মৃদগন্ধা দীক্ষিত
ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত এজন সাধাৰণ ভাৰতীয়ৰ গড় আয়ুস আছিল মাত্ৰ ২৭-২৮ বছৰ। সেয়েহে সেই সময়ত দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অতি প্ৰয়োজনীয় আছিল। ভাৰতৰ অৰ্থনৈতিক অৱস্থাও অতি শোচনীয় আছিল। এনে পৰিস্থিতিত দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে এনে এক কল্যাণকামী স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন আছিল, যাৰ খৰচ তেওঁলোকে অনায়াসে বহন কৰিব পাৰে।
সেই সময়তো সমগ্ৰ বিশ্বৰ ফাৰ্মাচিউটিকেল কোম্পানীবোৰৰ বিৰুদ্ধে কেৱল মুনাফা লুটাৰ অভিযোগ উত্থাপন হৈছিল। এনে পৰিস্থিতিত দেশীয় কোম্পানীবোৰ গঢ়ি উঠাটো আৰু ঔষধ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰশীল হোৱাটো অতি প্ৰয়োজনীয় আছিল। আমাৰ ইতিহাসে কয় যে আধুনিক ভাৰতৰ নিৰ্মাতাসকলে এই কথাবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিছিল।
ছামিনা হামিদ
এই ইতিহাসৰেই এক সোণোৱালী অধ্যায় হৈছে 'চিপলা' (Cipla)। কিন্তু যেতিয়া কোনো এটা প্ৰতিষ্ঠানে ৮০ বছৰৰ যাত্ৰা অতিক্ৰম কৰে, তেতিয়া তাৰ সন্মুখত নিজৰ পুৰণি মূল্যবোধক নতুন পৃথিৱীৰ দ্ৰুতগামী প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰাৰ এক বৃহৎ প্ৰত্যাহ্বান আহি পৰে। হামিদ পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰা ছামিনা হামিদে অতি সহজেই এই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
এসময়ত ২২৭ বিলিয়ন টকাৰ বজাৰ মূল্যৰ এই কোম্পানীটোক আজি ১ লাখ কোটি টকাৰ সীমা পাৰ কৰাই লৈ যোৱাত আৰু 'কৰ্পোৰেট অনুশাসন'ৰ সৈতে 'মানৱীয় দৃষ্টিভংগী'ৰ এক সুন্দৰ সমন্বয় গঢ়ি তুলি কোম্পানীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত ছামিনাৰ এক উল্লেখযোগ্য অৱদান আছে।
কৰ্পোৰেট জগতত তৃতীয় প্ৰজন্মৰ প্ৰৱেশ
