এছিয়ান গেমছ ২০২৬: ২৪ বছৰীয়া অপেক্ষাৰ অন্ত, গল্ফত স্বৰ্ণ পদকৰে ইতিহাস ৰচনা প্ৰণৱী উৰ্ছৰ

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰণৱী উৰ্ছ
প্ৰণৱী উৰ্ছ
 
নতুন দিল্লী
 
এছিয়ান গেমছ ২০২৬ত প্ৰণৱী উৰ্ছে গল্ফত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। কৰ্ণাটকৰ মহীশূৰৰ ২৩ বছৰীয়া প্ৰণৱীয়ে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা গলফাৰ হিচাপে পৰিগণিত হয়।
 
প্ৰণৱী উৰ্ছে এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াই মহিলাৰ ব্যক্তিগত ষ্ট্ৰ’ক প্লে ইভেণ্টত প্ৰথমটো সোণৰ পদক লাভ কৰে ৷ ইয়াৰ লগতে তেওঁ এছিয়ান গেমছত গল্ফৰ ক্ষেত্ৰত থকা ভাৰতৰ ২৪ বছৰীয়া খৰাং পৰিস্থিতিৰ অন্ত পেলায়। ইয়াৰ পূৰ্বে ২০০২ চনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে এটা সোণৰ পদক লাভ কৰিছিল। পুৰুষৰ ব্যক্তিগত ইভেণ্টত শিৱ কাপুৰে এই পদক অৰ্জন কৰিছিল।
 
ইয়াৰ পূৰ্বে ১৯৮২ চনত গল্ফত ভাৰতে ২টা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰিছিল। হাংঝুত ভাৰতে মাত্ৰ এটা ব্ৰঞ্জৰ পদকহে লাভ কৰিছিল।
 
চাৰিদিনীয়া এই ইভেণ্টত প্ৰণৱীয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ১৫-আণ্ডাৰ-পাৰ ২৬৫ স্ক’ৰ সংগ্ৰহ কৰে। প্ৰণৱীৰ বাবে প্ৰতিযোগিতাখন ৰোমাঞ্চকৰ আৰু উত্তেজনাপূৰ্ণ দুয়োটা আছিল যদিও অতি গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁ নিজৰ স্থিৰতা আৰু সংযম বজাই ৰাখিছিল।
 
চূড়ান্ত ৰাউণ্ডৰ তৃতীয়টো হোলত এটা ত্ৰিপল ব’গীৰ সন্মুখীন হৈ তেওঁ নিজৰ অগ্ৰগতি হেৰুৱাইছিল যদিও পাছত সুন্দৰভাৱে প্ৰত্যাৱৰ্তন কৰি তিনিটা বাৰ্ডী স্ক’ৰ কৰে আৰু ১ ষ্ট্ৰোকৰ ব্যৱধানত জয়ী হয়।
 
তেওঁ অদিতি অশোক আৰু দীক্ষা দাগৰৰ সৈতে দলীয় ইভেণ্টতো ভাৰতৰ বাবে ৰূপৰ পদক আনিবলৈ সক্ষম হৈছে। দলীয় শাখাত ভাৰতে ১৪-অণ্ডাৰ ৫৪৬ স্ক’ৰ সংগ্ৰহ কৰাৰ বিপৰীতে চীনে ২২-অণ্ডাৰ ৫৩৮ স্ক’ৰেৰে স্বৰ্ণ পদক লাভ কৰে।
 
শনিবাৰৰ দিনটোত ভাৰতৰ এইটো দ্বিতীয়টো স্বৰ্ণ পদক। ইয়াৰ পূৰ্বে শনিবাৰে পুৱা ভাৰতীয় মহিলা ধনুৰ্বিদ কুমকুম মহোদে ব্যক্তিগত ৰিকাৰ্ভ আৰ্চাৰীত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰে।
 
ভাৰত বৰ্তমান ১৮ টা স্বৰ্ণ, ২৬ টা ৰূপ আৰু ৩৫ টা ব্ৰঞ্জৰ পদকসহ মুঠ ৭৯ টা পদকৰে তালিকাৰ পঞ্চম স্থানত আছে।