যিটো বয়সত বেছিভাগ শিশুৱে খেলক কেৱল এক মনোৰঞ্জনৰ মাধ্যম হিচাপেহে লয়, সেই বয়সতে হায়দৰাবাদৰ এগৰাকী ছয় বছৰীয়া কন্যাই হাতত তুলি লৈছিল এখন টেনিছ ৰেকেট। হয়তো তেতিয়া কোনেও ভবা নাছিল যে এই কন্যাগৰাকীয়েই এদিন ভাৰতীয় মহিলা টেনিছৰ সৰ্বোচ্চ পৰিচয় হৈ পৰিব, গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰিব আৰু বিশ্বৰ এক নম্বৰ ডাবলছ খেলুৱৈৰ মুকুট পিন্ধিব।
এই কাহিনী হৈছে ছানিয়া মিৰ্জাৰ- যিগৰাকী খেলুৱৈয়ে কেৱল টেনিছতেই ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাই নহয়, ক্ৰীড়াক্ষেত্ৰত ভাৰতীয় মহিলাৰ উপস্থিতি আৰু সম্ভাৱনাক এক নতুন দিশ প্ৰদান কৰিছিল।
১৯৮৬ চনৰ ১৫ নৱেম্বৰত জন্মগ্ৰহণ কৰা ছানিয়া মিৰ্জাৰ শৈশৱ পাৰ হৈছিল হায়দৰাবাদত। মাত্ৰ ছয় বছৰ বয়সতে তেওঁ টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ পিতৃ ইমৰান মিৰ্জাই কন্যাৰ প্ৰতিভাক চিনি পাই প্ৰশিক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত পৰিয়ালটোৱে ছানিয়াৰ টেনিছৰ সপোনক কেনেকৈ আগুৱাই নিব তাক লৈ সিদ্ধান্ত ল'বলগীয়া হৈছিল, কাৰণ পেছাদাৰী টেনিছ কোনো সহজ বা সস্তীয়া খেল নাছিল। প্ৰশিক্ষণ, সঁজুলি, প্ৰতিযোগিতা আৰু অহৰহ যাত্ৰাৰ বাবে পৰিয়ালটোৱে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। তথাপি, ছানিয়াই অতি কম বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচয় গঢ়িবলৈ আৰম্ভ কৰিছিল।
জুনিয়ৰ পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা সফলতাৰে আগবাঢ়ি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভৰি থৈছিল। মাত্ৰ ১৬ বছৰ বয়সত ২০০২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া তেওঁৰ কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হয়। ছানিয়াই পিছলৈ নিজেই স্বীকাৰ কৰিছিল যে ৰাষ্ট্ৰীয় ক্ৰীড়াই তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক আগুৱাই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু ডাঙৰ মঞ্চৰ বাবে তেওঁৰ আত্মবিশ্বাস গঢ়ি তুলিছিল।
২০০৩ চনত ছানিয়াই পেছাদাৰী টেনিছত প্ৰৱেশ কৰে আৰু অতি সোনকালেই ভাৰতীয় টেনিছৰ আটাইতকৈ চৰ্চিত যুৱ খেলুৱৈসকলৰ মাজত অন্তৰ্ভুক্ত হয়। ২০০৪ চনত তেওঁ হায়দৰাবাদত ডাবলছ খিতাপ জয় কৰে আৰু এই সময়ছোৱাতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ খেলৰ দ্ৰুত প্ৰসাৰ ঘটে।
ইয়াৰ পিছত ২০০৫ চনটো তেওঁৰ কেৰিয়াৰৰ বাবে ঐতিহাসিক প্ৰমাণিত হয়। ঘৰুৱা মাটিত অনুষ্ঠিত হোৱা হায়দৰাবাদ অ'পেনত তেওঁ নিজৰ প্ৰথমটো 'WTA' ছিংগলছ খিতাপ জয় কৰে আৰু 'WTA' টুৰত ছিংগলছ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। একে বছৰতে তেওঁক 'WTA Newcomer of the Year' হিচাপেও নিৰ্বাচিত কৰা হয়।
তেওঁৰ কেৰিয়াৰৰ এটা উল্লেখযোগ্য দিশ আছিল যে তেওঁ কেৱল তেওঁৰ কৃতিত্বৰ বাবেই নহয়, পৰৱৰ্তী প্ৰজন্মৰ ভাৰতীয় মহিলা খেলুৱৈৰ পথ প্ৰশস্ত কৰাৰ বাবেও তেওঁ উল্লেখযোগ্য হৈ পৰিছিল।
উঠি অহা ছোৱালীক নিজৰ সপোনক বিশ্বাস কৰি সমাজৰ সীমা অতিক্ৰম কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছিল। সমালোচনা আৰু হেঁচাত পৰিও তেওঁ পিছুৱাই যোৱাৰ পৰিৱৰ্তে নিজৰ পথ বাছি লোৱাৰ বহু দৃষ্টান্ত আছিল। ডব্লিউ টি এলৈ দিয়া বিদায়ী বাৰ্তাত ছানিয়াই ছোৱালীক নিজকে বিশ্বাস কৰিবলৈ আৰু নিজৰ সিদ্ধান্তৰ পক্ষত থিয় দিবলৈ উৎসাহিত কৰে।
ছানিয়া মিৰ্জা
২০০৪ চনৰ অনবদ্য প্ৰদৰ্শনৰ বাবে ছানিয়াক 'অৰ্জুন বঁটা'ৰে সন্মানিত কৰা হৈছিল। ২০০৫ চনৰ ২৯ আগষ্টত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত তদানীন্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামে তেওঁক এই বঁটা প্ৰদান কৰিছিল। সেই সময়ত তেওঁ ভাৰতীয় মহিলা টেনিছৰ অন্যতম উদীয়মান প্ৰতিভা আছিল। চৰকাৰী তথ্য অনুসৰি তেওঁৰ নাম ২০০৪ চনৰ অৰ্জুন বঁটা বিজয়ীসকলৰ তালিকাত টেনিছৰ বাবে সন্নিৱিষ্ট কৰা আছে।
অৰ্জুন বঁটাৰ পিছতো ছানিয়াৰ যাত্ৰা নিৰন্তৰ আগবাঢ়ি গৈছিল। ২০১৫ চনত তেওঁক 'পদ্মভূষণ' বঁটাৰে সন্মানিত কৰা হয়। একেটা বছৰতে তেওঁ ডাবলছত বিশ্বৰ এক নম্বৰ স্থান দখল কৰি ভাৰতীয় টেনিছৰ ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰিছিল।
আজি ছানিয়াই নিজে পেছাদাৰী টেনিছ নেখেলে যদিও ক্ৰীড়া জগতৰ সৈতে তেওঁৰ সম্পৰ্ক আগতকৈ অধিক গভীৰ হৈ পৰিছে। যুৱ খেলুৱৈসকলৰ মাৰ্গদৰ্শন, মহিলা ক্ৰীড়াক উদগনি দিয়া আৰু ক্ৰীড়াৰ সৈতে জড়িত নতুন পদক্ষেপসমূহত তেওঁ সক্ৰিয় হৈ আছে। ২০২৬ চনত তেওঁ ভাৰতৰ উদীয়মান মহিলা খেলুৱৈসকলক পেছাদাৰী সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 'The Next Set' নামৰ এক বিশেষ পদক্ষেপো গ্ৰহণ কৰিছে।