বাহিৰৰ পৰা চোৱা জনৰ বাবে এনে লাগিব পাৰে যে ছামিনাৰ যাত্ৰা মুখত 'ৰূপৰ চামুচ' লৈ আৰম্ভ হৈছিল। কিন্তু তেওঁ চিপলাত নতুন ধ্যান-ধাৰণা কাৰ্যকৰী কৰিলে আৰু পাৰিবাৰিক ব্যৱসায়টোক এক 'আধুনিক ৰূপ' দিলে। তেওঁৰ ককাক আৰু চিপলাৰ প্ৰতিষ্ঠাপক খাজা আব্দুল হামিদে স্বাধীনতাৰ পূৰ্বে গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই কোম্পানীটোৰ ভেটি স্থাপন কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁৰ পিতৃ এম কে হামিদ আৰু বৰদেউতাক ডাঃ ৱাই কে হামিদে ইয়াক ভাৰতৰ লগতে বিদেশলৈকো সম্প্ৰসাৰিত কৰিছিল। তেওঁলোকে পশ্চিমীয়া কোম্পানীবোৰৰ একচেটিয়া আধিপত্য ভংগ কৰি আফ্ৰিকাকে ধৰি বহুতো উন্নয়নশীল দেশত HIV/AIDS-ৰ ঔষধ অতি সুলভ মূল্যত উপলব্ধ কৰাইছিল।
ছামিনাৰ শৈশৱ পাৰ হৈছিল মুম্বাইত। ইয়াৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ লণ্ডনলৈ যায়। 'লণ্ডন স্কুল অফ ইকনমিক্স' (LSE)ৰ পৰা 'ইণ্টাৰনেচনেল একাউণ্টিং এণ্ড ফাইনেঞ্চ'ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত, সকলোৱে ভাবিছিল যে তেওঁ চিপলাতেই কাম কৰিব। কিন্তু সকলোকে ভুল প্ৰমাণিত কৰি তেওঁ বিশ্ব অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে পৰিচিত 'গোল্ডমেন ছেকচ'ত কৰ্মজীৱন আৰম্ভ কৰে।
চিপলাৰ মুখ্য কাৰ্যালয়ত ওনাম উদযাপন কৰি থকা ছামিনা হামিদ
লণ্ডন আৰু নিউয়ৰ্কৰ সেই তীব্ৰ প্ৰতিযোগিতাৰ মাজত ছামিনাই সমগ্ৰ বিশ্বৰ বজাৰৰ নিয়ম আৰু 'গ্ল'বেল ৱৰ্ক কালচাৰ'ৰ বিষয়ে ওচৰৰ পৰা অভিজ্ঞতা অৰ্জন কৰে। কৰ্পোৰেট জগতত কেনেদৰে সিদ্ধান্ত লোৱা হয় আৰু তাৰ সুদূৰপ্ৰসাৰী ফলাফল কি হয়, সেই সকলোবোৰ তেওঁ তাৰ পৰাই শিকিছিল।
চিপলাত এক নতুন যুগৰ সূচনা
২০১১ চনত ছামিনাই আনুষ্ঠানিকভাৱে চিপলাত যোগদান কৰে। তেতিয়া তেওঁৰ সন্মুখত দুটা ডাঙৰ প্ৰত্যাহ্বান আছিল। প্ৰথমটো আছিল কোম্পানীটোৰ পুৰণি আৰু অভিজ্ঞ দলটোৰ বিশ্বাস জয় কৰা। আৰু দ্বিতীয়তে চিপলাক 'পৰম্পৰাগত ভাৰতীয় ঔষধ কোম্পানী'ৰ ভাবমূৰ্তিৰ পৰা উলিয়াই আনি এক বহুজাতিক কোম্পানী বা 'মাল্টিনেচনেল জায়াণ্ট' হিচাপে প্ৰতিষ্ঠা কৰা। চিপলাত যোগদান কৰিয়েই তেওঁ 'ষ্ট্ৰেটেজিক প্ৰজেক্টছ'ৰ দায়িত্ব গ্ৰহণ কৰে আৰু কোম্পানীটোৰ প্ৰতিটো দিশৰ সৈতে অৱগত হয়।
