নতুন দিল্লী
পশ্চিম-মধ্য বংগ উপসাগৰৰ পৰা সৃষ্টি হোৱা ঘূৰ্ণীবতাহ 'অৰ্ণৱ'-এ বৰ্তমান তীব্ৰতৰ হৈ এক অতি ভয়াৱহ আৰু প্ৰলয়ংকৰী ঘূৰ্ণীবতাহলৈ পৰিণত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি, বুধবাৰে পুৱাৰ ভাগত অন্ধ্ৰপ্ৰদেশ উপকূলৰ নিচেই কাষত এই ঘূৰ্ণীবতাহবিধ প্ৰায় স্থবিৰ অৱস্থাত আছিল। অৱশ্যে, আগন্তুক ২-৩ ঘণ্টালৈ ইয়াৰ স্থলপথত প্ৰৱেশ প্ৰক্ৰিয়া অব্যাহত থকাৰ পূৰ্ণ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান অনুসৰি, ঘূৰ্ণীবতাহটো ক্ৰমান্বয়ে উত্তৰ-পশ্চিম দিশলৈ অগ্ৰসৰ হৈ য়ানামৰ দক্ষিণাংশৰ লগতে বাপটলা আৰু বিশাখাপট্টনমৰ মাজেৰে অন্ধ্ৰপ্ৰদেশ আৰু য়ানাম উপকূল অতিক্ৰম কৰিব। বৰ্তমান ই এক অতি বিপজ্জনক ধুমুহাৰ ৰূপ লৈছে, যাৰ সৰ্বোচ্চ বতাহৰ গতিবেগ ঘণ্টাত ১৩৫ কিলোমিটাৰ হোৱাৰ বিপৰীতে মাজে মাজে ধুমুহাৰ প্ৰকোপ ঘণ্টাত ১৫০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
এই প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱত ইতিমাজতে আনকাপলে, বিশাখাপট্টনম, কাকিনাদা আৰু ক’নাছিমা জিলাৰ কেইবাটাও অঞ্চলত বিস্তৰ প্ৰভাৱ পৰাৰ লগতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশাখাপট্টনম, কাকিনাদা, কোনাচিমা আৰু পশ্চিম গোদাৱৰী জিলাত ইতিমধ্যেই প্ৰচণ্ড বতাহৰ লগতে ধাৰাসাৰ বৰষুণৰ খবৰ পোৱা গৈছে। প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত বহু ঠাইত গছ-গছনি উভালি পৰি জনজীৱন ব্যাহত হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৭ অক্টোবৰৰ পুৱা ৮-৩০ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ৪ বজাৰ ভিতৰতে আনকাপলে, ভিজিয়ানাগৰম আৰু বিশাখাপট্টনম জিলাৰ কেইবাখনো ঠাইত ২০০ মিলিমিটাৰতকৈও অধিক অভিলেখসংখ্যক বৰষুণৰ পাত হৈছে।
পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি প্ৰশাসনো সাজু হৈ উঠিছে। বুধবাৰে পুৱা ৬-১৫ বজাতেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এখন গুৰুত্বপূৰ্ণ টেলিকনফাৰেন্স অনুষ্ঠিত কৰে। এই বৈঠকত তেওঁ ঘূৰ্ণীবতাহৰ ফলত প্ৰভাৱিত অঞ্চলসমূহৰ সামগ্ৰিক পৰিস্থিতি আৰু বৰ্তমান চলি থকা সাহায্য তথা উদ্ধাৰ অভিযানৰ পুংখানুপুংখ পৰ্যালোচনা কৰে।