নতুন দিল্লী
ডিজিটেল জগতত এতিয়া এক বৃহৎ আতংকৰ সৃষ্টি হৈছে। ৱেবছাইট নিৰ্মাণৰ বাবে বিশ্বজুৰি সৰ্বাধিক ব্যৱহৃত প্ৰগ্ৰেমিং ভাষা 'পিএইচপি'ত ধৰা পৰা এক ভয়ংকৰ সুৰক্ষা ত্ৰুটিয়ে সমগ্ৰ ইণ্টাৰনেট ব্যৱস্থাটোলৈকে এক অভূতপূৰ্ব ভাবুকি কঢ়িয়াই আনিছে।
ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চাইবাৰ সুৰক্ষা সংস্থা 'চাৰ্ট-ইন'এ এই ভয়াৱহ সুৰক্ষা ত্ৰুটিৰ সন্দৰ্ভত এক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে, পিএইচপিৰ এই দুৰ্বলতাৰ সুযোগ লৈ হেকাৰসকলে পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰাই দূৰৈৰ পৰা ৱেবছাইটসমূহত আক্ৰমণ চলাব পাৰে। ইয়াৰ জৰিয়তে তেওঁলোকে ৱেবছাইটৰ স্পৰ্শকাতৰ তথ্যত অনায়াসে প্ৰৱেশ কৰাৰ লগতে আক্ৰান্ত চিষ্টেমত ক্ষতিকাৰক ক’ড কাৰ্যকৰী কৰি সমগ্ৰ ব্যৱস্থাটোৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব পাৰে।
উল্লেখ্য যে, ডাইনামিক ৱেবছাইট আৰু ৱেব এপ্লিকেশ্যন নিৰ্মাণৰ ক্ষেত্ৰত পিএইচপি বহুলভাৱে ব্যৱহাৰ কৰা হয়। সাধাৰণতে ৱেবছাইটসমূহে ব্যৱহাৰকাৰীৰ অনুৰোধ প্ৰক্ৰিয়াকৰণ কৰা আৰু তথ্য প্ৰদৰ্শন কৰাৰ দৰে অতি গুৰুত্বপূৰ্ণ কামবোৰ এই প্ৰগ্ৰেমিং ভাষাৰ জৰিয়তেই সম্পাদন কৰে। সেয়েহে, ইয়াত হোৱা ত্ৰুটিয়ে সমগ্ৰ ইণ্টাৰনেটৰ বাবেই এক বৃহৎ ভাবুকি কঢ়িয়াই আনিছে।
যোৱা ২২ অক্টোবৰত অ’পেনএআইৰ অত্যাধুনিক মডেল 'জিপিটি-৫.৬ ছ’ল'-এ পিএইচপিত দুটাকৈ অতি জটিল সুৰক্ষা ত্ৰুটি আৱিষ্কাৰ কৰে। এই ভয়ংকৰ আৱিষ্কাৰৰ লগে লগে পৃথিৱীৰ কেইবাখনো ৱেবছাইটে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সাময়িকভাৱে নিজৰ সেৱা বন্ধ ৰাখিবলৈ বাধ্য হৈছিল।
উইজ ৰিচাৰ্চৰ এক শেহতীয়া অধ্যয়নত পোহৰলৈ আহিছে যে, বৰ্তমান সমগ্ৰ বিশ্বৰ প্ৰায় ৭০ শতাংশ ৱেবছাইটে পিএইচপি ভাষা ব্যৱহাৰ কৰে। বিশেষজ্ঞসকলৰ মতে, ইয়াৰ পোনপটীয়া অৰ্থ হ'ল— ইণ্টাৰনেট জগতৰ আধাতকৈয়ো অধিক ৱেবছাইট এতিয়া হেকিঙৰ আশংকাত ভুগিছে।
এই ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চাৰ্ট-ইনে ৱেবছাইটৰ গৰাকী আৰু প্ৰশাসকসকললৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু পৰামৰ্শ আগবঢ়াইছে:
তাৎক্ষণিক উন্নীতকৰণ: চফ্টৱেৰ নিৰ্মাতাই আগবঢ়োৱা নিৰাপত্তা উন্নীতকৰণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ ৱেবছাইটৰ গৰাকীসকলে তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব লাগিব।
সংস্কৰণ পৰীক্ষণ: ৱেবছাইটসমূহত চলি থকা পিএইচপিৰ বৰ্তমানৰ সংস্কৰণটো পৰীক্ষা কৰি উপযুক্ত সুৰক্ষা আপডেট লগে লগে ইনষ্টল কৰিব লাগিব।
হোষ্টিং প্ৰদানকাৰীৰ সৈতে যোগাযোগ: হোষ্টিং প্ৰদানকাৰীৰ সৈতে যোগাযোগ স্থাপন কৰি ৱেবছাইটটোত পিএইচপিৰ একেবাৰে আপডেটেড সংস্কৰণ ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব লাগিব।
নিৰ্দেশনা পালন: পিএইচপিৰ আনুষ্ঠানিক নিৰাপত্তা নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলাটো বৰ্তমান সময়ত সকলোৰে বাবে অপৰিহাৰ্য হৈ পৰিছে।