অনুশাসন, দৃঢ় সংকল্প আৰু দূৰদৰ্শিতা তেওঁৰ কৰ্মশৈলীৰ মূল বৈশিষ্ট্য। তেওঁ সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠ বিশেষজ্ঞ আৰু পেছাদাৰীসকলক কোম্পানীত অন্তৰ্ভুক্ত কৰে আৰু নতুন ব্যৱস্থাৱলী গঢ়ি তোলে। আজি চিপলাত যি ব্যৱসায়িক অনুশাসন দেখিবলৈ পোৱা যায়, সেয়া যোৱা এক দশকত ছামিনাৰ কঠোৰ পৰিশ্ৰমৰেই ফচল।
'চিপলা হেল্থ' আৰু কনজিউমাৰ হেল্থকেয়াৰত বিপ্লৱ
ছামিনাৰ দূৰদৰ্শিতাৰ এক উৎকৃষ্ট উদাহৰণ হ'ল ২০১৫-১৬ চনৰ সময়ছোৱাত 'চিপলা হেল্থ লিমিটেড' গঠন কৰা। তেওঁ ভালদৰে বুজি পাইছিল যে কেৱল চিকিৎসকৰ প্ৰেছক্ৰিপচনৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি, পোনপটীয়াকৈ গ্ৰাহকৰ দৈনন্দিন প্ৰয়োজনীয়তাৰ সৈতে জড়িত হোৱাটো কিমান গুৰুত্বপূৰ্ণ।
এই নতুন ব্যৱসায়ৰ ৰণনীতি স্পষ্ট কৰি ছামিনাই কোৱা এটা কথা বৰ জনপ্ৰিয় হৈছিলঃ কনজিউমাৰ হেল্থকেয়াৰত সফল হ'বলৈ আমাক 'Pharma in / FMCG out' মানসিকতাৰ অতি প্ৰয়োজন। ইয়াৰ অৰ্থ হ'ল যেতিয়া প্ৰডাক্টটো তৈয়াৰ কৰা হয়, তেতিয়া তাত এটা 'ফাৰ্মা' কোম্পানীৰ বৈজ্ঞানিক নিখুঁততা আৰু বিশ্বাসযোগ্যতা থাকিব লাগে। কিন্তু যেতিয়া ইয়াক বজাৰত বিক্ৰী কৰা হয়, তেতিয়া চাবোন আৰু চেম্পুৰ দৰে পোনপটীয়াকৈ আৰু দ্ৰুতভাৱে ইয়াক গ্ৰাহকৰ ওচৰলৈ লৈ যাব লাগে।"
ছামিনা হামিদ
ইয়াৰেই ফলস্বৰূপে আজি ভাৰতীয় বজাৰত 'নিক'টেক্স' (Nicotex), 'কফচিল্ছ' (Cofsils), 'অমনিজেল' (Omnigel) আৰু 'মেক্সিৰিচ' (Maxirich) আদি ব্ৰেণ্ডবোৰে ঘৰে ঘৰে নিজৰ স্থান দখল কৰিছে। OTC (Over the Counter, অৰ্থাৎ প্ৰেছক্ৰিপচন নোহোৱাকৈ পোৱা ঔষধ) সামগ্ৰীৰ ক্ষেত্ৰখনত চিপলাক সফলতাৰে অৱতীৰ্ণ কৰাই ছামিনাই 'চিপলা' ব্ৰেণ্ডক পোনপটীয়াকৈ সাধাৰণ মানুহৰ 'ফাৰ্ষ্ট-এইড বক্স'লৈ লৈ গৈছে।
বিদেশত সম্প্ৰসাৰণ আৰু সাহসী সিদ্ধান্ত
ছামিনাৰ নেতৃত্বত চিপলাই বিশ্বৰ মানচিত্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছে। তেওঁ কেৱল ঔষধ ৰপ্তানিয়েই কৰা নাই, বিদেশত থকা স্থানীয় কোম্পানীবোৰ ক্ৰয় কৰি তাত নিজৰ ভেটিও সুদৃঢ় কৰিছে। ২০১৫-১৬ চনত আমেৰিকাত 'ইনভাজেন ফাৰ্মাচিউটিকেলছ' আৰু 'এক্সেলেন'ৰ দৰে কোম্পানী ক্ৰয় কৰাৰ সিদ্ধান্তক চিপলাৰ ইতিহাসৰ আটাইতকৈ সাহসী সিদ্ধান্তবোৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
