বিগত এটা দশকত অসম চৰকাৰে জনসাধাৰণৰ জীৱনলৈ শান্তি-সম্প্ৰীতিৰ এক নতুন বাৰ্তা কঢ়িয়াই আনিছে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  [email protected] • 1 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
তিনিচুকীয়া
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৮ কোটি টকাৰ পুঁজিৰে তিনিচুকীয়া পৌৰসভাই ৰূপায়ণ কৰিবলগীয়া চাৰিটা প্ৰধান আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লগতে তেওঁ জনসাধাৰণৰ সুবিধাৰ বাবে ১.৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ‘সমগ্ৰ সেৱা’ নামৰ এটা সমন্বিত ডিজিটেল এপ্লিকেচনো মুকলি কৰে।
 
এই উপলক্ষে তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত আয়োজিত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰি তেওঁ কয় যে অসমৰ অন্যতম প্ৰধান বাণিজ্যিক কেন্দ্ৰ তথা ঐতিহাসিক চহৰ তিনিচুকীয়াৰ সামগ্ৰিক উন্নয়ন আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো আঁচনি গ্ৰহণ কৰিছে।
 
তেওঁ কয় যে শ্বহীদ পিয়লি ফুকন খেলপথাৰৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ইতিমধ্যে ৪.৫৪ কোটি টকাৰ এখন আঁচনি হাতত লোৱা হৈছে। আনহাতে, বৰগোধা পুখুৰীৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ২.৩৩ কোটি টকা ব্যয় সাপেক্ষে আন এখন আঁচনি আৰম্ভ কৰা হৈছে। মহাত্মা গান্ধী পাৰ্ক আৰু বিষ্ণু ৰাভা পাৰ্কৰ সৌন্দৰ্যবৰ্ধনৰ বাবেও তিনিচুকীয়া পৌৰসভাই দুখন গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে বুলি তেওঁ লগতে কয়।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তিনিচুকীয়াৰ প্ৰশাসনিক ব্যৱস্থাক আধুনিকীকৰণ কৰিবলৈ আৰু ইয়াক জনসাধাৰণৰ বাবে অধিক সহজলভ্য কৰাৰ উদ্দেশ্যে প্ৰায় ১.৫০ কোটি টকা ব্যয়ৰে 'সমগ্ৰ সেৱা' নামৰ এটা সমন্বিত ডিজিটেল এপ্লিকেচন মুকলি কৰা হৈছে।
 
এই এপ্লিকেচনটোৱে তিনিচুকীয়া পৌৰসভা এলেকাৰ অনাময় ব্যৱস্থা আৰু সকলো নাগৰিক সেৱাক পোনপটীয়াকৈ নাগৰিকৰ স্মাৰ্টফোনৰ সৈতে সংযোগ কৰিব। ফলস্বৰূপে, অত্যাৱশ্যকীয় নাগৰিক সেৱাসমূহ লাভ কৰিবলৈ আৱাসীসকলে আৰু সঘনাই পৌৰসভাৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নহ'ব।
 
তেওঁ কয় যে এই এপ্লিকেচনৰ জৰিয়তে নাগৰিকসকলে ঘৰৰ পৰাই পোনপটীয়াকৈ আৱৰ্জনা সংগ্ৰহ কৰা বাহনসমূহৰ সঠিক অৱস্থান জানিব পাৰিব, সম্পত্তিৰ কৰ পৰিশোধ কৰিব পাৰিব, ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব, নিৰ্মাণকাৰ্যৰ অনুমতি বিচাৰিব পাৰিব আৰু অন্যান্য পৌৰ সেৱাসমূহ লাভ কৰিবলৈ তিনিচুকীয়া পৌৰসভাৰ সৈতে যোগাযোগ কৰিব পাৰিব। ইয়াৰ দ্বাৰা ৰাইজৰ অসুবিধা যথেষ্ট হ্ৰাস পাব আৰু আৱাসীসকলে উন্নত সেৱা লাভ কৰিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
 
