মালিক আছগৰ হাছমী
কেৰালাৰ পালাক্কাড় জিলাৰ ২৮ বছৰীয়া এথলীট মহম্মদ আজমল ৱাৰিয়াথোডীক দেশৰ ১৭গৰাকী বিশিষ্ট খেলুৱৈৰ সৈতে এইবাৰৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। ভাৰতীয় সেনাত কৰ্মৰত আজমলে এছিয়ান গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপৰ ৰিলে প্ৰতিযোগিতাত পদক জয় কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৪x৪০০ মিটাৰ ৰিলে হিটত এছিয়ান অভিলেখ গঢ়ি ফাইনেলত প্ৰৱেশ কৰাটো তেওঁৰ অন্যতম উল্লেখযোগ্য সাফল্য।
এনে এক বৃহৎ ৰাষ্ট্ৰীয় সাফল্যৰ পিছত আশা কৰা হৈছিল যে, এই দৌৰবিদগৰাকীৰ সফলতাত সকলো ফালৰ পৰা অভিনন্দনৰ জোৱাৰ উঠিব। ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত অৰ্জুন বঁটাক এক অতি সন্মানীয় স্বীকৃতি হিচাপে গণ্য কৰা হয়। দেশৰ ৩৫গৰাকীতকৈও অধিক মুছলমান খেলুৱৈয়ে ইতিমধ্যে এই সন্মান লাভ কৰিছে।
দেশৰ হৈ খেলপথাৰত অৱতীৰ্ণ হোৱা এজন খেলুৱৈ সীমান্তত দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত এজন সৈনিকৰ দৰেই। ক্ৰীড়া আৰু খেলুৱৈৰ কোনো ধৰ্ম নাথাকে। যদি থাকিলহেঁতেন, তেন্তে মহম্মদ আজহাৰউদ্দিন, ছানিয়া মিৰ্জা বা নিখাত জাৰিনক ভালপোৱা লোক কেৱল এটা সম্প্ৰদায়ৰ মাজতে সীমাৱদ্ধ থাকিলহেঁতেন। ভাৰতত খেলুৱৈসকলে ধৰ্ম আৰু সম্প্ৰদায়ৰ সীমা অতিক্ৰম কৰি সমগ্ৰ দেশবাসীৰ মৰম লাভ কৰে। তথাপিও নিজৰ সমাজৰ সফল ব্যক্তিসকলক মুকলিকৈ প্ৰশংসা কৰাটো সমাজৰো এক নৈতিক দায়িত্ব।
ভাৰতীয় সমাজত যেতিয়া কোনো খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজ্জ্বল কৰে, তেতিয়া সামাজিক সংগঠনসমূহে তেওঁলোকক সন্মান জনোৱা উচিত। ইয়াৰ ফলত নতুন প্ৰজন্মৰ মাজত অনুপ্ৰেৰণা সৃষ্টি হয়। কিন্তু জমিয়ত উলেমা-ই-হিন্দ, জামাত-ই-ইছলামী হিন্দ বা ৱাকফ ব’ৰ্ডৰ দৰে প্ৰধান মুছলমান সংগঠনসমূহৰ মঞ্চত এনে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক সন্মান জনোৱাৰ দৃশ্য খুব কমেই দেখা যায়।
