গুৱাহাটীৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা: নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে ৬ জনক গুলীয়াইছিল মূল অভিযুক্ত ঘনকান্তই

Story by  atv | Posted by  [email protected] • 2 h ago
গুৱাহাটীৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা
গুৱাহাটীৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা
 
গুৱাহাটী
 
গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ গুলীচালনাৰ ঘটনাত পোহৰলৈ আহিছে ন ন চাঞ্চল্যকৰ তথ্য। এই ঘটনাত ৬ জনকৈ লোকক গুলীচালনা কৰা মূল অভিযুক্ত ঘনকান্ত গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনাৰ ভয়াবহতা স্পষ্ট হৈ পৰিছে।
 
জানিব পৰা মতে, অভিযুক্ত ঘনকান্ত গগৈৰ আদি নিবাস ডিব্ৰুগড়ত যদিও বৰ্তমান তেওঁ গুৱাহাটীৰ লখৰাৰ সাউকুছিত বসবাস কৰি আহিছিল। এই জঘন্য কাণ্ড সংঘটিত কৰিবলৈ ঘনকান্তই ব্যৱহাৰ কৰা মাৰণাস্ত্ৰবিধ আছিল নাগালেণ্ডত পঞ্জীয়নকৃত এখন অনুজ্ঞাপত্ৰ থকা পিষ্টল। ঘটনাৰ পিছতে আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা এটা পইণ্ট ৩২ পিষ্টল জব্দ কৰে। পৰীক্ষাৰ অন্তত দেখা যায় যে পিষ্টলটোৰ মেগজিনত এটাও গুলী অৱশিষ্ট নাছিল, অৰ্থাৎ ঘটনাৰ সময়ত পিষ্টলটোত থকা সম্পূৰ্ণ গুলীয়েই অভিযুক্ত ঘনকান্তই ব্যৱহাৰ কৰিছিল।
 
ঘটনাৰ পিছতে বশিষ্ঠ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই প্ৰথমে সাউকুছিৰ পৰাই ঘনকান্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিশাৰ ভাগত অভিযুক্তটোক বশিষ্ঠ আৰক্ষী থানাতে ৰখা হয় যদিও পিছদিনা পুৱা অধিক তদন্তৰ স্বাৰ্থত তেওঁক পল্টনবজাৰ আৰক্ষীৰ হাতত গতোৱা হয়। বৰ্তমান পল্টনবজাৰ থানাত হত্যাকাৰী ঘনকান্তক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।
 
উল্লেখ্য যে, ঘনকান্ত গগৈৰ অপৰাধমূলক জগতৰ সৈতে সম্পৰ্ক এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিতৰ্কিত কয়লা ছিণ্ডিকেটৰ সৈতেও তেওঁৰ নাম সাঙোৰ খাই পৰিছিল। বৰ্তমান আৰক্ষীৰ মাৰাথন জেৰাত এই সমগ্ৰ গুলীচালনাৰ ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।


শেহতীয়া খবৰ