বিগত ৫ দশক ধৰি বহিৰাগত শক্তিৰ পৰা অসমক ৰক্ষা কৰাত আলফাই সহায় কৰিছে: কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

Story by  atv | Posted by  [email protected] • 48 m ago
কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
 
তিনিচুকীয়া
 
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে নিষিদ্ধঘোষিত  সংগঠন আলফাক প্ৰশংসা কয় যে সংগঠনটোৱে "যোৱা পাঁচটা দশকৰো অধিক সময় ধৰি ৰাজ্যখনক বহিৰাগত শক্তিৰ পৰা ৰক্ষা কৰি আহিছে।" সামাজিক মাধ্যমত তেওঁ মন্তব্য কৰা ভিডিঅ' ভাইৰেল হৈ পৰিছে।
 
মন্ত্ৰীগৰাকীয়ে সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ত নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে মৰাণ আৰু মটক সম্প্ৰদায়কো প্ৰশংসা কৰে।
 
ভিডিঅ’টোত দেখা যোৱা অনুসৰি, মঙলবাৰে তিনিচুকীয়াৰ কাকপথাৰৰ ডিৰাক নৱজ্যোতি গাঁৱত অনুষ্ঠিত মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছিল।
 
উল্লেখযোগ্য যে, সংবাদ সংস্থা পিটিআইয়ে স্বতন্ত্ৰভাৱে এই ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰিব পৰা নাই। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ মতামত জানিবলৈ তেখেতলৈ বাৰে বাৰে ফোন আৰু হোৱাটছএপ মেছেজ কৰা হৈছিল যদিও তেখেতে কোনো উত্তৰ নিদিলে।
 
"কেৱল আলফাৰ বাবেই যোৱা ৫০ বছৰত কোনেও অসমৰ গাত হাত দিবলৈ সক্ষম হোৱা নাছিল," বুলি ভিডিঅ’টোত দৈমাৰীক কোৱা শুনা গৈছে।
 
উক্ত অনুষ্ঠানতে তেখেতক 'বেংমৰা সমন্বয় বঁটা-২০২৬' প্ৰদান কৰা হয়।
 
মন্ত্ৰীগৰাকীয়ে কয় যে যদিও একাংশ লোকে আলফাক সমালোচনা কৰিব পাৰে, "কেৱল এই বিদ্ৰোহী সংগঠনটোৰ বাবেই কোনো শক্তিয়ে অসমক অস্থিৰ কৰিবলৈ একো কৰিব পৰা নাছিল।"
 
তেখেতে লগতে কয়, "আলফাক ইয়াৰ মূল নেতৃত্ব প্ৰদান কৰা লোকসকল মৰাণ আৰু মটক সম্প্ৰদায়ৰ আছিল। আনকি পৰেশ বৰুৱাও (আলফাৰ মুৰব্বী) মটক সম্প্ৰদায়ৰে লোক।"
 
দৈমাৰীয়ে কয় যে, "মৰাণ আৰু মটক সম্প্ৰদায়ৰ অৱদান নথকাহেঁতেন যোৱা পাঁচটা দশকত ৰাজ্যখনৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ ধৰণৰ হ'লহেঁতেন।"
 
তেখেতে লগতে কয়, "মৰাণ আৰু মটক লোকসকল নথকাহেঁতেন অসমৰ অৱস্থা কি হ’লহেঁতেন সেয়া কেৱল ভগৱানেহে জানে।"
 
মন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিম অসমৰ জিলাসমূহত বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ মাত্ৰা ইমান ভয়াৱহ নহ’লহেঁতেন, যদিহে মূলতঃ পূব অসমৰ জিলাসমূহত বসবাস কৰা মটক আৰু মৰাণ সম্প্ৰদায়ৰ লোকসকল সেই অঞ্চলটোতো থাকিলহেঁতেন।
 
তেখেতে কয় যে মৰাণ আৰু মটক সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব।


শেহতীয়া খবৰ