ক্ৰীড়া সদায়েই এক শক্তিশালী ‘ছফ্ট ডিপ্লমেচি’ৰ মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। ক্ৰীড়াৰ জৰিয়তে বিশ্বৰ বহু ডাঙৰ ৰাজনৈতিক উত্তেজনাও হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰস্পৰৰ প্ৰতিদ্বন্দ্বী দেশসমূহৰ খেলুৱৈসকলেও ক্ৰীড়াসুলভ মনোভাৱেৰে মুখামুখি হয়। তথাপিও বহু সামাজিক আৰু ধৰ্মীয় সংগঠনে ক্ৰীড়াৰ গুৰুত্ব বুজিবলৈ ব্যৰ্থ হৈছে। বিশেষকৈ কোনো মহিলা খেলুৱৈ আগবাঢ়ি আহিলে তেওঁৰ সাফল্যক প্ৰশংসা কৰাৰ সলনি বহু সময়ত পোছাক-পৰিচ্ছদ আৰু জীৱন-যাপনক লৈ বিতৰ্ক সৃষ্টি কৰা হয়। ছানিয়া মিৰ্জা আৰু নিখাত জাৰিনৰ ক্ষেত্ৰতো অতীতত এনে মনোভাৱ দেখা গৈছে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰা অৱস্থাত ভাৰতীয় ক্ৰিকেটা দলৰ পেছ বলাৰ মহম্মদ স্বামী
মুছলমান সংগঠনসমূহে সামাজিক কাম-কাজত সক্ৰিয় ভূমিকা পালন কৰিলেও, তেওঁলোকৰ অধিকাংশ মনোযোগ শিক্ষা আৰু পৰম্পৰাগত দাতব্য কাম-কাজৰ মাজতে সীমাবদ্ধ হৈ থাকে। অথচ ক্ৰীড়া এনে এক মাধ্যম, যিয়ে কোনো দৰিদ্ৰ পৰিয়ালৰ ভাগ্য সলনি কৰিব পাৰে। এজন খেলুৱৈয়ে যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হয়, তেতিয়া তেওঁ চৰকাৰী চাকৰিৰ লগতে আৰ্থিক নিৰাপত্তাও লাভ কৰাৰ সুযোগ পায়। ইয়াৰ ফলত কেৱল তেওঁৰ পৰিয়ালেই নহয়, সমগ্ৰ অঞ্চলটোৱেই আগবাঢ়ি যাব পাৰে।
এই ক্ষেত্ৰত মাদ্ৰাছাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মাদ্ৰাছাত অধ্যয়ন কৰা অধিকাংশ শিশুৱেই দৰিদ্ৰ পৰিয়ালৰ পৰা আহে। দেশৰ প্ৰতিটো জিলাতে ক্ৰীড়া বিভাগৰ প্ৰশিক্ষক নিয়োজিত হৈ আছে। যদি এই শিক্ষানুষ্ঠান আৰু সংগঠনসমূহে শিশুসকলক খেলপথাৰলৈ আহিবলৈ উৎসাহ আৰু সহায় কৰে, তেন্তে বহু নতুন প্ৰতিভা উজলি উঠিব পাৰে। সমগ্ৰ বিশ্বতে এনে অসংখ্য উদাহৰণ আছে, য’ত যুৱক-যুৱতীয়ে কঠোৰ পৰিশ্ৰম আৰু সঠিক পথপ্ৰদৰ্শনৰ জৰিয়তে দৰিদ্ৰতাক পিছ পেলাই ক্ৰীড়া জগতত ইতিহাস ৰচনা কৰিছে।
এই চিন্তা আৰু প্ৰয়োজনীয়তাক আগত ৰাখি ‘আৱাজ দ্য ভইচ’ৰ হৈ অনিকা মাহেশ্বৰীয়ে এক নতুন ধাৰাবাহিক আৰম্ভ কৰিছে। এই বিশেষ শৃংখলাত এতিয়ালৈকে অৰ্জুন বঁটা লাভ কৰা মুছলমান খেলুৱৈসকলৰ অনুপ্ৰেৰণাদায়ক কাহিনী প্ৰকাশ কৰা হ’ব। ইয়াৰ মূল উদ্দেশ্য হৈছে সমাজ আৰু ধৰ্মীয় সংগঠনসমূহৰ দৃষ্টি ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰা, যাতে নতুন প্ৰজন্মই আগবাঢ়ি যোৱাৰ বাবে এক সঠিক পথ আৰু অনুপ্ৰেৰণা লাভ কৰিব পাৰে।