এই সিদ্ধান্তৰ বাবেই আমেৰিকাৰ দৰে কঠোৰ নিয়ম থকা বজাৰত চিপলাৰ প্ৰৱেশ সহজ হৈ পৰিছিল। আজি দক্ষিণ আফ্ৰিকাই হওক বা আমেৰিকা, চিপলা ব্ৰেণ্ডক এক নিৰ্ভৰযোগ্য নাম হিচাপে চিনি পোৱা যায়। এই গোলকীয় সম্প্ৰসাৰণত ছামিনাৰ নাম আটাইতকৈ আগত ল'ব লাগিব।
'পেচেণ্ট-ফাৰ্ষ্ট' দৃষ্টিভংগী
চিপলাৰ মূলমন্ত্ৰ হ'ল - 'Caring for Life'। কিন্তু এইটো যাতে কেৱল এক শ্ল’গান হৈয়েই নাথাকে, তাৰ বাবে ছামিনাই গৱেষণা (R&D)ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে, "গৱেষণাই হ'ল ঔষধ উদ্যোগৰ হৃদপিণ্ড।" শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ক্ষেত্ৰত চিপলাক বিশ্বৰ এক নম্বৰ কোম্পানী হিচাপে গঢ়ি তোলাৰ সপোন তেওঁ দেখিছিল আৰু ইয়াক বাস্তৱায়িতও কৰি দেখুৱাইছে।
আজি চিপলাৰ 'ইনহেলাৰ'সমূহে সমগ্ৰ বিশ্বৰ কোটি কোটি ৰোগীক উশাহ লোৱাত সহায় কৰিছে। বিশেষকৈ কৰ্কট আৰু HIV-ৰ দৰে গুৰুতৰ ৰোগৰ ঔষধ সাধাৰণ মানুহৰ ঢুকি পোৱা দামত উপলব্ধ কৰোৱাৰ ছিপলাৰ নীতিক ছামিনাই অধিক ফলপ্ৰসূভাৱে আগুৱাই নিছে। তেওঁৰ দৃঢ় বিশ্বাস- "ঔষধ কোনো মুনাফা উপাৰ্জনৰ আহিলা নহয়, ই ৰোগীৰ অধিকাৰ।"
নিৰ্মলা সীতাৰমনৰ পৰা বঁটা গ্ৰহণ কৰি থকা অৱস্থাত ছামিনা হামিদ
কৰোনাৰ কঠিন সময় আৰু মানৱতাৰ নিদৰ্শন
সমগ্ৰ বিশ্বত বিয়পি পৰা মহামাৰীৰ সময়ত, যেতিয়া গোটেই পৃথিৱী স্তব্ধ হৈ পৰিছিল, তেতিয়া ছামিনা হামিদ আৰু তেওঁৰ দলে দিনে-ৰাতিয়ে কাম কৰি আছিল। 'ৰেমডেচিভিৰ' হওক বা আন প্ৰয়োজনীয় ঔষধ, সেইবোৰ সঠিক সময়ত যোগান ধৰাটো তেওঁলোকৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান আছিল। তেওঁ নিজেই ছাপ্লাই চেইন আৰু লজিষ্টিক্সৰ ওপৰত চকু ৰাখিছিল। লাভ-লোকচানৰ কথা পাহৰি তেওঁ এই কথাত গুৰুত্ব দিছিল যে ঔষধসমূহ কেনেকৈ বেছি সংখ্যক ৰোগীৰ ওচৰলৈ গৈ পাব।
এই জৰুৰীকালীন পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি ছামিনা হামিদে ছিপলাৰ স্থিতি অতি স্পষ্ট ভাষাত ব্যক্ত কৰিছিলঃ এই বিশ্বজনীন মহামাৰীৰ সময়ত আমাৰ মূলমন্ত্ৰ প্ৰকৃত অৰ্থত সঁচা প্ৰমাণিত হৈছে। ক'ভিড-১৯-ৰ বিৰুদ্ধে চলা এই যুদ্ধত প্ৰতিজন প্ৰয়োজনীয় ৰোগীলৈ জীৱনদায়িনী ঔষধ কোনো ধৰণৰ বাধা নোহোৱাকৈ যোগান ধৰিবলৈ আমি সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ।"
