তিনিচুকীয়াত চাৰিটা প্ৰকল্পৰ শিলান্যাসৰ লগতে ‘সমগ্ৰ সেৱা’ এপ মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটী
অসমৰ অন্যতম বাণিজ্যিক প্ৰাণকেন্দ্ৰ তথা ঐতিহাসিক চহৰ তিনিচুকীয়াৰ আন্তঃগাঁথনি উন্নয়ন আৰু নাগৰিক সেৱাৰ আধুনিকীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। চহৰখনৰ বাট-পথ আৰু নলা-নৰ্দমাৰ উন্নয়নৰ বাবে ২০০ কোটি টকাৰ পুঁজি ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰায় ৮ কোটি টকা ব্যয়সাপেক্ষে চাৰিটা উন্নয়নমূলক প্ৰকল্পৰ আভাসী মাধ্যমেৰে শিলান্যাস কৰে।
তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত আয়োজিত অনুষ্ঠানত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত পৌৰসভাৰ উদ্যোগত ৰূপায়ণ হ’বলগীয়া এই প্ৰকল্পসমূহৰ ভিতৰত ৪.৫৪ কোটি টকাৰে শ্বহীদ পিয়লি ফুকন খেলপথাৰৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন, ২.৩৩ কোটি টকাৰে বৰ গোধা পুখুৰীৰ পুনৰুজ্জীৱিতকৰণৰ লগতে মহাত্মা গান্ধী পাৰ্ক আৰু বিষ্ণুৰাভা পাৰ্কৰ সৌন্দৰ্যবৰ্ধন অন্তৰ্ভুক্ত।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰায় ১.৫০ কোটি টকা ব্যয়েৰে প্ৰস্তুত কৰা ‘সমগ্ৰ সেৱা’ নামৰ সংহত ডিজিটেল এপ মুকলি কৰে। ইয়াৰ জৰিয়তে নাগৰিকে ঘৰৰ পৰাই আৱৰ্জনা সংগ্ৰহ বাহনৰ ৰিয়েল টাইম ট্ৰেকিং, সম্পত্তি কৰ পৰিশোধ, ট্ৰেড লাইচেন্সৰ আবেদন, নিৰ্মাণৰ অনুমতিকে ধৰি পৌৰসভাৰ অনাময় আৰু অন্যান্য সেৱা লাভ কৰিব পাৰিব।
মুখ্যমন্ত্ৰীয়ে লগতে জিলাখনৰ সকলো প্ৰশাসনিক কাৰ্যালয় একত্ৰিত কৰি সংহত জিলা আয়ুক্ত কাৰ্যালয় নিৰ্মাণ আৰু ৫০ কোটি টকাৰে এহেজাৰ আসনবিশিষ্ট অত্যাধুনিক প্ৰেক্ষাগৃহ স্থাপনৰ ঘোষণা কৰে। বাছ টাৰ্মিনাছ, মাল্টি লেভেল কাৰ পাৰ্কিং, কচুজান ষ্টেডিয়ামৰ উন্নয়ন, জিলা পুথিভঁৰালৰ আধুনিকীকৰণ আৰু ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে।
বিগত দশকত ৰাজ্যত শান্তি-সম্প্ৰীতি, ঔদ্যোগিক বিকাশ, কৃষিজাত সামগ্ৰীৰ ৰপ্তানি, নিকা নিযুক্তি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে যুৱসমাজৰ মাজত আস্থা বৃদ্ধি পোৱা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তিনিচুকীয়াত নতুন উদ্যোগীকৰণৰ পৰিৱেশ গঢ়াৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ পিছত বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰো আশ্বাস দিয়ে।
অনুষ্ঠানত মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক পুলক গোহাঁই, বলিন চেতিয়া, সুৰেন ফুকন, ৰূপেশ গোৱালা, সঞ্জয় কিষাণ, পৌৰসভাৰ মেয়ৰ পুলক চেতিয়া, কাজল গোহাঁই, ভদ্ৰেশ্বৰ মৰাণ আৰু অৰুণজ্যোতি মৰাণসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।