শৰ্মাই লগতে কয় যে কেইবা দশক ধৰি তিনিচুকীয়াৰ জনসাধাৰণে অসমৰ অৰ্থনৈতিক জীৱনলৈ অপৰিসীম বৰঙণি আগবঢ়াই আহিছে। তথাপিও একাংশৰ মাজত এনে এক ধাৰণাৰ সৃষ্টি হৈছে যে কিছুমান ক্ষেত্ৰত তিনিচুকীয়া ৰাজ্যৰ আন চহৰসমূহৰ তুলনাত কিছু পিছ পৰি ৰৈছে।
 
"এই কথাৰ প্ৰতি লক্ষ্য ৰাখি, তিনিচুকীয়াৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বৰ কাৰ্যকালত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেয়েহে ইয়াৰ পথ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে বিভিন্ন কাম হাতত লৈছিল," তেওঁ কয়।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান তিনিচুকীয়াৰ আটাইতকৈ জৰুৰী প্ৰয়োজনীয়তা হৈছে ইয়াৰ পথ আৰু নলা ব্যৱস্থাৰ উন্নতি। সেই অনুসৰি, তেওঁ তিনিচুকীয়া চহৰত পথ আৰু নলাৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ২০০ কোটি টকা আৱণ্টনৰ কথা ঘোষণা কৰে।
 
লগতে তেওঁ জিলা পৰ্যায়ৰ সকলো চৰকাৰী কাৰ্যালয় একেখন স্থানলৈ আনিবলৈ এটা সমন্বিত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ কথাও আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
 
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে সভা, সন্মিলন আৰু অন্যান্য ৰাজহুৱা সমাৱেশ অনুষ্ঠিত কৰাৰ বাবে তিনিচুকীয়াত এক আধুনিক সাংস্কৃতিক প্ৰেক্ষাগৃহৰ প্ৰয়োজন আছিল। সেয়েহে, তেওঁ ১,০০০ লোক বহিব পৰা ক্ষমতা সম্পন্ন এক অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ অনুদান ঘোষণা কৰে।
 
ইয়াৰ উপৰিও, তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে এটা বাছ টাৰ্মিনেল স্থাপন, এটা বহুমহলীয়া কাৰ পাৰ্কিং সুবিধা নিৰ্মাণ, কছুজান ষ্টেডিয়ামৰ উন্নীতকৰণ, জিলা পুথিভঁৰালৰ আধুনিকীকৰণ আৰু সমগ্ৰ তিনিচুকীয়া চহৰত পথৰ চাকি লগোৱাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ'ব।
 
তেওঁ দৃঢ়তাৰে কয় যে ৰাজ্য চৰকাৰে নিজৰ প্ৰচেষ্টা কেৱল এই পদক্ষেপসমূহৰ মাজতে আৱদ্ধ নাৰাখি পৰৱৰ্তী উন্নয়নৰ দিশতো কাম কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ১০ বছৰত ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ জীৱনলৈ শান্তি আৰু সম্প্ৰীতিৰ এক নতুন বাৰ্তা কঢ়িয়াই আনিছে। ৰাজ্যখনৰ ঔদ্যোগিক পৰিৱেশৰো আশানুৰূপ উন্নতি ঘটিছে বুলি তেওঁ কয়।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তিনিচুকীয়া জিলাত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পিছত, পৰৱৰ্তী সময়ত চহৰখনত এখন বিশ্ববিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হ'ব। যোৱা নিৰ্বাচনত তিনিচুকীয়া জিলাৰ বিধানসভা সমষ্টিসমূহত ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰা বিজয়ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, এক নৱীকৃত উন্নয়নৰ পৰ্যায়ৰ জৰিয়তে ৰাজ্য চৰকাৰে জনসাধাৰণৰ মৰম আৰু আশীৰ্বাদৰ প্ৰতিদান দিবলৈ চেষ্টা কৰিব।


শেহতীয়া খবৰ