‘তালাক-ই-হাছান’ বৈধ বিবাহ-বিচ্ছেদৰ এক পদ্ধতি: গুৱাহাটী উচ্চ ন্যায়ালয়

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 
 
মুছলমান বিবাহ-বিচ্ছেদৰ এক প্ৰচলিত পদ্ধতি 'তালাক-ই-হাছান'ক লৈ চলি অহা আইনী বিতৰ্কৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। আদালতে স্পষ্ট কৰি দিয়ে যে, 'তালাক-ই-হাছান' দেশত নিষিদ্ধ নোহোৱা বিবাহ-বিচ্ছেদৰ এক বৈধ পদ্ধতি। এই পদ্ধতিৰ জৰিয়তে সম্পন্ন কৰা বিবাহ-বিচ্ছেদ আইন অনুসৰি পঞ্জীয়ন কৰাৰ সুযোগ আছে।   
 
আদালতে ‘তালাক-ই-হাছান’ দেশত নিষিদ্ধ নোহোৱা বিবাহ বিচ্ছেদৰ বৈধ ৰূপ বুলি ৰায় দি অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ আইন ২০২৪ৰ অধীনত এগৰাকী আবেদনকাৰীক তেওঁৰ বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ বাবে বৰপেটাৰ ন্যায়িক বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়কৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
মঙলবাৰে ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে 'তালাক-ই-হাছান'ৰ জৰিয়তে ঘোষণা কৰা বিবাহ-বিচ্ছেদৰ পঞ্জীয়ন সম্পৰ্কীয় এখন ৰিট আবেদনত এই নিৰ্দেশ প্ৰদান কৰিছে।
 
আবেদনকাৰীৰ মতে, ২০১৬ চনত তেওঁৰ বিবাহ সম্পন্ন হৈছিল। পৰৱৰ্তী সময়ত দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হোৱাত ২০১৮ চনত তেওঁৰ পত্নীয়ে বৈবাহিক গৃহ ত্যাগ কৰে। দুয়োৰে মাজত পুনৰ মিলন ঘটোৱাৰ বাবে কৰা চেষ্টা সফল নহ’ল।
 
ইয়াৰ পিছত আবেদনকাৰীয়ে ২০২৬ চনৰ ২২ মাৰ্চ, ২৬ এপ্ৰিল আৰু ২৭ মে' এই তিনিটা পৃথক তাৰিখত ‘তালাক-ই-হাছান’ ঘোষণা কৰিছিল। তাৰ পিছত প্ৰযোজ্য আইন অনুসৰি বিবাহ-বিচ্ছেদটো পঞ্জীয়ন কৰাৰ বাবে তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষৰ কাষ চাপিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
আবেদনকাৰীয়ে যুক্তি দাঙি ধৰে যে, 'তালাক-ই-হাছান' নিষিদ্ধ নহয় আৰু ইয়াৰ বাবে নিৰ্ধাৰিত নিয়ম অনুসৰণ কৰিয়েই তেওঁ বিবাহ-বিচ্ছেদ ঘোষণা কৰিছে।
 
অৱশ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আদালতক জনোৱা হয় যে, ১৯৩৫ চনৰ পূৰ্বৰ আইনখন ইতিমধ্যে বাতিল কৰা হৈছে আৰু সেই আইনৰ অধীনত নিযুক্ত কৰ্তৃপক্ষৰ এতিয়া বিবাহ-বিচ্ছেদ পঞ্জীয়ন কৰাৰ কোনো ক্ষমতা নাই।  
 
ন্যায়াধীশ চৌধুৰীয়ে পৰ্যবেক্ষণ কৰে যে, আবেদনকাৰীয়ে ঘোষণা কৰা ‘তালাক-ই-হাছান’ তালাকৰ এক বৈধ পদ্ধতি আৰু বৰ্তমান সময়ত দেশত ই নিষিদ্ধ কৰা হোৱা নাই।
 
অৱশ্যে ১৯৩৫ চনৰ আইনখন বাতিল হোৱাৰ লগতে সেই আইনৰ অধীনত সৃষ্টি কৰা পদটোও বাতিল কৰাৰ বাবে পূৰ্বৰ বৰপেটা কৰ্তৃপক্ষক তালাকনামা পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিবলৈ আদালতে অস্বীকাৰ কৰিছে। আদালতে আবেদনকাৰীক ২০২৪ চনৰ আইনৰ অধীনত বৰপেটাৰ সংশ্লিষ্ট বিবাহ আৰু বিবাহ-বিচ্ছেদ পঞ্জীয়কৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
পঞ্জীয়কে প্ৰথমে বিবাহ-বিচ্ছেদৰ বিয়ষটো আবেদনকাৰীয়ে নিজেই সম্পন্ন কৰিছে নে নাই সেয়া পৰীক্ষা কৰিব লাগিব আৰু তেওঁৰ পৰিচয়ো নিশ্চিত কৰিব লাগিব। তাৰ পিছত ২০২৪ চনৰ আইনৰ ১২ নং ধাৰা অনুসৰি বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰাৰ প্ৰয়োজন আছে নে নাই, সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগিব।  
 
যদি পঞ্জীয়ন নাকচ কৰা হয়, তেন্তে আবেদনকাৰীয়ে ২০২৪ চনৰ আইনৰ ১৭নং ধাৰা অনুসৰি আবেদনৰ জৰিয়তে আইনী প্ৰতিকাৰ বিচাৰিব পাৰিব।
 
ন্যায়াধীশগৰাকীয়ে লগতে পৰ্যবেক্ষণ কৰে যে, আদালতৰ জাননী লাভ কৰাৰ পিছতো শুনানিৰ সময়ত উপস্থিত নথকা আবেদনকাৰীৰ পত্নীয়ে উপযুক্ত আইনী মঞ্চত ‘তালাক-ই-হাছান’ক প্ৰত্যাহ্বান জনোৱাৰ অধিকাৰ ৰাখে। ইয়াৰ পিছতে আদালতে ৰিট আবেদনখন নিষ্পত্তি কৰে।