এই সময়ছোৱাত চিপলাই যি ক্ষিপ্ৰতা প্ৰদৰ্শন কৰিলে, সেয়া ছামিনাৰ নেতৃত্বৰ 'লিটমাছ টেষ্ট' (পৰীক্ষা) হিচাপে পৰিগণিত হ'ল, য'ত নিশ্চিতভাৱে তেওঁ সম্পূৰ্ণ সফলতা লাভ কৰিলে।
কৰ্পোৰেট জগতত সন্মান আৰু স্থান
ছামিনাৰ কৰ্মৰাজিক বহুবাৰ প্ৰশংসা কৰা হৈছে। 'ফৰ্চুন ইণ্ডিয়া' আৰু 'বিজনেছ টুডে'ৰ দৰে আগশাৰীৰ আলোচনীয়ে তেওঁক বাৰে বাৰে 'ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী মহিলা উদ্যোগী' হিচাপে অভিহিত কৰিছে। 'ফৰ্বছ'ৰ এছিয়াৰ আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাতো তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে।
কিন্তু, এই বঁটাবোৰতকৈও অধিক গুৰুত্বপূৰ্ণ হ'ল সেই কাম, যিটো তেওঁ 'ইণ্ডিয়ান ফাৰ্মাচিউটিকেল এলায়েনছ' (IPA)ৰ জৰিয়তে সমগ্ৰ ভাৰতীয় ঔষধ উদ্যোগৰ নীতি-নিয়মৰ বাবে কৰি আছে। ২০২১ চনৰ পৰা ২০২৩ চনলৈকে 'ইণ্ডিয়ান ফাৰ্মাচিউটিকেল এলায়েন্স'ৰ উপ-সভানেত্ৰী হিচাপে তেওঁৰ নিৰ্বাচনক তেওঁৰ যাত্ৰাপথৰ এক বৃহৎ মাইলৰ খুঁটি বুলি গণ্য কৰা হয়। চৰকাৰৰ নীতিত ৰোগীৰ সুবিধাৰ প্ৰতি কেনেদৰে লক্ষ্য ৰখা উচিত, তাৰ ওপৰত তেওঁ সদায় গুৰুত্ব আৰোপ কৰি আহিছে।
ছামিনা বজিৰালি (হামিদ) খুড়াক ৱাই কে হামিদ আৰু পিতৃ এন এম হামিদৰ সৈতে (সোঁফালে)
সেই সময়ত তেওঁ কয় যে আমি স্বাস্থ্যসেৱাৰ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে আৰু সকলো উদ্যোগীৰ সৈতে কাম কৰি ৰোগীৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। চৰকাৰী নীতিয়ে ৰোগীৰ সুবিধাক কেনেকৈ অগ্ৰাধিকাৰ দিব লাগে সেই বিষয়ে তেওঁ ধাৰাবাহিকভাৱে গুৰুত্ব আৰোপ কৰে।
মানৱতা আৰু ভৱিষ্যতৰ চিন্তা
ছামিনা হামিদে যেতিয়া চিপলাত যোগদান কৰিছিল, সেই একে সময়তে ২০১১ চনত 'চিপলা ফাউণ্ডেচন'ৰ ভেটি স্থাপন কৰা হৈছিল। এই ফাউণ্ডেচনৰ জৰিয়তে তেওঁ স্বাস্থ্য, শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত কেইবাখনো উৎকৃষ্ট কাৰ্যসূচী ৰূপায়ণ কৰিছে।
