকলে সেই ব্যক্তিজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিবলৈ আহে, তেতিয়া সুযোগ বুজি কয়দীসকলে ৰক্ষীসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰে। এই বিশৃংখলতাৰ মাজতে ১৭ জন কয়দীয়ে কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
 
এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে কাৰাগাৰ আৰু আৰক্ষী প্ৰশাসনৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হয়। থেনি জিলাৰ আৰক্ষী অধীক্ষক প্ৰবীণ গৌতমে তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। পৰৱৰ্তী সময়ত দক্ষিণ মণ্ডলৰ আই জি বিজয়েন্দ্ৰ বিদায়ীয়েও কাৰাগাৰখন পৰিদৰ্শন কৰে আৰু পলায়নৰ সন্দৰ্ভত কাৰাৰক্ষীসকলক সোধাপোছা কৰে।
 
এই সন্দৰ্ভত আই জি বিজয়েন্দ্ৰ বিদায়ীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয়, “নিশা প্ৰায় ১০.২০ বজাত থেক্কামপট্টি কাৰাগাৰৰ পৰা কয়দী পলাই যোৱাৰ খবৰ আমি লাভ কৰোঁ। তেওঁলোকক কৰায়ত্ত কৰিবলৈ ইতিমধ্যে ১৭ টা বিশেষ দল গঠন কৰা হৈছে আৰু নিশ্চিদ্ৰ তালাচী অভিযান অব্যাহত আছে।"
 
আৰক্ষীৰ নিৰন্তৰ অভিযানৰ ফলস্বৰূপে মঙলবাৰে পুৱা থেনি জিলাৰ থেভাৰাম অঞ্চলৰ পৰা চিলাম্বৰাছন নামৰ এজন পলাতক কয়দীক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ কিছু সময়ৰ পাছতেই ৰাজকুমাৰ আৰু ৰাজা চিকন্দৰকো আৰক্ষীয়ে জালত পেলায়। বৰ্তমানলৈকে আৰক্ষীয়ে ৪ জন পলাতক কয়দীক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
 
কয়দীসকলে এই পলায়নৰ পৰিকল্পনা কাৰাগাৰৰ ভিতৰত কেনেদৰে ৰচিছিল আৰু কাৰাগাৰৰ কোন অংশৰে তেওঁলোক পলাই গৈছিল, সেই বিষয়ে আৰক্ষীৰ এক সূক্ষ্ম তদন্ত অব্যাহত আছে। কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাত থকা সুৰুঙা আৰু এই ঘটনাত আন কাৰোবাৰ হাত আছে নেকি, সেই দিশবোৰো বৰ্তমান আৰক্ষীৰ তদন্তৰ আওতাত আছে।


শেহতীয়া খবৰ