বিশেষকৈ 'চিপলা পেলিয়েটিভ কেয়াৰ এণ্ড ট্ৰেইনিং চেণ্টাৰ'ৰ দৰে প্ৰকল্পৰ জৰিয়তে কৰ্কট ৰোগৰ শেষ পৰ্যায়ত থকা ৰোগীসকলক বিনামূলীয়াকৈ আৰু সন্মানেৰে চিকিৎসা প্ৰদান কৰাত তেওঁৰ এক বৃহৎ অৱদান আছে। গ্ৰাম্য অঞ্চলসমূহত চলন্ত চিকিৎসালয়ৰ নেটৱৰ্ক স্থাপন কৰাৰ আঁৰতো তেওঁৰেই মুখ্য ভূমিকা আছে। তেওঁ কয়, "আমাৰ সফলতাক বেলেঞ্চ শ্বীটেৰে জুখিব নোৱাৰি। আমি ইয়াক আমি ৰক্ষা কৰা মানুহৰ জীৱনৰ সংখ্যাৰে জুখিব লাগিব।"
নিজৰ এই সামাজিক দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ছামিনা হামিদে কয়, "স্বাস্থ্যসেৱা কোনো ব্যৱসায় নহয়। ই মানুহৰ মৌলিক অধিকাৰ। আমাৰ দায়িত্ব কেৱল ঔষধ নিৰ্মাণ কৰাতেই সীমাবদ্ধ নহয়। আমি এনে এক ব্যৱস্থা গঢ়ি তুলিব লাগিব য'ত দৰিদ্ৰতকৈ দৰিদ্ৰ ৰোগীয়েও সন্মানেৰে এনে চিকিৎসা লাভ কৰিব পাৰে, যাৰ খৰচ তেওঁ বহন কৰিবলৈ সক্ষম হয়।"
বৰ্তমান সময়ত চিপলা 'ডিজিটেল হেল্থকেয়াৰ' আৰু 'প্ৰিচিজন মেডিচিন'ৰ দিশে আগবাঢ়িছে আৰু ইয়াৰো নেতৃত্ব বহন কৰিছে ছামিনাই। ডিজিটেল হেল্থকেয়াৰ মানে প্ৰযুক্তি আৰু ম'বাইল এপৰ জৰিয়তে স্বাস্থ্যসেৱাক অধিক স্মাৰ্ট কৰি তোলা। ইয়াৰ ভিতৰত ঘৰতে বহি ভিডিঅ' কলৰ যোগেদি চিকিৎসকৰ পৰামৰ্শ লোৱা, স্মাৰ্টৱাচ বা ফিটনেছ বেণ্ডৰ জৰিয়তে হাৰ্ট ৰেট, ECG বা তেজত অক্সিজেনৰ মাত্ৰা অহৰহ পৰীক্ষা কৰা আদি অন্তৰ্ভুক্ত। লগতে ৰোগীৰ তথ্য কাগজৰ পৰিৱৰ্তে ক্লাউডত 'ইলেক্ট্ৰনিক হেল্থ ৰেকৰ্ড' হিচাপে সুৰক্ষিত কৰি ৰখা। এই সকলোবোৰ ইয়াৰ অংশ। একে সময়তে নিখুঁত চিকিৎসাৰ অৰ্থ হ'ল সকলোৰে বাবে একেই ঔষধ' দৃষ্টিভংগী পৰিহাৰ কৰি, সঠিক ৰোগীক, সঠিক সময়ত, সঠিক ঔষধ প্ৰদান কৰা।
ফাৰ্মাচিউটিকেলৰ দৰে কেৱল মুনাফা লুটাৰ বাবে বদনাম থকা এখন ক্ষেত্ৰত প্ৰৱেশ কৰি, ব্যৱসায়িক লাভ আৰু সামাজিক কল্যাণৰ মাজত এক সুন্দৰ সমন্বয় গঢ়ি তোলাটো সহজ কথা নহয়। যদিও এই চিন্তা তেওঁ পৰম্পৰাগতভাৱে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল, তথাপি সেই নাম, সন্মান আৰু কৰ্মৰাজিক অক্ষুণ্ণ ৰাখি, তাত এক বিৰল অৱদান যোগ কৰি পৰম্পৰাক আধুনিকতাৰ সৈতে সংযোগ কৰা ছামিনা হামিদ নতুন ভাৰতৰ বাবে নিশ্চিতভাৱে এক বৃহৎ নিদৰ্শন।